শ্ৰীশ্ৰীশঙ্কৰদেৱ
৺ভূষণ দ্বিজ কবি ভণিতৰায়চাহেবশ্ৰীদুৰ্গাধৰ বৰকটকীদ্বাৰাইসম্পাদিত আৰু প্ৰকাশিত।যোৰহাট
কলিকতা২নং বেথুন ৰো, ভাৰতমিহিৰ যন্ত্ৰত,শ্ৰীসৰ্ব্বেশ্বৰ ভট্টাচাৰ্য্য দ্বাৰামুদ্ৰিত।১৩৩২
মূল্য—পকা বন্ধা ১৲কেঁচা “ ৸৹
মহাপুৰুষ৺শঙ্কৰদেৱ।==:v:==শ্ৰীশঙ্কৰায় নমঃ।শ্ৰীকৃষ্ণায় নমঃ।
জয় নমো গোপাল গোবিন্দ বাসুদেৱ।ব্ৰহ্মাঁ মহেশ্বৰো যাক সদা কৰে সেৱ॥যাহাক স্মৰণে সিদ্ধি হোৱে মনঃকাম।হেন কৃষ্ণপদে কৰোঁ সদায় প্ৰণাম॥ ১জয জয় দৈবকীনন্দন দেৱ হৰি।শঙ্কৰ স্বৰূপে পৃথিবীত অৱতৰি॥নিজ গুণ কম্ম যশ কৰিলা প্ৰচাৰ।যাক শুনি তৰে লোকে দুস্তৰ সংসাৰ॥ ২কৃষ্ণ সমে নাম ধৰ্ম্ম কৰিলা বিদিত।মহা সুখে তৰে লোকে দুৰ্ঘোৰ কলিত॥
জ্ঞান শূন্য মূৰুখ ভূষণ শিশু আতি।শঙ্কৰ চৰিত্ৰ পদবন্ধে নিগদতি॥ ৩না সৰ্বজনে সাবধান কৰি চিত।পাপৰ অন্তক শ্ৰীশঙ্কৰৰ চৰিত।জন্ম ধৰি নানা ক্ৰীড়া লোক দেখাইলা।ভাগৱতগ্ৰন্থ পবন্ধে নিবন্ধিলা। ৪অন্ত্যজ সকল পঢ়ি বুঝিয়া অৰ্থক।শঙ্কৰক গুৰু মানি ভজে মাধৱক।হবিভক্তি ধৰি সুখী ভৈলা সবে নব।এহি হেতু তান নাম মন্তশঙ্কৰ॥ ৫তান ও মহিমাক বৰ্ণাইবাক প্ৰতি।সমস্তে কহিবে আছে কাহাৰ শকতি।বি কিছে। পবয় মনে সাধুপ্ৰসাদত।কৃষ্ণকৃপা স্মৰি কৰে। তাহাকে বেকত। ৬পূৰ্বে যত যত মহা পণ্ডিত আছিল।অন্যে। আগে এহি কথা আনন্দে চৰ্চিলা।অন্তকালে পাইল। সবে বৈকুণ্ঠ ভুবন।সি সব কথাক আৰ কহে কোন জন। ৭লুপ্ত হোৱে ক' দ মিলিল মনত।
কহিলোঁ। তাপ্ৰয়োজন যত॥
আবে তান বংশাৱলী শুনা অনুপাম।পূৰ্ব্বত আছিলা এক চণ্ডীদৰ নাম॥ ৮মনত চিন্তন্তে দেবী সাক্ষাত হোবন্ত।দেবীৰ প্ৰভাৱে মহা পণ্ডিত ভৈলন্ত॥বাদ কৰি পণ্ডিতক পদাৰ্থে ভঙ্গাইলা।দুৰ্লভনাৰায়ণে দেবিকাস নাম থৈ॥ ৯কতো দিন বঞ্চিয়া গোড়েশ্বৰ ৰাইজত।ব্ৰহ্মপুত্ৰ উজাইলেক চড়িয়া নাৱত॥তেম্ববনি বন্ধ মধ্যে আতি অনুপাম।লোহিতৰ অনুকূলে বৰদোৱা গ্ৰম॥ ১০তথাতে ৰহিযা বাৰিঘৰ সজাইলন্ত।পৰম আনন্দে কতো কাল বঞ্চিলন্ত।তাহানে তনয় পাচে ভৈলা ৰাজধৰ।যেন পদ্মফুল ভৈলা কাযষ্ঠ বংশৰ॥ ১১মহা মহোৎসৱে আনন্দতে দিন যাই।অথিতি চচ্চাত পৰে আন চিন্তা নাই॥সূয্যবৰ নাম ভৈলা তাহানে তনয়।যাৰ যশৰাশি দশোদিশে প্ৰকাশয়॥ ১২ব্ৰাহ্মণ সজ্জন গুণী যান্ত তান পাশে।যাৰ যেন মন পৃৰি দেন্ত অভিলাষে॥
তাহানে তা পাচে কুসুমভৈলন্ত।পৰম পতি মই, গুণে গুণৱন্ত। ১৩ধনে ধাতে সবাতে অধিক ভৈলা চাড়।শিৰোমণি ভূএ: ভৈলা সমস্তে ভূঞাৰ।পৰম হৰি ভাৱে গান্ত সতত।কিন্তু এক চিন্তা তান নুগুচে মনত। ১৪উতপাত কৰে চিত মনত অসুখ।হৰি হৰি মএ নেদেখিলোঁ। পুত্ৰমুখ।ধনে ধাতে আঢ্যবন্ত ভূঞাৰ সম্পত্তি।কিঞ্চিতেকো নাহি সুখ নাহিকে সন্ততি। ১৫কেন মতে পুত্ৰ হোৱে মনে গুণিলন্ত।অনেক সম্ভাৰে শিৱলিঙ্গ পৃজিলন্ত।বিধি বেৱহাৰে পৃঙ্গা কৰি নিৰন্তৰ।প্ৰণমিয়া কুসুমে মাগন্ত পুত্ৰৰৰ॥ ১৬নমো নমো নাৰায়ণ নমো “লধাৰি।নমো নমো মহাদেৱ নমো ত্ৰিপুৰাৰি।নমো পাৰ্বতীৰ নাগ নমো পশুপতি।দিয়ো পুত্ৰবৰ কৰে। সহস্ৰ প্ৰণতি। ১৭আনো নানা? কৰিলা বিৰ।নিয়োক? ভুল ত প॥
তান পত্নী গৃহে থাকি স্বপ্ন দেখিলন্ত।স্বপ্নে মহাদেৱ আসি সাক্ষাত ভৈলন্ত॥১৮জটাজুটে শিৰে শোভে অৰ্দ্ধচন্দ্ৰকলা।গলত শোভয় মনুষ্যৰ মুণ্ডমালা॥কটিত বাঘৰ চাল সৰ্প্পে অলঙ্কাৰ।ভস্মে বিভূষিত অঙ্গ দেখি চমৎকাৰ॥ ১৯মহা ভয় হুয়া দেবী চাহিয়া আছন্ত।দিয়া তজু গৃহে থান মহেশে মাগন্ত॥নিদ্ৰা ভঙ্গ ভৈল সতী চেতন লভিল॥আসিলন্ত স্বামী পাচে তাহান্ত কহিলা॥ ২০শুনিয়োক প্ৰভু মঞি দেখিলোঁ সপোন।আমাৰ গৃহত থান খোজে ত্ৰিনয়ন॥শুনিয়া কুসুম মহা আনন্দ ভৈলন্ত।হুইবেক কামনা সিদ্ধি মনে মানিলন্ত॥ ২১আছন্ত কুসুম যেবে আনন্দিত মতি।তান প্ৰিয়া পত্নী পাচে ভৈলা গৰ্ভাৱতী॥শুভ তিথি দিন বাৰ নক্ষত্ৰ মিলিলা।শুভ ক্ষণ বেলা তান পুত্ৰ উপজিলা॥ ২২মিলিল আনন্দ দেখি সকলে বংশৰ।কৌতুকে তাহাৰ নাম থৈলন্ত শঙ্কৰ॥
৬াদের।ৰাতুল অধৰ ােভে সুঠান সর্বাঙ্গ।পৰম সুন্দৰ সৰ শৰীৰ গৌৰাঙ্গ । ২৩পুল পাই ৰঙ্গে যেন কুসুম নাচন্ত।ব্রাহ্মণ দৈবজ্ঞগণ মতাই আনিলন্থ।দীপ ঘট ড্রোণি পাতি খড়ি ধৰিলন্ত ।পণ্ডিত দেবজ্ঞে ভাল মতে গণিতন্ত। ২৪ৰাহি গে জন্ম বাৰ নক্ষত্র গণিলা।গ্রহকুঠি লিখি কুসুমক সম্বােধিল।।নিয়ােক ৰাশি ফল তােমাৰ ৰ।ইহান কীতি পাইৰ দ্বীপ দ্বীপান্তৰ। ২৫চৈধ্য শাস্তু খানব অঠৰ পুৰাণ।নুহিনে পণ্ডিত আৰ ইহান সমান ।ভাগবতগ্রস্থ পদন্ধে নিবন্ধিব।।ভক্তিক প্রকাশি সব লোক নিৰিবা। ২নাম ধৰ্ম প্ৰচাৰিব। সমস্তে ৰাজ্যত।কতেক কহিতো মএি হান মহত!৩। ক মহিক নাই কহন।শুনি কুমৰ মহা তৃষ্ট ভেঃ মন। ২৭বসন ভূণ। হানি দিল। দৈবক।সতকাৰ পায়। এন গৃহক।
ব্ৰাহ্মণ সবকো অৰ্চ্চিলন্ত ৰঙ্গমনে।চলি গৈলা বিপ্ৰ সবে আপুন ভবনে॥ ২৮ৰঙ্গ ভৈলা কুসুমৰো পূৰ্ণ মনঃকাম।আবে শুনা শঙ্কৰচৰিত্ৰ অনুপাম॥সমান বয়স শিশু সব লৈযা সঙ্গে।অহৰ্নিশে উমলি ফুৰন্ত মনৰঙ্গে॥ ২৯ঢোপ ঘিলা খেড়ি দলি যুদ্ধ খেলাৱন্ত।মোক ছুইবি বুলি কত বেগে লড় দেন্ত।ছুইবো বুলি কতো শিশু পাচতে লৱড়ে।আচোক ছুইবে কতোদূৰ পাচ পৰে। ৩০হাঁসিয়া উলটি আসি সাবটি ধৰন্ত।কতো হতাহতি বাহুযুদ্ধ খেলাবন্ত।ত্তমলন্তে দিন বহি যাই শিশুসঙ্গে।ক্ষুধা তৃষা একো নমানন্ত মনৰঙ্গে। ৩১খেন চাৱ ধৰি আনি বাসা দিয়া থন্ত।জাৰে দুখ পাবে বুলি বস্ত্ৰ উৰাৱন্তহাক ডাক নুশুনে খেলাতে দিন যাই।ধূলি ধূসৰিত তনু বাতুল পৰাই॥৩২মাতি আনি তাঙ্ক গৃহে স্নান কৰাৱন্ত।পিতৃ সঙ্গে বসি ৰঙ্গে ভোজন কৰন্ত।
অনন্তৰে উঠি পাচে কৰি মখ শুধি।শঙ্কৰক কুসুমে যে মা সম্বোধি॥ ৩৩মনকষ্টে বুলিলন্ত তান মুখ চাই।বৰ সুখী ভৈলে। বাপু তাক পুত্ৰ পাই।মলন্তে গৈল দশ বাহৰ বৎসৰ।বোল মাত নুশুনই।বৰ বাপৰ॥ ৩৪' টান কৰি নতঙ্কোতে। 'হৰ কাৰণে।পটিক উদ্যোগ নাকি তোেৰ মনে।আমাৰ বংশত নে। তুমি হুইবা মূখ।আত পৰে আমাৰ কোন দুঃখ॥ ৩৫মা শত্ৰু পিতা বৈৰী পল নপঢ়য়।মধ্যে বক গো (শাভা নকৰয়।মাৰ উপৰি বশ যতেক আছিল।সবেয়ে পণ্ডিত বাদে পণ্ডিত জিনিলা। ৩৬দৈবজ্ঞ কহিল। গ। তোৰ ৰাশিযশ।সেহি সত্য হোৰে যদি কিয় নপঢ়স।কুলৰ প্ৰদীপ বাপ মোৰ বোল কৰ।চঞ্চল বুদ্ধিক এড়ি পঢ়িবাক ধৰ। ৩৭অনেক প্ৰবোধ ঘিা মে বুলিলা।গম্ভীৰ বচনে পাৰে মাতিলা॥. .
শুনা পিতৃ তুমি মন কষ্ট নকৰিয়ো।পঢ়িবোঁহে শাস্ত্ৰ মোক ছাত্ৰশালে থৈয়ো॥ ৩৮পাৰোঁ কি নপৰো পঢ়িবাক আমি।ইহাৰ প্ৰমাণ পিতৃ পাইবা পাচে তুমি॥শুনিয়া কুসুমে পাচে বচনে সাদৰি।কৰিলা চুম্বন শঙ্কৰক কোলে ধৰি॥ ৩৯ধন্য ধন্য বাপ তুমি কুলৰ নন্দন।পঢ়িবাক শুনি মোৰ তুষ্ট ভৈল মন॥ৰূপযৌবনকুলৱন্ত যে যদি হয়।বিদ্যাহীন হৈলে বাপ কিছো নোশোভয়॥ ৪০আন ধনধান্যৰ ভাতৃয়ে বণ্টা লয়।বিদ্যাৰত্ন মহাধন নিবে নপাৰয়॥দানে ক্ষয় নযায় চোৰে নপাৰে নিবাক।স্বদেশতে পূজেমাত্ৰ মহন্ত ৰজাক॥ ৪১বিদ্যাৱন্ত পুৰুষক পুজে সব ঠাই।বিদ্যাসে ভূষণ বাপ অধিকে শুহাই॥বিদ্যাহীন পুৰুষৰ নিস্ফল জীৱন।দিশশ্যূন্য নাই যাৰ মিত্ৰ বন্ধু জন॥৪২হেন জানি বাপু পঢ়িবাক যত্ন কৰ।বিদ্যাসে ভূষণ বাপ আমাৰ বংশৰ॥
আনো হিত উপদেশ কুসুমে দিল।পঢ়িবাক লাগি ছাত্ৰশালিক নিলন্ত। ৪৩সমীপতে গুৰু আনো ছাত্ৰ পঢ়াৱন্ত।কুসুমকো দেখি শীঘ্ৰে আসন দিলন্ত।শঙ্কৰকো দিলে আনি বসিবেনি।কি কাৰ্যে আসিহা সুধিলন্ত প্ৰয়োজন॥ ৪:গুৰুক প্ৰণাম কবি কুমে বুলিলা।পঢ়িবাক লাগি গুৰু শৰক দিল।ভাল মতে পঢ়াইহা হেলা নকৰিবো।মনক সন্তোষ গুৰু দক্ষিণাক দিবো॥ ৪৫বুলিলন্ত ৫ পাচে কুসুম আগে।ইহা পঢ়াইলে মঞি পাইলে। কত ভাগে।দিন বাৰ নক্ষত্ৰক ব্ৰাহ্মণে চাহিলা।শুভক্ষণে শঙ্কৰক পাঠ আৰম্ভাই॥ ৪৬আজি কালি কবি শীঘ্ৰে পঢ় শঙ্কৰ।ধৰিলন্ত লাগ আন ছাত্ৰ সমৰ।এক দই পি : গুৰু পঢ়ান্ত।কতো কতে। সৃঢয় আপুনি পাবন্ত॥ ৪৭শুেনিয়োক তান সেন পঢ়িাৰ নীতি।শয্যাৰ দুপ' 'ব দৃই বাতি।
দুই খান ঠগিত দুই পুস্তক থৱন্ত।দুগোটা সম্ফুৰা ভৰি তাম্বুল লৱন্ত॥ ৪৮ডাহনৰ সম্ফুৰাক ভুঞ্জি তাম্বুলক।ঠগিৰ পুস্তক মেলি পঢ়ন্ত শ্লোকক॥তেন মতে বামবো পুস্তক মেলি চান্ত।প্ৰভাতে উঠিয়া পুনু ছাত্ৰশালি যান্ত॥ ৪৯ব্যাকৰ্ণ পঢ়িয়া চৈধ্য শাস্ত্ৰক পঢ়িলা।পুৰাণ ভাৰত ৰামায়ণো বখানিলা।পঢ়িলন্ত নিৰন্তৰে যত কাব্য কোষ।গুৰুৰ মনত মহা পৰম সন্তোষ॥ ৫০কুসুমৰো ৰঙ্গ পুত্ৰ পণ্ডিত ভৈলন্ত।গুৰুক আপুন গৃহে মতাই অনাইলন্ত॥ভোজন কৰায়া গুৰু দক্ষিণাক দিলা।বসনে ভূষণে তান মন সন্তোষিলা। ৫১শঙ্কৰে গুৰুক পাচে প্ৰণাম কৰিলাবিজয় পণ্ডিতমস্ত আশীৰ্ব্বাদ দিলা।আশীৰ্ব্বাদ কৰি গুৰু গৈলা নিজ ঘৰ।শুনিয়োক কথা আবে আত অনন্তৰ॥ ৫২শুনা সভাসদ পদ থিৰ কৰি চিত।কলিমল বিমোচন শঙ্কৰ চৰিত।
কৃষ্ণশঙ্কৰৰ কিঞ্চিতেক নাহি ভেদ।দুয়ো কথা কৱে পাতেকৰ কন্ধ ছেদ॥ ৫৩বৈষ্ণবেসে বিষ্ণু জানা কলিৰ মধ্যত।বিশেষ বুলিয়া হৰি কৈলা অৰ্জ্জুনত॥হে প্ৰাণবন্ধু কৃষ্ণ যে অনন্ত দৈত্যাৰি।দেখিয়োক যেন মঞি মহা অহঙ্কাৰী॥ ৫৪উত্তম ব্ৰাহ্মণ কুলে জন্মক লভিলোঁ।শাস্ত্ৰ নপঢ়িয়া মহা মুখাধন ভৈলোঁ॥মূঢ়মতি জ্ঞানশূন্য নাহি মাতে পৰ।মনে ইচ্ছা বৰ্ণাইতে চৰিত্ৰ শঙ্কৰৰ॥ ৫৫নুহি শ্লোক বন্ধে আক পদে নিবন্ধিব।নাহিকে আৰিধি তাক চাহিয়া লিখিব॥শুনা কথা কতো পৰে নপৰে মনত।হোৱে আগপাচ মোৰ বৃদ্ধিৰ দোষত॥ ৫৬ভকত বিপ্ৰক প্ৰতি নমস্কাৰ মোৰ।সাধু সমস্তক বোলে কৰি কৰজোৰ॥ইসব দোষক মোৰ কৰি উপসাম।কহে দ্বীজ ভূষণে পুযিয়ো ৰাম ৰাম॥ ৫৭
শ্ৰীমন্ত শঙ্কৰ গৌৰ কলেৱৰচন্দ্ৰৰ যেন আভাষ।বৃহস্পতি সম পণ্ডিত উত্তমযেন সূৰ পৰকাশ।ছত্ৰাকৃত মাথা শোভে কেশ তাতকপোল সুসম আতি।নাসিকা সন্দৰ ৰাতুল অধৰদশন মুকুতা পান্তি॥ ৫৮পদ্ম পুষ্প সম বদন প্ৰকাশেসুন্দৰ ইষত হাসি।গম্ভীৰ বচন মধু যেন স্ৰবৈনয়ন পঙ্কজ পাসি॥কৰ্ণ দুইখান পৰম সুঠানপ্ৰকাশে হেম কুণ্ডল।গল কন্ধ কণ্ঠ সুন্দৰ চিবুকবহল এ বক্ষস্থল॥ ৫৯আজানু লম্বিত দুই খান ভুজসুন্দৰ পৰম পুষ্টি।সুবৰ্ণৰ হাড় বলয়া অঙ্গুষ্ঠিদেখন্তে মন সন্তুষ্ট॥
বহল হৃদ্য গড় প্ৰকাশশৰত পাট পামবি।হিঙ্গুলীয়া ভুনি কটিত প্ৰকাশেশোভে নীল বৰ্ণ পাৰি॥ ৬০উৰু জানু জ' চৰণ ঠান5ৰ সম গমন।গুণে গুণব মই' মান্যসমস্ত লোকৰ জান॥মহ। যশী ধীৰ যৌন শৰীৰৰূপে নোহে কেহো সৰি।
শঙ্কৰৰ নাম কেহো নকঢ়িয
বোলে সৰে ডেকাগিৰি॥ ৬১ৰাম ৰাম গুৰু সামে একেলগে পঢ়িলন্তউমলি ফুৰিয়। একেসঙ্গে।পুৰোহিত যজমান দুইৰো যেন একে প্ৰাণশাস্ত্ৰ বখান বসি ৰঙ্গে।অনন্যাৰ ডেকাগিৰি গুৰুৰ হাতত ধৰিবুলিলা কোমল কৰি বাক।ভৈলা পাঞ্চ দুটি বেলা গাব 'সিয়া তেলআস লগে যা’বাক || ৬২
হেন বাক্য শুনিলন্ত ততকালে উঠিলন্তএকেলগে স্নানিবাক গৈলা।আনো দুই চাৰি জন স্নানিবাক ৰঙ্গমনআসি সব একলগ ভৈলা॥ব্ৰহ্মপুত্ৰ তীৰ্থ জল দেখি আতি সুনিৰ্ম্মলপশ্চিম দিশক বহি যান্ত।মৎস্য সুসু ঘৰিযাল কৰে আতি উৰুফালকাখৰত বসি ৰঙ্গে চান্ত॥ ৬৩জলত নামিয়া যাই শঙ্কৰে বুলিলা চাইৰাম ৰাম গুৰুক সাদৰি।তুমি আমি আনো জন আসা সবে এতিখণৰঙ্গে পাৰ হুইবোহো সান্থৰি॥দুই নাৱ দুই পাশে বায়া যাউক লাসে লাসেসান্থনিবে যিটো আশকত।তল যাইতে কোন কাজ অত কিছো নাই লাজচাম্প দিয়া উঠিবে নাৱত॥ ৬৪এহি যুক্তি কৰি সবে সান্থৰিয়া যান্ত যেবেযিটে! যিটো যাইবাক নপাৰে।কতো এক ভাগ গৈল কতত অৰ্দ্ধ ভাগ পাইলাউঠিলেক নাৱৰ উপৰে॥
ৰাম ৰাম গুৰু সমে সান্থুৰিয়া অনুক্ৰমেডেকাগিৰি সিপাৰ ভৈলন্ত।ৰাম ৰাম গুৰু নাৰে চড়িলা শঙ্কৰে পুনুসান্থুৰি ইপাৰ আসিলন্ত॥ ৬৫পৰম গহন জল আৰো মহা সুশীতলআতিশয় বহল বিস্তৰ।কাৰ এত বৰ হিয়া ভাদ্ৰমাসা সান্থুৰিয়াহুইবে পাৰে সিপাৰ ইপাৰ॥অনন্তৰে স্নান কৰি গৈলা সবে ঘৰাঘৰিশুনা যেন কৰ্ম্ম শঙ্কৰৰ।যোগ শাস্ত্ৰ অভ্যাসিয়া প্ৰাণবায়ু নিৰোধিয়াচলাৱন্ত শৰীৰ ভিতৰ॥ ৬৬নাৰি সঞ্চে শৰীৰত ভ্ৰমি ফুৰে বায়ু যতহাত ভৰি সবে ফিঙ্কি যাই।পায়া তাৰ টান বৰ হাতে পিন্ধি থাকা টাড়সিয়ে ছিঙি পৰে চোট পাই॥নিৰন্তৰে স্বাশ যত এড়ি দেন্ত বাহিৰতদেহা পুনু হোৱে পূৰ্ব্বৱত।শুনা আৰো যেন কৰ্ম্ম কম 5 আতিদেখন্তে পৰ:। ৬৭
শুনিয়োক সৰ্ব্বজন কৃষ্ণ পাৰে দিয়া মনশঙ্কৰ চৰিত্ৰ অনুপম।পাপ মানে যাই ক্ষয় পুণ্য হৱে অভুদয়সাধি ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥নাৰদক সম্বোধিয়া মহাদেৱে বুলিলন্তযিটো গুৰুবাক্য নাদৰয়।সৱে ভক্তি বৃথা তাৰ দুখ মাত্ৰ হোৱে সাৰমৰি ঘোৰ নৰকে পৰয়॥ ৭৩যেই গুৰু সেই হৰি তানে পদ সেৱা কৰিউপদেশ খাণ্ডা ডাটি ধৰা।সংসাৰ ভ্ৰমাৱে দুখে মনবৈৰী কাটি সুখেঅনায়সে ভৱনদী তৰা॥সেহি জন মহা ধন্য সুহৃদ সেহিসে জনপূজিবাক যোগ্য সিটো হোৱে।কলিযুগে হৰিনাম আপুন কীৰ্ত্তন কৰেকৃপায়ে আনকো সুমৰাৱে॥ ৭৪দৈবকীনন্দন দেৱ তজু পদে কৰোঁ সেৱহুয়ো মঞি পাপীত প্ৰসন।যৈতে তৈতে জন্ম ধৰোঁ যেন মঞি নপাসৰোঁ।ইটো ৰঙ্গা দুখানি চৰণ॥
অসীম জন্মৰ অন্তে জীৱে নৰ তনু ধৰেদুল্লভ ব্ৰাহ্মণ জন্ম পাইলে॥পালিলোঁহো ইন্দ্ৰিয়ক হস্তগত অমৃতকমোহ হুয়া ঠেলিয়া পেলাইলে। ৭৫ভাৰত ভূমিত লভি দুৰ্লভ ব্ৰাহ্মণ জন্মনকৰিলে। কৃষ্ণত ভকতি।আবে কোন কৰ্ম্ম কৰোঁ যিমতে সংসাৰ তৰে।সেহি কৃপা কৰা যদুপতি।তুৱা চৰণত ধৰে। এতেক কাপুণ্য কৰে।মোৰ মুখে ছাড়োক নাম।মহা মুখমতি মন্দ হয় ভূষণানন্দনিৰন্তৰে বোলা ৰাম ৰাম॥ ৭৬শুনা পাচ কথা অবে অতি অনন্ত।যি মতে যাওক ধৰি দমিলা শঙ্কৰ॥পাইলা পৰাভৱ যাণ্ডে শঙ্কৰ হাতত।সি সব কথাক আবে শুনিয়ে সাম্প্ৰত॥ ৭৭কোনো এক কাৰ্য্য সাধি** প্ৰয়োজনে।ভোজন কৰিয়া চলিIনে॥c
মনোহৰ এক পাট ভুনি পিন্ধিলন্ত।দিব্য পাটপচোড়ক গাৱত লৈলন্ত॥ ৭৮সুগন্ধ চন্দন আনি পিন্ধিলা গাৱত।মালতী পুষ্পৰ মালা পিন্ধিলা শিৰত॥এক গুটি মনুষ্যক লৈলা সঙ্গে কৰি।লড়িলা আনন্দে ঝাৰী কামলিক ধৰি॥ ৭৯গজগতি গমনে শঙ্কৰ চলি যান্ত।সুবাসিত তাম্বুলক সঘনে ভুঞ্জন্ত॥পন্থত পথুকে তাঙ্ক দেখি আসিবাৰ।আগবাঢ়ি চৰণত কৰে নমস্কাৰ॥ ৮০সোধে কিবা প্ৰয়োজনে কোন ভিতি যান্ত।হেৰ আইসোঁ বুলি দেন্ত শঙ্কৰে সিদ্ধান্ত॥পাচত চলিয়া যান্ত কতিপয় ভৰি।কৰয় বিদায় পুনু নমস্কাৰ কৰি॥ ৮১এহি মতে পৰম হৰিষে চলি যান্ত।যি কাৰ্য্য়ে গৈলন্ত সিটো কাৰ্য্য সাধিলন্ত॥পৰম সুন্দৰ মূৰ্তি লোকৰ ৰঞ্জন।দেখি অতি পৰম সন্তুষ্ট হোৱে মন॥ ৮২দৰশনে সমস্ত পাতেক হোৱে ক্ষয়।কৰে সম্ভাষণ মিলে মহা ভাগ্যোদয়॥
আতিশয় দেখি মহা ৰূপৰ প্ৰভাৱ।পণ্ডিত ব্ৰাহ্মণে হোৱে অবনত গা॥ ৮৩পৰম পণ্ডিত জানি মনত ডৰাই।আশীৰ্বাদ কৰি চলে হাত চাপৰাই।এহি মতে শঙ্কৰ আসন্ত হৰিষতে।পূৰ্ব পথ এড়িয়া আসন্ত আন পথে॥ ৮৪কতো দূৰ যান্তে পাচে পৰিল মনত।কম্বল ধৰাই কৰে শঙ্কৰ আগত।শুনা গিৰি আমি দুয়ো যি পথত যাঞে।ভয়ঙ্কৰ যাও আছে তাহাকে ডৰাঞে। ৮৫প্ৰচণ্ড উদ্দও মুৰ্ত্তি দেখি লাগে ভয়।মহিষ সদৃশ বেগে খেদি আদ্ভুকয়।ছিৰে উৰু জানু কটি শৃঙ্গৰ প্ৰহাৰে।প্ৰাণ ৰাখি পলাই তেজ বহি যাই ধাৰে॥ ৮৬তাক ভয়ে নৰে আৰ ইপথে নাই।আমি কেন মতে যাইবে। তাহাঙ্ক এড়াই।তঙ্ক ডৰে কাম্পে মোৰ সব কলেৱৰ।হেন শুনি হাসি পাচে মাতিলা শঙ্কৰ॥৮৭নকৰিবি ভয় ৰক্ষা কৰিকেন মত ষাণ্ড গোট ,
মোক।
হেন কথামাতে তাৰ থানক পাইলন্ত।দূৰত চৰয় যাণ্ড তাক দেখিলন্ত॥ ৮৮দেখিয়োক ষাণ্ড গোট চৰয় বনত।এতিক্ষণে আসি বেগে ভেন্টিবেক পথ॥দেখিলা শঙ্কৰে ষাণ্ড দুৰত চৰয়।বোলন্ত ভালেতো আক কৰে লোকে ভয়। ৮৯কাল বৰ্ণ শৰীৰ দুৰ্ব্বাৰ ষাণ্ড গোট।তীক্ষ দুই গোটা শৃঙ্গ উধনীয়া ছুট॥অনন্তৰে ষাণ্ডে পাচে মুণ্ড তুলিলেক।বিদূৰতে থাকি শঙ্কৰক দেখিলেক॥ ৯০প্ৰচণ্ড শবদে তেজিলেক ঘোৰ নাদি।মহিষ সদৃশ বৰ বেগে আসে খেদি॥যাণ্ডে খেদি আসিবাৰ শঙ্কৰে দেখিলা।উপৰক তুলি ভুনি কটিত বান্ধিলা॥ ৯১উপৰে মেহাইলা পাটপচোড়া গাৱৰ।বেলন্ত কম্বল ধৰ নকৰিবি ডৰ॥মোহোৰ পাৱৰ আড় হুয়া থাক চাই।কেন কৰোঁ দেখা আজি ষাণ্ডৰ বিলাই॥ ৯২ততকালে যাণ্ড আসি সমীপ চাপিল।শঙ্কৰক দেখি তাৰ বেগ থমকিল॥
আনো সব লোকে তাক দেখিলে ডৰাই।পাচত খেদিয়া কুটুৰিয়া পাইলা লাই॥ ৯৩সেহি ভাৱে শঙ্কৰকো খেদি আসিলেক।পলাইবাৰ নেদেখিয়া বেগ তম্ভাইলেক॥দুই শৃঙ্গ উভিলেক মুণ্ড চাপৰাই।গঞ ভৰি খেদি আসি ধুথুৰি ঘসাই॥ ৯৪তবধ দুই কৰ্ণ লাঞ্জ ঘূৰাৱে সঘনে।টেৰা চক্ষু চাই মাণ্টি আঞ্চোৰে চৰণে॥ডকৰে ফকৰে ক্ৰোধে শঙ্কৰক চাই।আগবাঢ়ি ডেকাগিৰি ৰঙ্গে গৈলা ধাই॥ ৯৫মালতী পুষ্পৰ মালা হাতত লৈলস্ত।যাণ্ডৰ মুণ্ডক লাগি দলি মাৰিলন্ত॥শৃঙ্গ আখি বেঢ়িয়া পৰিল পুষ্পমালা।বেগে দুই হাতে দুই শৃঙ্গত ধৰিলা॥ ৯৬শৰীৰৰ বলে আন্টি ধৰিলা হেড়াই।কৰে চণ্টফণ্ট যাইতে নপাৰে এড়াই॥গাৱৰ সন্ধানে মূণ্ডে উছাটেক দিলা।আছোক এড়াইব লাড়িবাকো নপাৰিলা॥ ৯৭পাচ দুই ভৰি তুলি কৰেশৃঙ্গত হেড়ায় হাতে ধৰি
টান কৰি পৃথিবীত ধুথুৰি থোকচি।ঘাৰ পাক দিয়া তাক পেলাইলা হেম্পচি॥৯৮মড়মড় কৰি হাড় ঘাৰৰ ভাঙ্গিল।মহা পীড়া পায়া মূত্ৰ পুৰীষ এড়িল॥পাচ গুচি কতদূৰে পৰিলেক যাই।যেন অৰিষ্টক কৃষ্ণে পেলাইলা লীলাই॥৯৯শঙ্কৰৰ হাতত হৈলেক ৰণ্ডভণ্ড।মৰা যেন নিঃচেষ্ট পৰিয়া ৰৈল ষাণ্ড॥নলড়য় পুচ্চ কৰ্ণ চক্ষু নেমেলয়।কেৱলেসে কলাধাতু গাৱত আছয়॥ ১০০ডেকাগিৰি আছন্ত ষাণ্ডক ৰঙ্গে চাই।কম্বল ধৰাৰ গাৱে শ্ৰুতি জ্ঞান নাই॥মৰিলেক ষাণ্ড বুলি মনে ভৈল ত্ৰাস।নিহালিয়া যাণ্ডৰ নাকৰ চাৱে শ্বাস॥ ১০১মৰা যেন পৰি আছিলেক দণ্ড চাৰি।নাকৰ নিশ্বাস আসে অল্প অল্প কৰি॥সাস্তম হইয়া ষ্ণ্ড কিছো শ্ৰুতি পাইল।এক আখি মেলি শঙ্কৰৰ ভিতি চাইল॥১০২শঙ্কৰক দেখি মহা ভয় সম্পজিলা।পুনু চক্ষু মুদি মনে গুণিতে লাগিলা॥
ভৈলোঁ সৰ্বনাশ মঞি ইহান হাতত।আৰ খানিতেকে মঞি প্ৰাণে হঞো হত॥১০৩কেন মতে পলাঞো ষাণ্ডে মনত গুণিলা।তত কালে উঠি মহা বেগে লড় দিলা॥ৰহ ৰহ বাণী আৰো বুলিলা শঙ্কৰ।শুনি মহা ভয় আতি মিলিলা ষাণ্ডৰ॥১০৪লৱড়িল বহু দূৰ পাচক নচাই।বন মধ্যে পৰি ৰৈলা হাতাসে ফোম্ফাই॥ষাণ্ডক খেদায়া ৰঙ্গ ভৈলন্ত শঙ্কৰ।কম্বল ধৰায়ে সমে চলি আইলা ঘৰ॥১০৫পন্থত আসন্তে লোকে কৰৈ নমস্কাৰ।কম্বল ধৰায়ে কহে ষাণ্ড মৰ্দ্দিবাৰ॥শুনিয়া লোকৰ ৰঙ্গ মিলিল বহুত।পৰম বিস্ময় ভৈলা শুনি অদভুত॥ ১০৬ইকি মনুষ্যৰ কৰ্ম্ম ষাণ্ডক জিনয়।অন্যো অন্যে এহি কথা আনন্দে কহয়।এহি মতে শঙ্কৰ আসন্ত হৰিষতেৰাম ৰাম গুৰুক পাইলন্ত ৰাজপকৰজোড়ে শঙ্কৰে গুৰুক নমিলন্ত।ৰাম ৰাম গুৰু আশীৰ্ব্বাদ কৰিলন্ত॥
কম্বল ধৰায়ে যাই গুৰুক নমিলা।ষাণ্ডৰ বৃত্তান্ত কথা সমস্তে কহিলা॥ ১০৮শুনি গুৰু হাসি তুলিলন্ত কতুহলে।জিনিলাহা ষাণ্ডক তোমাৰ বাহুবলে॥নুহিকে আশ্চৰ্য্য ইটো বিক্ৰম তোমাৰ।শঙ্কৰক গুৰু প্ৰশংসিলা বাৰম্বাৰ॥ ১০৯অনন্তৰে শঙ্কৰ আপুন গৃহ পাইলা।পখালি ভৰি উচ্চ আসনে বসিলা॥কম্বল ধৰায়ে পিতৃমাতৃৰ আগত।ষাণ্ডৰ বৃত্তান্ত কথা কহিলা সমস্ত॥ ১১০অদ্ভূত দেখিয়া মহা আশ্চৰ্য্য লভিলা।পৰম কৌতুক মনে শঙ্কৰো ৰহিলা॥যেহি দিনা ষাণ্ডক দমিলা ডেকাগিৰি।লোকৰ গুচিল ভয় সেহি দিন ধৰি॥ ১১১সেহি পথে আয়াযাত কৰে নিৰন্তৰ।ডেকাগিৰি নামে ভয় নুগুচে ষাণ্ডৰ॥কদাচিতো ষাণ্ডক দেখিয়া মনে ভৰি।ডাক দিয়া বোলে হেৰা আইসে ডেকাগিৰি॥১১২ডেকাগিৰি নাম শুনি ভয় হুয়া বৰ।উলটি বনক লাগি ভেজাৱে লৱৰ॥
ইসৱ যশস্য কীৰ্তি শুনিয়া বিস্ত।পৰম হৰিষ মন ভৈলা শঙ্কৰৰ॥ ১১৩এহি মতে হৰিষতে আছা কতো দিন।অনন্তৰে কুসুমৰ আয়ু ভৈলা ক্ষীণ।মৰিলন্ত কুসুম পাইলন্ত স্বৰ্গলোক।শঙ্কৰে পিতৃক লাগি নকৰিলা শোক॥ ১১৪ধৰিলন্ত ক্ৰিয়া কৰিলন্ত সঙ্গঃকাৰে।দশ দসা কৰিলন্ত বিধি বেৱহাৰে।যত দ্ৰব্য দানৰ আনিয়া মিলাইলন্ত।মাস পূৰ্ণ ভৈলা যেবে শুদ্ধি কৰিলন্ত॥ ১১৫তানুক্ৰমে দান সবে কৰিয় উছুৰ্গ।যাণ্ড দাগি পিতৃৰ কৰাইল বৃষোৎসৰ্গ।দানে দক্ষিণয়ে সন্তোষিলা বিপ্ৰমন।ব্ৰহ্মভোজ কৰিলন্ত অনেক ব্ৰাহ্মণ॥১১৬পুনু দক্ষিণাক দিয়া মন সন্তোষিলা।আশীৰ্বাদ কৰি সবে ঘৰে চলি গৈলা।জ্ঞাতি সমস্তক আনি কৰাইঅন্নে বস্ত্ৰে তুষিলন্ত সমস্তৰ।বিদাই কৰিয়া সবে জ্ঞাতি চলি গৈলা।আনো যত লোক আছে সবাকো তুষিলা।1
পৰম হৰিষ মনে আছন্ত শঙ্কৰ।শুনা আবে যেন কথা ভৈলা আতপৰ॥ ১১৮মনত হৰিষে যেবে শঙ্কৰ আছন্ত।অনন্তৰে তান পাচে মাতৃ মৰিলন্ত॥পৰম পণ্ডিত জানা শাস্ত্ৰৰ তত্বক।মাতৃক লাগিয়া কিছো নকৰিলা শোক॥ ১১৯নুহি সাৰস্বত ইটো অনিত্য সংসাৰ।কৈৰ পিতৃমাতৃ বন্ধু পুত্ৰ পৰিয়াৰ॥কৈৰ পৰা আসি জীৱ হোৱে এক ঠাই।ধৰয় সম্বন্ধ পিতৃমাতৃ খুড়া ভাই॥ ১২০কৰয় মমত স্নেহপাশে বন্ধ হুয়া।সংহৰয় কালে চলে দেহাকো ছাড়িয়া॥নুহিকে স্বতন্ত্ৰ সবে অধীন কালৰ।মাতৃক লাগিয়া শোক নকৰি শঙ্কৰ॥ ১২১বিধি বেৱহাৰে মাতৃক্ৰিয়া কৰিলন্ত।দানে দক্ষিণায়ে বিপ্ৰমন তুষিলন্ত॥জ্ঞাতি সমস্তকো তুষিলন্ত অন্নপানে।কতো দিন আছা মহা হৰিষিত মনে॥ ১২২অনন্তৰে শঙ্কৰৰ দুহিতা জন্মিলা।মনত সন্তোষে তান মনু নাম থৈলা॥
কায়স্থ কুলত জন্ম তান নাম হৰি।মনু কন্যা বিহা তাঙ্কে দিলন্ত সাদৰি। ১২৩তাত পাচে শঙ্কৰৰ পত্নী মৰিলন্ত।তান ক্ৰিয়া কৰ্ম্মকো আপুনি কৰিলন্ত।ভৈলন্ত উদাস পাচে শঙ্কৰৰ মন।তীৰ্থ কৰিবাক লাগি কৰিলা যতন। ১২৪যতেক সম্পত্তি আছে সবে তেজিলন্ত।তিনি শত গৰু ব্ৰাহ্মণক বিলাইলন্ত।বলধে বাজনে বিলাই যাঠি হাল।হৃষ্টপুষ্ট বৎস সমে ধেনু ভাল ভাল॥ ১২৫জয়ন্ত মাধব সূৰ্যবৰৰ সোদ।কনিষ্ঠ পিতামহ দুয়ে৷ হোন্ত শঙ্কৰৰ।কুসুমৰ কালে যত সম্পত্তি আছিল।শঙ্কৰ ক্ষেএক যান্তে দুই হাক দিল॥ ১২৬বনগয় নামে আছে কনিষ্ঠ সোদৰ।জমাইৰ লগতে তাঙ্ক থৈলন্ত শঙ্কৰ।ভাল ভাল মনুষক লগত লৈতীৰ্থ কৰিবাক প্ৰতি শঙ্ক} ১২৭প্ৰপঞ্চি কৰিলি পদ বিস্তৰ হেয়।সংক্ষেপ কৰিয়া শুনা সাধু সমস্তয়।
বাম হাতৰ বৃদ্ধ অঙ্গুষ্ঠ মাটিত থাপিয়াসমস্তে গাৱৰ ভৰ দিয়া।পৃথিবীৰ পৰা তুলি সকলে শৰীৰ গোটআলগতে থাকন্ত ধৰিয়া॥আনো যত যত কৰ্ম্ম কৰিলা আশ্চৰ্য্য আতিশুনন্তে পৰম আচৰিত।ইকথা থাকোক আবে শুনিয়োক সাধু সবেশঙ্কৰৰ বিবাহ চৰিত॥ ৬৮তান পিতা কুসুম্বৰ পৰম আনন্দ মনপুত্ৰ মহা পণ্ডিত ভৈলন্ত।ৰূপ গুণ বিদ্যা গতি বয়স আকৃতি মতিদেখি সৰ্ব্বলোকে প্ৰশংসন্ত॥মাতৃৰো হৰিষ আতি বুলিলা স্বামীক মাতিভাল চাই কন্যাক জুড়িয়ো।বসন ভূষণ দিয়া কুটুম্বক সন্তোষিয়াশঙ্কৰৰ বিবাহ কৰায়ো॥৬৯কুসুমে বুলিলা চায়া কন্যা আছোঁ জিজ্ঞাসিয়াদশতো কুড়িতে মান বাছি।নলাগয় বস্ত্ৰ ধন সবাহাৰে এক মনবিবাহ দিবাক খোজে যাছি॥
অনন্তৰে কৰি যত্ন কৰাই বাৰ তিথি লগ্নঅনেক সম্ভাৰ সাজি গৈলা।বাদ্যে ভণ্ডে সুমঙ্গলে মহা ৰঙ্গে কৌতুহলেশঙ্কৰৰ বিবাহ কৰাইলা॥৭০কুটুম্বৰ তুষি মতি পাট সাৰি পাৰি ধুতিদিলা আনো পাট পাটম্বৰ।পুষ্প তাম্বুলক দিয়া সবাইঙ্কে সম্বোধিয়াকন্যা লৈয়া আসিলন্ত ঘৰ।কুসুমৰ ভাৰ্য্যা সতী পুত্ৰৰ বহাৰি দেখিমনে মহা কৰন্ত হৰিষ।যেন মনে বাঞ্চিলোঁহো তেয় বহাৰি পাইলোঁ।ৰূপে যেন পুলৰে সদৃশ॥ ৭১কুসুমৰে ৰঙ্গ মন যত জ্ঞাতি বন্ধুগণসবাহাঙ্কে ভোজন কৰাইলা।দিয়া পুষ্প তাম্বুলক তুষিলন্ত সমস্তকবিদাই কৰি ঘৰে গৈলা।বিহা কৰাই শঙ্কৰক লভিলন্তকুসুম হৰিষ মকিঞ্চিতেকো নাহি দুখ দিনে দিনে মিলে সুখমহোৎসবে গৃহত ৰহিলা॥ ৭২
প্ৰথমতে যাই গঙ্গা তীৰ্থক পাইলন্ত।বিষ্ণু পাদোদক আনি ৰঙ্গে স্নানিলন্ত॥ ১২৮তীৰ্থৰ নিয়ম যত সমস্তে কৰিলা।গঙ্গাক এড়ায়া গয়া তীৰ্থ প্ৰবেশিলা॥পিতৃ পিতামহ আদি যতেক আছন্ত।গয়া পিণ্ড দানে সমস্তকে তুষিলন্ত॥ ১২৯দক্ষিণায়ে তুষিলন্ত বিপ্ৰ নিৰন্তৰ।আনো সব তীৰ্থ স্নান কৰিলা শঙ্কৰ॥বিধি অনুৰূপে সবে তীৰ্থ কৰিলন্ত।অনন্তৰে জগন্নাথ ক্ষেত্ৰে আসিলন্ত॥১৩০আপুনি পণ্ডিত তীৰ্থ নিয়ম জানন্ত।অনুক্ৰমে সমস্তে তীৰ্থকে কৰিলন্ত॥শঙ্কৰক দৰশনে মানি মহাভাগ।মুখ্য পাণ্ডা সবে শঙ্কৰৰ নেড়ে লাগ॥ ১৩১যথাযোগে শঙ্কৰে সবাকে তুষিলন্ত।জগন্নাথ মন্দিৰত প্ৰবেশ ভৈলন্ত॥জগন্নাথ দৰশনে হৰিষ লভিলা।পৰম আনন্দে পৰি প্ৰণাম কৰিলা॥ ১৩২উঠি নিৰেখস্ত জগন্নাথৰ মুখক।জগন্নাথে হৰিষ দেখিয়া শঙ্কৰক॥
মুহুৰ্ত্তেক মান চাহিছন্ত আনন্দতে।নমস্কাৰ কৰি বাজ ভৈলা তৈৰ হন্তে॥ ১৩৩মহা প্ৰসাদক বসি ভোজন কৰিলা।মহা ৰঙ্গে কতো দিন ক্ষেত্ৰত আছিলা॥মুখ্য পাণ্ডা সবে লাগ নেড়ে শঙ্কৰৰ।পূৰ্ব্ব কথা বাৰ্ত্তা কহি থাকা নিৰন্তৰ॥ ১৩৪ব্ৰহ্ম পূৰাণক চাই শঙ্কৰে কহন্ত।যেন মতে জগন্নাথ সাক্ষাত ভৈলন্ত॥সি সব বৃত্তান্ত কথা শুনিয়া সমস্ত।ক্ষণ প্ৰাই যাই দিন সবাৰো মনত॥ ১৩৫অনন্তৰে শঙ্কৰে আসিতে সাজ ভৈলা।জগন্নাথ প্ৰণামিয়া বিদায় কৰিলা।প্ৰিয় বাক্যে সম্বুধিয়া পাণ্ডা সমস্তক।আসন্ত শঙ্কৰ যেবে আপুন ৰাজ্যক॥ ১৩৬দেখিয়া পাণ্ডাৰ খেদ মিলিল আপাৰ।আগবঢ়াই থৈলা নিয়া কৰি সতকাৰ॥দ্বাদশ বৎসৰ তীৰ্থ কৰি ফুৰিলন্ত।অনন্তৰে আসি নিজ গৃহক পাইলন্ত॥১৩৭বনগয়া দেখে দদা গৃহক আসিলা।হৰি জমাই সমে দুয়ো প্ৰণাম কৰিলা॥
আনো বন্ধুগণ সবে দেখিতে আসিলা।জগন্নাথ প্ৰসাদক গায়ে গায়ে দিলা॥১৩৮জয়ন্ত মাধৱ সূৰ্য্যবৰ আসিলন্ত।তাসম্বাক দেখিয়া শঙ্কৰ উঠিলন্ত॥পিতামহ আসিলন্ত আসন দিৱইলা।নমস্কাৰ কৰিবাক ওচৰ চাপিলা॥ ১৩৯নমস্কাৰ কৰিবাক কেহো নেদিলন্ত।সাধুবাদ কৰিয়া সাবটি ধৰিলন্ত॥শঙ্কৰক আশংসিয়া আসনে বসিলা।ক্ষেত্ৰৰ মহিমা যত শঙ্কৰে কহিলা॥ ১৪০জগন্নাথ প্ৰসাদক তিনিকো দিলন্ত।প্ৰসাদ ভুঞ্জিয়া মহা সন্তুষ্ট ভৈলন্ত॥তিনি পিতামহে শঙ্কৰক প্ৰসঙ্গিয়া।গৃহক গৈলন্ত চলি বিদাই কৰিয়া॥ ১৪১বনগঞা গিৰি পাচে গুণিলা মনত।দুগ্ধ খাইতে ধেনু নাই দদাৰ গৃহত॥ধেনু আনিবাৰ লাগি কাচি পাৰি গৈলা।ভাল ভাল বাছি ধেনু পালৰ আনিলা॥ ১৪২জয়ন্ত মাধৱৰ পাল ৰাখন্ত গোৱালে॥ধেনুক আনন্তে বাধিলেক তত কালে॥
নেনা নেনা ধেনু বুলি আগ ভেণ্টিলেক।গোৱালক প্ৰাণে মাৰি ধেনু আনিলেক॥ ১৪৩শুনি দুয়ো ভাই হাসি বুলিলন্ত বাক।ই কি কথা আমাত আসিলি কহিবাক॥আচো ধেনু যদি সবে সৰ্ব্বস্বকে নেই।শঙ্কৰক কি কৰিবো পাল ৰাখা গই॥ ১৪৪শঙ্কৰে বোলন্ত ভাই কি কাম কৰিলি।নুখুজিয়া ধেনু তঞি কিসক আনিলি॥বনগঞা বোলে খঙ্গিবাক নোহে যোগ।তোমাৰ সম্পত্তি পিতামহে কৰে ভোগ॥ ১৪৫এতেকে আনিলোঁ ধেনু আমাৰ গৃহক।শুনি দুয়ো পিতামহে পাইবা আনন্দক॥জয়ন্ত মাধৱ দুই ভাই আসিলন্ত।শঙ্কৰক চাই পাচে বাক্য বুলিলন্ত॥১৪৬বিবাহ কৰিতে ইচ্ছা নাহিকে তোমাৰ।শুনিয়া মনত দুঃখ মিলিল আমাৰ॥কন্যা যাচি দেই বিহা কৰিয়ো শঙ্কৰ।গোত্ৰ বৃদ্ধি হৌড়ক বাপ আমাৰ বংশৰ॥ ১৪৭পূৰ্ব্বাপৰ বুঝাই আৰো বিস্তৰ বুলিলা।অযাচিত কন্যা ৰঙ্গে বিবাহ কৰিলা॥
সমস্তে ভুঞায়ে ৰঙ্গে উছৰ্গা দিলন্ত।গৰু ৰৌপ্য হেম বস্ত্ৰ বিস্তৰ পাইলন্ত॥ ১৪৮তাম্বুলে বসনে সমস্তকো তুষিলন্ত।কুটুম্বক বেৱহাৰি কন্যা আনিলন্ত॥পূৰ্ব্বতে অধিক কৰি সম্পত্তি লভিলা।শুনা আত পৰে পাচে যেন কথা ভৈলা॥ ১৪৮কশুনা সৰ্ব্বজনে পুণ্য কথা মনোহৰ।প্ৰসিদ্ধো অমৃতো নুহি আক পটন্তৰ॥যিটো পিয়ে সিটো হোৱে অজৰ অমৰ।সবংশকে নিস্তৰে চৰিত্ৰ শঙ্কৰৰ॥ ১৪৯হে প্ৰাণ বন্ধু কৃষ্ণ দৈবকীনন্দন।হুয়ো কৃপাময় মঞি পাপীত প্ৰসন॥কত জন্ম পুণ্য বশে দ্বিজ জন্ম পাইলোঁ।ভকতি নকৰি বৃথা জনম গয়াইলোঁ॥ ১৫০অনন্ত বিষয় আসকতি ভৈল মোৰ।তজু নাম নধৰিয়া ভৈলোঁ সেৱাচোৰ॥জানা জন্মে সাঞ্চি আছোঁ পাপৰ পৰ্ব্বত।সি কাৰণে নাসে নাম মোহোৰ মুখত॥ ১৫১শুনি আছোঁ প্ৰভু তুমি পতিত পাৱন।মঞি পতিতৰ গতি তুমি নাৰায়ণ॥
কৰোঁহো কাকূতি প্ৰভু দিয়া এহি দান।তুমি বিনে মোহোৰ সুহৃদ নাহি আন॥ ১৫২শৰণে পশিলোঁ প্ৰভু কৃপা কৰা মোক।তজু ভকতৰ সঙ্গ সদা নুগুচোক॥বচনে নেড়োক দিনে ৰাতি আতি নাম।তেবেসে নিস্তৰোঁ সবে বোলা ৰাম ৰাম॥ ১৫৩
জয়ন্ত মাধৱ দুয়ো প্ৰিয় বাক্যে আশ্বাসিয়াসম্বুধি বুলিলা শঙ্কৰক।তোমাৰ পিতৃৰ লোক তোমাতে খাণ্টোক বাপচৰ্চ্চিয়োক পূৰ্ব্ব বিষয়ক॥শঙ্কৰে বোলন্ত মোক নলাগে পিতৃৰ লোকপ্ৰয়োজন নাহিকে আমাৰ।পঢ়িলোঁহো শাস্ত্ৰ দুখে গৃহত বসিয়া সুখেকৰিববাহো অৰ্থক বিচাৰ॥ ১৫৪তথাপিতো দুয়োজনে বুলিলন্ত বহু মান্যেপূৰ্ব্বাপৰ কৰিয়া বেৱস্থা।এক শত তন্ত্ৰী গিৰি দিয়া তাক অধিকাৰিশঙ্কৰক পাতিলা গোমষ্ঠা॥
শঙ্কৰে জমাইক মাতি বুলিলা সাদৰে আতিতুমি চৰ্চ্চিবাহা তন্ত্ৰীগণ।শঙ্কৰক নমস্কাৰ কৰি ৰাজ কাজ চৰ্চ্চিহৰি ঘুষি থাকা ৰঙ্গমন॥ ১৫৫শঙ্কৰক নমস্কাৰ কৰি ৰামৰায় বোলেদদা মোৰ শুনিয়োক বাক।দেৱগৃহ পাতিবোঁহো তজু সঙ্গে বসিবোঁহোচৰ্চ্চিবাহা কৃষ্ণৰ কথাক॥আনো প্ৰিয় বাক্য বুলি ৰামৰাই অদিৰিয়াশঙ্কৰক নমস্কাৰ কৰি।গজনা সুন্তিৰ পৰা পূৰ্ব্বৰ গ্ৰামক লাগিশঙ্কৰক আনিলা সাদৰি॥ ১৫৬শঙ্কৰে বোলন্ত ভাই শুনিয়োক ৰামৰাইদেৱগৃহ সাজিয়ো যতনে।হেন কথা শুনিলন্ত সত্ৰ গৃহ সাজাইলন্তৰামৰাই মহা ৰঙ্গমনে॥ৰাম ৰাম গুৰু সমে সেহি গৃহে বসে ৰঙ্গেভাগৱত কৰিলা বিচাৰ।তত্ব অৰ্থ জানিলন্ত মনে খেদ কৰিলন্তমায়াময় অনিত্য সংসাৰ॥ ১৫৭
পুত্ৰ দাৰা ধন জন সৱে মিছা অকাৰণনজানি বিশ্বাস আত কৰৈ।নজানৈ শাস্ত্ৰৰ তত্ব নিৰন্তৰে লোক যতমোৰ মোৰ বুলি মাত্ৰ মৰৈ॥কলিমল সাগৰত তল গৈলা লোক যতনেড়াইলেক অবিদ্যাৰ হাত।অবিদ্যাতে জন্মি আছে পঞ্চপৰ্ব্ব নামে ঘোৰভাগৱত শাস্ত্ৰত প্ৰখ্যাত॥ ১৫৮পৰমাত্মা ৰূপে হৰি হৃদয়তে আছা তাঙ্কঅবিদ্যায়ে আছয় ঢাকিয়া।তমঃ নাম অজ্ঞানত ভ্ৰমি মৰে লোক যতঈশ্বৰ কৃষ্ণক পাসৰিয়া॥দেহে অহম্বুধি ভৈলে মোহ নামে গৰ্ব্ব হোৱেগুৰুজন হেলাত নাদৰে।ভোগক ইচ্ছায়ে যেবে মহামোহে ধৰৈ তেৰেমায়াত মজিয়া দুঃখে ৰৰে॥ ১৫৯যাক প্ৰতি আশা কৰে তাকো যেবে কালে হৰেবাক্যে তিৰস্কাৰ কৰে আতি।তামিশ্ৰ বোলয় আক বোলে নানা নিন্দা বাকক্ৰোধত হৰাই জ্ঞান শ্ৰুতি॥
পুত্ৰধন কলএত বিশ্বাস কৰয় অতিতাকো কালে কৰয় সংহাৰ।আপুনি মৰিলোঁ বুলি সমূলি আকুল হোৱেঅন্ধ তামিশ্ৰ নাম তাৰ॥ ১৬০এহি অবিদ্যাৰ পাঞ্চ পৰ্ব্বা নাম বোলে আকপুৰুষক অন্ধ কৰি মাৰে।শীৰিধৰ স্বামী আক বিদিত কৰিয়া আছাসাধু সেবাতেসে সুখে তৰে॥দৈবকী নন্দন এক দেৱ মাত্ৰ শাস্ত্ৰ একদৈবকী নন্দনে কৈলা যাক।কৰ্ম্মোএকে তানে সেৱা মন্ত্ৰো একে তান নামজানিবা নিশ্চয় কৰি আক॥ ১৬১ইহাক নজানি নৰে ঘোৰ নৰকত মৰেনানা দুঃখ কৰ্ম্মকে আচৰি।কৃষ্ণ গুণ নাম ধৰ্ম্ম লোকত প্ৰচাৰ কৰেসুখে যাউক সংসাৰক তৰি॥হেন হিত চিন্তি মনে শ্ৰীমন্তু শঙ্কৰ দেৱেভাগৱত কৰিয়া বিচাৰ।শ্ৰবণ কীৰ্ত্তন কৰি তৰোক সমস্তে লোকপদ বন্ধে কৰিলা প্ৰচাৰ॥ ১৬২
কৃপাময় শঙ্কৰৰ দেখা কেনে মহা গুণবিচাৰিয়া সমস্তে শাস্ত্ৰক।কৃষ্ণ সমে নাম ধৰ্ম্ম লোকত প্ৰকাশ কৰিতাৰিলন্ত সমস্তে লোকক॥ই কথা থাকোক আবে শুনিয়োক সাধু সবেযেন কথা ভৈলা তাত পৰে।ক্ষেত্ৰ হন্তে ভাগৱত গ্ৰন্থ লৈয়া আসিলন্তপঢ়িবাক এক বিপ্ৰবৰে॥ ১৬৩ভিৰত দেশৰ এক বিপ্ৰবৰভাগৱত গ্ৰন্থ লৈলা।জগন্নাথ আগে পঢ়িবাক ৰঙ্গেক্ষেত্ৰক লাগি আসিলা॥জগন্নাথে তাঙ্ক স্বপ্নত বুলিলাশুনিয়োক বিপ্ৰবৰউদয় ৰাজ্যত বৰদোৱা গ্ৰামে॥আছন্ত শঙ্কৰ বৰ॥ ১৬৪তান আগে গৈয়া পঢ়িয়োক ইটোমহাগ্ৰন্থ ভাগৱত।তাহান আমাৰ নাহিকে অন্তৰকৈলোঁ ইটো সাৰ তত্ব॥
চেতন লভিয়া মনত গুণিয়াদেখিয়া স্বপ্ন বিশেষ।উদয় ৰাজ্যক যাইবে জগন্নাথে॥কৰিলা মোক আদেশ॥ ১৬৫প্ৰভাতে উঠিয়া স্নান কৰি বিপ্ৰজগন্নাথ দৌলে গৈলা।প্ৰদক্ষিণ কৰি নমস্কাৰ কৰিবিদায় মাগিয়া লৈলা॥জগন্নাথ আজ্ঞা শিৰোগত কৰিদ্বিজবৰ লড়িলন্ত।যাত্ৰীৰ লগত পৰম হৰিষেকামৰূপ আসিলন্ত॥ ১৬৬দুই গুটি মনুষ্য লগত চলয়পন্থক সোধন্তে যায়।ব্ৰহ্মপুত্ৰ তীৰ্থ তৰিয়া আনন্দেদক্ষিণ কূল পাইলন্ত॥অনুক্ৰমে সৱে দেশক এড়ায়াৰাজ্য পাইল আসমৰ।তেম্বৱনি বন্ধ বৰদোৱা গ্ৰামপাইলা পাচে শঙ্কৰৰ॥ ১৬৭
কেত আক লাগ পাই পুছিলন্ত।হৰিষতে বিপ্ৰবৰ।দেখিবাক লাগি আসি আছোঁ আমি।কোন বাৰী শঙ্কৰৰ॥মাততে জানিলা তিৰোতীয়া বিপ্ৰ।বোলন্ত থাকিয়ো এথা।আছা কি নাহিকা জিজ্ঞাসিয়া মঞি।কহিবোঁ তোমাত কথা॥ ১৬৮অনন্তৰে গই শঙ্কৰত কথা।কহিলন্ত লাসে লাসে।তিৰোতীয়া এক বিপ্ৰ আসি আছে।দেখিবাক আভিলাষে॥মনত আশঙ্কা পচিমত তুমিআছা টঙ্কা ধাৰ কৰি।এতেকে ব্ৰাহ্মণে সোধয় শুনিয়াহাঁসিলন্ত উচ্চ কৰি॥ ১৬৯তত কালে উঠি লড়িলা শঙ্কৰশুনি ব্ৰাহ্মণৰ নাম।আৰ আগত হৰিষে চলন্তৰূপৰ নাহি উপাম॥
দূৰতে দেখিয়া চিনিলা ব্ৰাহ্মণেগৌৰাঙ্গ সব শৰীৰ।গজ গতি লীলা গমনে অসন্তসাগৰ সম গম্ভীৰ॥ ১৭০আজানু লম্বিত দুই খান ভুজসুদীৰ্ঘ আঙ্গুলি চয়।মুখপদ্ম যেন চন্দ্ৰৰ মণ্ডলবহল পুষ্ট হৃদয়॥পাটভূমি মাটি লোটন্তে আছয়গাৱত পাটপামৰি।যেন সূৰবৰ প্ৰকাশি আছন্তচাহছন্ত নেত্ৰ ভৰি॥ ১৭১মনত বোলন্ত এহেন্তে শঙ্কৰদৰশন ভৈলোঁ আসি।মহা ভাগ্যোদয় মিলিল আমাৰদূৰ গৈলা পাপ ৰাশি॥জগন্নাথে কৃপা কৰি পাঠাইলন্তমানিলন্ত বিপ্ৰবৰ।শঙ্কৰে আশ্বাসি ব্ৰাহ্মনক পাচেনিলন্ত আপুন ঘৰ॥ ১৭২
আসনত পাচে বসিলা ব্ৰাহ্মণবসুৱা ধুয়াইলা ভৰি।মধুময় অন্ন কৰিলা ভোজনমনত আনন্দ কৰি৷।ভোজন কৰিয়া বসিলা ব্ৰাহ্মণশঙ্কৰ তথা গৈলন্ত।দেৱগৃহে বসি বচনে আশ্বাসিব্ৰাহ্মনেও পুছিলন্ত॥ ১৭৩কিবা কাৰ্য্যে ঐক আসিলাহা গুৰুমোত কিবা প্ৰয়োজন।হেন বাণী শুনি অৱনত হুয়াবুলিলা বিপ্ৰে বচন॥আমি তিৰোতীয়া ব্ৰাহ্মণ জানিবপঢ়িলোঁহো ভাগৱত।জগদীশ মিশ্ৰ নাম দিলা গুৰুআনন্দ কৰি মনত॥ ১৭৪জগন্নাথ আগে ইটো ভাগৱতপঢ়িবাক ৰঙ্গে গৈলোঁ।স্বপ্নে জগন্নাথে দেখা দিলা মোকনয়ন ভৰি দেখিলোঁ॥
মোক আজ্ঞা কৰিলন্ত জগন্নাথশুনিয়োক দ্বিজবৰ।বৰদোৱা গ্ৰামে আছন্ত শঙ্কৰযায়োক তৈকে সত্বৰ॥ ১৭৫শঙ্কৰৰ মোৰ নাহিকে অন্তৰতৈতে পঢ়া ভাগৱত।হেন শুনি মঞি আনন্দে লড়িলোআজ্ঞা কৰি শিৰোগত॥দুই মাস পূৰ্ণ ভৈলেক পথতেআসিলোঁ হো ৰঙ্গমন।মহা ভাগ্য মোৰ মিলিলা তোমাকদেখিলোঁ আসি নয়নে॥ ১৭৬তজু দৰশনে পাপ দূৰ ভৈলআনন্দ কৰে হৃদয়।এতেক বোলন্তে প্ৰেম উপজিলনয়নে নীৰ ঝৰয়॥শঙ্কৰৰ মুখ নিৰেখি ব্ৰাহ্মণথাকিলন্ত মৌন হুই।শুনা সৰ্ব্বজন তেজি আন মনসম্যকে পাপৰ জুই॥ ১৭৭
ব্ৰাহ্মণৰ আগে কৈলা জগন্নাথেশুনিয়োক বিপ্ৰবৰ।শঙ্কৰৰ মোৰ কিঞ্চিত মাত্ৰকোনাহিকে জানা অন্তৰ॥হেন শঙ্কৰক মনুষ্য প্ৰত্যয়hp4কৰিবেক কোন জনে।সি সি জনে জানা কৰিবে অবজ্ঞাকৃষ্ণক যিটো নমানে॥ ১৭৮সিটো মহা ৰণ্ড পৰম পাষণ্ডতাৰ সঙ্গ পৰিহৰা।কৃষ্ণত ভকতি নকৰয় যিটোসিটো জীৱন্ততে মৰা॥অহে কৃষ্ণদেৱ তজু পাৱে সেৱকৰো লক্ষ কৌটি বাৰমঞি পতিতক তুমি কৃপাময়চৰণে কৰা উদ্ধাৰ॥ ১৭৯পতিত পাৱন নাম ধৰি আছাপ্ৰসিদ্ধ সবে শাস্ত্ৰত।মঞি পতিতক তাৰিয়োক প্ৰভুকৰিয়া কৃপা বেকত॥
যেন সুখে দুখে মোৰ ইটো মুখেনেড়োক তোমাৰ নাম।তেবেসে ইবাৰ নিস্তৰো সংসাৰসবে বোলা ৰাম ৰাম॥ ১৮০
ব্ৰাহ্মণৰ প্ৰেম বাণী শুনিয়া শঙ্কৰ।মনত হৰিষে পাচে দিলন্ত উত্তৰ॥শঙ্কৰ বদতি শুনা বিপ্ৰ মহাশয়।জগন্নাথে দায়া মোক সম্পূৰ্ণে আছয়॥ ১৮১কৃপা কৰি তোমাক পঠাইলা মোৰ পাশে।তুমি হেন বিপ্ৰক লভিয় ভাগ্য বশে॥কালি আৰম্ভিবা মহাগ্ৰন্থ ভাগৱত।গীত পদ কৰি আমি আছোঁহো পূৰ্ব্বত॥ ১৮২তাত কৰি অৰ্থ কিবা বিলক্ষণ হয়।শুনিবাক মোৰ মহা আনন্দ আছয়॥এহি কহি মৌনে পাচে ৰহিলা শঙ্কৰ।পৰম হৰিষ মন ভৈলা ব্ৰাহ্মণৰ॥ ১৮৩এত হন্তে ভক্ত সমে আসিয়া মিলিলা।দেৱগৃহে পশি মহা নাট আৰম্ভিলা॥
যি সৱ অৰ্থক কহে গীতা ভাগৱতে।সবে অৰ্থ বেক্ত হুয়া আছয় গীততে॥ ১৮৪হাতে তাল ধৰি গীত গায়নে গাৱয়।শঙ্কৰৰ গীত শুনি মনত বিস্ময়॥অনন্তৰে নাম ধৰিলন্ত ভক্তগণে।অমৃত বৰিষে যেন ব্ৰাহ্মণৰ মনে॥ ১৮৫কীৰ্ত্তন কৰয় পালি ঘোষাক গাৱয়।ওজা পদ বোলে যেন অমৃত সিঞ্চয়॥কীৰ্ত্তনক সমাপিয়া ঘৰে চলি গৈলা।ৰঙ্গমনে বিপ্ৰ পাচে শয্যাত শুতিলা॥ ১৮৬শঙ্কৰো হৰিষ মনে শয্যাত শুতিলা।ৰজনী প্ৰভাত জানি শয্যাৰ উঠিলা।স্নান কৰি বসিলা দেৱৰ মন্দিৰে।ভাগৱত পাঠ আৰম্ভিলা বিপ্ৰবৰে॥ ১৮৭প্ৰথম কন্ধৰে পৰা দ্বাদশ পৰ্য্যন্তে।পঢ়িলন্ত বিপ্ৰে বাৰ্হ কন্ধ ভাগৱতে॥পৰম হৰিষ মনে পঢ়া বিপ্ৰবৰ।দোষণ সিদ্ধান্ত দেন্ত আপুনি শঙ্কৰ॥ ১৮৮মহাগ্ৰন্থ ভাগ্ৱত তত্বক বিচাৰি।শঙ্কৰে কৰিছা পদ মহাযশ কৰি॥
জগন্নাথ আজ্ঞা বিপ্ৰে কৰি শিৰোগত।পঢ়িলা হৰিষে বাৰ্হ কথা ভাগৱত॥ ১৮৯দৈবকী নন্দনে শঙ্কৰক অংশ মানি।পঠাইলা বিপ্ৰক শুনিলাহা সবে প্ৰাণী॥ইকথা থাকুক শুনা আত অনন্তৰ।যি মতে মাধৱ শিষ্য ভৈলা শঙ্কৰৰ॥ ১৯০বলুকাত ভ্ৰাতৃ আছে তহিকে গৈলন্ত।কিছোমান বিত তৈৰ পৰা আনিলন্ত॥কত দিন আছা মহা হৰিষে মনত।আসিয়া শৰত কাল ভৈলা উপগত॥ ১৯১মনত বোলন্ত লাগে দেবী পূজিবাক।পঠাও ৰামদাসক ছাগল কিনিবাক॥শুনা বোলোঁ বহিনাই ধৰা মোৰ বাণী।দুই গোটা ছাগল কিনিয়া দিয়া আনি॥১৯২মঞি যাঞ হাটক তাম্বুল বেহাইবাক।নকৰা বিলম্ব লাগে দেবী পূজিবাক॥এহি বুলি ৰামদাস হাতে টঙ্কা দিলা।বেসাতি আনিতে প্ৰতি আপুনিয়ো গৈলা॥ ১৯৩ৰামদাসে টঙ্কা হাত পাতিয়া লৈলন্ত।ছাগল কিনিবে প্ৰতি চলিয়া গৈলন্ত॥
ছাগলক অম্বেষে ফুৰন্ত গ্ৰাম পশি।শঙ্কৰৰ আগে গৈয়া মিলিলা হৰিষি। ১৯৪শঙ্কৰক দেখিলা আসনে আছা বসি।গৌৰাঙ্গ শৰীৰ যেন পূৰ্ণিমাৰ শশী॥চত্ৰাকাৰ মাথা আতি কপোল সুসম।প্ৰকাশয় মুখপদ্ম পূৰ্ণচন্দ্ৰ সম॥১৯৫আজানু লম্বিত দুই বাহু মহা পুষ্ট।বহল হৃদয় দৰশনে মিলে তুষ্ট॥যেন সূৰবৰ প্ৰকাশয় আসনত।দৰশনে সমস্তে পাতেক হোৱে হত॥ ১৯৬দেখি ৰামদাস মহা বিস্ময় ভৈলন্ত।চৰণত পৰি নমস্কাৰ কৰিলন্ত॥উঠিয়া হৰিষে পাচে আসনে বসিল।কি কাৰ্য্যে আসিছা বুলি শঙ্কৰে পুছিল॥ ১৯৭আমাত বা তোমাৰ আছয় কোন কাম।কোন গ্ৰামে থাকিয় তোমাৰ কিবা নাম॥শুনি ৰামদাস আতি নম্ৰকায় ভৈলা।নমস্কাৰ কৰি কথা কহিবাক লৈলা॥ ১৯৮হোঙ্কৰা কুঞ্চিয়া বোলে নাম ৰামদাস।উত্তম কায়ষ্ঠ কুল লোকত প্ৰকাশ॥
আছন্ত মাধব তেহে হোন্ত মোৰ শাল।দেবী পূজিবাক লাগি লাগয় ছাগল॥১৯৯আসিল অষ্টমী দশভূজা পূজিবন্ত।টঙ্কা দিয়া ছাগল কিনিতে পাঞ্চিলন্ত॥আপুনি গৈলন্ত গুৱাপান আনিবাক।মঞি আসি আছোঁ যে ছাগল কিনিবাক॥২০০কতৰা জন্মৰ ভাগ্য আছয আমাৰ।সি হেতু চৰণ আসি দেখিলোঁ তোমাৰ॥এহি বুলি ৰামদাস মৌনে ৰহিলন্ত।হেন শুনি হাসিয়া শঙ্কৰে মাতিলন্ত॥২০১শুনা ৰামদাস কহোঁ তোমাৰ আগত।নতু শুনা তুমি মহাশাস্ত্ৰ ভাগৱত॥দেৱপূজা কৰি যিটো কাটে হাঁস ছাগ।অস্ত্ৰ ধৰি অন্তকালে লৱে সিটো লাগ॥২০২কাণ্টে ছিণ্ডে লৱে প্ৰাণ ঘাঁৰক মোচৰি।যাতনা ভুঞিবে লাগি জীয়ে মৰি মৰি॥যি কাৰ্য্যে কাণ্টিলে বলি ফলো নপাৱয়।কিঞ্চিতেক ছিদ্ৰে সৱে বিনাশ কৰয়॥২০৩চিৰকাল ভুঞ্জি মৰৈ ঘোৰ নৰকক।যিটো জনে চাহে আপুনাৰ কুশলক॥
কৃষ্ণক ভজিয়া সুখে তৰোক সংসাৰ।আত পৰে জীৱৰ কুশল নাহি আৰ॥২০৪অনন্তৰে ৰামদাসে প্ৰণাম কৰিলা।বিদাই কৰিয়া নিজগৃহে চলি গৈলা॥মনে ভয় ভৈলা কথা শুনি শঙ্কৰৰ।ছাগল নিকিনি চলি গৈলা নিজ ঘৰ। ২০৫গুৱাপান আনি ৰঙ্গে মাধৱ আসিলা।ৰামদাস বহিনাইত হৰিষে পুছিলা॥কত কড়ি লাগিল ছাগল কিনিবাক।কত বৰ উচ্চ ছাগ দেখায়ো আমাক॥ ২০৬দুই শৃঙ্গ ভাল হুইবে অখু দুই কৰ্ণ।কিবা দুই গোটা ক'লা কিবা শুক্ল বৰ্ণ॥আগক আনিয়ো দেখোঁ দুই গোটা ছাগক।শুনি ৰামদাসে মাতিলন্ত মাধৱক। ২০৭মোহোৰ বচন বৰগিৰি শুনিয়োক।কহো সত্য কথা তুমি নখঙ্গিবা মোক॥ছাগল কিনিতে গৈলোঁ কৰিয়া যতন।আছন্ত শঙ্কৰ তাঙ্ক ভৈলো দৰিশন॥২০৮বসিয়া আছন্ত মহা ৰূপ চমৎকাৰ।দেখি চৰণত কৰিলোঁহো নমস্কাৰ॥
বসিলোঁ আসনে মোত কথা পুছলিন্ত।কহিলোঁ সকলে মঞি তোমাৰ বৃত্তান্ত॥ ২০৯হাসিয়া শঙ্কৰে পাচে বুলিলা বচন।বৃথা দুঃখ পাৱে কৰি কৰ্ম্মক যতন॥বলি কাটি যিটো অন্য দেৱক পূজয়।অন্তকালে সেহি বলি তাহাকো কাটয়॥ ২১০যাতনা ভুঞ্জিয়া মৰে নাহিকে নিস্তাৰ।নপাৱে ফলকো দুঃখ মাত্ৰ হোৱে সাৰ॥বিস্তৰ কহিলা আৰো মোহোৰ আগত।ভয়ে নিকিনিলোঁ ছাগ কহিলোঁ তোমাত॥ ২১১শুনিয়া মাধৱ আতি ক্ৰোধত জলিলা।মৰ মৰ পাপী বুলি খঙ্গিয়া উঠিলা॥নামত হোঙ্কোৰা তোৰ বুদ্ধি নুহি ভাল।কড়ি দিলো তভো কিনি নানিলি ছাগল॥ ২১২মুৰ্খৰ আগত যেন কথা কহ তঞি।ধৰ্ম্ম বুঝাৱস কিছো নজানোহো মঞি॥ৰামদাসে বোলন্ত নকৰা খঙ্গ মোক।শঙ্কৰৰ পাশে যাঞো শীঘ্ৰে চলিয়োক॥ ২১৩আপুনাক পণ্ডিত মানাহা বৰ গোট।শঙ্কৰৰ আগত হৈবিহি লোতসোত॥
মাধৱে বোলন্ত বৰ মতে ডৰুয়াস।কালি প্ৰভাততে যাইবোঁ শঙ্কৰৰ পাশ॥ ২১৪ৰাত্ৰি গোট বঞ্চিলন্ত ৰজনী পুহাইলা।স্নান কৰি দুই হন্তে যাইবক সাজ ভৈলাকিছো পান তাম্বুলক মাধৱে লৈলন্ত।কতোক্ষণে শঙ্কৰৰ সমীপ পাইলন্ত॥ ২১৫মনত বোলন্ত নকৰিবো নমস্কাৰ।প্ৰথমে কৰিবো শাস্ত্ৰ-তত্বক বিচাৰ॥হেন মনে গুণি যান্তে নিকট পাইলন্ত।বসি আছা শঙ্কৰ মাধৱে দেখিলন্ত॥ ২১৬শৰীৰৰ জ্যোতি দেখি সিঁহৰিলা গাৱ।মনত বোলন্ত কিনো তেজৰ প্ৰভাৱ॥সঙ্কুচিত ভৈলা কাই ৰূপ দৰশনে।প্ৰণাম কৰিলা পৰি শঙ্কৰ চৰণে॥ ২১৭ৰামদাসে প্ৰণামিল পৰি চৰণত।শঙ্কৰে বোলন্ত বসিয়োক আসনত॥হেন শুনি ৰঙ্গে দুয়ো বসিলা আসনে।শঙ্কৰে পুছিলা পাচে মধুৰ বচনে॥২১৮এহেন্তে মাধৱ জানো মহা সুবিনীত।দেখিলাতে মোহোৰ হৰিষ কৰে চিত॥
কিবা কাৰ্য্যে দুয়ো জনা আসিয়াছা এথা।শুনিবাক উৎসুক কহিয়ো মোত কথা॥ ২১৯শুনিয়া মাধৱে পান তাম্বুলক লৈলা।সম্ফুৰাত কৰি শঙ্কৰৰ আগে দিলা॥পুনু নমস্কাৰ কৰি বসিলা আসনে।কহিবে লাগিলা কথা কোমল বচনে॥ ২২০শৰত কালত পূজা সমস্তে কৰয়।পূৰ্ব্ব হন্তে ইটো বিধি নিয়ম আছয়॥বেদ আজ্ঞা লঙ্ঘিলতে মহাপাপ হয়।অৱশ্যেকে মৰি ঘোৰ নৰকে পৰয়॥ ২২১বেদৰ বিহিত কৰ্ম্ম লাগে কৰিবাক।নকৰিলে শাস্ত্ৰে দুৰাচাৰ বোলে তাক॥দুৰাচাৰ ভৈলে শৰীৰৰ নাহি সিদ্ধি।দিনে দিনে পাপত মলিন হোৱে বুদ্ধি॥ ২২২পিতৃমাতৃ তাৰ পিণ্ডজল নলৱয়।পশু যেন সিটো বৃথা জনম ধৰয়॥মৰিলিয়ো ঘোৰ নৰকত পৰে যাই।কৌটি কৌটি জন্মতে তাহাৰ গতি নাই॥ ২২৩এতেকে আমাৰা দেবী পূজা কৰোঁ জানি।ঈশ্বৰৰ আজ্ঞা ইটো আছে বেদ বাণী॥
শঙ্কৰে বোলন্ত পাচে মাধৱক চাই।শুনিয়োক কহোঁ মঞি শাস্ত্ৰ অভিপ্ৰাই॥ ২২৪ঋষিগণে কৰে ইটো বেদক ব্যাখ্যান।নিজ অৰ্থ ভকতিক তেজি বুঝে আন॥তপ জপ জজ্ঞ কৰি ব্ৰহ্মলোকে চড়ে।পুণ্য ক্ষীণ ভৈলে দুনাই নৰকত পৰে॥ ২২৫বেদ মতে কৰ্ম্ম যদি অছিদ্ৰে কৰয়।অৰ্পিণা নভৈলে কিছো ফল নধৰয়॥যদি ফল পাৱে তাৰো আছয় বিনাশ।মহন্ত সকলে আত নকৰে বিশ্বাস॥ ২২৬যজ্ঞ কৰি ধৰি আনি পশুক কাটয়।পশুৰ ৰুধিৰে মহী কৰ্দ্দম কৰয়॥যদি এহি জন কৰে স্বৰ্গক গমন।নৰকত তেবে পৰিবেক কোন জন॥ ২২৭বলি কাটি যিটো অন্য দেৱ পূজা কৰে।হাতে অস্ত্ৰ ধৰি অন্তকালে লাগ ধৰে॥ছুম্পি ধৰি কাটি তাকো কৰে খণ্ড খণ্ড।পূৰ্ব্ব শত্ৰু স্মৰি কৰে প্ৰাণান্তিক দণ্ড॥ ২২৮যি কাৰ্য্যে কাটিলে বলি তাতো নাই আশ।তম নৰকত চিৰকাল কৰে বাস॥
সংসাৰত আয়াযাত নুগুচে জীৱৰ।এতেকে প্ৰবৃত্তি পন্থ পৰম দুষ্কৰ॥ ২২৯শুনিয়া মাধৱে পাচে বুলিলা বচন।পুৰাণে আগমে কহে কৰ্ম্মেসে প্ৰধান॥কৰ্ম্ম এড়ি বিকৰ্ম্ম পাতেকে হোৱে হত।অৱশ্যেকে পৰিবেক ঘোৰ নৰকত॥ ২৩০শঙ্কৰে বোলন্ত শুনিয়োক স্বৰূপত।পুৰাণৰ সূৰ্য্য ইটো মহা ভাগৱত॥তাবত জনোকা পোকা প্ৰকাশ কৰয়।যাবত নুহিকা আসি চন্দ্ৰমা উদয়॥ ২৩১পূৰ্ব্ব দিসে সূৰ্য্য যেবে ভৈলেক উদয়।জনৌকা চন্দ্ৰৰ প্ৰকাশক বিনাশয়॥জনৌকা সদৃশ কুকাব্য নিৰন্তৰ।সকলে পুৰাণ যেন প্ৰকাশ চন্দ্ৰৰ॥ ২৩২কোটি সূৰ্য্য সম প্ৰকাশয় ভাগৱত।কাব্য পুৰাণৰ কিছো নাহিকে মহত॥ভাৰত পুৰাণ ব্যাস ঋষি কৰিলন্ত।যাৰ যেন জাতি ধৰ্ম্ম সবে বিলিহন্ত॥ ২৩৩চাৰিয়ো বেদৰ কৰিলন্ত সমস্যা ভেদ।তথাপিতো নুগুচে মনৰ তান খেদ॥
পশু-হিংসা ধৰ্ম্ম বিহিলন্ত জগতত।সি কাৰণে স্বস্থ নাহি ব্যাসৰ মনত॥২৩৪বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহা ভাগৱত।নাৰায়ণে কহিলন্ত ব্ৰহ্মাৰ আগত॥ব্ৰহ্মা নাৰদত কৈলা নাৰদে ব্যাসত।ব্যাসে কৰিলন্ত পাচে মহা ভাগৱত॥ ২৩৫শুকক পঢ়াইলা ব্যাসে ইটো শাস্ত্ৰসাৰ।শুকে পৰীক্ষিত আগে কৰিলা প্ৰচাৰ॥সাধু সঙ্গে কৃষ্ণ ভক্তি কেহো নজানয়।কাম্য কৰ্ম্ম কৰি ঘোৰ নৰকে পৰয়॥ ২৩৬পদবন্ধে নিবন্ধিলোঁ শাস্ত্ৰ ভাগৱত।শ্ৰবন কীৰ্ত্তন কৰি তৰোক জগত॥মাধৱে পুছিলা পাচে কৰজোড় কৰি।বৃথা দুঃখ পাৱে কাম্য কৰ্ম্মক আচৰি॥ ২৩৭কোন কৰ্ম্মে তৰিবেক ঘোৰ সংসাৰক।ইহাৰ উপায় আবে কহিয়ো সাম্প্ৰত॥শঙ্কৰে বোলন্ত মাধৱৰ মুখ চাই।ভকতিৰ সাধন সৎ সঙ্গ বিনে নাই॥ ২৩৮ভাগৱতি নিৰ্গুণাৰ পৃথক সাধন।সৎ সঙ্গ ভক্তিৰ কথা দিয়া শুনা মন॥
প্ৰথমতে মহন্তৰ সেৱা কৰিবেক।শুদ্ধ ভাৱ দেখি তান কৃপা মিলিবেক॥২৩৯কহিবন্ত ধৰ্ম্ম ধৰিবন্ত শুদ্ধ মতি।হৰি কথা শ্ৰবনত উপজিবে ৰতি॥কৃষ্ণত হৈবেক প্ৰেম দৃঢ় ভক্তি জাত।দেহ ব্যতিৰেক আত্মা জানিবে সাক্ষাত॥ ২৪০কৃষ্ণৰ পৰম কৃপা হৈবে তান প্ৰতি।সৰ্ব্বজ্ঞাতা আদি গুণ মিলিবে সম্প্ৰতি॥সংসাৰক তৰিবাক যাৰ আছে মন।প্ৰথমে কৰোক সাধু সেৱাক যতন॥ ২৪১গুৰু সেবাতেসে পাই ভকতি মুকুতি।অন্যথা নপাৱে ইটো কহিলোঁ যুগুতি॥অসংখ্যাত শঙ্কা শ্লোক মাধৱে তুলিলা।শঙ্কৰে শাস্ত্ৰক দেখাই সমস্তে খুণ্ডিল॥ ২৪২অন্যো অন্য শ্লোক নানা শাস্ত্ৰৰ তোলন্ত।তিনি প্ৰহৰক মানে বাদ কৰিলন্ত॥ৰামৰায় আদি কৰি আছা যত জন।দুই হান্তৰ সম্বাদ চাহিছা ৰঙ্গমন॥ ২৪৩শঙ্কৰৰ পৌটি বাক্য শুনি মাধৱৰ।গুচিল সংশয় যত আছিল মনৰ॥
কৃতাঞ্জলি কৰি আসনৰ উঠিলন্ত।গুৰু মানি শঙ্কৰত শৰণ লৈলন্ত॥ ২৪৪সাধূ সাধু মাধৱক প্ৰশংসা কৰিলা।দুই হাতে আশ্বাসিয়া শঙ্কৰে তুলিলা॥উঠিয়ো মাধৱ তুমি বসিয়ো আসনে।তোমাৰ কথাত বৰ তুষ্ট ভৈলোঁ। মনে॥ ২৪৫অনন্তৰে ৰামদাসো লৈলন্ত শৰণ।অন্যো অন্যে কৃষ্ণকথা কৰি সম্ভাষণ॥দিলন্ত তাম্বুল সবে ৰঙ্গে ভুঞ্জিলন্ত।নমস্কাৰ কৰি দুয়ো গৃহক গৈলন্ত॥২৪৬কথামাতে যান্ত পথে হৰিষিত মন।মাধৱে বুলিলা ৰামদাসক বচন॥পূৰ্ব্ব হন্তে শুনো শঙ্কৰৰ কথা যত।তথাপিতো কিঞ্চিতেকো নধৰোঁ মনত॥ ২৪৭তুমি বৰ আমাক কৰি উপকাৰ।একে কুটুম্ব আৰো সুহৃদ আমাৰ॥টঙ্কা দিলোঁ তভো তুমি নিকিনিলা ছাগ।মহাক্ৰোধে মোৰ মনে মিলিল বৈৰাগ্য॥ ২৪৮মহা ভাগ্য আসি মোৰ ভৈলা উপসন।শঙ্কৰ দেৱৰ মঞি দেখিলো চৰণ॥
কৰিলোঁহো সম্ভাষণ শাস্ত্ৰক বিচাৰি।গুৰু মানি শৰণ লৈলোঁহো দৃঢ় কৰি॥ ২৪৯এহি কথামাতে দুয়োজনে গৃহ পাইলা।আসিল অষ্টমী তিথি মাধৱে জানিলা॥দ্বিপ ধুপ কদলি তাম্বুল উপহাৰ।কৰিলা মাধৱে আনি নৈবেদ্য সম্ভাৰ॥ ২৫০আপুনি কোদাল ধৰি পন্থক চাঞ্চন্ত।অনন্তৰে ৰাম ৰাম গুৰু আসিলন্ত॥পন্থে মাধৱক পাই বুলিলা বচন।বেলি ভৈল এভো তুমি নকৰিয়া স্নান॥ ২৫১মাধৱে বোলন্ত গুৰু শুনা মোৰ বাক্য!নৈবেদ্য উছৰ্গি দিবা কৃষ্ণ দেৱতাক॥আনৰ সম্বন্ধে ফুলপাতো নেদিবাহা।মোহোৰ শপত যেবে বাক্য নকৰাহা॥ ২৫২ৰাম ৰাম গুৰু তান গৃহক গৈলন্ত।নৈবেদ্য উছৰ্গি সবে কৃষ্ণক দিলন্ত॥মাধৱে কৰিয়া স্নান গুৰুক নমিলা।দিলন্ত নৈবেদ্য গুৰু নিজ গৃহে গৈলা॥ ২৫৩অৰ্দ্ধেক নৈবেদ্য গৃহে মাধৱে থৈলন্ত।অৰ্দ্ধেক নৈবেদ্য লৈয়া তেখনে গৈলন্ত॥
বসিছা শঙ্কৰ তান থৈলন্ত আগত।নমস্কাৰ কৰিলন্ত পৰি চৰণত॥২৫৪শঙ্কৰে বুলিলা পাচে চাহি মাধৱক।আজি কেনে আনিলাহা দেৱ নৈবেদ্যক॥কালিসে নৈবেদ্য সবে বিভঞ্জিবে পাই।এহি বুলি মনৰ বুঝন্ত অভিপ্ৰাই॥২৫৫মাধৱে বোলন্ত দেবী প্ৰসাদ নোহয়।কৃষ্ণক উছৰ্গি দিলা গুৰু মহাশয়॥শুনিয়া শঙ্কৰে মাধৱক প্ৰশংসিলা।ৰামানন্দ নামে পুত্ৰ তাহাঙ্কে মাতিলা॥২৫৬শুনা বাপু থৈয়ো নিয়া এহি নৈবেদ্যক।অপুনি ভুঞ্জিবো মঞি কৃষ্ণ প্ৰসাদক॥শঙ্কৰে দিলন্ত পুষ্প তাম্বুল সাদৰি।গৃহক গৈলন্ত পুনু নমস্কাৰ কৰি॥২৫৭আনো ভক্ত সমস্তক শঙ্কৰে মাতিলা।ৰাম ৰাই আদি কৰি সবাকো বুলিলা॥মাধৱে নিশ্চয় মন বুদ্ধি কৰিলন্ত।কৃষ্ণত একান্ত ভাৱে শৰণ লৈলন্ত॥ ২৫৮তুমি সবো আন কৰ্ম্ম ধৰ্ম্ম পৰিহৰা।কৃষ্ণত শৰণ পশি ভকতিক ধৰা॥
শঙ্কৰৰ বচন ভকতে শুনিলন্ত।কৃষ্ণত একান্ত ভাৱে শৰণ লৈলন্ত॥ ২৫৯শুনা সভাসদ পদ হুয়া সাৱধান।গুৰুসেৱা বিনে জানা ধৰ্ম্ম নাহি আন॥চাৰি আশ্ৰমীৰ ধৰ্ম্মে তুষ্ট নুহিকন্ত।গুৰু শুশ্ৰূষাতে যেন তুষ্ট ভগৱন্ত॥ ২৬০অকপটে যিতো গুৰু সেৱাক কৰয়।গুৰুৰ সমান শক্তি শিষ্যতো হোৱয়॥মাধৱো ভজিলা শঙ্কৰক শুদ্ধ ভাৱে।শঙ্কৰ মাধৱ সম কীৰ্ত্তি লোকে গাৱে॥২৬১হে প্ৰাণবন্ধু কৃষ্ণ দৈবকী নন্দন।মঞি অধমত প্ৰভু হুয়োক প্ৰসন॥মোত পৰে অজ্ঞ আৰো নাহি সংসাৰত।নভৈলা ভকতি প্ৰভু তজু চৰণত॥২৬২ঘোৰ মায়াজালে বন্দী ভৈলোঁহো দুৰ্গতি।কাম ক্ৰোধ অন্ধতায়ে কামোড়ে দিনে ৰাতি॥নানাবিধ ব্যাধি শৰীৰত ভৈলা থান।কাল ব্যাধে মাৰে যেন খাপৰৰ হান৷।২৬৩লোভ মোহ দুই ডাঙ্গে কোবাৱে মুণ্ডত।পশু যেন বন্দী ভৈলোঁ কালৰ হাতত॥
শৰীৰত বিষ লাগি ভৈলেোঁ শ্ৰুতিহত।কোন বুদ্ধি এড়াইবোঁহো কালৰ হাতত॥ ২৬৪বিচাৰি মনত গুণি কৰিলোঁহো সাৰ।কৃঞ্চ বিনে কোনে মোক কৰিবে নিস্তাৰ॥কৃপাময় কৃষ্ণ বিনা কৃপা কৰিয়োক মোক।তজু ভকতৰ সঙ্গ সদা নুগুচোক॥ ২৬৫ভকতে সে হৈবা মোৰ পৰম বান্ধব।তেবেসে এড়াইবোঁ মোৰ কাল পৰাভব॥বচনে নেড়োক দিনে ৰাতি আতি নাম।তেবেসে নিস্তৰোঁ সবে বোলা ৰাম ৰাম॥ ২৬৬
আত অনন্তৰে শুনিয়োক সবেযেন কথা ভৈলা পাচে।ভকতি পন্থক কৰয় অসুয়াযতেক ব্ৰাহ্মণ আছে॥শীৰিধৰ ভট্টা চাৰ্য্য কবিৰাজমিশ্ৰ বামাণাচাৰ্য্য।ৰত্নাকৰ কন্দ লীক আদি কৰিবসিলা পাতি সমাজ॥ ২৬৭
অন্যো অন্যো বোলে শঙ্কৰ গোমস্তাভকতিক প্ৰকাশয়।এক শৰণিয়া ভৈলে লোকে জোনোআমাৰ মান্য খণ্ডয়॥দেবী পূজা কৰ্ম্ম কেহো নকৰিবেনপাইবো দক্ষিণা দান।কৃষ্ণৰ ভকতি পন্থক নসহেযতেক বিপ্ৰ প্ৰধান॥ ২৬৮দৰীয়া আচাৰ্য ব্ৰহ্মানন্দ ভট্টাচাৰ্য্য আদি ধীৰ যত।শঙ্কৰক সৱে কৰয় অসূয়াপৰম ক্ৰোধ মনত॥অন্যো অন্যে সবে কৰে আলোচনবসিয়া সমাজ পাতি।বোলে কান্দি হিয়া শূদ্ৰ গোট হুয়াপ্ৰকাশ কৰে ভকতি॥ ২৬৯দৰীয়া আচাৰ্য্যে সৱাকে সম্বুধিবুলিল হেন বচন।শূদ্ৰ হুয়া ভাগ ৱত পদ কৰৈএহিতো বৰ দূষণ॥
আমি যাক কহোঁ তাকে কৰি বেকশাস্ত্ৰৰ হেন যুগুতি।আপুনাকে বৰ পণ্ডিত মানিয়াপ্ৰকাশে হৰি ভকতি॥ ২৭০শীৰি ধৰ ভট্টা চাৰ্য্যে বোলে মঞিবখানি তৰ্ক মীমাংসা।শঙ্কৰৰ মত কৰিবোঁ দূষিতদেখিবা মোহোৰ কক্ষা॥আমি নাম লব্ধ পৰম পণ্ডিতসমস্তে শাস্ত্ৰে পাৰ্গত।কোনে নজানয় নিচিনয় কোনেসমস্তে ইটো লোকত॥ ২৭১ব্ৰহ্মানন্দ ভট্টা চাৰ্য্যে বুলিলন্তশুনিয়ো ধীৰ সমাজ।শঙ্কৰৰ মত কেহো নধৰিবোঁআপুনি পাইবেক লাজ॥আনো লোক সম স্তকে শিক্ষা দিবোঁনধৰিবে তান মত।লোকে সমে আমি একে মতি ভৈলেৰাখিবোঁ কক্ষা সমস্ত॥ ২৭২
কবিৰাজ মিশ্ৰে মাতিলন্ত পাচেশুনা সবে বিপ্ৰোত্তম।পৰম গহন পণ্ডিত শঙ্কৰকোনে হৈবা তান সম॥দুই ষড় গুণ বিপ্ৰত থাকয়নিত্য কৰ্ম্ম পাত নহে।তাতে কৰি জানা ভকতেসে শ্ৰেষ্ঠভাগৱত শাস্ত্ৰে কহে॥ ২৭৩ৰত্নাকৰ কণ্ড লিয়ে মাতিলন্তসবাৰে মুখক চাই।শঙ্কৰক যেবে বাদে নাপাৰাহাশুনিয়ে কহোঁ উপাই॥ভকতক দেখি কৰিবো বিতণ্ডাবুলি বহু নিন্দা বাক।আমি বহু বিপ্ৰ একলা শঙ্কৰকৰিবে কিবা আমাক॥ ২৭৪নিন্দা অসুয়া বিস্তৰ কৰন্তেআপুনি এড়িবে ধৰ্ম্ম।হেন শুনি সৱে বোলে ভাল বুদ্ধিকৰিবোঁহো এহি কৰ্ম্ম॥
তথাপিতো যদি নেড়য় ভকতিকৰিবোঁ আন উপাই।এহি বুলি সৱে গৈলা ঘৰাঘৰিকাৰো মন স্বস্থ নাই॥ ২৭৫ভক্তে মালা ধৰি নাম লৈয়া ফুৰেব্ৰাহ্মণে লাগ নেপাই।অৰে ভকতীয়া বুলিয়া নিন্দয়ক্ৰোধ কৰি মুখ চাই॥ই পন্থে আমাৰ নাসিবি ভক্তিয়াবুলিয়া বিস্তৰ গৰ্জ্জে।মালা কাঢ়ি নিয়া বিতণ্ডা কৰিয়াআড়ে কুকুৰৰ লাঞ্জে॥ ২৭৬পণ্ডিত ব্ৰাহ্মণে ভকতক পাইঅন্যাই কৰে বিস্তৰ।উলটি ভকত গৃহক আসয়ডৰত নেদি উত্তৰ॥শঙ্কৰৰ পাৱে নমস্কাৰ কৰিভকতে কহে কথাক।পথত যাইবাক নপাৰি ব্ৰাহ্মণেকদৰ্থি মাৰে আমাক॥ ২৭৭
কুকুৰৰ লাঞ্জে মালাক আড়য়হাতৰ লৈ যাই কাঢ়ি।উপালম্ভ কৰি বিস্তৰ হাসইপণ্ডিত ব্ৰাহ্মণে বেঢ়ি॥ভকতৰ দুখ দেখিয়া শঙ্কৰক্ৰোধে বুলিলন্ত বাক।তোমাসাক নিন্দা নকৰে ব্ৰাহ্মণেকৰয় নিন্দা আমাক॥ ২৭৮ভক্ত দুই জন যাহা এতিক্ষণবহা গৈয়া ব্ৰাহ্মণত।কালি বুড়াখাঁৰ দপ দ্বাৰে যাইবোচলোক মোৰ লগত॥ভকতিক যেবে ৰাখিবে নপাৰোঁকৰিয়া শাস্ত্ৰ বিচাৰ।বোলো ডৰ কৰি সভাৰ মধ্যততেজিবো মান আমাৰ॥ ২৭৯ভকতিক যেবে ৰাখিবে নপাৰেদেখোক মোহোৰ কাৰ্য্য।দেখিবেক লোকে সভাৰ মধ্যতপণ্ডিতে পাইবেক লাজ॥
দুয়োজনে গৈয়া বিপ্ৰৰ আগতকহিলন্ত এহি কথা।পণ্ডিত সকলে বসি আলোচন্তকৰিবো কোন বেৱস্থা॥ ২৭৯(ক)ৰত্নাকৰ কন্দ লিয়ে বুলিলন্তকেহো নকৰিবা ডৰ।আমি বহু বিপ্ৰ সবেয়ো বঙ্কিবোএকলা মাত্ৰ শঙ্কৰ॥ ২৮০অন্যো অন্যে বাদ কাক তুলিবোঁনপৰিবে একো সীমা।শঙ্কৰো উঠিয়া গৃহক যাইবেকদেখিবা কালিমহিমা॥ভট্টাচাৰ্য্য় আদি পণ্ডিত সকলখাঁৰৰ পাশে গৈলন্ত।আশীৰ্ব্বাদ কৰি সভাৰ মধ্যতএক পাশে বসিলন্ত॥ ২৮১মাধৱক মাতি শঙ্কৰে কহিলাশুনিয়োক যেন কাজ।পণ্ডিতৰ লগে বাদ কৰিবাকযাইবোঁহো ৰাজ সমাজ॥
সমজ্যাক যাইবোঁ ভকতি ৰাখিবোঁদেখোক মোৰ মহত।হাতে মালা ধৰি সাজ হুয়ো সবেআছাহা যত ভকত॥ ২৮২শঙ্কৰো গৈলন্ত সমজ্যাক লাগিমাধৱো গৈল৷ লগত।ৰাম ৰাম গুৰু ৰাম ৰাই আদিগৈলন্ত সবে ভকত॥কেতেখাঁৰ বাপ নামত বুড়াখাঁশঙ্কৰক দেখিলন্ত।সাদৰে কম্বল দিয়াইলা বসিবেতাতে গৈয়া বসিলন্ত॥ ২৮৩বিপ্ৰ সকলৰ দুশ্চেষ্টা শুনিয়াআছয় লোক সমস্ত।শঙ্কৰৰ লগে কিবা বাদ কৰেশুনিবে ৰঙ্গ মনত॥সভাত বসিয়া আছন্ত শঙ্কৰগুণন্ত মনত কাজ।কক্ষা ভঙ্গ ভৈলে সভাৰ মধ্যতপণ্ডিতে পাইবেক লাজ॥ ২৮৪
ব্ৰাহ্মণ সবাক দ্বেষ্য কৰিবাকআমাৰ নুহি উচিত।কৃষ্ণৰ ভকতি পন্থক বিপ্ৰৰমুখতে কৰোঁ বিদিত॥ৰত্নাকৰ কন্দ লিক চাহি পাচেশঙ্কৰে পুছিলা কথা।এক কাৰ্য্য় গুৰু পুছোঁহে তোমাতকহিয়ো আৰ বেৱস্থা॥ ২৮৫শঙ্কৰে পুছিলে কলিন্দৰ মনেহৰিষ মিলিলা আতি।কোনবা পোছন্ত পুছিয়োক তেবেকহিবোঁ তাৰ যুগুতি॥শঙ্কৰে বোলন্ত ধেনু এক প্ৰায়শ্চিত্ত আছে পুৰুষত।প্ৰায়শ্চিত্ত নক ৰিলে কৰিবাকপাৱয় কৰ্ম্ম সমস্ত॥ ২৮৬কিবা কৰিবাক নপাৱে কহিবাতোৰা সবে শ্ৰুতিকৰ।শুনিয়া কন্দলি মনত হৰিষেকৌতুকে দিলা উত্তৰ॥
অহোৰাত্ৰ উপ বাস দিয়া সিটোপ্ৰায়শ্চিত্ত কৰিবেক।পাচে পিতৃকৰ্ম্ম কৰিবে মনুৰবচন আছে প্ৰত্যেক॥ ২৮৭পুনৰপি পাচে পুছিলা শঙ্কৰেকন্দলিত ৰঙ্গমনে।প্ৰায়শ্চিত্তো আছে স্নান নৈয়ো কৰেকোন এক মুঢ়জনে॥কৃষ্ণ নামক কীৰ্ত্তন কৰিতেপাৰে কিবা নপাৰয়।অকপট কৰি কহিবাহা গুৰুশাস্ত্ৰত যেন আছয়॥ ২৮৮শুনি ৰত্নাকৰ কন্দলিৰ মনেপৰম হৰিষ ভৈলা।কৃষ্ণৰ নামৰ কীৰ্ত্তন মহিমাকহিবে ৰঙ্গে লাগিলা॥শুনিয়ো শঙ্কৰ কৃষ্ণৰ নামৰমহিমাৰ নাহি অন্ত।জাতি অন্তজাতি পৰম পাতেকিনামে একো নবাচন্ত॥ ২৮৯
পৰম পতিতো নামৰ কীৰ্ত্তনেকৰৈ যদি অনিচ্ছাত।যতেক পাতেক আছয় তাহাৰদহয় নামে সাক্ষাত॥ব্ৰাহ্মণক আদি চাণ্ডাল পৰ্য্য়ন্তেসমস্তৰে অধিকাৰ।কলিযুগে হৰি কীৰ্ত্তন বিনাইধৰ্ম্ম নাহি নাহি আৰ॥ ২৯০যত তীৰ্থ আছে সমস্তে কৰোকপঢ়য় আগম শাস্ত্ৰ।হৰিনাম বিনা মৃত্যু নতৰয়বেদে কহে পৰমাৰ্থ॥সত্যযুগে ধ্যান ত্ৰেতাযুগে যজ্ঞদ্বাপৰত পূজা কৰে।কলিত কীৰ্ত্তন কৰি অনায়াসেপাপীয়ো সংসাৰ তৰে॥ ২৯১এহি কথা কহি কন্দলি হৰিষেনমাতি যেবে আছন্ত।সভাৰ মধ্যত বিয়াশ কালইততকালে উঠিলন্ত।
উৰ্দ্ধবাহু কৰি বোলন্ত শুনিয়োসভাসদ লোক যত।ৰত্নাকৰ কন্দ লিয়ে কহিলন্তশাস্ত্ৰৰ পৰম তত্ব॥ ২৯২কলিযুগে হৰি নামত বিনাইধৰ্ম্ম নাহি নাহি আৰ।এহি তত্ব জানি সমজ্য়াৰ লোকেহৰি বোলা বাৰম্বাৰ॥সভাৰ মধ্যত ফুৰি ফুৰি হৰিবোলন্তে লোকক চাই।মুহূৰ্ত্তেক মানে হৰি ধ্বনি কৰেস্বৰ্গলোক পাইলে যাই॥ ২৯৩শঙ্কৰৰ মত ৰহিল সমস্তলোকো জানিলেক সাৰ।হৰি নাম বিনে ধৰ্ম্ম নাহি জানিহৰি বোলা বাৰম্বাৰ॥অমৃত সমান কৃষ্ণৰ নামকগাৱন্তে শুনন্তে সুখ।সজ্জনৰ মনে পৰম সন্তুষ্টদুৰ্জ্জনৰ মনে দুখ॥২৯৪
শুনিয়োক সৰ্ব্বজন কৃষ্ণপাৱে দিয়া মনশঙ্কৰ চৰিত্ৰ মনোহৰ।শুনন্তে অমৃত সম সম্যকে পাপৰ যমকৰ্ণমন দুইৰো ৰুচিকৰ॥বিষ্ণুবৈষ্ণবৰ যিটো প্ৰসঙ্গক নুশুনয়সিটো মহা পাতেকি পৰম।নাহিক সংশয় আত জানিয়া নিশ্চয় তত্বহুইবেক তাহাৰ স্বামী যম॥২৯৫কলিমল সাগৰত তল গৈলা লোক যতশ্ৰীমন্ত শঙ্কৰে জানিলন্ত।কৃষ্ণে সমে নাম ধৰ্ম্ম লোকত প্ৰকাশ কৰিসমস্তে লোককে তাৰিলন্ত॥হৰিভক্তি দান কৰি সমস্তে লোককে ইটোতাৰিলা সংসাৰ ঘোৰ সিন্ধু।হেনয় শঙ্কৰ বিনে কলিৰ লোকৰ আৰনাই নাই নাই আন বন্ধু॥ ২৯৬হে প্ৰাণ বন্ধু কৃষ্ণ দৈবকীনন্দন দেৱমঞি মূঢ়মতি জ্ঞানশূন্য।ই জন্মতো ধৰ্ম্ম একো সাঞ্চিবাকো নপাৰিলোঁ।বঞ্চিলোঁহো জন্মান্তৰি পুণ্য॥
চক্ষু কৰ্ণ নাক মুখ জিহ্বা মন হস্ত আদিযত ইন্দ্ৰি আছে শৰীৰত।মিত্ৰ গুচি শত্ৰু ভৈল বাঁটোৱাৰি হুয়া মোৰধৰ্ম্ম বিত্ত হৰিলে সমস্ত॥২৯৭জ্ঞান ভকতিৰ মোৰ কিঞ্চিতেকো নাহি প্ৰভুপৰম দুৰ্ব্বোধ দুৰ্ব্বিনয়।পৰম দুখীত আমি তুমি কৃপাময় স্বামীএহি কৃপা কৰা কৃপাময়॥তজু ভকতৰ সঙ্গ জন্মে জন্মে নুগুচোকবচনে নেড়েক তজু নাম।তেবেসে সংসাৰ সুখে তৰিবো ঘুষিয়ো মুখেনিৰন্তৰ নৰে ৰাম ৰাম॥ ২৯৮
শুনিয়োক কথা আৰো আত অনন্তৰযি কাৰণে ইটো ৰাজ্যে আসিল শঙ্কৰ॥নাৰায়ণ নামে ভক্ত বিদিত জগতে।তেহো শঙ্কৰক লগ পাই যেন মতে॥ ২৯৯সি সব কথাক আবে শুনিয়ো সম্প্ৰতি।সভামধ্যে বেক্ত কৰি হৰিৰ ভকতি॥
পৰম হৰিষে ঘৰে আসিলা শঙ্কৰ।গীতত ৰসিক এক ব্ৰাহ্মণ ভাস্কৰ॥ ৩০০শঙ্কৰৰ কৃত্য গীত গাইলন্ত সভাত।পৰম বৈৰাগ্য ভৈল বিপ্ৰৰ মনত॥সবে তেজি কৃষ্ণপাৱে লৈলন্ত শৰণ।পৰম হৰিষ ভৈল শঙ্কৰৰ মন॥ ৩০১শঙ্কৰত পাচে বিপ্ৰে বিদাই কৰিলা।জগন্নাথ দৰশনে ক্ষেত্ৰে চলি গৈলা॥সণ্টৰা বিলাইতে নদী তীৰে ৰহিলন্ত।নাৰায়ণ সমে দুয়ো একত্ৰ ভৈলন্ত॥ ৩০২নাৰায়ণ দাসে কিনাবিকা কৰিলন্ত।নাৱ বান্ধি সেহি ঘাটে বহিয়া আছন্ত॥প্ৰভাতে উঠিয়া ঘাটে স্নানিতে গৈলন্ত।কাখৰত বসিয়া ভাস্কৰে চাহিছন্ত॥ ৩০৩পাট ফোতা পিন্ধি তৈল ঘঁসিয়া গাৱত।ৰূপাৰ বলয়া পিন্ধি আছন্ত হাতত॥বাখৰুৱা আঙ্গঠিক দেখন্তে হৰিষ।গৌৰাঙ্গ শৰীৰ ৰাজকুমাৰ সদৃশ॥ ৩০৪ভুনিৰ নিশ্চয় ফোতা পিন্ধিয়া আছন্ত।জলত নামিয়া যাই স্নান কৰিলন্ত॥
সূৰ্য্যক চাহিয়া মৌনে মন্ত্ৰক জপিলা।দক্ষিণক মুখে জলাঞ্জলিক কৰিলা॥ ৩০৫ভাস্কৰে জলত নামি স্নান কৰিলন্ত।কৃষ্ণ বুলি বুৰ দিয়া শীঘ্ৰে উঠিলন্ত॥স্নান কৰি ভাস্কৰে চাহিছা মন তুষ্টি।নাৰায়ণো আসিলা জপৰ পৰা উঠি॥ ৩০৬ব্ৰাহ্মণৰ ঠান দেখি নাহি নৱগুণ।শূদ্ৰ হেন মনে জানি বুলিলা বচন॥কিবা নাম তুমি কোন গ্ৰামত থাকিয়।কিবা জাপ্য জপিলাহা কহিয়ো নিশ্চয়॥ ৩০৭নাৰায়ণে কহিলন্ত বিপ্ৰৰ আগত।ভৱানন্দ নাম থাকোঁ বড় নগৰত॥কিনাবিকা কৰি ফুৰোঁ যেন সদাগৰ।শুনিয়া মাতিলা পাচে ব্ৰাহ্মণ ভাস্কৰ॥ ৩০৮কলিত নাহিকে বেদধৰ্ম্মৰ আচাৰ।শূদ্ৰৰ আছয় কোন মন্ত্ৰে অধিকাৰ॥কৰিলেক কলি সৰ্ব্ব ধৰ্ম্মকে দূষিত।ভৈল একাকাৰ সবে পাপতেসে চিত॥ ৩০৯আছন্ত শঙ্কৰ কৃষ্ণ অংশ অৱতাৰ।পদবন্ধে ভাগৱত কৰিলা প্ৰচাৰ॥
কৃষ্ণৰ ভকতি পন্থ কৰিলা বেকত।নামৰ কীৰ্ত্তন কৰি তৰয় জগত॥ ৩১০শুনি নাৰায়ণে পাচে বিপ্ৰত পুছিলা।কিবা প্ৰয়োজনে তুমি ইঠাইক আসিলা॥শঙ্কৰ আছন্ত কৈত মোত কহিয়োক।ভাস্কৰে বোলন্ত ভবানন্দ শুনিয়োক॥ ৩১১শঙ্কৰত বিদাই কৰিয়া আসিলঞো।থাকিয়োক তুমি আমি ক্ষেত্ৰে চলি যাঞো॥জগন্নাথ দেখিবাক বৰ বাঞ্চা মনে।হেন শুনি পাচে মাতিলন্ত নাৰায়ণে॥ ৩১২এতিক্ষণে মঞি চলি যাঞো তজু সঙ্গে।জগন্নাথ দৰশন হৈবোঁ মহাৰঙ্গে॥ভাস্কৰে বোলন্ত ভৱানন্দ শুনিয়োক।মাতা জগন্নাথ শঙ্কৰক দোখিয়োক॥ ৩১৩শুনি নাৰায়ণে পাচে বুলিলা বচন।মাতা জগন্নাথ এড়ি আইলা কি কাৰণ॥ভাস্কৰে বোলন্ত ভৱানন্দ শুনিয়োক।তাহান মায়ায়ে জানা মুহিলেক মোক॥ ৩১৪শঙ্কৰক এড়িয়া আসিলোঁ সি কাৰণে।শীঘ্ৰ চলি যায়ো তুমি মোহোৰ বচনে॥
বড় নগৰৰ হন্তে পৰিকৰ আনি।নামাগ্ৰামে থইয়া যায়োক মহামানি॥ ৩১৫নাৱে চলি সি ৰাজ্যৰ ধুঞঠাক পাইবা।শঙ্কৰক দেখি বাক্য সম্প্ৰত্যয় যাইবা॥এহি বুলি ভাস্কৰ পশ্চিমে লড়ি গৈলা।নাৰায়ণো নাৱে চড়ি নগৰে আসিলা॥ ৩১৬শঙ্কৰৰ কথা শুনি মনত হৰিষ।দেখিবাক মনে খেদ কৰে অহৰ্নিশ॥পঞ্চৰুখি ভাঠি আছে গ্ৰাম হালধীয়া।পৰিকৰ আনি থৈলা তথাতে নমায়া॥ ৩১৭যত দ্ৰব্য আছে আনি নাৱে ভৰা দিলা।চই ঘৰা দিয়া তান তলত বসিলা॥মহাকালিৰাম ভৈলা গোড়ৰ কণ্ডাবি।আগে পাচে বৈঠা বাই ধাই জল চাড়ি॥ ৩১৮বাৰাদিৰ সমীপক পাইলন্ত উজাই।তিনিখান নাৱ আসে নদী ভাঠিয়াই॥শঙ্কৰ দেৱৰ গীত পৰম হৰিষে।ভণিতায়ে সমে গাইল নাৱৰ মানুষে॥ ৩১৯শঙ্কৰ দেৱৰ ভণিতাক শুনিলন্ত।নাৱ ৰাখি নাৰায়ণে বাৰ্ত্তা পুছিলন্ত॥
যাহাৰ ভণিতা তুমি গাইলাহা গীতত।কৈত বা আছন্ত কথা কৈয়ো স্বৰূপত॥ ৩২০কি কাৰ্য্যে সুধিলা বুলি তাৰা পুছিলন্ত।দেখিবাকে যাঞো নাৰাযণে বুলিলন্ত॥নাৱৰ গোড়ত থিয়া দিয়া দেখাইলন্ত।দেখিয়োক বৃক্ষ তথা শঙ্কৰ আছন্ত॥ ৩২১চূণ পোড়া নামে বৃক্ষ প্ৰসিদ্ধ লোকত।আছন্ত শঙ্কৰ ৰহি তাহাৰ গোড়ত॥হেন বাৰ্ত্তা মোৰ নাৰায়ণে শুনিলন্ত।আকাশৰ চন্দ্ৰ যেন হাততে পাইলন্ত॥ ৩২২তাসম্বাৰ লাগ ধৰি পাচতে আসিলা।যানে সুমাই বৰপেটা বিলত ওহ্ণাইলা॥বৃক্ষৰ ঘাটত নিযা নাৱ চম্পাইলন্ত।নাৰায়ণে তেখনে নাৱৰ উঠিলন্ত॥ ৩২৩এক পুৰা মুগকলাই লৈলন্ত কান্ধত।শঙ্কৰ দেৱক উঠি দেখিলা সাম্প্ৰত॥খৰমত ভৰি দিয়া থিয় দি আছন্ত।পশ্চিমক মুখ দিয়া বন কটাৱন্ত॥ ৩২৪হাতত সস্ফুৰা লৈয়া তাম্বুল ভুঞ্জন্ত।লগৰ মনুষ্যে যাই বাৰ্ত্তা কহিলন্ত॥
উত্তম মনুষ্য গুটি আসিছা দেখিতে।শুনিয়া শঙ্কৰে ফিৰি দেখিলা লগতে॥ ৩২৫শঙ্কৰ দেৱৰ মুখ দেখি ভৱানন্দ।সিহঁৰিল সৰ্ব্ব গাৱ লভিলা আনন্দ॥কান্ধৰ নমাই মুগ মাটিত থৈলন্ত।চৰণত পৰি নমস্কাৰ কৰিলন্ত॥ ৩২৬নাৰায়ণ স্মৰি বাক্য বুলিলা শঙ্কৰ।ইয়ো ৰাজ্যে কঠিয়া আছয় ভকতৰ॥অত্যন্ত সুন্দৰ দেহা শঙ্কৰে দেখিলা।বয়সতো অল্প দেখি সাদৰি পুছিলা॥ ৩২৭কিবা নাম কহিয়োক শুনিবে আনন্দ।কহিলন্ত পিতৃদত্ব নাম ভৱানন্দ॥শঙ্কৰে হৰিষে পাচে বুলিলা বচন।মঞো তোমাঠেৰ নাম থৈলোঁ নাৰায়ণ॥ ৩২৮অকস্মাত নাৰায়ণ শব্দ আসি ভৈলা।এতেকে তোমাৰ নাম নাৰায়ণ থৈলা॥পুনু নাৰায়ণে নমস্কাৰ কৰিলন্ত।অনন্তৰে শঙ্কৰে আসনে বসিলন্ত॥ ৩২৯নাৰায়ণে বসিলন্ত পুছিলা শঙ্কৰ।ইটো ৰাজ্যে উত্তম আছয় কোন নৰ॥
নাৰায়ণে কহিলন্ত চৰণত সেবি।আছে এক জন জানা পীতাম্বৰ কবি॥ ৩৩০শঙ্কৰে বোলন্ত কেন কবিতা কৰয়।গাৱা নাৰায়ণ শুনো গীতৰ অন্বয॥শুনি নাৰাযণে পাচে সুমৰি মনত।কবিকৃত গীত গান্ত শঙ্কৰ আগত॥ ৩৩১বিলাপ কৰিয়া কান্দে দেবী যে ৰূক্মিণী।কোন অঙ্গে খুন দেখিলা সাৰঙ্গপাণি॥আৰ গাইবে নেদিলা শঙ্কৰ মহামতি।জানিলোঁহো নাৰায়ণ সিটো অল্পমতি॥ ৩৩২গীততে জানিলোঁ কামবশ্য সিটোজন।আন কোন আছে কহিযোক নাৰায়ণ॥শুনি নাৰায়ণে পাচে বুলিলা বচন।আছয় চকিয়া মাঝি নামে একজন॥ ৩৩৩পানীশালা-অন্নদান লোকক কৰয়।শঙ্কৰে বোলন্ত ইটো গৃহস্থৰ নয়॥হেন শুনি পাচে নাৰায়ণে মাতিলন্ত।বড়নদী পৰা জানে কম পৰ্য্যন্ত॥ ৩৩৪জয়ন্তি গ্ৰামত আছে মাধৱ বিশেষ।তোমাঠেক পাইলে তেহোঁ লৈবা উপদেশ॥
তাত বিনে আৰ নেদেখোঁহো আৰ জন।শুনিয়া শঙ্কৰে পাচে বুলিলা বচন॥ ৩৩৫তুমি যাক ভাল বোলা হৈবে সিটো ভাল।হঞো দেখাদেখি তাক আনিয়ো সকাল॥নাৰায়ণে পুছিলন্ত শঙ্কৰ দেৱত।তোমাঠেৰ ৰাজ্যে আছে কতেক ভকত॥ ৩৩৬কাৰ কিবা নাম আনি আছা তজু সঙ্গে।কহিয়োক শুনো বাপ আতি মনৰঙ্গে॥শঙ্কৰে বোলন্ত শুনা কৰিয়া উৎসব।ৰাম ৰাম গুৰু আৰো আছন্ত মাধৱ॥ ৩৩৭বুঢ়া দৈবজ্ঞ আৰো হৰিদাস বনিয়া।জানিবা নিশ্চয় তাৰা সবে শুদ্ধ হিয়া॥বহুত দূৰৰো পৰা খেদিয়া আসয়।সভাত বসিয়া হৰিকথাক শুনয়॥ ৩৩৮এক দুই সেৰ ৰূপ বয়কো কৰয়।নপাৰে কৰিতে তভো মনক নিশ্চয়॥বিশ্বাস কৰিতে নপাৰয় একোজন।হেন শুনি পাচে মাতিলন্ত নাৰায়ণ॥ ৩৩৯প্ৰথমে যাহাৰ লেখা দিলা তুমি মোক।মঞি এক জন বাপ লেখিয়া লৈয়োক॥
এহি হৌক বুলি পাচে মাতিলা শঙ্কৰ।জনো নাৰায়ণ তুমি মহা প্ৰিয়তৰ॥ ৩৪০তাৰা সবে যেন মোৰ তুমিয়ো তেহ্ণয়।শুনি নাৰায়ণে কৰে আনন্দ হৃদয়॥পৰম হৰিষ ভৈলা ৰোমাঞ্চিত গাৱ।প্ৰণাম কৰিলা পৰি শঙ্কৰৰ পাৱ॥ ৩৪১উঠি কৰজোৰে নাৰায়ণ নিগদতি।তোমাঠেৰ পূৰ্ব্ব কথা কহিয়ো সম্প্ৰতি॥বংশাৱলী কথা বাপ কহিয়ো নিশেষ।আতি পূৰ্ব্বে তোমাঠেৰ কোন ৰাজ্যে দেশ॥ ৩৪২শুনিবে উৎসুক বাপ কৈয়ো নিৰন্তৰ।শুনিয়া হৰিষে পাচে বুলিলা শঙ্কৰ॥পিতামহ বৰ্গে কথা কহিছা সমস্ত।আতি পূৰ্ব্বে আছিলন্ত কনৌজ পুৰত॥ ৩৪৩আছন্ত কমতেশ্বৰ কমতা নগৰে।গোড়েশ্বৰ সমে মিত্ৰৱতি দুহান্তৰ॥দশ ঘৰ ব্ৰাহ্মণ কায়স্থ দশ ঘৰ।গোড়েশ্বৰ পাশে খুজিলন্ত কামেশ্বৰ॥ ৩৪৪শুনি গোড়েশ্বৰ আতি আনন্দ লভিলা।কায়স্থে ব্ৰাহ্মণে চৈধ্য ঘৰ আনি দিলা॥
নামে লণ্ডাদেৱ শ্ৰেষ্ঠ ভূঞাতে প্ৰধান।গোড়েশ্বৰে মাতি তাক দিলা সমিধান॥ ৩৪৫মিত্ৰৰ কাৰণে দেঞো তোৰাক পঠাই।বৎসৰ অন্তৰে আসি যাইবা মোৰ ঠাই॥লণ্ডাদেৱৰ তেহে হোন্ত পুৰোহিত।লগতে আসিছা নাম কৃষ্ণ যে পণ্ডিত॥ ৩৪৬কমতেশ্বৰৰ দেখি হৰিষ মিলিলা।ভাল গ্ৰামে বসিয়োক বুলি পঠাই দিলা॥বৰ সৰু কতো যে গ্ৰামক এড়াইলা।লেঙ্গা মাগুৰা গ্ৰামত তথাতে বসিলা॥ ৩৪৭যাৰ যৈতে মন তৈতে বসিলেক যাই।পুৰোহিত যজমান ৰৈলা একেঠাই॥চণ্ডিবৰ নাম তেন্তে লণ্ডাদেৱ সুত।লগতে আসিছা বৰ পণ্ডিত অদ্ভুত॥ ৩৪৮ভৈলন্ত প্ৰসিদ্ধ ভূঞা বহু লোকপাল।লগতে উঠয় যাৰ আশি খান ঢাল॥ধনুদ্ধৰ পাইক সবে খাটে বহুতৰ।গোড়েশ্বৰ পাশক নযাই চণ্ডিবৰ॥ ৩৪৯নযাইবাৰ দেখি গোড়েশ্বৰে ক্ৰোধ কৰি।মিত্ৰ কৰিবাক ছলে নিলে তাঙ্ক ধৰি॥
বন্দী কৰি কাৰাগৃহে যত্নে ৰাখি থৈল।শুনা নাৰায়ণ পাচে যেন কথা ভৈল॥ ৩৫০নদিয়াৰ হন্তে এক আসিল পণ্ডিত।বলধে পুস্তক বহে যাহাৰ সন্নিত॥আৰো দিনা পণ্ডিত সভাত বসিলন্ত।গোড়েশ্বৰ আগত বচন বুলিলন্ত॥ ৩৫১গোড়েশ্বৰ নৃপতিক বুলিলা সাদৰি।বাদ কৰোঁ পণ্ডিতক দিযো বাজ কৰি॥গোড়েশ্বৰে যত যত পণ্ডিত দিলন্ত।নদিযাৰ পণ্ডিত সবাকে জিনিলন্ত॥ ৩৫২বাদ কৰি বাস ঘৰে আসন্ত পণ্ডিত।চণ্ডিবৰে বন্দিতে বুলিলা শঙ্কৰত॥বন্দীশালে তোমাৰ আছয এক জন।তাৰ লগে বাদ কৰিবাক মোৰ মন॥ ৩৫৩ৰখিয়াৰ মুখত শুলিলোঁ নৰেশ্বৰ।বন্দীশালে পণ্ডিত আছয় চণ্ডিবৰ॥শুনি গোড়েশ্বৰে ততকালে নিয়াইলন্ত।নাপিতক মাতি দাড়ি নখ কটাইলন্ত॥ ৩৫৪স্নান কৰাই পাটবস্ত্ৰ দিলা পিন্ধিবাক।বসিলা সভাত আসি বাদ কৰিবাক॥
দুইকো দুয়ো সম্ভাষিয়া গ্ৰাম পুছিলা।নামত পতনিপুৰ পণ্ডিতে কহিলা॥ ৩৫৫হেন শুনি উত্তৰ দিলন্ত চণ্ডিবৰ।গোগৰিয়া নামে জানা আমাৰ নগৰ॥হাসিয়া পণ্ডিতে পাচে বুলিলন্ত বাণী।উত্তম কহিলা তুমি গ্ৰামৰ কাহিনী॥ ৩৫৬একে গৰু নাম আৰো গৰিয়া অধম।আমাৰ পতনিপুৰ নগৰী উত্তম॥চণ্ডিবৰে বোলন্ত অন্নৰ যে পতনি।গৰুৰ গোবৰে শুদ্ধ কৰে সবে প্ৰাণী॥ ৩৫৭এহি শুনি সবে লোকে লাগিল হাঁসিত।সামান্য জোৰাতে তুচ্চ ভৈলন্ত পণ্ডিত॥দুৰ্লভ নাৰায়ণ মহা হৰিষ লভিলা।চণ্ডিবৰক দেবিদাস নাম দিইলা॥ ৩৫৮বহু মান্য কৰি দিলা বস্ত্ৰ অলঙ্কাৰ।দিলন্ত বিদাই প্ৰশংসিয়া বাৰে বাৰ॥ধ্যানত আসিয়া দেবী হোৱন্ত সাক্ষাত।দেবিদাস নাম ভৈলা জগত প্ৰখ্যাত॥ ৩৫৯ব্ৰহ্মপুত্ৰে উজাই নিজ গ্ৰামক পাইলস্ত।বন্ধুগণে দেখি মহা হৰিষ ভৈলন্ত॥
তেম্বৱনি বন্ধে বৰদোৱা গ্ৰামে যাই।ৰহিলন্ত তথা আনন্দৰ সীমা নাই॥ ৩৬০তাহান তনয় পাচে ভৈলা ৰাজধৰ।যাৰ যশে খ্যাতি ভৈলা কায়স্থ বংশৰ॥ৰাজধৰ তনয় ভৈলন্ত চাৰিজন।সূৰ্য্যবৰ হলায় জয়ন্ত শোভন॥ ৩৬১মাধৱে সহিতে চাৰি ভাই সহোদৰ।চাৰিৰ মধ্যত জ্যেষ্ঠ নাম সূৰ্য্যবৰ॥ৰতিকান্ত দলৈ ভৈলা পুত্ৰ মাধৱৰ।শুনা নাৰায়ণ বংশাৱলী জয়ন্তৰ॥ ৩৬২জয়ন্তৰ পুত্ৰ সতানন্দ শুভানয়।ভৈলন্ত জগতানন্দ তাহান তনয়॥আসামৰ ৰাজা ৰাম ৰায় নাম দিলা।আমাৰে লগতে ইটো ৰাজ্যক আসিলা॥ ৩৬৩সূৰ্য্যবৰৰ পুত্ৰ পাচে কুসুম ভৈলন্ত।ধনে ধান্যে সবাতে অধিক মান্যৱন্ত॥শিৰোমণি ভূঞা ভৈলা ভূঞাৰ উপৰি।আমাৰ হোৱন্ত পিতা জানা নিষ্ট কৰি॥ ৩৮৪পুছিলন্ত নাৰায়ণে কৰি প্ৰণিপাত।কৃষ্ণ পণ্ডিতৰ বংশ কহিয়ো আমাত॥
নাৰায়ণ আগে কথা কহন্ত শঙ্কৰ।কৃষ্ণ পণ্ডিতৰ পুত্ৰ ভৈলা জাগেশ্বৰ॥ ৩৬৫জাগেশ্বৰ পুত্ৰ ভৈলা নৰোত্তম নাম।তাহান তনয় মৃত্যুঞ্জয় অনুপাম॥চতুৰ্ভুজ নাম ভৈলা তাহান তনয়।তান পুত্ৰ ৰাম ৰাম গুৰু মহাশয়॥ ৩৬৬আমাৰ লগতে আসি আছা মহাশয়।কৃষ্ণৰ চৰণে একান্তে ভকতি কৰয়॥নাহিকে ভকত আৰ ৰাম ৰাম সৰি।ৰাম কীৰ্ত্তনত ৰতি মহা প্ৰেমধাৰী॥ ৩৬৭যি কথা পুছিলা সবে কহিলোঁ তোমাত।শুনি নাৰায়ণে কৰিলন্ত প্ৰণিপাত॥নমস্কাৰ কৰি পুনু কথাক পুছিলা।কি কাৰণে বাপ ইটো ৰাজ্যক আসিলা॥ ৩৬৮আমাক কৃপায়ে জানো আসিলা আপুনি।শঙ্কৰে সিদ্ধান্ত পাচে দিলা মনে গুণি॥বাৰ্হভূঞা আছে লণ্ডাদেৱ মুখ্য কৰি।অনুক্ৰমে ভুঞ্জে কামৰূপ বসুন্ধৰী॥ ৩৬৯গোড়েশ্বৰ পাশে খাটে ভূঞা নিৰন্তৰ।বিশ্বসিংহ নামে পাচে ভৈলা নৰেশ্বৰ॥
মহেশ্বৰ বংশে ৰাজা ভৈলা চিকিনাত।আপুনি বৰিল আসি প্ৰজা অসংখ্যাত॥ ৩৭০বাউসীয়া ৰায়কে গন্ধৰ্ব্ব ৰাই বোলে।বিশ্বসিংহে তাকে বশ্য কৰিলেক বলে॥ঢকুৰাৰ ৱাৰু চাউৰ খাণ্ডা চমৎকাৰ।আপুনি বৰয় যুদ্ধ কৰি পৰিহাৰ॥ ৩৭১শীৰিৰামখাঁকো ছলযুদ্ধে জিনিলেক।আনো ভূঞা সমস্তকো বশ্য কৰিলেক॥প্ৰতাপ ৰাই গাভুৰ্খা মহাভয় ভৈলা।দক্ষিণকূলে সজল গ্ৰামে পক্ষই ৰৈলা॥ ৩৭২যত লোক পাইলা লগে লৈলেক কোবাই।গোড়েশ্বৰ পাশে দুয়ো মিলিলেক যাই॥ৰাজা গোড়েশ্বৰে পাট ৰখিয়া দিলন্ত।বৈৰী মাৰিবাক প্ৰতি পশ্চিমে গৈলন্ত॥ ৩৭৩শূন্য পাট দেখি গোৰ মাৰিলেক যাই।ভয়ে কামৰূপে দুয়ো আসিল পলাই॥প্ৰতাপ ৰাই বোলে যাঞা আসামৰ ৰাজ।গাভুৰ্খা বোলন্ত খুড়া তৈতো নাহি কাজ॥ ৩৭৪বিশ্বসিংহ পুত্ৰ আছা নৰনাৰায়ণ।তাহান্তে ভেটিবোঁ কৈলোঁ স্বৰূপ বচন॥
ৰাজাৰ আগত যাই দুহান্তে মিলিলা।অনেক সুবৰ্ণ পাই ৰাজা তুষ্ট ভৈলা॥ ৩৭৫আগ গুড়ি উচ্ছ্ৰিত অনেক নাৱ পাইলা।প্ৰতাপ ৰাইৰ জীক ৰাজাক বিহা দিলা॥দৈবজ্ঞৰ হাতে ৰাজা চাহিলা গণাই।গাভুৰ্খাৰ হাতত অসম মাৰ যাই॥ ৩৭৬শীৰিৰামখাঁৰ বেটা যুদ্ধত কুশল।আসামৰ ৰাজ্য সিটো মাৰিল সকল॥কেৱলে ৰাজাৰ মাত্ৰ ৰহিল নগৰ।নদীকূলে ৰাত্ৰি তাক দিলে এক নৰ॥ ৩৭৭কোচমাল্লা আসিয়া মিলিল এহি ঠাই।আপুনাক ৰাখি সবে যায়ো ভাঠিয়াই॥হেন শুনি মহা ভয় মিলিলা মনত।ৰাম ৰাম গুৰু ৰাম ৰাই সমন্বিত॥ ৩৭৮সব পৰিয়াৰ নাৱে চড়িয়া আসিলোঁ।কতোদিন মানো ক্ষেত্ৰি বিলাইতে আছিলোঁ॥ইঠায়ক আসিছোঁ গ্ৰাম চাহি থাকিবাক।বৰ তুষ্ট ভৈলোঁ মঞি লভিয়া॥ ৩৭৯প্ৰপঞ্চি কহিলি কথা আছে অসংখ্যাত।সংক্ষেপ কৰিয়া মঞি কহিলোঁ তোমাত॥
নমস্কাৰ কৰি নাৰায়ণে পুছিলন্ত।ৰাম ৰাম গুৰু মহা ভকত ভৈলন্ত॥ ৩৮০সি ৰাজ্যত হুইবে আন নাহিকে ব্ৰাহ্মণ।কহিয়োক বাপু শুনিবাক ৰঙ্গমন॥শুনিয়া শঙ্কৰে কথা কহিবে লাগিলা।শুনা নাৰায়ণ পূৰ্ব্বে যেন কথা ভৈলা॥ ৩৮১শুন সৰ্ব্বজনে কথা থিৰ কৰি মন।শঙ্কৰ দেৱৰ শিষ্য তৈলা নাৰায়ণ॥যি সব কথাক নাৰায়ণে পুছিলন্ত।শঙ্কৰে হৰিষ মনে সবে কহিলন্ত॥ ৩৮২হে প্ৰাণ বন্ধু কৃষ্ণ প্ৰণামো তোমাক।তোমাৰ মায়ায়ে মুহি ভ্ৰমাৱে আমাক॥আনত কহিবে লাগি চতুৰ সুজান।আপুন কুশল হেতু নাহি কিছো জ্ঞান॥ ৩৮৩মিছা দেহ ধন জন পুত্ৰ দাৰা যত।স্নেহ পাশে বন্দী হুয়া ভৈলোঁ আশকত॥পৰম অজ্ঞানী মঞি পাতেকী প্ৰধান।মহা কাকণীক নাহি তোমাৰ সমান॥ ৩৮৪জন্মে জন্মে তজু ভকতৰ সঙ্গ হৌক।তজু গুণনাম মোৰ মুখে নচাড়োক॥
তেবেসে কৃপাল সিদ্ধি হোৱে মনকাম।কহে দ্বিজ ভূষণে ঘুষিয়ো ৰাম ৰাম॥ ৩৮৫
পুছিলন্ত নাৰায়ণে শঙ্কৰে হৰিষ মনেকহিল পূৰ্ব্বৰ যত কথা।পণ্ডিত সকলে যেনে বাদকক্ষা কৰিলন্তভকতিৰ যি ভৈলা বেৱস্থা॥সবে সমজ্যাক গৈলা ভকতি প্ৰকাশ ভৈলাকৃষ্ণক জানিলা সবে নৰ।ৰবাব বাদ্যত গীত গাৱন্ত সুস্বৰ কৰিএক মহা ব্ৰাহ্মণ ভাস্কৰ॥ ৩৮৬মোৰ কৃত্য গীত গাই বিপ্ৰৰ ভুলিল মনকৃষ্ণত শৰণ আসি লৈলা।আমাত বিদাই কৰি কৃষ্ণক হিয়াত ধৰিজগন্নাথ ক্ষেত্ৰে চলি গৈলা॥ভাঙ্কৰে এড়িয়া গৈলে বৰ দুখ পাইলোঁ মনেমাধৱে প্ৰবেশ দিলা মোক।হেন শুনি নাৰায়ণে প্ৰণামি বোলন্ত বাপমাধৱৰ কথা কহিয়োক॥ ৩৮৭
তোমাৰ লগত মঞি নেদেখোঁহো মাধৱককোন থানে ৰহিয়া আছন্ত।যি মতে তোমাৰ সঙ্গ পাইলা পূৰ্ব্বাপৰে তানকহিয়োক সকলে বৃত্তান্ত॥শ্ৰীমন্ত শঙ্কৰে পাচে সিদ্ধান্ত দিলন্ত মাতিনাৰায়ণ শুনিয়োক কথা।প্ৰতাপ ৰাই মাৰি নিল দক্ষিণ কূলৰ লোকনভৈলেক কোননো অৱস্থা॥ ৩৮৮মাধৱৰ মাতৃ তেহো জমাইৰ ঘৰতে ৰৈলাউজায়া গৈলন্ত পূৰ্ব্ব দিশ।পিতা পুত্ৰ দুয়োজনে বলুকাক লাগি নিলকাকো কেৱে নপাইল উদিশ॥মাধৱৰ শ্ৰেষ্ঠ ভাই দামোদৰ নাম তানবলুকা বিলাইত লিখিলন্ত।তাহান উকিল হুয়া মাধৱে লিখিলা তৈতকিছোমান বিত্ত কৰিলন্ত॥ ৩৮৯মনে খেদ কৰি পাচে মাতৃক দেখিবে প্ৰতিব্ৰহ্মপুত্ৰে আসিলা উজাই।লোকত সোধন্ত গৈয়া ৰামদাস ভকতৰঅনন্তৰে ঘৰ পাইলা যাই॥
মাতৃক দেখিয়া তথা পৰম হৰিষ ভৈলানমস্কাৰ কৰিলা সাদৰি।দুয়ো হাত মেলি ধৰি গলত সাবটি মাতৃকান্দিলন্ত মক মক কৰি॥৩৯০ৰামদাসো ওলাই আসি নমস্কাৰ কৰিলন্তমাধৱে ধৰিলা আশ্বাসিয়া।মাধৱৰ ভগিনীয়ে নমস্কাৰ কৰিলন্তআনন্দে নধৰে তান হিয়া।আসনত বলিন্ত সবে কথা কহিলন্তযেন মতে গৈলা বলুকাক।পিতৃ মাতৃ জ্ঞাতি যত কুশলে আছন্ত তৈতআসিলোঁ তোক দেখিবাক॥৩৯১সাদৰিলা বন্ধুগণে মাধৱে আনন্দ মনেকতোদিন আছা মহাসুখে।ভকতি ৰহস্য পথ আমাৰ চৰিত্ৰ যতশুনিলন্ত ৰামদাস মুখে॥শৰত কালত দেবী দুৰ্গা পূজা নকৰিয়ামোৰ পাশে চলিয়া গৈলন্ত।নানা শাস্ত্ৰ বখানিয়া পূজা কৰ্ম্ম ৰাখিবাকমোৰ লগে বাদ কৰিলন্ত॥৩৯২
তিনি প্ৰহৰেক মানে বাদকক্ষা কৰিলন্তনানা শাস্ত্ৰ শ্লোকচয় তুলি।শুনা নাৰায়ণ পাচে এক শ্লোক তুলিলোঁহোনপাইলন্ত উত্তৰ সমূলি॥নমস্কাৰ কৰি পাচে নাৰায়ণে পুছিলন্তবাপ ইয়ো কথা কহিয়োক।কোন শ্লোক তুলিলাহা কহিয়োক বাপ তুমিভৃত্য বুলি দায়া থাকে মোক॥ ৩৯৩শ্ৰীমন্ত শঙ্কৰে পাচে হাঁসিয়া বোলন্ত মাতিশুনা নাৰায়ণ মহাশয়।বৃক্ষ মূলে জল দিলে ডাল পত্ৰ পুষ্প ফলসমস্তৰে তৃপিতি হোৱয়॥প্ৰাণৰ ভোজনে যেন ইন্দ্ৰিয়ৰ তৃপ্তি হয়কৃষ্ণক পূজনে দেবগণ।সবাৰে তৃপিতি হয় অন্যথা পূজিলে তুষ্টএহ কৈলোঁ শাস্ত্ৰৰ বচন॥ ৩৯৪এহি কথা সত্য মানি কৃষ্ণত শৰণ লৈলানিৰ্ব্বিষয় হুয়া শুদ্ধমন।প্ৰাণ মাধৱ বুলিই বুকত বান্ধিয়া লৈলোঁপৰম সন্তোষ ভৈল মন॥
হৰি জমাই সমে দুইৰো এক প্ৰীতি আছিলেকতেহো অসমত কাটা যান্ত।কৃষ্ণদেৱে ৰাখিলন্ত মোৰ মহা প্ৰিয়তমমাধৱ এড়ায়া আসিলন্ত॥ ৩৯৫নমস্কাৰ কৰি পুনু নাৰায়ণে পুছিলন্তইয়ো কথা কহিয়ে সমস্ত।কি কাৰণে দুই হন্তক অসম ধৰিয়া নিলা।কাটিলেক কিবা অন্যায়ত॥শঙ্কৰে বোলন্ত শুনা হাথী ধৰাণ গৈলেকআমাৰ খাটনিয়া লোক যত।ভূঞা ধৰি নিবে প্ৰতি অসম পাঞ্চিলে বড়াশুনিলোঁহো লোকৰ মুখত॥ ৩৯৬পৰিকৰ সৰ্ববলোক সবে অন্তৰাই থৈলোঁমঞি মাত্ৰ আছোঁ একেশ্বৰে।দুই গোণ্টা অসমে আসি দ্বাৰ মোৰ ভেন্টিলেকদুই হাতে ধৰি দুৱাৰৰে॥আগ পাচ হুয়া দুই দুৱাৰ ভেন্টিয়া ৰৈলদেখি মঞি গুণিলোঁ মনত।আৰো যেবে আসে লোক তবে ধৰিবেক মোকএড়াই বাঞ এহি সময়ত॥ ৩৯৭
বেগে হাত দিয়া বুকে হেচা মাৰিয়া পেহলাইএকে ঝাম্পে দুই হাঙ্কো চেৰাইলে।চৈইধ্য হাতৰ খাৱ লাই দিক। চেৰাই বেগেলড় দিয়া দূৰক পলাইলোঁ॥তত বালে উঠি দুয়ে। মধে কৰি মনেমোহোৰ পাচত দে। দিল।মেক নেপাই নি। য হন্তে পত পাইজমা মাধবক ধৰি নি:॥৩৯পথাত মাহকে দুয়ে। মাৰে আলোচি যান্তযদি হাগে মোক কাটয়।মএ নাম সুমবে। মোকো তুমি সুমবাইলযদি আগে নষ্ট নকৰয়!হৰিক ৰাখিয়া থৈল ধৱক আগে নিলসম্বিকাই বড়া দেখিল।হাতে মালা কমণ্ডলু তুপসীৰ চিহু দেখিআপুনি মই ছিলন্ত॥ ৩৯৯অৰে কোন জনে তোক ধৰিয়া আনিলা এথাকহ তই নকৰিবি ডৰ।স্বৰ্গৰাজ দেবে এথা পুছিল যিতো কথামাধৱে দিলন্ত প্ৰত্যুত্তৰ।
ষি গোটে ধৰিয়| নিলে তাহাৰ শুনিয়ে৷ নামভয়ে গাৱ কৰে থৰ থৰ।
কহিল মাত্ৰকে নিয়| তত কালে কাটে নিয়|শত্ৰুবুদ্ধি নাহি মহন্তৰ ৷৷ ৪০০
বড়৷ বোলে এড় আাক গুন বাঙ্গ কৰিলেকহৰিক ধৰিয়| অগে নিল| ।
কোন তঞি বুলি বড়| প্ৰোধ দৃষ্টি পুছিলেকশুনি শৰত হৰিৰ উৰিল| ॥
সিদ্ধান্ত নপা!ই বড়| তত কালে আদেশিল|কাণ্টিবাক নে- তাঙ্ক ধৰি।
নাম স্নমৰাইবে লাগি মাতৰে যাইবাক খোজেবথিয়৷ নেনয় তাঙ্ক এঢড়ি ৷ ৪০১
নাম স্থমৰ৷ইণধে মোক বখয়| নেনয় তাকমাধৱে বোলন্ত গেৰিয়াই ।
সাৱধান সাৱধান হুয়োক হাপুন বাপনাম বিনে আন গতি নাই ॥
ৰামকৃষ্ণ ৰামকৃষ্ণ বো-ভো দমাই যান্তমাধৱে ও লন্তে কাণ পাত।
নদীত নমায়| তাঙ্ক তত কালে কান্টিলন্তঅসম পাষণ্ড তুষ্ট মতি ॥৷ ৪০২
১০১
মাধৱ জমাইক দুইক ধৰিয়া নিবাক দেখিশ্ৰুতি মোৰ নাহিকে গাৱত।শুনা নাৰায়ণ তুমি মাধৱৰ শোকে যেনহিয়ে মোৰ ভৈল বজ্ৰপাত।স্নান ভোজন নাহি পন্থক নিৰেখি থাকোঁকিবা বাৰ্ত্তা শুনো পথুকত।মাধৱক হৰুৱাই যেন খেদ কৰিলোঁহোশুনা কহোঁ তোমাৰ আগত॥ ৪০৩শুনা সৰ্ব্ব লোক মাধৱৰ শোককৰিলা যেন শঙ্কৰ।শঙ্কৰ মাধৱ দুই হান্তৰ জানাকিঞ্চিতো নাহি অন্তৰ॥কৃষ্ণে যেন মতে ৰহস্য ভকতিপ্ৰকাশিলা উদ্ধৱত।শিষ্য়গুৰু ভাবে ভক্তি প্ৰকাশিলশঙ্কৰে ইটো লোকত॥ ৪০৪শঙ্কৰৰ ভক্তি মাধৱক দিয়াআচাৰ্য্য পাতিয়া থৈলা।মাধৱক গুৰু মানি বহু লোককৃষ্ণক সবে ভজিলা।
নমো নমো কৃষ্ণ জগত জীৱনপতিত পাৱন স্বামী।তোমাৰ অভয় চৰণ পঙ্কজেশৰণে পশিলোঁ আমি॥ ৪০৫মহা মূৰ্খ হুয়া শঙ্কৰ চৰিত্ৰপদে মোৰ ভৈল মতি।আৰ আগ পাচ নূন্যাধিক দোষক্ষমিয়ো প্ৰভু সম্প্ৰতি॥বোলোঁ কৰজোৰে মহন্ত সৱকক্ষমিবাহা মোৰ দোষ।পাপৰ অন্তক শঙ্কৰ চৰিত্ৰশুনিয়ো হুয়া সন্তোষ॥ ৪০৬মহন্ত সবৰ ক্ষমাসে ভূষণজানিয়া কৰিয়ো সাৰ।যদি নিন্দা বোলা নাহি মন কষ্টহুবে কচিত আমাৰ॥মোক তিৰস্কাৰ কৰি তুষ্ট হোৱানেড়িবা মুখত নাম।কহয় ভূষণ কৃষ্ণ পাৱে মনদিয়া বোলা ৰাম ৰাম॥ ৪০৭
শুনা নাৰায়ণ তুমি মোৰ প্ৰিয়ত্তম।নাহিকে বান্ধৱ মোৰ মাধৱৰ সম।জমাইত অধিক মোৰ শোক মাধৱক।মাধৱৰ শোকে মোৰ পোড়ে শৰীৰক। ৪০৮মিলিল আনন্দ মাধৱক লাগ পাইলোঁ।কোন দৈৱ দোষে মাধৱক কৱ ইলে॥জমাই মাধৱক একেলগে নিল ধৰি।কান্টিবেক দুন হোমে ৩ান্দা ধৰ॥ ৪০৯মাধৱক পাই মঞি শুনিলে। মত।মোৰ মনে তুল্য স * {? পণ্ডিত।আচা পাতিলা থেকো সম”ে লোেক।উপদেশ ধৰি লোক তৰিব ৰ। ১০মাধৱৰ বিযোগে ভেলক ছেদ।হৰি হৰি বিনে মোৰ ভৈল সদ খেদ।মাধৱৰ শোকে দেখে৷ দিনতে আন্ধাৰ।শুন নাৰায়ণ খেদ কৰিলে। আপাৰ। ৪১১হৰিব কায়ি মাধৱক এড়ি দল।জমাক সুমৰি কান্দি মধৰে আসিল।উৰ্ধ মুখে চাহি আছো পন্থক নিৰেখি।আসিলন্ত মাধৱ ভৈলোহেঁ দেখাদেখি॥ ৪১২
মনত হৰিষে মঞি আগ বাঢ়ি গৈলোঁ।জীলোণ জীলোঁ বুলি ৰঙ্গে সাৱটি ধৰিলোঁ॥মাধৱৰ নেত্ৰে লোহ পৰে সৰ সৰি।কৰিলা প্ৰণাম মোৰ চৰণত ধৰি॥ ৪১৩কান্দিবাৰ দেখিয়া মনত মহা দুখ।কহিলা বৃত্তান্ত পাচে বস্ত্ৰে মুছি মুখ॥পন্থে পাই দুই হাঙ্কো আহোমে ধৰি নিল।এড়ি দিল মোক মোৰ সখক কাণ্টিল॥ ৪১৪কতবা জন্মৰ ভাগ্য আছয় আমাৰ।সিহেতু চৰণ আসি দেখিলোঁ তোমাৰ॥পড়োকি শৰীৰ আত নকৰোঁ বিশ্বাস।তজু সেৱা বিনে হোৱে বৃথা জন্ন নাশ॥ ৪১৫এহি বুলি মাধৱ বিস্তৰ কান্দিলন্ত।প্ৰিয় বাক্যে তাঙ্ক পাচে কৰলোঁহো শান্ত॥কৃষ্ণৰ ভকত শান্ত সুশীল স্বভাৱ॥মোৰ মহা প্ৰিয়তম সুহৃদ মধৱ॥ ৪১৬ৰাম ৰাম গুৰু মহা বৈষ্ণব সুশান্ত।ৰাগ দ্বেষ ৰহিত কৃষ্ণৰ গুণ গান্ত॥পৰম হৰিষে ৰঙ্গে কীৰ্ত্তন কৰন্ত।তাল ধৰি মাধৱে আপুনি পালি গান্ত॥ ৪১৭
প্ৰেমৰ ভৰত গুৰু আনন্দে নাচন্ত।মকমক কৰি গুৰু পৰি বাগৰন্ত॥সমজ্যাৰ লোকে শুনি থাকন্ত হৰিষে।কৰন্ত কীৰ্ত্তন অমৃত যেন বৰিষে॥ ৪১৮ৰাম ৰাম মাধৱ পৰম মহাজন।দৰশনে শোকৰ পাতেক হোৱে ছন্ন॥ৰাম ৰাম গুৰু আসিবন্ত মোৰ পাশে।দেখিবোঁহো তাহাক পৰম অভিলাষে॥ ৪১৯শুনি নাৰায়ণে পাচে বুললা বচন।ৰাম ৰাম গুৰুক হৈবোঁহো দৰশন॥তজু কৃপা ভৈলা যেবে মঞি অধমক।দেখিবোঁ অবশ্যে কোনো নাহিকে বাধক॥ ৪২০আছন্ত মাধৱ তাঙ্ক হঞো দৰিশন।শুনিয়া শঙ্কৰে পাচে বুলিলা বচন॥মাধৱৰ মাতৃ মৰি স্বৰ্গক গৈলন্ত।অনুক্ৰমে সবে দশ দশা কৰিলন্ত॥ ৪২১সুদ্ধিৰ দিৱস আসি ভৈলা সন্নিহিত।বাৰাদিক গৈল কড়ি অন্বেষ বৰিত॥আসিবন্ত ঐকে দেখিবাহা মাধৱক।তুমি কেন মতে আইলা আমাৰ পাশক॥ ৪২২
তোমাৰ বৃত্তান্ত কহিয়োক সাবশেষে।ইঠাইক আসিলা তুমি কাৰ উপদেশে॥শুনি নাৰায়ণে নমস্কাৰ কৰিলন্ত।আপুনাৰ কথা শঙ্কৰত কহিলন্ত॥ ৪২৩মনত বোলন্ত বহু কথা কহিবাক।নাহি কিছো প্ৰয়োজন দঢ়াই আপুনাক॥বোলন্ত শুনিয়ে বাপ কহো স্বৰুপত।মনেদত জন্ম থাকোঁ ডিঙ্গা নগৰত॥৪২৪বিকা কিনা কৰিতে গৈলোঁহো সণ্ঢৰাক।কৰিলোঁহো উদ্যম গৃহক আনিবাক॥তুমি যাৰ নাম কৈলা ব্ৰাহ্মণ ভাস্কৰ।তাঙ্ক লাগ পাইলোঁ ভাগ্য আছয় বিস্তৰ॥৪২৫এক ঠাই ভৈলোঁ দুই নদীৰ তীৰত।কৃপায়ে তোমাৰ গুণ কৰিল বেকত॥মঞি যাওঁ জগন্নাথ দেব দৰশনে।ভূঞা ঠাইক লাগি চলি যায়ো এতিক্ষণে॥ ৪২৬তাহান বচনে খেদ মিলিল মনত।গৃহক আসিলোঁ মঞি চৰিয়া নাৱত॥
পৰিকৰ নমাই হালধিয়া গ্ৰামে খৈলে॥তজু দশনেসে উজাইযা আসিলে ৪২৭খেদি যাইবে নলাগিল মোৰ মহাভাগ।কৃপাময় গুৰুক হাততে পাইলে লাগ।আছেহহ যৈসানি মঞি ডিঙ্গা নগৰত।বৈষ্ণৱ একজন মোৰ চাপি গৃহত ৪২৮মোক দেখিবাক লাগি আদৰি পুছিল।এক বুঢ়ী মাতি তাঙ্ক সমিধান দিল।নাহিকন্ত ঘৰে তেহে গৈল ওহলাই।ৰহিবাক ইচ্ছা তেলে বসিযো ইঠাই। ৪২৯দিল। বাস ঘৰ তাতে ৰণে ৰ হল।ভৰি পখালিয়া আসনত বলি |গধুলি সময় ভৈলে গৃহক আসল।বাৰ্ত্ত পায়া মহন্তৰ সমাপক গেল। ৪৩০দেখিলোঁহো মঞ নহা সাধু পুৰুষ।তেহে প্ৰিয় বাক্য মোক বুলিল। অনেক।বোল তোমাৰ নাম হঠাত শুনিলোঁ।দেখিবাক লাগি মঞি হেিষ আসিলোঁ। ৪৩১কিবা কায্যে আপুনি গৈছিল কোন ভিতি।অকপট কথা কহিয়োক মহামতি।
হেন শুনি মঞি প'চে বুলিলোঁ বচন।কপট কৰিতে মোৰ কিবা প্ৰযোজন। ৪৩২ইটো নগৰত লোক বঞ্চে যত যত।যোল্ল নাম মন্ত্ৰ লৈ ভৈলন্ত ভকত।মোৰ মনে ইচ্ছ। ভৈ। নাম শুনিবাক।তাকে ও গি গৈযাছিলোঁ। হট বেসাইবাক। ৪৩৩কালি যোল্ল নাম লৈবোঁ কৰি আছে৷ সাৰ।বৰতো কৰিষা আছে। নৈবেদ্য সম্ভাৰ।হে শুনি মোক মাতিলন্ত মহাজন।নখঙ্গিবা বোলে। মঞ এখনি বচন॥ ৩৪এলোতে স্বৰূপ তুমি মোৰ বাক্য কৰা।ইতে ষোল্ল না বদূৰতে পৰি ৰা।পাইবাহা পৰম ৪ * জগতে প্ৰখ্যাত।বোধ মত খণ্ডবেক দেখিবা সাক্ষাত। ৪৩৫এহ বাক্য শুনি মোৰ মন পালটিল
স্কুশৰ ঘাৱে যেন হস্তী বাহুড়িল।
সেহি পান তাম্বুল নৈবেদ্য সম্ভাৰে।ভুঞ্জাইলোঁহো তাসম্বক পৰম সৎকাৰে॥ ৪৩৬প্ৰভাতে ভোজন কৰি যান্ত সম্বোধিয়া।যাইবাক দেখিয়া মোৰ নহয় হিয়া॥।
চৰণত পৰিয়া কাতৰে বোলোঁ বাক।তেঁহে প্ৰিয় বাক্য আৰা বুলিলা আমাক॥ ৪৩৭এক খানি ভাল বস্ত্ৰ দিলোঁহো হাতত।বোলন্ত নালাগে বস্ত্ৰ থৈয়োক ঘৰত॥পৰম সন্তোষ ভৈলোঁ তজু দৰশনে।যত বস্ত্ৰ পাইলোঁ মোৰ বাক্যৰ কাৰণে॥ ৪৩৮অনেক সৎকাৰ ভাৱে বস্ত্ৰক লৈলন্ত।এখানি বস্ত্ৰক পাচে আমাকো দিলন্ত॥কোন গ্ৰামে থাকন্ত যাইবন্ত কোন গ্ৰাম।নুসুধিলোঁ ইটো মোৰ নুপজিল জ্ঞান॥ ৪৩৯আগ বঢ়াই থৈয়া পাচে গৃহক আসিলোঁ।সিটো বচনৰ আজি প্ৰমাণক পাইলোঁ॥কতবা জন্মৰ মোৰ আছে মহা ভাগ।তোমাৰ চৰণ সেবিবাক পাইলোঁ লাগ॥ ৪৪০কৰা আশীৰ্ব্বাদ বাপ মোক শুদ্ধমতি।জন্মে জন্মে তোমাৰ চৰণে হৌক মতি॥এহি বুলি চৰণত মাথা থাপিলন্ত।মকমকি কৰিয়া অশেষ কান্দিলন্ত॥ ৪৪১শঙ্কৰৰো চক্ষুৰ লোতক বাঝ ভৈল।মাথে হাত দিয়া তাঙ্ক আশ্বাসি তুলিল॥
উঠা উঠা নাৰায়ণ নকৰা ক্ৰন্দম।আগে হন্তে জানোঁহো তোমাৰ শুদ্ধ মন॥ ৪৪২যেন মোৰ মাধৱ তুমিও সেহি মত।হৌক সিদ্ধি সবে মনে বাঞ্চিলাহা যত॥শুনি নাৰায়ণে আখি মুখ মুছিলন্ত।নমস্কাৰ কৰি পুনৰপি পুছিলন্ত॥৪৪৩সি ৰাজ্যৰ কথা আৰো কহিয়ো আমাত।যিটো কথা পুছিবাক নজানু তোমাত॥কহিয়ো নিশেযে মোত সি সব বৃত্তান্ত।শুনিয়া কৌতুকে দিলা শঙ্কৰে সিদ্ধান্ত॥ ৪৪৪জন্মিবাৰ পাৰা যত কৰ্ম্ম কৰিলন্ত।শান্তি ভঙ্গ আদি সবে কথা কহিলন্ত॥পণ্ডিত সকলে কৰিলন্ত বদকক্ষা।ভকতি পথক যেন কৰিলন্ত ৰক্ষা॥ ৪৪৫কছাৰি মাল্লাহ যেন ভয় পাইলা আতি।ব্ৰহ্মপুত্ৰে সান্থৰন্তে পাইলা গীতা পুথি॥যেন মতে জ্ঞাতি সমস্তকে ভোজ দিলা।হৰে ৰাম চৰি-এক সমস্তে কহিলা॥ ৪৪৬শঙ্কৰ নাৰায়ণৰ চৰিত্ৰ বিশেষ।শুনন্তে পলাই সবে পাতেক নিশেষ॥
তিনি দিন তিনি নিশা কয়ে আছি।বাদিৰ পৰা পাচে মাধৱ আসি। ৪৪৭শঙ্কৰৰ পাৱে নমস্কাৰ কৰিলন্ত।কাৰ্য সিদ্ধি লৈ শঙ্কৰে পুছলন্ত।ম ধৱে বোল্ড কড়ি নাইনোহো তথা।শঙ্কৰে ৰোলন্থ • কহঁ এক কথা। ৪৪৮বিশিষ্ট মনুষ্য গুটি ঐ আ সন্ত।তিনি দিন মোৰ লগে ৭ গা৫ে, আছ।পৰন সন্তোষ ভৈলে। কপ এসঙ্গত।বাস কৰি ৰহি বি তাৰত 1 ৪৪৯অনুমানে জানো তান লাগে আৰ কড়ি।যায়েক তাহান পাশ বিলম্ব কবি।শুনিয়া মাধব তান পাশে চল গেল।আসন্ত মাধৱ নাাণে বাৰ্তা পাইলা। ৪৫০আগ বা ঢ় গৈলা ৰঙ্গে অসনৰ উঠি।দুইকো দুই হৰিষতে ধৰলা সাবট।চক্ষুৰ ললাতক দুইৰো পৰে ঝঝৰি।কতোক্ষণ আছিলন্ত সাটিয়া ধৰি॥ ৪৫১নাৰায়ণে নমস্কাৰ কৰিবে খোজন্ত।হাতত ধৰিয়া হাতে মাধৱে ননদন্ত।
মাধৱে বোলন্ত বৰ কৰাহা অন্যাই।আমি যেন তুমি তেন আক নুযুৱাই॥ ৪৫২নাৰায়ণে হাতজোৰে হৰষে নমিলা।কম্বল আসনে যাই দুইহান্তে বসিলা॥দুইহান্তকো দুইহান্তে চাহন্ত ঘনে ঘন।দুইকো দুয়ো দেখিয়া উৎসাহ কৰে মন॥ ৪৫৩নাৰায়ণ মাধৱৰ সম্বাদ মিলিলা।মাধৱে হৰিষে পাচে বচন বুলিলা॥আছন্ত আমাৰ গুৰু ঈশ্বৰ পুৰুষ।তোমাৰ কথাত বৰ লভিলা সন্তোষ॥ ৪৫৪আমাৰ আগত বহু প্ৰশংসা কৰিলা।তোমাক দেখিবে লাগি ইঠাইক পঠাইলা॥দেখিলোঁহো তোমাক পৰম সাধু জন।পৰম সন্তোষ আতি ভৈলা মোৰ মন॥ ৪৫৫নাৰায়ণে বোলন্ত মোহোৰ আছে ভাগ।এতেকে তোমাক দেখিবাক পাইলোঁ লাগ॥তোমাথেৰ কথা হুয়া আছে যত যত।ঈশ্বৰ পুৰুষে সবে কৰিছা বেকত॥ ৪৫৬তিন দিন তিন নিশা কথাৰে আছিলোঁ।সমস্তে বৃত্তান্ত মঞি আনন্দে শুনিলোঁ॥
বাৰাদি গ্ৰামক প্ৰতি আপুনি গৈছিলা।যি কাৰ্যে গৈছিলা সিটো কাৰ্যক সাধিলা॥৪৫৭মাধৱে বোলন্ত মাতৃ মৰিল আমাৰ।অৱশ্যেকে লাগে মোৰ শুদ্ধি কৰিবাৰ॥শুদ্ধিৰ দিৱস আসি চাপিল সন্নিত।ব্ৰাহ্মণ সবক লাগে দক্ষিণাক দিত॥ ৪৫৮তাকে লাগি চকিয়া মাঝিৰ ঘৰে গৈলোঁ।কড়িৰ অন্বেষ নপাই পুনু আসি ভৈলোঁ॥কিবা নাম তোমাৰ থাকিয়া কোন গ্ৰামে।ইঠায়ক তোমৰা আসিয়াছা কোন কামে॥ ৪৫৯শুনি নাৰায়ণে পাচে তাহান আগত।পূৰ্ব্বাপৰে সবে কথা কৰিলা বেকত॥ভৱানন্দ নাম মোৰ পূৰ্ব্বত আছিলা।মহা পুৰুষে পাচে নাৰায়ণ নাম দিলা॥ ৪৬০যি মতে ভাস্কৰ বিপ্ৰে কথা কহিলন্ত।নাৱে ভৰা দিয়া লুহিতত উজাইলন্ত॥মহা পুৰুষক লাগ পাইলোঁ যেন মতে।মাধৱৰ আগে কথা কহিলা সমস্তে॥ ৪৬১মাধৱে বোলন্ত ধন্য জীৱন তোমাৰ।নিশ্চয়ে তৰিলা তুমি দুৰ্ঘোৰ সংসাৰ॥
মোৰ বুলি যাক মহা পুৰুষে লৈলন্ত।এতেকে জানিলোঁ তুমি মহা ভাগ্যৱন্ত॥ ৪৬২মোৰ ভাগ্যে আছে কৰিলোঁহো সম্ভাষণ।মহা পুৰুষৰ শিষ্য ভৈলোঁ দুয়োজন॥নাৰায়ণ মাধৱৰ সম্বাদ উত্তম।আনো লোকে চাহি আছে পৰিয়া নিজম॥ ৪৬৩নাৰায়ণে উঠি গৈয়া আপুনি আনিলা।কড়ি এক কচি মাধৱৰ আগে দিলা॥পাঞ্চ কাওণ কড়ি এক কচি হুই জানা।ব্ৰাহ্মণ সবক দিবা শুদ্ধিৰ দক্ষিণা॥ ৪৬৪মাধৱে বোলন্ত আৰো কড়ি আছে যেবে।টকা লৈয়া আমাক গণিয়া দিয়ো তেবে॥শুনি নাৰায়ণে টকা হাতত লৈলন্ত।মাধৱৰ হাতে কড়ি গণিয়া দিলন্ত॥ ৪৬৫কিছো পান তাম্বুলক দিলন্ত আগত।লগাইবাহা আক সবে শুদ্ধিৰ কাৰ্য্যত॥মাধৱে বোলন্ত কত দিন থাকিবাহা।গৃহক যাহন্তে তুমি মাতিয়া যাইবাহা॥ ৪৬৬থাকিয়োক এথা তুমি বুলি উঠিলন্ত।উঠি নাৰায়ণে সাবটিয়া ধৰিলন্ত॥
দুইকো দুই প্ৰিয় বাক্যে কৰিয়া আশ্বাস।গৈলন্ত মাধৱ পাচে শঙ্কৰৰ পাশ॥ ৪৬৭নমস্কাৰ কৰি তৃণ আসনে বসিলা।নাৰাণক প্ৰশংসি সমস্তে কথা কৈলা॥কড়ি এক কচি পান তাম্বুলক পাইলোঁ।এক টকা ভঙ্গাই আৰ কড়ি গণি লৈলোঁ॥ ৪৬৮বিস্তৰ কথায়ে আছিলোঁহো দুয়োজন।পৰম চতুৰ নাৰায়ণ মহাজন॥শঙ্কৰে বোলন্ত পাচে চাহি মাধৱক।তোমাক পঠাইলোঁ নাৰায়ণৰ পাশক॥ ৪৬৯তাঙ্কে দেখন্তোক কড়ি পাইবা সেহি ঠাই।দুয়ো কাৰ্য্য সিদ্ধি ভৈলা মোৰ অভিপ্ৰাই॥শুনিয়ো মাধৱ তুমি পণ্ডিত গহন।কথায়ে চতুৰ মহাজনো নাৰায়ণ॥৪৭০ইৰাজ্যতো পাইলোঁ আমি সুহৃদ আমাৰ।শঙ্কৰে প্ৰশংসা কৰিলন্ত বাৰ বাৰ॥শঙ্কৰ দেৱৰ শিষ্য ভৈল নাৰায়ণ।যিটো গুৰু সেৱা কৰিলন্ত অনুক্ষণ॥ ৪৭১মাধৱৰ গুণ কহি কোনে পাইবে অন্ত।যিটো অহৰ্নিশে গুৰু সেৱা কৰিলন্ত॥
গুৰুৰ সমান শক্তি ভৈলা মাধৱৰ।মহা প্ৰিয়তম শিষ্য শঙ্কৰ দেৱৰ॥ ৪৭২গীত পদ ভটিমা কৰিলা শাস্ত্ৰতত্ব।ভৈলেক প্ৰচাৰ ইটো সকলে ৰাজ্যত॥মাধৱৰ সখি নাৰায়ণ মহাজন।মহা মিত্ৰভাৱে আছিলন্ত দুয়োজন॥ ৪৭৩নৰ নাৰায়ণে দিলে অনেক দুখক।প্ৰাণান্তিকো নেড়িলেক ভকতি ধৰ্ম্মক॥দেৱ মানুষ বুলি ভোণ্টে নেনিলেক।লোহাৰ নিহল পাৱে ভাঙ্গি পৰিলেক॥ ৪৭৪পৰিৱৰ্ত্তি পুনুহো গৃহক আইল চলি।হেন নাৰায়ণৰ শুনিয়ে বংশাৱলী॥সুৰাইৰ তনয় ভৈলা নামত সাগুৰ।সাগৰৰ পুত্ৰ ভৈল নাম যশধৰ॥৪৭৫যশধৰ তনয় ভৈলন্ত ৰূপধৰ।ৰূপধৰ পুত্ৰ ভৈলা ধৰ্ম্ম মনোহৰ॥ধৰ্ম্মৰ তনয় ভৱানন্দ অনুপাম।মহা পুৰুষে দিলা নাৰায়ণ যে নাম॥ ৪৭৬জগত প্ৰসিদ্ধ মহা মহন্ত ভৈলন্ত।নাৰায়ণে সমস্তে কুলকে তাৰিলন্ত॥
নাৰায়ণ কনিষ্ঠ ভৈলন্ত ৰামানন্দ।ভকতি পন্থত যাৰ পৰম ন্দআমি সমে কথায়ে আছোঁহো নিৰন্তৰ।মিলিল প্ৰসঙ্গ কথা শঙ্কৰ দেৱৰ॥অনন্তৰে মোৰ মনে খেদ ভৈলা তথা।ৰামানন্দে বোলে লিখি থৈয়ো ইটো কথা॥ ৪৭৮ই কথা শুনিতে শ্ৰদ্ধা থাকে যা মনে।পঢ়িবে শুনিবে আক পৰম যতনে॥হেন শুনি মঞি পাচে মনত গুণিলোঁ।শঙ্কৰ চৰিত্ৰ পৰবন্ধে লিখি থৈলে॥ ৪৭৯মোৰ ইটো শক্তি নুহি কৃপাকেশবৰ।আছয় বৰুণ। মোক মহন্ত সবৰ॥পৰম বৈষ্ণৱ তেন্তে আছিল। মাধৱ।অহৰ্নিশে যাৰ হৰি কীৰ্ত্তন উৎসৱ॥ ৪৮০দশনে পলাই মহা পাতেক সমস্ত।শিশু দেখি দায় মোক কৰিছা পূৰ্বত॥শঙ্কৰ দেৱৰ নাতি আতি অনুপাম।পৰম পণ্ডিত শ্ৰীপুৰুষোম নাম॥ ৪৮১গহীন গম্ভীৰ ধীৰ কৃষ্ণত ভকত।ৰাম কৃষ্ণ নাম সদা মুগুচে মুখত॥
দৰশনে পাপ হৰে আছে মহা গুণ।অদ্যাপি প্ৰশংসে আক পণ্ডিত ব্ৰাহ্মণ॥ ৪৮২জৱসিয়া গ্ৰামে আসি তেহো ৰহিলন্ত।বৎসৰ ছয়ক মানে ঐতে আছিলন্ত॥কৰিলন্ত সত্ৰ হৰি কথা দিনে ৰাতি।তেহেন্তে আমাক দায়া কৰিছন্ত আতি॥ ৪৮৩চতুৰ্ভুজ নামে আছা নাতি শঙ্কৰৰ।যাৰ মহা গুণ গণে নাহি পটন্তৰ॥মোৰ মুখে তান গুণ বৰ্ণাইবোঁহো কত।অদ্যাপি আছন্ত বিষ্ণুপুৰ নগৰত॥ ৪৮৪ধীৰ মহন্ত সন্ত জগতে যে প্ৰধাণ।তানো মোক দায়া আছে সবাতে প্ৰমাণ॥আছিলন্ত নাৰায়ণ শিষ্য শঙ্কৰৰ।পূৰ্ব্বে তেন্তে দায়া মোক কৰিছা বিস্তৰ॥ ৪৮৫ধন ধান্য বস্ত্ৰ দিয়া কৰিছা পোষণ।জগততে প্ৰসিদ্ধ বৈষ্ণৱ মহাজন॥একে গ্ৰামে বঞ্চিলোঁহো নুহিকে অন্তৰ।কিঞ্চিতেকো মনে নেদেখিলোঁ ভিন্নপৰ॥ ৪৮৬আমি পুৰোহিত আছিলন্ত যজমান।পৰম অজ্ঞান মঞি মুৰ্খতে প্ৰধান॥
বালকৰ নয় ক্ৰিয়া কৰিলোঁ আপুনে।অজানী জনৰ দোষ ধৰি আছে কোনে॥ ৪৮৭আনো যত মহাজন আছে ঠাই ঠাই।মোৰ যত দোষ সৱ ক্ষমিবে ষুৱাই॥কহে দ্ধিজ ভূষণ অজ্ঞানী শিশুমতি।সবাকো বোলোঁহো হেৰা বুলিয়া কাকূতি॥ ৪৮৮অধমৰ দোষ মোৰ কৰি উপশম।নিৰন্তৰে নৰে সবে বোলা ৰাম ৰাম॥ ৪৮৯
আত আনন্তৰে কথা শুনা পাচে যেন ভৈলানাৰায়ণ উঠি প্ৰভাতত॥নদী জলে স্নান কৰি প্ৰণাম কৰিলা পৰিশঙ্কৰ দেৱৰ চৰণত॥শঙ্কৰে আশ্বাসি তাক বুলিলা মধুৰ বাকজানো যাইবে খোজাহা গ্ৰামক।খাইবাৰ দ্ৰব্য বস্তু যত কিবা আছে কিবা নাইকত দিনে পাইবাহা গৃহক॥ ৪৯০হেন শুনি নাৰায়ণে প্ৰণামি বোলন্ত বাপইটো চিন্তা নাহিকে মনত।
মাসেকতোধিক দিন আঠ দশ মানে আগেসব দ্ৰব্য আছয় লগত॥তজু আজ্ঞা শিৰে লৈবোঁ গৃহক চলিয়া যাইবোঁপূৰ্ব্বৰ স্বভাৱ দূৰ কৰি।তোমাৰ পুস্তক আগে থৈয়া সব পৰিয়াৰেনমস্কাৰ কৰিোঁ সাদৰি॥ ৪৯১এহি বুলি উঠি গৈলা সৰিসা ধানৰ চাউলতিনি দোণে পূৰা বান্ধিছন্ত।কান্ধত কৰিয়া আনি শঙ্কৰ দেৱৰ আগেদিয়া নমস্কাৰ কৰিলন্ত॥শঙ্কৰে বোলন্ত মাতি শুনিয়োক নাৰায়ণএকো দ্ৰব্য নলাগে আমাক।সমস্তে দ্ৰব্যক পাইলোঁ পৰম সন্তোষ ভৈলোঁযেতিক্ষণ লভিলোঁ তোমাক॥ ৪৯২ভাল সাধু বুদ্ধি তজু গৃহক চলিয়া যায়োঅল্প দিন গৃহত থাকিবা।আমি ঐত কোন খানে ঘৰবাৰি সাজিবোঁহোপুনু আসি বাৰ্ত্তাক কৰিবা॥প্ৰণামি বোলন্ত বাপ আশীৰ্ব্বাদ কৰিয়োকআমাৰ দুৰ্ব্বুদ্ধি দূৰ হৌক।
শীঘ্ৰে ফিৰি আসি যেন তোমাৰ চৰণ দেখোঁ।এহি কৃপা কৰিয়োক মোক॥ ৪৯৩শঙ্কৰে বোলন্ত হাসি শুনিয়োক নাৰায়ণতুমি প্ৰিয় সুহৃদ একান্ত।যৈতে যৈতে থাকা তুমি তজু অকল্যাণ নাহিযায়ো বুলি প্ৰবোধ দিলন্ত॥তেন মতে মাধৱকো এক পূৰা চাউল দিলানমস্কাৰ কৰিতে খোজন্ত।নমস্কাৰ কৰিবাক নেদিলা মাধৱে হাতমেলিয়া তাহাঙ্ক ধৰিলন্ত॥ ৪৯৪গদ গদ বাক্যে পাচে বুলিলন্ত নাৰায়ণদুয়ো নয়নৰ পৰে পানী।থাকিয়োক তুমি আবে গৃহক চলিয়া যাঞোগয়া মোক নেড়িবা আপুনি॥মাধৱে আশ্বাসি তাঙ্ক আগবঢ়াই থৈলা নিয়ানাৰায়ণে নাৱত চড়িলা।শঙ্কৰৰ মাধৱৰ গুণক কীৰ্ত্তন কৰিআপুনাৰ গৃহক আসিলা॥ ৪৯৫পানীৰ বাচন দিয়া সবে দূৰ কৰিলন্তমৃত্তিকাৰ যত পাত্ৰ আছে।
উপবাস দিয়া সবে শঙ্কৰক গুৰু মানিকৃষ্ণত শৰণ লৈলা পাচে॥শঙ্কৰ মাধৱ দুই গুণ চৰিত্ৰক শুনিমহাৰঙ্গ মিলিল সবাৰ।জ্ঞান ধৰ্ম্ম জানিলন্ত কৃতকত্য মানিলন্তআতি আনন্দৰ নাহি পাৰ॥ ৪৯৬আনো বাৰ বেৱসাই কৰি নাৰায়ণে আসিসমস্তকে তাৰ বণ্টা দেন্ত।শঙ্কৰ দেৱৰ ভক্তি ধৰ্ম্ম বেৱসাই কৰিসমস্তৰে আগে কহিলন্ত॥পুষ্প তাম্বুলক দিয়া সবাহাঙ্কে সন্তোষিয়াএকেলগে যাইবাক সাজিল।শুনা আত পৰে আবে শঙ্কৰ দেৱৰ তৈতগৃহাৰম্ভ যি ঠাইত কৰিলা॥ ৪৯৭
বেতঁবাঁস তৰা বনে ব্যাপি আছেবড়া পণ্টা গ্ৰাম জুৰি।কোন স্থানে ঘৰ বাৰি সব হন্তশঙ্কৰে চাহিলা ফুৰি॥
গণক পাৰাত ঘৰ সজাইলন্তকতোদিন বঞ্চি তাত।কুমাৰ পাৰাত ঘৰ সজাইলন্তমিলিল দুখ মনত॥ ৪৯৮তাহাৰ দক্ষিণে ঘৰ সজাইলন্তমনত আতি হৰিষে।পানট বাঁউসি নামত প্ৰসিদ্ধসৰ্ব্বজনে যাক ঘোষে॥আপুনাৰ ঘৰ দক্ষিণ সমীপেকৰিলা ঘৰ নিৰ্ম্মাণ।ৰাম ৰাম গুৰু তথা ৰহিলন্তদুইৰো যেন এক প্ৰাণ॥ ৪৯৯শঙ্কৰদেৱৰ জ্যেষ্ঠ পুত্ৰ তানথৈলা ৰামানন্দ নাম।মধ্যম কমল লোচন সুন্দৰগুণে আতি অনুপাম॥পৰম স্নেহত কনিষ্ঠৰ নামথৈলন্ত হৰি চৰণ।দুহিতাৰ নাম থৈলন্ত ৰুক্মিণীপৰম আতি শোভন॥ ৫০০
ৰামাযে নন্দৰ তনয় ভৈলন্তপুৰুষোত্তম নাম।যাৰ যশ কীৰ্ত্তি ঢাকিল ধৰণীসৰ্বগুণে অনুপাম॥শঙ্কৰৰ আগে আণ্ঠ কাঢ়ি ৰঙ্গেপুৰুষোত্তম ফুৰন্ত।কৰ্দ্দমে লেপিত হুয়া পিতামহীৰকোলাত উঠিবে যান্ত॥ ৫০১বস্ত্ৰে পঙ্ক লাগে দেখি পিতামহীদূৰতে ঠেলিয়া থৈলা।কি কাৰ্য্যে নাতিক কৰা অনাদৰশঙ্কৰে তাঙ্ক মাতিলা॥পঙ্ককে গুচায়া কোলে তুলি লৱাবচনে কৰা আশ্বাস।তোমাৰ আমাৰ জানিবা নিশ্চয়নাতিতেসে পুনু আশ॥ ৫০২সিটো বেদবাক্য ভৈলন্ত সফলদেখা কৰি বিমৰিষ।পুৰুষোত্তম চতুৰ্ভুজ দুইৰোকীৰ্ত্তি গৈল দশোদিশ॥
পৰম আনন্দে ৰহিলা শঙ্কৰশুনা যেন কথা ভৈলা।নাৰায়ণে পাচে শঙ্কৰ দেৱকদেখিতে শীঘ্ৰে আসিলা॥ ৫০৩গণক কুঞ্চিত আছন্ত মাধৱতথা আসি ৰহিলন্ত।মাধৱে সহিতে পাণ্টবাঁউসীকআনন্দে সৱে গৈলন্ত॥শঙ্কৰৰ পাৱে নমস্কাৰ কৰিআসনে পাচে বসিলা।নাৰায়ণ তুমি আসিলা কুশলেশঙ্কৰে বাত্তা পুছিলা॥ ৫০৪তজু আশীৰ্ব্বাদে সকলে কুশলবুলিলন্ত নাৰায়ণ।তথাতে আসিয়া বসিলন্ত সুখেআছা যত ভক্ত জন॥ৰাম ৰাম গুৰু গোঁসাই দামোদৰহৰি গুৰু বসিলন্ত।জয়ন্তি মাধৱ ৰতিকান্ত দলৈৰাম ৰাই আসিলন্ত॥ ৫০৫
হৰিদাস বনীয়া বুঢ়া যে দৈবজ্ঞআৰো মহা কালিৰাম।উদাৰ গোবিন্দ বলভদ্ৰ আৰোবসিলন্ত বলৰাম॥সবাকো সম্বুধি শঙ্কৰে কহন্তকৃষ্ণৰ গুণ চৰিত্ৰ।নিশবদে সবে শুনিয়া থাকন্তকৃষ্ণ পাৱে দিয়া চিত॥ ৫০৬মাধৱে সোধন্ত শঙ্কৰে সিদ্ধান্তদেন্ত আতি হৰিষত।কথা অমৃতৰ নদী বহি যায়পিৱে সৱে আনন্দত॥প্ৰতি দিনে কথা প্ৰসঙ্গ কৰন্তসবেয়ো শুনা হৰিষি।মাধৱে গণক কুছিত নিবাসকৰন্ত আতি হৰিষি॥ ৫০৭মাধৱৰ সঙ্গে থাকা নাৰায়ণভোজন লগে কৰন্ত।মাধৱৰ পৰি চৰ্য্যা মহাকালিৰামে সবে আচৰন্ত॥
এক দিন কথা প্ৰসঙ্গ উঠিলেৰাম আগ হুয়া গৈলা।মাধৱৰ যত ৰন্ধনৰ দ্ৰব্যসমস্তে নিয়োজি থৈলা॥ ৫০৮মাধৱ নাসন্ত দেখি ৰামে বসিকৃষ্ণৰ ৰূপ চিন্তন্ত।ভকত কৃপাল দেব নাৰায়ণসাক্ষাত আসি ভৈলন্ত॥মনোময় দ্ৰব্য দিয়া গোবিন্দকঅৰ্চ্চিলন্ত শুদ্ধ ভাৱে।সৱে অলঙ্কাৰ পিন্ধায় খড়মপিন্ধাইলন্ত এক পাৱে॥ ৫০৯এতেকতে আসি মাতিলা মাধৱেশুনি এড়িলন্ত ধ্যান।পানী পীৰা আনি দিলা মাধৱকবসিলন্ত কৰি স্নান॥মাধৱে দেখন্ত খড়ম কৃষ্ণৰনাহিকে এক পাৱত।কোনে কদৰ্থনা কৰিলা কৃষ্ণকপুছন্ত সৱে ভক্তত॥ ৫১০
কান্দি ৰামে বোলে শুনিয়োক বাপইটো মোহোৰেসে দোষ।তোমৰা মাতিলে খড়ম নেদিলোঁ।নকৰিবা অসন্তোষ॥মাধৱে বোলন্ত আনো আবাহননকৰিবা বিড়ম্বণ।কৃষ্ণৰ সমস্ত অঙ্গত পিন্ধাইবাবসন যত ভূষণ॥ ৫১১এতেক বোলন্তে প্ৰেম উপজিললোটক পৰে নিঝৰি।কৃষ্ণ মূৰ্ত্তি দেখি মৌনে ৰহিলন্তকৃষ্ণৰ ৰূপক স্মৰি॥শুনা সৰ্ব্বজন কৃষ্ণ পাৱে মনদিয়া কৰি এক মতি।পৰম আনন্দ সুখৰ সাগৰকৃষ্ণৰ প্ৰেম ভকতি॥ ৫১২ভকতিতে বশ্য হোৱন্ত কেশৱনাহি অত অন্যৱথা।লৈয়া সাধু সঙ্গ কৰি মন ৰঙ্গশুনিয়ো কৃষ্ণৰ কথা॥
হেন প্ৰাণ-প্ৰভু দৈৱকী নন্দনকৃষ্ণ অগতিৰ গতি।তোমাৰ অভয় চৰণ পঙ্কজেনিমজ্জোক মোৰ মতি॥ ৫১৩আশা নদী মাজ তল গৈলোঁ নাথনপাইলোঁ দুখৰ পাৰ।মই আতুৰক তজু পদ নাৱেকৰিয়ো প্ৰভু উদ্ধাৰ॥প্ৰভাতৰে পৰা দিনান্ত পৰ্যন্তেবিষয়কে চিন্তে মন।কৈসানিনো হুইবে মিলিবে অকষ্টেবসন অন্ন ভূষণ॥ ৫১৪মিছা বিতিৰেকে সঞ্চা বাক্য নাসেহৰি হৰি কিনো ভৈলোঁ।মিছা বিষয়তে সুখ আশা কৰিদুখতে মজিয়া মৈলোঁ॥ধনী নিৰ্ধনীৰ দুইৰো সুখ নাহিআশা দুখে মজি মৰে।বিষয়ৰ আশা দুখ জানি নৰেকৃষ্ণ সেৱা সুখে কৰে॥ ৫১৫
সাধু সঙ্গ মোক দিয়ো কৃপাময়তোমাৰ চৰণে ধৰোঁ।বিষয়ৰ তৃষ্ণা কৰা নিবৰ্ত্তনচৰণে কাকূতি কৰোঁ॥চিত্তে চৰণক চিন্তোক গোবিন্দবচনে নেড়োক নাম।মুৰুখ ভূষণে কাকূতি কৰয়ডাকি বোলা ৰাম ৰাম॥ ৫১৬
আত অনন্তৰে কথা শুনা সৰ্ব্বজনে।মাধৱক শঙ্কৰে খঙ্গিলা যি কাৰণে॥ভকত সৱক দিলা যেন উপদেশ।সি সব কথাক আবে শুনিয়ো নিশেষ॥ ৫১৭মাধৱক মুখ্য কৰি যতেক ভকত।প্ৰতি দিনা শুনে কথা শঙ্কৰ মুখত॥পৰম হৰিষে কথা কহন্ত সাদৰি।মনত হৰিষে সবে শুনে কৰ্ণ ভৰি॥ ৫১৮এক দিন ভৈলা আসি তিথি একাদশী।শুনে কৃষ্ণ কথা শঙ্কৰৰ পাশে বসি॥
সবাকে চাহিয়া কথা কহন্ত শঙ্কৰ।দেখন্ত সবাৰো মুখ কিঞ্চিত ঝামৰ॥ ৫১৯মাধৱৰ মুখ দেখি কিঞ্চিত প্ৰসন্ন।অল্প হাস্য কৰি পাচে বুলিলা বচন॥ওবা মাধৱ তুমি কহিয়ো সাক্ষাত।সম্প্ৰতিক এক কথা পুছোঁহো তোমাত॥৫২০তিথি একাদশী আজি সবেত্ত জানয়।নিৰাহাৰে কৃষ্ণকথা শুনিতে লাগয়॥মোৰ বদন দেখোঁ কিঞ্চিত প্ৰসন্ন।অনুমানে জানো কিছো কৰিছা ভোজন॥ ৫২১মাধৱে বোলন্ত কালি গৈলোঁ পৰ বেলা।গধূলিকা ভোজনক কৰিলোঁহো হেলা॥প্ৰভাতৰ প্ৰসঙ্গ শুনিয়া আজি গৈলোঁ।মধ্যাহ্ন সময়ে আসিবাক সাজ ভৈলোঁ। ৫২২উৰ্দ্ধক চাহিলোঁ বেলি ভৈল নৱ ঘণ্টি।ক্ষুধায়ে পীড়িল যেন প্ৰাণ যাই ফুণ্টি॥শুখাই ওঠ কণ্ঠ মঞি ভৈলো বড় আউল।পানী সমে গিলিলোঁহো এক পোসা চাউল॥ ৫২শুনিয়া শঙ্কৰে আতি কৰি ক্ৰোধ দৃষ্টি।নচাওঁ মুখ বুলি উলটিয়া দিল পিঠি॥
মাধৱক খঙ্গিবাৰ দেখি সমস্তৰে।হৃদয় কম্পিত ভৈলা শঙ্কৰক ডৰে॥ ৫২৪ক্ষেণিতেক থাকি পাচে সমুখ ভৈলন্ত।মাধৱক প্ৰতি ক্ৰোধমন এড়িলন্ত॥মাধৱক মাতি শিক্ষা দেন্ত সমস্তক।প্ৰসন্ন বদনে বুলিলন্ত মাধৱক॥ ৫২৫শুনিয়ো মাধৱ তুমি মোহোৰ বচন।একাদশী দিনে একো নকৰি ভোজন॥নিৰাহাৰ হুয়া কৃষ্ণ কথাক শুনয়।পাপত মুকুত হুয়া মুকুতি পাৱয়॥৫২৬ব্ৰহ্মবধ সুৰাপান গুৰুদাৰা হৰে।ব্ৰাহ্মণৰ সুবৰ্ণক যিটো চুৰি কৰে॥আনো যত পাপ আছে সমস্তে কৰয়।কিন্তু তাৰ প্ৰায়শ্চিত্ত বিহিয়া আছয়॥ ৫২৭একাদশী দিনা অন্ন ভুঞ্জয় সম্প্ৰতি।ব্ৰহ্ম বৈবৰ্ত্তে কহে নাহিক নিষ্কৃতি॥কূৰ্ম্ম পুৰাণত আৰো কহিয়া আছয়।যেন শুক্লা তেন কৃষ্ণা সমতুল্য হয়॥৫২৮ইহাক বিভেদ যিটো কৰয় সম্প্ৰতি।মৰিয়া বিষ্ঠাৰ পলু হুইবেক সম্প্ৰতি॥
যতেক পুৰাণ আছে ধৰ্ম্ম শাস্ত্ৰ যত।ডাক চাৰি শুনাৱয় সমস্তে লোকত॥ ৫২৯একাদশী দিনা অন্ন ভোজন সম্প্ৰতি।নকৰিব নকৰিব সবাৰে৷ সন্মতি॥সহস্ৰেক জন্ম উপজয় শগুণত।শত জন্ম মানে উপজয় শূকৰত॥ ৫৩০কুকুৰৰ গৰ্ভে দশ জন্ম উপজয়।অমাবস্যা যিটো নিশি ভোজন কৰয়॥বিষ্ণু নিবেদিত নুহি অভক্তৰ অন্ন।যেন কুকুৰৰ মাংস ভুঞ্জে যিটোজন। ৫৩১পত্ৰ পুষ্প ফল ফুল আদি দ্ৰব্য যত।গোবিন্দত নিবেদিবে শাস্ত্ৰৰ সন্মত॥নিবেদন নকৰিয়া ভুঞ্জয় সাদৰি।নাৰকী যোনীত উপজয় মৰি মৰি॥ ৫৩২বিষ্ণু ভকতৰ ধন হৰে যিটো জন।কৰয় প্ৰহাৰ আৰো কৰি ক্ৰোধ মন॥দুই গুণ ধন দিয়া চৰণে কৰিব।পীৰিতি বচনে বহু কাতৰ কৰিব॥ ৫৩৩সিজনেসে ক্ষমা দিলে দোষ ক্ষমা যায়।আৰ মতে নাহি তাৰ ৰক্ষাৰ উপায়॥
ভকতক কেশে ধৰে চৰণে মাৰয়।গালত চৱৰ মাৰে বচনে নিন্দয়॥ ৫৩৪তাৰ প্ৰায়শ্চিত্ত নাহি জানিবা সম্প্ৰতি।নৰক ভুঞ্জিয়া হুইব দূতৰ সঙ্গতি॥সাত তন্ত্ৰে মহেশত কহিছা নাৰদত।নুহিকে অন্যথা ইটো শাস্ত্ৰৰ সন্মত॥ ৫৩৫অভক্তৰ ধনে দেই মহা দুৰ্গতিক।ধন গৰ্ব্বে কদাচিতো নভজে হৰিক॥ভোগ ঐশ্বৰ্য্যে অন্ধ হুয়া অতিশয়।যেন জীৰ্ণ গৰু পঙ্কে পড়িয়া মৰয়॥৫৩৬ভকতৰ ধনে হোৱে ভক্তিৰ সাধন।পূৰ্ব্ব এক কথা কহোঁ শুনা দিয়া মন॥ব্ৰহ্মানন্দ আদি কৰি পণ্ডিত সমস্ত।কদাচিতো নুহি তাৰা কৃষ্ণত ভকত॥৫৩৭কিমতে কৃষ্ণক ভজে চিন্তিলোঁ উপাই।এক দিনা ব্ৰাহ্মণক আনিলো মতই॥আসিলত গুৰু বৰ লভিলোঁ আনন্দ।দিয়াইলোঁ আসন বসিলন্ত ব্ৰহ্মানন্দ॥ ৫৩৮ব্ৰাহ্মণ বদতি তুমি শুনিয়ো শঙ্কৰ।কি কাৰ্য্য সাধিবে লাগে কহিয়ো সত্বৰ॥
তুমি মহা মহন্তক দৰশন ভৈলোঁ।দেবত তীৰ্থতো ফল আধিক লভিলোঁ॥ ৫৩৯মঞি বোলোঁ গুৰু শুনিয়োক ভট্টাচাৰ্য্য।তোমাক মাতিলোঁ গুৰু কৰা এহি কাৰ্য্য॥সবাতে আধিক তুমি পণ্ডিত গহন।তজু মুখে গীতা শুনিবাক আছে মন॥ ৫৪০পুণ্য মাঘ মাস আসি পাইলকে সন্নিত।একৰূপ গীতা শুনিবাক আছে চিত্ত॥শুনি ব্ৰহ্মানন্দে পাচে বুলিলা বচন।সীতা শাস্ত্ৰ পঢ়িবাক মোৰো আছে মন॥৫৪১বুলিলোঁহো পাচে মঞি লোকক শুনাই।কিছো দক্ষিণাক আগে দিবাক যুৱাই॥যাৰ যেন শক্য পাৰা বিত্ত আনি দয়ো।পঢ়িবন্ত গীতা শাস্ত্ৰ সবেয়ো শুনিয়ো॥ ৫৪২দক্ষিণ হস্তক পাতি লন্ত ব্ৰহ্মানন্দে।দিবেক লাগিলা বিত্ত মনত আনন্দে॥কতো এক তোলা বতে তিনি মসা বিত।অৰ্দ্ধ তোলা তুচ্ছ নাহি দেন্ত ৰঙ্গ চিত্ত॥৫৪৩তেখনে পাইলেক বিপ্ৰে বিত্ত এক পুষ।বিত্ত পাই চিত্ত কৰে উলুষ-মানুষ॥
দিলোঁহো তাম্বুল গুৰু গৃহে চলি গৈলা।আছন্ত অন্ধক পিতৃ সমীপ চাপিলা॥ ৫৪৪শুনিয়োক পিতা কহোঁ এক অভিপ্ৰাই।শঙ্কৰে নিলন্ত আজি আমাক মতাই॥গীতা পঢ়িবাৰ অৰ্থে বিত্ত দিলা মোক।হাত ফুৰাই আমাৰ হাতত দেখিয়োক॥ ৫৪৫শুনি বাপ খনে হাত হাতত দিলন্ত।বহু বিত্ত পাই হাতে লৱন্ত-থৱন্ত॥বিস্তৰ বিত্তক পাই হৰিষিত মন।ব্ৰহ্মানন্দক যে পাচে বুলিলা বচন॥ ৫৪৬যত খানি বিত্ত তুমি দেখাইলা আমাক।কুৰি গুটি পণ্ঠা কটাইলে নপাই আক॥দুখৰূপ কৰ্ম্ম যত সবে পৰিহৰা।শঙ্কৰে বোলন্ত যিবা সেহি বাক্য কৰা॥ ৫৪৭পঢ়িলন্ত গীতা গুৰু মহা ৰঙ্গ মনে।পৰম হৰিষে শুনিলন্ত সৰ্ব্বজনে॥গীতা সাঙ্গ কৰিয়া খোজন্ত যাইবাক।পূৰ্ব্ব মতে বিত্ত দিয়া বুলিলন্ত বাক॥৫৪৮পঢ়িলাহা গীতা শাস্ত্ৰ কৃষ্ণৰ বচন।গীতাৰ শকতি কৈলা একান্ত শৰণ॥
কৃষ্ণৰ বচন যিটো জনে নমানয়।পাষণ্ডতো ধিক সিটো ছুইবে যোগ্য নয়॥ ৫৪৯তোৰা সৱে কৱা ইটো কৃষ্ণৰ বচন।কিবা হেতু নলৱাহা কৃষ্ণত শৰণ॥শুনি ব্ৰহ্মানন্দে বুলিলন্ত শঙ্কৰক।গীতাৰো সন্মত আছে ভজিবোঁ কৃষ্ণক॥৫৫০গৈলন্ত ব্ৰাহ্মণ বিত্ত দেখাইলা পিতাক।চাহিলন্ত ব্ৰাহ্মণে হাতত দিয়া হাত॥পূৰ্ব্বৱতে বিত্ত পাই আনন্দ মনত।কহিলন্ত কথা পাচে আনো ব্ৰাহ্মণত॥ ৫৫১গীতা ভাগৱততো সবাৰো ভৈল মন।বিত্ত লোভে পঢ়িবাক সবাৰো যতন॥ভকতক দ্বেষ বুদ্ধি সবেয়ো এড়িলা॥উগ্ৰ মূৰ্ত্তি ব্ৰাহ্মণক ধনে বশ্য কৈলা। ৫৫২শুনিয়ো মাধৱ তুম আমি কৰোঁ যাক।আনো সৱ লোকে ধৰ্ম্ম বুলিবেক তাক॥এতেকে বিহিত কৰ্ম্ম কৰিতে যুৱাই।অবিহিত নাচৰিবা মোৰ অভিপ্ৰাই॥ ৫৫৩শুনিয়া মাধবে নমস্কাৰ কৰিলন্ত।পৰম হৰিষে পাচে ৰঙ্গে ৰহিলন্ত॥
কৃষ্ণ কথা কহি ৰঙ্গে ৰহিলা শঙ্কৰ।শুনিয়োক কথা আবে আত অনন্তৰ॥ ৫৫৪তীৰ্থ কৰিবাক শঙ্কৰৰ ভৈলা মন।লগতে সাজিলা সবে যত মহাজন॥অনন্তৰে যাই গঙ্গা তীৰ্থক পাইলন্ত।তীৰ্থৰ নিয়মে গঙ্গা স্নান কৰিলন্ত॥৫৫৫নায়ণৰ খুড়া তান নামত চৈত্যন্য।দেখে নাৰায়ণক সম্যকে জৗৱ প্ৰায়॥নাহিবন্ত নাৰায়ণ আশঙ্কা মনত।নেনন্ত বৃদ্ধক তেভো গৈছন্ত লগত॥ ৫৫৬শঙ্কৰে বোলন্ত শুনিয়োক নাৰায়ণ।আমাৰ লগত যাইতে তোমাৰ যতন॥তুমি গৈলে বৃদ্ধে সাজে তোমাৰ লগত।কেন মতে যাইবে বুলিবাকো আশকত॥ ৫৫৭লগে গৈলে বৃদ্ধে দুখ পাইবে বহুতৰ।মোহোৰ বচনে উলটিয়া যায়ো ঘৰ॥শুনি নাৰায়ণে নমস্কাৰ কৰিলন্ত।বৃদ্ধৰ কাৰণে ঘৰে ফিৰি আসিলন্ত॥ ৫৫৮গৈলন্ত শঙ্কৰ পাচে পশ্চিমক প্ৰতি।সমস্তে তীৰ্থতে স্নান কৰি মহামতি॥
আলিনাম নগৰত ৰহিলন্ত যাই।এক সন্ন্যাসীয়ো বাসা লৈলা সেহি ঠাই॥৫৫৯নানা দ্ৰব্য কিনি আনি ভোজন কৰিলা।কৃষ্ণৰ চৰিত্ৰ কথা কহিবে লাগিলা॥শঙ্কৰৰ মূখে কৃষ্ণকথা শুনিলন্ত।সঙ্গঃকৃতে সন্ন্যাসী বচন বুলিলন্ত॥ ৫৬০শঙ্কৰে বোলন্ত ইটো সন্ন্যাসী পণ্ডিত।পুছিলন্ত শঙ্কৰে বুলিয়া সঙ্গঃকৃত॥দুইকো দুই আপুনাৰ নাম কহিলন্ত।সন্ন্যাসী বোলন্ত মোৰ শুনিয়ো বৃত্তান্ত॥ ৫৬১আছা ৰূপ সনাতন পৰম ভকত।বৈৰাগ্য তেজিলা ৰাজ্যভোগ আছে যত॥বৃন্দাবনে আনন্দে আছন্ত দুই ভাই।হাতত মন্দিৰা কৃষ্ণলীলা গুণ গাই॥ ৫৬২কেৱল ভক্তিৰ ভাগ কহিলা যুগুতি।অনন্তৰে শঙ্কৰে পুছিলা তাঙ্ক মাতি॥কেৱল ভক্তিৰ ভাগ কহিলা আপুনে।সন্ন্যাসীৰ ধৰ্ম্মক ধৰিলা কি কাৰণে॥ ৫৬৩বোলন্ত শুনিয়ো মোৰ বচন প্ৰবাসী।সন্ন্যাসীৰ বেশ মাত্ৰ নুহিকো সন্ন্যাসী॥
শঙ্কৰৰ সন্ন্যাসীৰ সম্বাদ উত্তম।শুনিছা ভকত সবে পৰিয়া নিঝম॥ ৫৬৪শেষ প্ৰহৰৰ নিশি নিদ্ৰা কৰিলন্ত।ৰজনী প্ৰভাতে উঠি সন্ন্যাসী গৈলন্ত॥অনন্তৰে ৰাম ৰাই বুলিলা বচন।শুনা দাদা আমি যাওঁ আজি বৃন্দাবন। ৫৬৫গোকুল যমুনা আদি গিৰি গোবৰ্দ্ধন।দেখিবোঁ কৃষ্ণৰ ক্ৰীড়া স্থান বৃন্দাবন॥যাইবোঁ বুলি শঙ্কৰেও দিলন্ত সন্মত।পূৰ্ব্ব কথা মাধৱৰ পৰিলা মনত॥ ৫৬৬শঙ্কৰদেৱৰ পত্নী লক্ষ্মী সম সতী।মাধৱক বিৰলে বুলিলা পূৰ্ব্বে মাতি॥শুনিয়ো মাধৱ তুমি মোহোৰ বচন।কদাচিতো প্ৰভুক নেনিবা বৃন্দাবন॥ ৫৬৭শুনি আছোঁ ৰাই বৃন্দাবনক যাইবন্ত।আমাৰ গোঁসাই গৈলে ফিৰি নাসিবন্ত॥ঈশ্বৰ মানিয়া সেৱা কৰোঁ প্ৰতিনিত।কায়বাক্যমনে মোৰ প্ৰভুতেসে চিত্ত॥ ৫৬৮জানিবা মাধৱ মোৰ বচন কৰিবা।কদাচিতো তুমি বৃন্দাবনক নযাইবা॥
তুমি নগৈলাতে তাৰা সবো নযাইবন্ত।নিশ্চয় বুলিলো ঘৰে ফিৰি নাসিবন্ত॥ ৫৬৯আৰো কেন মতে মঞি যাঞো বৃন্দাবন।মাধৱ চলছদ্মে হেন বুলিলা বচন॥তোৰা সবে যাৱা মঞি ন যাও স্বৰূপত।খাইবে দ্ৰব্য বিত্ত মোৰ নাহিকে লগত॥ ৫৭০হেন শুনি ৰাই পাচে বুলিলা বচন।শুনিয়োক মাধৱ তোমাক দিবো ধন॥যতখানি বিত লাগে তজু খচিবাক।নিষ্ট কৰ বোলে৷ মঞি দিবোহো তোমাক॥ ৫৭১মাধৱে বোলন্ত বিত্ত দিবাহা খচিবোঁ।ঘৰে আসি পাচে কোন উপাই সুজিবোঁ॥ৰাই বোলে এড়িলো নেদিবা বিওক।আসা গৈয়া দেখো বৃন্দাবন গকুলক॥ ৫৭২শঙ্কৰে মাতম্ভ পাচে মাধৱক চাই।ভাল বচনক বুলিলন্ত ৰাম ৰাই॥আসা একেলগে সৱে যাঞো বৃন্দাবন।আছা বৃন্দাবন দাস হৈবো দৰিশন॥ ৫৭৩যি সব ভক্তিৰ ভাৱ কৰবোঁ বেকত।হুই নুই পুছি তান্তে লৈবোঁহো সম্মত॥
শুনিয়া মাধৱে মাতিলন্ত গল ভৰি।নযাইবোঁ নযাইবোঁ বুলিলোঁহো দৃঢ় কৰি॥ ৫৭৪আছা বৃন্দাবন দাস পুছিবোঁ কথাক।তেহে হুই বোলে যেবে মানিবোঁ তোমাক॥যদি নুহি বোলে তেবে তোমাক তেজিবোঁ॥বৃন্দাবন দাস মুখে শংসয় ছেদিবোঁ॥ ৫৭৫তোমাৰ কথাত আছে শংসয় মনত।গুচাইবোঁ শংসয় কথা পুছিয়া আনত॥এহি কাৰ্য্যে আসি আছোঁ তোমাৰ লগত।নযাইবোঁ নযাইবোঁ বাপ বুলিলোঁ নিশ্চিত॥ ৫৭৬মাধৱৰ দৃঢ় কক্ষা সবেও শুনিলা।ৰাইক সম্বোধি পাচে শঙ্কৰে বুলিলা॥মাধৱ নগৈলে মঞি নপাৰোঁ যাইবাক।যেন লাগে কৰা ৰাই বুলিলোঁ তোমাক॥ ৫৭৭বৃন্দাবনো যাই সবে ক্ষেত্ৰে আসিলন্ত।জগন্নাথ ক্ষেত্ৰে কতো দিন বঞ্চিলন্ত॥চৈতন্য গোঁসাঞি তথা ভৈলা দৰিশন।দুইকো দুই চাহিলা নাহিক সম্ভাষণ॥৫৭৮মুহূৰ্ত্তেক মান দুই চাহি আছিলন্ত।নিবৰ্ত্তিয়া আসি বাসা ঘৰে আসিলন্ত॥
যত মুখ্য পাণ্ডা সবে দেখি শঙ্কৰক।কৰিলা সৎকাৰ দিয়া মহা প্ৰসাদক॥৫৭৯ভকত গণৰ সঙ্গে ৰঙ্গে ভুঞ্জিলন্ত।পৰম আনন্দে কতোদিন বঞ্চিলন্ত।জগন্নাথ প্ৰণময় বিদায় কৰিল।মুখ্য পাণ্ডা সবে আসি আগবঢ়াই থৈল॥ ৫৮০পুনু নিজ গৃহে আসি পাইলন্ত শঙ্কৰ।মিলিল আনন্দ দেখি বন্ধু সমস্তৰ॥পূৰ্ব্বৱতে কৃষ্ণকথা সৱে পাতিলন্ত।সমস্তে ভকত সমে ৰঙ্গে ৰহিলন্ত॥ ৫৮১শুনা সাধুজন কথা আত অনন্তৰ।যেন মনে বংশাৱলী পাইলন্ত শঙ্কৰ।পৰম পণ্ডিত নাম কণ্ঠ যে ভূষণ।বেদান্ত পঢ়িবে গৈলা বাৰাণশী থান॥৫৮২আছন্ত সন্ন্যাসী তান নাম ব্ৰহ্মানন্দ।বেদান্ত পঢ়ান্ত তথা কৰিয়া আনন্দ॥ষাঠি যে সওৰি ছাত্ৰে বেদান্ত পঢ়য়।ভাগৱত শাস্ত্ৰৰ প্ৰসঙ্গ ভৈলা তয়॥৫৮৩ব্ৰহ্মানন্দে ভাগৱত শ্লোক তুলিলন্ত।নিশবদে ছাত্ৰ সবে শুনিয়া আছন্ত॥
কণ্ঠ ভূষণে পঢ়িলন্ত সবাতো আগে।পঞ্চিশে চল্লিশে শ্লোক তোলা একেলগে॥ ৫৮৪শুনি সন্ন্যাসীৰ মহা বিস্ময় মনত।তোমাৰ বাক্যত তেবে পঢ়ো ভাগৱত॥কণ্ঠ ভূষণে শুনিয়া হৰিষে কহন্ত।আমাৰ ৰাজ্যত এক বৈষ্ণব আছন্ত॥ ৫৮৫ভাগৱত শাস্ত্ৰ তেন্তে কৰিয়া বিচাৰ।পদবন্ধে ভাগৱত কৰিলা প্ৰচাৰ॥স্ত্ৰীয়ে শূদ্ৰে গৱে শুনে পৰম আনন্দে।পৰম বিস্ময়ে মাতিলন্ত ব্ৰহ্মানন্দে॥৫৮৬তান কিবা নাম কহা যে কণ্ঠ ভূষণ।কেন বা কৰিছা পদ শুনো দিয়া মন॥কণ্ঠ ভূষণে পদ গাইবাক লৈলন্ত।অশ্বত্থ মূলত বসি আছ ভগৱন্ত॥ ৫৮৭ভকতিৰ তত্ত্ব কহিলন্ত উদ্ধৱত।যাক হৰি কহি আছ৷ ব্ৰহ্মাৰ আগত॥মহা ভাগৱত কথা একাদশ স্কন্ধ।পৰম সন্তোষ ভৈলা শুনি ব্ৰহ্মানন্দ॥ ৫৮৮কণ্ঠভূষণে পদ গাইলন্ত হৰিষে।সবাৰো মনত যেন অমৃত বৰিষে॥
সন্ন্যাসী পুছিলা কণ্ঠ ভূষণত পাচে।মহা পুৰুষ সিটো কোন দিশে আছে॥ ৫৮৯কোন ৰূপে দেখা দিয়া আছন্ত লোকত।স্বৰূপ কৰিয়া কহা মোহোৰ আগত॥কণ্ঠ ভূষণে শুনিয়া কহিলা সমস্ত।ৰূপ গুণ ধৈয্য শাস্ত্ৰপৰাক্ৰম যত॥ ৫৯০যি দিশে আছন্ত সিটো দিশ দেখাইলন্ত।মনত হৰিষে পাচে সন্ন্যাসী বোলন্ত॥কণঠ ভূষণ শুনা মোহোৰ বচন।মহা পুৰুষৰ যেন কহিলা লক্ষণ॥৫৯১দুই খানি হস্ত মাত্ৰ দেখাইলা লোকত।গুপ্ত কৰি থাকিলন্ত আউৰ দুই হস্ত॥যি দিশত আছা মহা পুৰুষ শঙ্কৰ।সি দিশক সন্ন্যাসী কৰিলা নমস্কাৰ॥৫৯২নমস্কাৰ কৰি মহা মান্য কৰিলন্ত।কণ্ঠ ভূষণক পাচে বাক্য বুলিলন্ত॥হেনয় পুৰুষ পাই কি কাৰ্য্যে এড়িলা।বেদান্ত পঢ়িবে তুমি কি কাৰ্য্যে আসিলা॥ ৫৯৩সমস্ত বেদান্ত সাৰ শীৰিভাগৱত।যাহাৰ মিলিল ৰতি ইহাৰ ৰসত॥
অন্যত্ৰ ৰসতে আৰ নাহিকে তৃপিতি।পৰম কঠিন ইটো বেদান্ত সম্প্ৰতি॥ ৫৯৪নপঢ়িবা আক মোৰ বাক্য শুনিয়োক।আমি কিবা সন্দেশ দিবোঁহো শঙ্কৰক।বংশাৱলী নামে এক আনিলা পুস্তক।।৫৯৫কণ্ঠ ভূষণক দিয়া বুলিলা আশেষ।শঙ্কৰক দিবা নিয়া আমাৰ সন্দেশ।।এতেক বোলন্তে প্ৰেম উপজিলা আসি।সজল নয়নে মৌন ভৈলন্ত সন্ন্যাসী॥ ৫৯৬কণঠ ভূষণে নমস্কাৰ কৰিলন্ত।ৰত্নাৱলী পায়া আতি শীঘ্ৰে লৰিলন্ত।।শুনা সভাসদ পদ থিৰ কৰি মন।সন্ন্যাসীৰ দেখা কেন গৌৰব বচন॥ ৫৯৭মহন্তৰ মান মহাজনেসে জানয়।যেন সুবৰ্ণৰ বৰ্ণ বণিয়া চিনয়।।পূৰ্ব্বে দেৱগণে নাম গুপ্ত কৰি থৈলা।শঙ্কৰ স্বৰূপে আসি বেকত কৰিলা॥ ৫৯৮মহা সুখে গাৱে শুনে যত নৰ নাৰী।শঙ্কৰৰ গুণ কোনে বৰ্ণাইবাক পাৰি।।
লোকক কৃপাযে হৰি ভৈলন্ত বেকত।হৰি ভক্তি দান দিয়া তাৰিলা জগত॥৫৯৯হেন প্ৰাণ বন্ধু কৃষ্ণ দৈৱকী তনয়।মঞি অধমত প্ৰভু হুয়োক সদয়॥মহা জ্ঞান শূন্য মঞি মূৰ্খত প্ৰধান।শঙ্কৰ চৰিত্ৰ পদে কৰিলোঁ ব্যাখ্যান॥৬০০হৌক আদৰণি পদ মহন্ত সবাৰ।কৃষ্ণৰ কৃপাত হৌক জগতে প্ৰচাৰ॥মহা পুৰুষৰ লীলা অমৃত সাগৰ।শুনা সভাসদ কৰ্ণ ভৰি নিৰন্তৰ॥৬০১নমো নমো কৃষ্ণ প্ৰভু অগতিৰ গতি।তোমাৰ চৰণে মোৰ নিমজ্জোক মতি॥বচনে নেড়োক সদা তজু গুণ নাম।নিস্তৰো তেবেসে বোলা ৰাম ৰাম ৰাম। ৬০২
কণ্ঠ ভূষণ ভৈল ৰঙ্গ মনপায়া পুথি ৰত্নাৱলী।শঙ্কৰ দেৱক দেখিবাক মনশীঘ্ৰ বেগে আসে চলি॥
কেতিখনে যাই দেখে শঙ্কৰকহেনসে খেদ মনত।কতোদিনে আসি প্ৰবেশ ভৈলন্তবড়পেটা নগৰত॥ ৬০৩বড়পেটা গ্ৰাম আতি অনুপমতহিতে আছা শঙ্কৰ।তাহান গৃহত ভৈল উপগতহৰিষতে বিপ্ৰবৰ॥ভকতক পাই বুলিলন্ত চাইশুনিয়ো তুমি ভকত।দেখিবাক লাগি আসি আছোঁ আমিকৈয়ো গৈয়া শঙ্কৰত॥৬০৪ভকতে কহিলা শঙ্কৰো আসিলামনত পৰম তুষ্টি।দেখি শঙ্কৰক ৰঙ্গে বিপ্ৰ বৰেধৰিলা আসি সাবটি॥শৰীৰৰ ৰোম ভৈল উৰ্দ্ধগামীবহে নয়নৰ জল।গদগদ বাক্যে বোলন্ত দেখিলোঁকৰিলোঁ জন্ম সফল॥ ৬০৫
বচনে আশ্বাস কৰিলা শঙ্কৰবসিলন্ত আসনত।ভকতে ধুৱাইলা ব্ৰাহ্মণৰ ভৰিদূৰ গৈল শ্ৰম যত॥কন্ঠ ভূষণত পুছিলা শঙ্কৰপঢ়িলা তুমি বেদান্ত।কোনবা গুৰুত অভ্যাসিলা শাস্ত্ৰকহিয়ো সবে বৃত্তান্ত॥ ৬০৬কন্ঠ যে ভূষণে মধুৰ বচনেকহিলা সমস্ত কথা।শঙ্কৰৰ যেন সম্বাদ মিলিলসন্ন্যাসীৰ আগে তথা॥তজু যশ ৰাশি শুনিয়া সন্ন্যাসীভৈলন্ত ৰৰ আনন্দ।দিশ লক্ষি পাচে প্ৰণাম কৰিলা,সন্ন্যাসী যে ব্ৰহ্মানন্দ॥ ৬০৭ভকতো পৰম পণ্ডিতো উত্তমসন্ন্যাসী আতি বিশেষ।তোমাত সাদৰি পুথি ৰত্নাৱলীদিলন্ত হেন সন্দেশ॥
এহি বুলি উঠি পুথি ৰত্নাৱলীশঙ্কৰৰ হাতে দিলা।পুষ্প তামুলক বসন লভিয়াব্ৰাহ্মণ ঘৰক গৈলা॥৬০৮মাধৱক মাতি বুলিলা শঙ্কৰপঢ়িয়া পুথি আপুনি।কোন গ্ৰন্থ ইটো পুথি ৰত্নাৱলীসাৱধানে থাকোঁ শুনি॥মাধৱে পঢ়ন্ত শঙ্কৰে শুনন্তআতি মহা ৰঙ্গমন।প্ৰথমৰে পৰা পঢ়িয়া নিলন্তআঠ নৱ বিৰচন॥ ৬০৯মাধৱক মাতি বুলিলা শঙ্কৰভাল গ্ৰন্থ ৰত্নাৱলী।বিষ্ণু পুৰি মহা যত্ন কৰিলন্তবাৰ্হ কাণ্ডে সাৰ তুলি॥ভকতৰ ইটি পৰম সৰ্বস্বঅমূল্য ইটি ৰতন।কিন্তু শিৰ ভাগ নাহিকে গ্ৰন্থৰকৃষ্ণৰ এক শৰণ॥ ৬১০
পুস্তকৰ শেষ পঢ়িয়ো মাধৱকেনবা আছন্ত কৰি।শুনিয় মাধৱে পঢ়িবে লাগিলোমনত ৰঙ্গে সাদৰি॥কৃষ্ণৰ শৰণ কথা বিৰচনপঢ়িয়া একান্ত মতি।বিষ্ণু পুৰি কৃত পুথি ৰত্নাৱলীকৰিলন্ত সমাপতি॥৷ ৬১১কৃষ্ণৰ শৰণ এক বিৰচন ভকতিকশ্ৰীমন্ত শঙ্কৰে শুনিলন্ত।সবাকে সম্বুধি পাচে বিষ্ণু পুৰি সন্ন্যাসীকআনন্দে প্ৰশংসা কৰিলন্ত॥সাধু সাধু বিষ্ণুপুৰি আতি বৰ যত্ন কৰিপ্ৰচাৰিলা কৃষ্ণ গুণ যশ।বাহঁ কন্ধ বিচাবিয়া ভক্তিচয় প্ৰকাশিয়াভকতৰ পৰম সৰ্ব্বস্ব॥ ৬১২মাধৱক চাই পাচে কোমল মধুৰ বাক্যেশঙ্কৰে বুলিলা এহি বাণী।ভক্তি ৰত্নৰলী গ্ৰন্থ পদ আৰ কৰিয়োকপঢ়োক শুনুক সবে প্ৰাণী॥
ভক্তি ৰত্নাৱলী ভাষ্য পৰম ৰহস্য গ্ৰন্থআৰ অৰ্থ বুঝন দুষ্কৰ।পদ বন্ধে কৰিয়োক লোকত প্ৰচাৰ হৌকশুনি নিস্তাৰোক সবে নৰ॥ ৬১৩নমস্কাৰ কৰি পাচে মাধৱে বুলিবে লৈলাইটো শক্য নাহিকে আমাৰ।তোমৰা কৰিয়ো পদ তেবেসে সুন্দৰ হৈবেপ্ৰশংসনি পণ্ডিত সবৰ॥শঙ্কৰে বোলন্ত তুমি পদ আৰ কৰিয়োকনিশ্চয় বুলিলোঁ মঞি কাজ।কোমল মধুৰ আতি অমৃত সমান হৈবেশুনিবেক পণ্ডিত সমাজ॥ ৬১৪ভক্তি ৰত্নাৱলী গ্ৰন্থ পদবন্ধে নিবন্ধিলেসবাৰো বিস্ময় হুইবে মনে।পঢ়িবে শুনিবে যত্নে লোকত প্ৰকাশ হুইবেসাদৰিবে যত মহাজনে॥শঙ্কৰৰ বাণী শুনি মাধৱে মনত গুণিপৰম হৰিষ আতি ভৈলা।ৰত্নাৱলী গূঢ় গ্ৰন্থ বিচাৰি তাহাৰ অৰ্থপদবন্ধ কৰি প্ৰকাশিল॥ ৬১৫
ৰত্নাৱলী পদ শুনি সবাৰো বিম্ময় মনযিটো অৰ্থ আছয় শ্লোকত।গুৰুবাক্য শিৰোগত কৰিয়া মাধৱে আনিনিবন্ধিলা সমস্তে পদত॥মাধৱৰ গুণ চয় বৰ্ণাইবেক কোনজনশঙ্কৰৰ সদৃস শকতি।শিষ্য গুৰু ভাৰ হুয়া লোক সবে নিস্তাৰিলাপ্ৰকাশিয়া হৰিৰ ভকতি। ৬১৬শুনিয়োক সৰ্ব্বজন কৃষ্ণ পদে দিয়ো মনশঙ্কৰ চৰিত্ৰ কথা সাৰ।বিষয়ত আশা এড়ি ইহাত বিশ্বাস কৰিঅনায়াসে তৰিয়ো সংসাৰ॥শঙ্কৰ দেৱৰ কৃপা দেখিয়োক কেন মহামাধৱক আদেশ কৰিলা।গুৰুবাক্য শিৰোগত কৰিয়া মাধৱে ৰঙ্গেআনন্দে ভক্তিক প্ৰবৰ্ত্তাইলা॥ ৬১৭শ্ৰীমন্ত শঙ্কৰদেৱ বৈকুণ্ঠক গৈলা যেবেমাধৱ ৰহিলা পৃথিবীত।সিটো পদ ভটিমাক বিস্তৰ কৰিয়া আতিভকতিক কৰাইলা বিদিত॥
তান্তি কুঞ্চি নাম গ্ৰামে সত্ৰ পাতিলন্ত ৰঙ্গেদেৱগৃহ নিৰ্ম্মিলা তহিত।সমস্তে লোকক চানি ভকতিক প্ৰবৰ্ত্তাইলাইটো কথা বিদিত সবাত॥৬১৮শ্ৰীশঙ্কৰ মাধৱক দেখিলন্ত যিটো লোককথা শুনি তাসম্বীৰ মুখে।পাপ কৰি মসিমুৰ সংশয় কৰিয়া দূৰসংসাৰ তৰিয়া গৈল সুখে।শঙ্কৰৰ মাধৱৰ চৰিএক যিটো নৰকৰে সদা শ্ৰবণ কীৰ্ত্তন।পাপত মুকুত হুয়া অন্তকালে পাইব গৈয়ামহাসুখে বৈকুণ্ঠ ভুবন॥ ৬১৯নমো নমো কৃষ্ণদেৱ দৈবকী নন্দন প্ৰভুমঞি অধমক কৰা দায়া।তজু পদপঙ্কজত সদা নিমজ্জোক মন:দূৰ কৰা মোৰ মোহ মায়া।তোমাৰে মায়ায়ে হৰি ফুৰাৱে আকুল কৰিদুখময় ইটো সংসাৰত।বোলোঁহো কাকূতি কৰি মায়া দূৰ কৰি হৰিৰাখা মন তজু চৰণত॥ ৬২০
ক্ৰোধ কৰি চক্ৰ ধৰি যাক প্ৰাণে বধা হৰিসিয়ো তজু ৰূপে লীন হোৱে।তোমাৰ ক্ৰোধক হৰি আন দেৱতাৰ বৰেকদাচিতো সমতুল্য নোৱে।এহি জানি কৃপাময় চৰণে শৰণ লৈলোঁনকৰিবা মোৰ আশা ভঙ্গ।মোৰ নিজ কৰ্ম্মফলে যৈতে তৈতে হৌক জন্মদিয়া তজু ভকতৰ সঙ্গ। ৬২১তজু ভকতৰ সঙ্গে তৱ কথামৃত শুনিমন শান্ত কৰিবোঁ আমাৰ।দৈবকী নন্দন প্ৰভু কৃষ্ণদেৱ জয় জয়কৰা ঘোৰ সংসাৰে উদ্ধাৰ॥তজু চৰণত ধৰোঁ এতেক কাৰ্পণ্য কৰোঁ।মোৰ মুখে নাচাড়োক নাম।দ্বিজ ভূষণে যে কহে কলি পাপ নামে দহেনিৰন্তৰে বোলা ৰাম ৰাম॥ ৬২২
জয় জয় কৃষ্ণ প্ৰভু দৈৱকী নন্দন।ব্ৰহ্মা মহেশ্বৰো সেৱে যাহাৰ চৰণ॥
পৰম পতিতো তৰে যাৰ লৈলে নাম।হেনয় কৃষ্ণ পদে সহস্ৰ প্ৰণাম॥ ৬২৩নমো নমো নাৰায়ণ জগত কাৰণ।হুয়ো কৃপাময় মঞি পাপীত প্ৰসন॥মহা মূৰ্খ হুয়া মূঢ়মতি আতি দম্ভ।শঙ্কৰ চৰিত্ৰ পুনু কৰিলোঁ আৰম্ভ॥ ৬২৪ইটো মোৰ দোষ ক্ষমি মহন্ত সকলে।যাৰ ইচ্ছা আছে শুনা মহা কুতুহলে॥মাধৱ নাৰায়ণ দুই সখি কৰিলন্ত॥যেন মতে নাৰায়ণে লোক মিলাইলন্ত॥ ৬২৫নৰ নাৰায়ণে নিয় ইলন্ত শঙ্কৰক।কথায়ে জিনিলা সৱে পণ্ডিত সৱক॥নাৰায়ণ গোকুলচান্দ দুই মহন্তক।নৰ নাৰায়ণে দুইকো দিলেক ভোটক॥ ৬২৬শুনি শঙ্কৰৰ দুখে নসহয় হিয়া।নেনিলেক ভোটে দেৱ মানুষ বুলিয়া॥পৃথিবী এড়িয়া যেবে শঙ্কৰ গৈলন্ত।সত্ৰ পাতি ভকত যথাত বঞ্চিলন্ত॥৬২৭কথাৰূপে প্ৰপঞ্চিয়া নিশেষে কহয়।পদবন্ধে নিবন্ধিলে বাহুল্য হোৱয়॥
সংক্ষেপ কৰিয়া এবে শুনিয়ো সম্প্ৰতি।ভনে দ্বিজ ভূষণে গোবিন্দ পদে মতি॥ ৬২৮মহাৰঙ্গে কথা কহি থাকন্ত শঙ্কৰে।হৰিষতে শুনন্ত ভকত নিৰন্তৰে॥পুৰাণ ভাৰত ৰামায়ণ ভগৱত।কথাৰূপে কহি সৱে থাকন্ত সমস্ত॥ ২৯পূৰ্ব্বে নাৰায়ণে শঙ্কৰক লগ পাইলা।শুনা যেন মতে আনি ভকত মিলাইলা।জয়ন্তীৰ মাধৱক আনিবাক মনে।গৈলা নাৰায়ণ পাচে শঙ্কৰ বচনে॥ ৬৩০মাধৱক আগে নাৰায়ণ নমিলন্ত।মাধয়ো আনন্দে উঠি আসন দিলন্ত॥বসিলন্ত নাৰায়ণ মাধৱে পুছিলা।কোন গ্ৰামে থাকা তুমি কি কাৰ্য্যে আসিলা॥ ৬৩১মাধৱে পুছিলা নাৰায়ণে কহিলন্ত।বড়পেটা গ্ৰামে তথা শঙ্কৰ আছন্ত॥হালধীয়া গ্ৰাম হন্তে উজাই আসিলোঁ।মহা ভাগ্যে শঙ্কৰ দেৱক লাগ পাইলোঁ॥ ৬৩২শঙ্কৰৰ আগে কৈলোঁ তোমাৰ কথাক।তান বাক্যে আসিয়াছোঁ তোমাক নিবাক॥
শুনিয়া মাধৱ বৰ আনন্দ ভৈলন্ত।পুষ্পে যে তাম্বুলে তাঙ্ক অৰ্চ্চা কৰিলন্ত॥৬৩৩শঙ্কৰৰ পাশে চলি গৈলা তেতিক্ষণে।কৰিলা প্ৰণাম পৰি শঙ্কৰ চৰণে॥শঙ্কৰে মধুৰ বাক্যে অশ্বাস কৰিলা।মনত সন্তোষে পাচে আসনে বসিলা॥ ৬৩৪শঙ্কৰে হৰিষে পাচে বুলিলা বচন।তোমাৰ কথাক কহিলন্ত নাৰায়ণ॥পঠাইলোঁহো মাতি আতি শীঘ্ৰে আসিয়োক।আমিয়ো দেখোহোঁ আমাক দেখন্তোক॥ ৬৩৫শঙ্কৰৰ বাক্যে মহা আনন্দ লভিলা।উপদেশ পাই ৰঙ্গে কৃষ্ণক ভজিল॥শঙ্কৰ মাধবে যত কথা ভৈলা তয়।নকৰিলোঁ পদ আৰ বাহুল্যক ভয়॥ ৬৩৬এক বুঢ়ীৰ পুত্ৰক যে পৰমানন্দক।আনিলন্ত নাৰায়ণে শঙ্কৰ পাশক॥তিনি কাউণ কড়ি তেহো পৰৰ ধাৰত।আপুনাৰে দিয়া নাৰায়ণে সুজিলন্ত॥৬৩৭সিমলিয়া গ্ৰামে তথা শ্ৰীৰাম আছন্ত।একেশ্বৰে জানি নাৰায়ণে বুলিলন্ত॥
আমাৰ লগত চলা বড়পেটা গ্ৰামে।শুনিয়া কোমল বাক্যে বুলিলা শ্ৰীৰামে॥ ৬৩৮পৰৰ মুনিষ দিবোঁ বুলি আছোঁ বাক।তাৰা এড়ি দিলে মঞি পাৰো যাইবাক॥কেন মতে বাক্য এড়ি যাইবোঁ তজু সঙ্গে।হাৰাইবেক ধান মন্দ বুলিবেক খঙ্গে॥ ৬৪৯মুনিষৰ ধান নতু ঘৰক আনন্ত।বাক্য বৃথা হুবে বুলি বচন নেৰন্ত॥গৃহস্থে বোলন্ত কোপ নাহিক মনত।যায়োক সত্বৰে নাৰয়ণৰ লগত॥ ৬৪০যাইবো বাক্য বুলিলা শ্ৰীৰাম মহাৰঙ্গে।নাৱে তুলি নিবা মোক যাইবোঁ তজু সঙ্গে॥পৰ উপকাৰ অৰ্থে ধান কাটিলন্ত।নাৱে তুলি নাৰায়ণে শীঘ্ৰ আনিলন্ত॥ ৬৪১শঙ্কৰৰ পাশে গৈয়া শ্ৰীৰামে ভেন্টিলা।কৃত্যকৃত্য ভৈলোঁ বুলি মনত মানিলা॥নিৰাসিক নিৰপক্ষ আদি গুণ যত।শ্ৰীৰামত আছে জানে প্ৰশংসে সমস্ত॥ ৬৪২বিয়াসৰ পালি বলো ৰাম আছিলন্ত।লগ পায়া নাৰায়ণে তাকো আনিলন্ত॥
থিৰা যে মণ্ডল নামে গৃহস্থ আছই।মুকুন্দ গোপাল মাধৱৰ তিনি ভাই॥৬৪৩নাৰায়ণে তিনিয়ো জনক নিলা তথা।ৰৈল৷ শঙ্কৰৰ মুখে শুনি হৰিকথা॥জটিৰাম নামে এক জনক নিলন্ত।শঙ্কৰৰ আগে তান জঁট কাটাইলন্ত॥ ৬৪৪কাটা জঁট তুলি লৈলা ঝুলিৰ ভিতৰ।কোনো এক দিন তাক দেখিলা শঙ্কৰ॥কিবা বস্তু বুলিয়া পুছিলা হৰিষতে।জঁটিৰামে বোলে জঁটা থৈয়াছোঁ ঝুলিতে॥ ৬৪৫ব্ৰহ্মপুত্ৰতীৰ্থত পেহলাইবে মোৰ মন।শঙ্কৰে বোলন্ত হাঁসি শুনা নাৰায়ণ॥বাহিৰৰ জঁট জটিৰামৰ কাটাইলা॥ভিতৰত জঁট আছে কথাক শুনিলা॥৬৪৬কথাৰ আশয় জঁটিৰামে বুঝিলন্ত।দেবতীৰ্থ ধৰ্ম্মত বিশ্বাস এড়িলন্ত॥আনো যত ভকতক নাৰায়ণে পাইলা।শঙ্কৰ দেৱৰ পাশে হৰিষে মিলাইলা॥ ৬৪৭সবাকো সম্বোধি কথা শঙ্কৰে কহন্ত।গোঁসাই দামোদৰে তথা কথাক শুনন্ত॥
দেখি নাৰায়ণে শঙ্কৰত পুছিলন্ত।কহিয়োক শুনে বাপ ইহাৰ বৃত্তান্ত॥ ৬৪৮কোন গ্ৰামে থাকন্ত ইহাৰ কিবা নাম।মহা ধৈৰ্য্যৱন্ত মতি আতি অনুপাম॥শঙ্কৰে বোলন্ত শুনিয়োক নাৰায়ণ।দামোদৰ নাম এন্তে উত্তম ব্ৰাহ্মণ॥৬৪৯কৰন্ত কিৰিষি তাত নাহি আসকতি।কৃষ্ণৰ কথাত আন নিমজ্জিলা মতি॥প্ৰসঙ্গত বসি কৃষ্ণ কথাক শুনন্ত।কিৰিষি বিষয় সুখ সবে এড়িলন্ত॥ ৬৫০আছিলেক পত্নী তেহো গৈল পৰলোক।কিঞ্চিতেক মান মনে নকৰিলা শোক॥এক মাসা বিত্ত আনি আমাক দিলন্ত।পূৰ্ব্বাপৰে সুখ দুখ সবে কহিলন্ত॥ ৬৫১মঞি বোলাঁ ইটো বিও তোমাৰো নিয়োক।ভাল কন্যা জিজ্ঞাসিয়া বিহা কৰিয়োক॥যিমান পাৰোঁহো মঞি হৈবোঁহো সহাই।বোলন্ত কৰিবে বিহা মনে ইচ্ছা নাই॥৬৫২মৰিলেক পত্নী আত আনন্দ পাইলঞ।ভাতৃ পুত্ৰ পত্নী আছে তাক এড়িলঞ॥
মহন্তৰ মুখে শুনিবোঁহো কৃষ্ণ কথা।কি কাৰ্য্যে ব্ৰাহ্মণ জন্ম কৰিবোঁহো বৃথা॥ ৬৫৩বোলোঁ দামোদৰ মোৰ কথা শুনিয়োক।এহি বিত ভঙ্গাই কিছো ধান্য কিনিয়োক॥কৃষ্ণৰ কথাত যেবে নিমজ্জিবে মন।অযত্নে আসিয়া তেবে মিলিবন্ত ধন॥৬৫৪পাঞ্চবিধ মোক্ষ ফুৰৈ ভক্তৰ পাচত।সুখ দুখ পুৰুষৰ কাল কৰ্ম্ম গত॥এহি গ্ৰামে থাকা মঞি চিনাইলোঁ তোমাক।কতেক কহিবোঁ মঞি ইহান কথাক॥৬৫৫দামোদৰময় হুইবে সমস্তে জগত।বহু ব্ৰাহ্মণ কৃষ্ণত হুইবেক ভকত॥লভিবা আনন্দ আনে উপদেশ পাই।সত্ৰ পাতি ভক্তি প্ৰবৰ্ত্তাইবা ঠাই ঠাই॥ ৬৫৬সিটো বেদবাক্য ভৈলা প্ৰমাণ সম্প্ৰতি।গোঁসাই দামোদৰ নাম জগত প্ৰখ্যাতি॥আত্ম পৰ ভেদ শূন্য পৰম মহন্ত।দৰশনে সমন্তে পাতেক হোৱে হত॥৬৫৭চৰণত পৰি যিটো কৰে নমস্কাৰ।যমে বোলে মোৰ তাত নাহি অধিকাৰ॥
ধৰি উপদেশ যদি কৰয় ভকতি।অনায়াসে লভিবেক ভকতি মুকুতি॥ ৬৫৮ইটো কথা থাকোক শুনিযো অনন্তৰ।পূৰ্ব্বৱতে কথা কহি আছন্ত শঙ্কৰ॥সেহি বেলা চাৰি ৰাজদূত উপগত।প্ৰণামিয়া কথা কহে শঙ্কৰ আগত॥ ৬৫৯হেড়ম্ব দেশৰ ৰাজা পঠাইছে আমাক।অনেক ভকতিভাৱে নিবাক তোমাক॥কৃষ্ণত শৰণ লৈবে কৰিছা যতন।বিলম্ব নকৰি বাপ চলিয়ো এখন॥ ৬৬০দূতৰ বিশেষ বাক্য শঙ্কৰে শুনি৷মাধৱক চাহি পাচে বচন বুলিলা॥উঠিয়ো মাধৱ তুমি মোহোৰ বচনে।দুয়ো সখি চলিয়া যায়োক এতিক্ষণে॥ ৬৬১শুনিয়া মাধৱে পাচে বুলিলা বচন।কহিয়োক বাপ মোৰ সখি কোন জন॥শঙ্কৰে বুলিলা পাচে মাধৱক মাতি।তজু সখি নাৰায়ণ কহিলোঁ সম্প্ৰতি॥ ৬৬২শুনিয়া মাধৱে আতি মনে উল্লসিলা।সমীপতে নাৰায়ণে সাবটি ধৰিলা॥
আজি আউৰ এড়াইতে নপাৰা মোৰ হাত।মহা পুৰুষে যে সখি কৰাইলা সাক্ষাত॥ ৬৬৩শঙ্কৰে বুলিলা পাচে চাহি মাধৱক।শাস্ত্ৰ চাহি বুঝাই কহ পণ্ডিত সৱক॥মূৰ্খক বুঝাইবা কথা কহি নাৰায়ণ।বিলম্ব নকৰি লৰি যায়ো এতিক্ষণ॥ ৬৬৪শুনি দুয়ো সখি ততকালে উঠিলন্ত।নমস্কাৰ কৰি শীঘ্ৰ বেগে লৰিলন্ত॥অনন্তৰে পাইলা যাই ৰাজাৰ দুৱাৰ।দেখি নৰেশ্বৰে সাদৰ বহুতৰ॥৬৬৫কৃষ্ণত শৰণ লৈবে উদ্যম কৰিলা।দেখি নাৰায়ণে পাচে বচন বুলিলা॥বোলন্ত পুছোঁহো কৈয়ো ইহাৰ কাৰণ।কি কাৰ্য্যে কৰিছা বন্দী মনুষ্য নৱজন॥ ৬৬৬ৰাজা বোলে বৈষ্ণৱ শুনিয়ে মোৰ বাক্য।আৰো সবে চাহিলা মোহোক বধিবাক॥এতেকে কৰিলোঁ বন্দী কহিলোঁ সম্প্ৰতি।বধিবোঁ পৰাণে নকৰিবোঁ আন শাস্তি॥ ৬৬৭হেন শুনি নাৰায়ণে বচন বুলিলা।কৃষ্ণত শৰণ নিবে যতন কৰিল॥
সম দম দায়া ক্ষমা আদি গুণ যত।সমস্তে থাকিবে লাগে হৰিভকতত॥ ৬৬৮প্ৰাণী হিংসা কৰিবাক উচিত নোহয়।ভূত দায়া কৰিবাক অৱশ্যে লাগয়॥মুখত কাপোৰ দিয়া মাধৱে হাসন্ত।বিস্তৰ যুকুতি নাৰায়ণে কহিলন্ত॥ ৬৬৯শুনিয়া ৰাজাৰ মনে সন্তোষ মিলিলা।বান্ধ চোড়াই তেখনে সবাকো মেলি দিলা॥মাধৱে কহিয়া শাস্ত্ৰ যুকুতি বিশেষ।দিলন্ত ভকতিজ্ঞান তত্ব উপদেশ॥ ৬৭০নিঃসংশয় লভিলা নিশ্চয় কৰি মন।কৃষ্ণত লৈলন্ত ৰাজা একান্ত শৰণ॥কতো দিন থাকি দুয়ো সখি আসিলন্ত।শঙ্কৰৰ আগে সৱে কথা কহিলন্ত॥ ৬৭১শঙ্কৰে আশ্বাসি দুইৰো বচনে তুষিলা।গণক কুঞ্চিত আসি নিবাস কৰিল॥দিন ভৈলে শঙ্কৰৰ পাশক আসন্ত।ৰাত্ৰি ভৈলে মাধৱ হিতে থাকন্ত॥ ৬৭২ভয়ে শঙ্কৰত কথা নোসোধে ভকতে।সোধে মাধৱত কথা মহা হৰিষতে॥
মাধৱ নাৰায়ণ দুয়ো নিঃসংশয় মনে।শঙ্কৰৰ আগে কথা সোধে দুয়ো জনে॥ ৬৭৩বাসাক আসিলে বৈসে মাধৱৰ ঠাই।মাধৱে কহন্ত কথা সবাকো বুঝাই॥এক দিন কথা কহি মাধৱ আছন্ত।পূৰ্ব্বৰ কথাক নাৰায়ণে পুছিলন্ত॥ ৬৭৪মহা পুৰুষৰ সঙ্গে নপাইলোঁ যাইবাক।গঙ্গাতীৰ হন্তে ফিৰাই পঠাইল আমাক॥তুমি সব গৈলা মহা পুৰুষৰ সঙ্গে।তীৰ্থ কৰি ফুৰিলাহা মহা ৰঙ্গ মনে। ৬৭৫যৈত যিব দেখিলা শুনিলা কথা যত।শুনোঁ সবে কহিয়োক মোহোৰ আগত॥মহাপুৰুষ যে ৰাম ৰাই দুয়োজনে।যাইবাক চাহিল ব্ৰজপুৰ বৃন্দাবনে॥৬৭৬আনো লোকে সিটো থান দেখিতে বাঞ্চন্ত।তুমি নগৈলাতে তাৰা সবো নগৈলন্ত॥কিবা হেতু নগৈলা গকুল বৃন্দাবনে।কহিয়ো ঠাকুৰ শুনো মহাৰঙ্গ মনে। ৬৭৭নাৰায়ণে পুছিলা হৰিষে মাধৱৰ।বোলন্ত শুনিয়ো সখি কথা পশ্চিমৰ॥
আনো যে ভকত সবে শুনিয়া আছস্ত।সখিক সম্বুধি কথা মাধৱে কহন্ত॥ ৬৭৮শুনা সভাসদ সাৱধান কৰি চিত।পাপৰ অন্তক শীৰি শঙ্কৰ চৰিত॥ছোটো পুষ্প গোটে বড় গন্ধ মাত্ৰ কয়।যে হেন ভ্ৰমৰে তাৰ সাৰক আনয়॥ ৬৭৯ভিকতেসে লৱে মাত্ৰ শাস্ত্ৰৰ সাৰক।এতেকে শাৰঙ্গ বুলি কহে ভকতক॥অব্যক্ত ঈশ্বৰ পূজিবাবা কোন মতে।ব্যাপক বিষ্ণুক বিসৰ্জ্জিবা কোন মন্ত্ৰে॥ ৬৮০এতাৱন্ত মূৰ্ত্তি শূন্য নপাৰি তৰ্কিত।ৰাম ৰাম বুষিয়ো কৰিয়ো শুদ্ধ চিত॥নমো নমো কৃষ্ণ কৃপা কৰিয়োক মোক।তোমাৰ নামত মোৰ সদা ৰতি হৌক॥ ৬৮১মঞি দুখিতক দিয়া ভকতৰ সঙ্গ।এহি কৃপা কৰা নকৰিবা আশা ভঙ্গ॥তেবেশে কৃপাল সিদ্ধি হোৱে মন কাম।নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥ ৬৮২
মাধৱ বদতি শুনিয়া সম্প্ৰতিসখি থিৰ কৰি চিত্ত।গঙ্গা তীৰ হন্তে তুমি ফিৰি আইলেযি ভৈলা কথা তহিত॥সবাকে চাহিয়া শঙ্কৰে মাতিয়াপুছিলা কথা সাদৰি।কাত কত মান বিত্ত আছে মোতকহিয়োক নিষ্ট কৰি॥ ৬৮৩যাত যত খানি বিত্ত আছে জানিকহিলে কথা আগত।উদাৰ গোবিন্দে কহিলন্ত আগেনাহিকে বিত্ত লগত॥বোলন্ত শঙ্কৰে শুনা নিৰন্তৰেযাহত নাহিকে কড়ি।তাহাকো নেড়িবোঁ সবেয়ো পুছিবোঁএহি বুলি গৈলা লৰি॥ ৬৮৪যথাত ৰহন্ত কড়িক তোলন্তঅনুৰূপি ভাৱে তেৱে।দুই জনে যাই আনন্ত বেসাইভোজন কৰন্ত সৱে॥
পাচে একদিনা গৃহস্থ আঙ্গিনাপ্ৰবেশিলোঁ সবে যাই।কুলত কায়স্থ সজ্জন জানিয়াবাসা লৈলোঁ তৰে ঠাই॥ ৬৮৫গৃহস্থে আসিয়া বোলে সম্বোধিয়াঅতিথিৰ ভিতি চাই।যত দ্ৰব্য লাগে সবে আমি দিবোঁনিকিনিবা কাৰো ঠাই।আমি বোলোঁ কড়ি গণিয়া লৈয়োকদিয়ে যি দ্ৰব্য আছে।বোলে তোৰা আগে ভোজন কৰিয়োকড়ি বুঝি লৈবোঁ পাচে॥ ৬৮৬খড়ি মুগ দালি কলাৰ বিয়ালিতৈল আদি কৰি যত।পৰম গৌৰবে সতকাৰ ভাৱেদিলেক আনি আগত॥বন্ধণ কৰিয়া অন্নক ভুঞ্জিয়াবসিলোঁ মনত সুখে।শঙ্কৰে কহন্ত কৃষ্ণৰ কথাকশুনোঁহো সবে উৎসুকে॥ ৬৮৭
গৃহস্থে শুনিলে কৃষ্ণৰ কথাকপুহাইলে যেবে ৰজনী॥পূৰ্ব্বৱতে সবে ৰন্ধণ দ্ৰব্যকআগতে দিলন্ত আনি॥স্নান যে ভোজন কৰিয়া বসিলোঁসবেও সমাজ পাতি।গৃহস্থক আনি শঙ্কৰে বোলন্ত{{gap|3em}মধুৰ বচনে মাতি॥ ৬৮৮দুই সন্ধ্যা আমি ভোজন কৰিলোঁদিলাহা দ্ৰব্য সমস্ত।মূল্য কড়ি কৰি গণিয়া লৈয়োকচলি যাইবোঁ তীৰ্থপথ॥দুই সন্ধ্যা দুই ৰূপীয়াৰ দ্ৰব্যলগিল মনত জানি।নমস্কাৰ কৰি কৃতাঞ্জলি ধৰিগৃহস্থে বোলয় বাণী॥ ৬৮৯কত ভাগ্যে লগ পাইলোঁ তোমাসাকদ্ৰব্য দিয়া ভুঞ্জাইবাক।সব পৰিয়াৰে আলচিলোঁ মনেনলাগে কড়ি আমাক॥
আৰো এক টঙ্কা মনে মনে দিলাবেসাতি কৰাৰ হাতে।আজি যৈত ৰবা দ্ৰব্যক কিনিয়াভুঞ্জিবা সবে ভকতে॥ ৬৯০শঙ্কৰৰ পাৱে নমস্কাৰ কৰিমানিলা ভাগ্য বিস্তৰ।গৃহস্থক মাতি সবে লৰি গৈলাশুনা কথা আতপৰ॥পৰম হৰিষে পুখুৰীৰ পাৰেসবেও ৰহিলো যাই।ৰূপিয়া ভঙ্গাইলো দ্ৰব্যক কিনিলাশঙ্কৰে সোধন্ত চাই॥ ৬৯১কাৰ কড়ি দিয়া বেসাতি কৰিলাশঙ্কৰে পুছিলা যেবে।গৃহস্থে বেসাইবে এক টঙ্কা দিলাকহিলা আনন্দে তেবে॥সাধু সাধু ধন্য গৃহস্থৰ মতিঅৰ্থৰ সাফল তাৰ।হৰিষে মনত সবাৰো আগতপ্ৰশংসিলা বাৰে বাৰ॥ ৬৯২
সেহি দিনা হন্তে কড়ি তোলা বৃত্তিএড়ি সবে যত মহাজন।একো জনে একো ৰূপীয়া ভঙ্গাইকৰন্ত সবে ভোজন॥গয়া বাৰাণশী কুৰুক্ষেত্ৰ আদিফুৰিলঞো তীৰ্থ যত।অনন্তৰে পাচে প্ৰবেশ ভৈলোঁহোআলি নাম নগৰত॥ ৬৯৩যি কাৰণে বৃন্দা বনক নগৈলোঁকহিলোঁ তাৰ কাৰণ।কবিৰৰ মঠ চাহিবাক গৈলোঁকৰিয়া আনন্দ মন॥কবিৰৰ জীয় নাতি আছে তথাতেহে নাহিকন্ত ঘৰে।তান পত্নী আসি বিস্তৰ কাকূতিকৰিলন্ত হাত জোৰে॥ ৬৯৪আভাগিয়া আজি বাৰিত নাহিকাকোথাবা গৈ আছে বুলিআতা সকলক দেখিতে নপাইলেলৈবাক নপাইলে ধূলি॥
এইবুলি পাচে নৱ এক বস্ত্ৰআগত দিলেক আনি।মহা পুৰুষক বোলে আতে বাপমুছিয়োক পাৱ খানি॥ ৬৯৫অভাগিয়া আসি এহি ধূলি গুটিলইবে আনি মাথাত।মহন্ত ধূলাৰ মহিমায়ে জানোএড়াইবে কালৰ হাত॥বিস্তৰ কাকূতি ভকতিক দেখিসবাৰো বিম্ময় মনে।চৰণে বস্ত্ৰক পৰশি শঙ্কৰেলৰি গৈলা তেতিক্ষণে॥ ৬৯৬পথত যাহন্তে জনৈক পুৰুষেঅন্তৰিল লাগ পাই।মুহূৰ্ত্তেক মান দৃষ্টি ভৰি সিটোপাচত আছিলে চাই॥শঙ্কৰে বোলন্ত গৈল কিবা আছেচাহিয়ো মাধৱ তুমি।উলন্টিয়া দেখোঁ চাহিয়া আছয়পুনু কহিলোঁহো আমি॥ ৬৯৭
ৰিণু ৰিণু মাত্ৰ মণিবাক পাৰিগাৱৰ বস্ত্ৰক দেখি।বাৰম্বাৰ কথা গুৰুত কহঞতোমাকে আছে নিৰেখি॥সাধু সাধু ধন্য বুলিয়া প্ৰশংসাশঙ্কৰে কৰিলা হাসি।জগন্নাথ ক্ষেত্ৰে কতো দিন মানআনন্দে বঞ্চিলা আনি॥ ৬৯৮গোবৰ বিকয় পোৱাল বিকয়বিস্ময় ভৈলোঁহো দেখি।যৈত যিবা আমি দেখিলোঁ শুনিলোঁ।কতেক কহিবোঁ সখি॥প্ৰসঙ্গত সৱে কথাক শুনিয়াহৰিযে নিদ্ৰা লভিলা।প্ৰভাতে উঠিয়া শঙ্কৰৰ মুখেকথা শুনিবাক গৈলা॥ ৬৯৯নমো নমো কৃষ্ণ জগত কাৰণভকত বৎসল দেয়।পতিত পাৱন জানিয়া তোমাৰচৰণত কৰোঁ সেৱ॥
মহন্ত সৱৰ সম্মত জানিয়াকৰিলোঁ পুনু যতন।মোৰ ইটো অহ স্কাৰ দূৰ হৌকপশিলোঁ প্ৰভু শৰণ॥ ৭০০ইটো পদ আতি সুৰস নোহৱমোহোৰ বুদ্ধিৰ দোষ।মহন্ত সৱক কাকূতি বোলয়নকৰিবা অসন্তোষ॥মুখতে প্ৰধান নাহি মোতে জ্ঞানহ্ৰস্ব দীৰ্ঘ নুবুঝঞ।আপুনাক মহা অহঙ্কাৰ মানিতথাপি পদ কৰঞ॥ ৭০১আছে দোষ যত কৃষ্ণৰ কৃপাতসমস্তে বিনাশ হৌক।ভকত বিপ্ৰক কৰোঁ নমস্কাৰআশীৰ্ব্বাদ কৰা মোক॥ভকতৰ সঙ্গ হৌক সৰ্ব্বক্ষণমুখত নাচাড়ো নাম।কহয় ভূষণ সিদ্ধি মনকামডাকি বোলা ৰাম ৰাম॥ ৭০২
সৱাকো সম্বোধি কথা কহন্ত শঙ্কৰ।শুনা সৰ্ব্ব কথাক ভকত নিৰন্তৰ॥ৰাম ৰাম গুৰু সিটো ৰাজ্যত আছন্ত।কেহো নতু যান্তে আগে ক্ষেত্ৰক গৈলন্ত॥ ৭০৩গোৱিন্দৰ দৌল যাত্ৰা আনন্দে দেখিলা।আসিয়া আমাতেসে ইকথাক কহিলা॥ৰাম বনমালী গোপাল জয় হৰি।দুয়োহাতে ফাঁকু গুড়া সিঞ্চন্ত মুৰাৰী॥ ৭০৪এহি ঘোষা গাৱে নিৰন্তৰে নৰনাৰী।ওজা পদ বোলে ৰঙ্গে বজাযা চাপৰি॥হেন জানি গিৰি কৰিযোক মোৰ বাক।ঘোষা ছন্দে পদ কৰি দিয়োক আমাক॥ ৭০৫হেন শুনি পাচে মাতি বুলিলা শঙ্কৰ।না নাৰায়ণ কহোঁ ইহাৰ উত্তৰ॥আগে পদ কৰি আছোঁ পৰম যতনে।সাৰ কৰি কৰি আছোঁ ঘোষা যে কীৰ্ত্তনে ॥৭০৬কৃষ্ণ সূৰ্য্য ভৈলা আসি কলিত উদিত।জগতত নাম ধৰ্ম্ম কৰিলা বিদিত॥ইটো ঘোষা কিবা পাই আছা নপাই আছা।স্বৰূপ কহিবা মোৰ শুনিবাক ইচ্ছা॥ ৭০৭
শুনি নাৰায়ণে বুলিলন্ত শঙ্কৰক।পাই নপাই আছোঁ আৰ নুবুঝোঁ অৰ্থক॥এত হন্তে ৰাম ৰাই আসনৰ উঠি।নমস্কাৰ কৰি বাক্য বোলে মন তুষ্টি॥ ৭০৮এক বাৰ ফিৰি আহিলো নাযাই বৃন্দাবনে।ইবাৰ যাইবাক মঞি কৰিছোঁ যতনে॥শঙ্কৰে বোলন্ত ৰাই যাহা বৃন্দাবনে।আছন্ত কেৱ ৰই দেখিবা নয়নে॥৭০৯গোকুল মথুৰা পুৰি গিৰি গোবৰ্দ্ধন।যমুনা কদম্ব দেখিবাহা বৃন্দাবন॥যিটো থান দৰশনে সন্তোষ মিলয়।সাক্ষাতে আছন্ত ভগৱন্ত কৃপাময়॥ ৭১০আছা বৃন্দাবন দাস পৰম বৈষ্ণৱ।কৰিবা আলাপ হৰিকথা মহোৎসৱ॥বাহুবল দেখিবাহা বাহুমূৰ্ত্তি তথা।আনো সব মহন্তক দেখিবা সৰ্ববথা॥৭১১আৰে বাৰ পশ্চিমক একেলগে গৈলোঁ॥তুমি তীৰে ৰেলা আমি নগৰে ৰহিলোঁ।মঞি বেলো আসা ৰাই ৰহোঁ নগৰত।তুমি বোলা সুখে ৰাখে নদীৰ তীৰত॥ ৭১২
আমাৰ লগত নৰৈ তহিতে ৰহিলা।ডকাইতে লুটিলে গাৰ বস্ত্ৰকো হৰ'ইলা॥কৰা আৰ্ত্তৰাৱ হেৰা খন্টে মাৰে বুলি।শুনিয়া ভকত সবে গৈলা ডাঙ্গ তুলি॥৭১৩হৰুৱাইল ঝাৰি খুৰ গাৱৰ বসন।পাচে সুমৰাহ সবে মোহে ৰ বচন॥সেহি বেলি বৃন্দাবন যাইবাক চ' হলোঁ।মাধৱ নগৈলা দেখি ফিৰিয়া আসিলোঁ॥ ৭১৪নৌকাৰ সখা বৈঠা জানা যেন নয়।মাধৱ তেহ্নয় মোৰ জানিবা নিশ্চয়॥এহি বুলি প্ৰবোধিয়া পঠাইলা শঙ্কৰে।শুনা যেন কথা এবে আত অনন্তৰে॥ ৭১৫চক্ৰপাণি নামে এক ব্ৰাহ্মণ আছিলা।গোটা পঞ্চিশ শ্লোক সংক্ষেপে লিখলা॥নাৰায়ণ সমে গৈলা মাধৱৰ পাশে।দেখিয়া মাধৱে কথা পুছিলা হৰিষে॥ ৭১৬কৈতবা থাকন্ত এন্তে যাইবা কোন ঠাই।নাৰায়ণে কহিলন্ত সবে অভিপ্ৰাই॥মাধৱে বোলন্ত গুৰু দেখায়োক মোক।কেনে লিখি আনি আছা সংক্ষেপ শোলোক।৷৭১৭
চক্ৰপাণি বোলে শঙ্কৰৰ পাশে যায়ো।তান হাতে দিবোঁ তহিতে দেখিয়ো॥মাধৱে বোলন্ত মঞি আগে পঢ়ি চাঞ।তুমি আমি সখি সমে একেলগে যাঞ॥৭১৮এড়াইবে নাপাৰি দিলা মাধৱৰ হাতে।গোন্টে গোন্টে শ্লোকচয় পঢ়ি সমস্তে॥পাচে এক গুটি শ্লোক মাধৱে পঢ়িলা।বোধ পাইলোঁ বুলি বিপ্ৰে পত্ৰক চিৰিলা॥ ৭১৯দেখিয়া মাধৱ বৰ বিস্ময় ভৈলন্ত।সখিক মাতিয়া সব কথা পুছিলন্ত॥কিবা নাম তান কোন গ্ৰামত থাক।কহিয়োক সখি মোত সকলে বৃত্তান্ত॥ ৭২০দিন তিনি চাৰি মানে তহিতে আছিল।মোৰ মুখে কৃষ্ণকথা বিস্তৰ শুনিল॥গৃহক আসিয়া পাচে বুলিলা স্বামীক।আমাৰ ব্ৰাহ্মণ জন্ম আহোক ধিক ধিক॥৭২১আগে মানো আমি কাঞ্চ কচি নাৰায়ণ।নাৰায়ণ কাঞ্চ আমি কাচ অভাজন॥শূদ্ৰৰ মুখত কৃষ্ণকথা শুনিলোঁ।আমাৰ ব্ৰাহ্মণ জন্মে কি কাৰ্য্য সাধিলোঁ॥৭২২
এহে চক্ৰপাণি ক্ৰোধে খঙ্গিয়া উঠিল।নমাতিয়া থাক বুলি ভাৰ্যাক বুললা॥তোৰ বোলে দিবো মন হৰিভকতিত।যাঠি যজমান তেবে লাগয় এড়িত॥৭২৩সবেয়ো গৃহস্থ মোক পোষে ধনে ধানে।জানো তোৰ মনক ভেদিলে নাৰায়ণে॥দুই হন্তৰ দ্বন্দ্ব লোক মুখত শুনিলোঁ।এক দিনা তান গৃহে আপুনি আসিলোঁ॥৭২৪এহি বুলি আসন দিলেক বসিবাক।মঞি বোলোঁ নসসিবোঁ নেদিবা পীৰাক॥বোলম্ভ বসিয়ো কিছো কথা আছে কঞ।শুনি পাচে মঞি আসনত বসিলঞ॥ ৭২৫বোলন্ত ব্ৰাহ্মণী খোজে হৰি ভলিবাক।ষাঠি যজমান তেবে লাগে এড়িবাক॥চল পায়া মঞি পাচে বুনিলোঁ বিনয়।কৌণ্টি যজমানো তাৰিবাক নপিৰয়।।৭২৬হৰি ভকতিসে পাৰি সংসাৰ তৰিত।সমস্তে বিনাশী যত দেখা ধন বিত॥আপুনি পণ্ডিত তত্ত্ব থাক জানন্ত।যজমান সমস্তক মতাই আনিলন্ত॥৭২৭
সবাকো শুনায়া পাচে বুলিলা বচন।নিশ্চয় বুলিলোঁ লৈবো কৃষ্ণত শৰণ॥শুনি যজমান সবে খঙ্গিয়া বোলয়।বুঝিলোঁহো গুৰু আমি তোমাৰ আশয়॥ ৭২৮তেজস্বী বুলিয়া তোমাক মানিছঞ॥ডাঙ্গবাড়িয়াতে হাৰিলাহা দেখিলঞ।ইহান আমাৰ লগে বৰ দ্বন্দ্ব কৰি।কষ্ট মনে সবে উঠি গৈলা ঘৰাঘৰি॥ ৭২৯দণ্ড চাৰি পন্থ নাচিগ্ৰামত থাকন্ত।এহি চক্ৰপাণি মোৰ লগে আসিলন্ত॥শুনিয়া মাধৱে বহু প্ৰশংসা কৰিলা।শঙ্কৰৰ পাশক সবেও চলি গৈলা॥ ৭৩০দেখিয়া শঙ্কৰে পাচে তঙ্কি পুছিলন্ত।কহিলন্ত নাৰায়ণে সমস্তে বৃত্তান্ত॥ৰাম ৰাম গুৰু অজ্ঞান উপদেশ দিলা।শঙ্কৰে হৰিষে পাচে বচন বুলিলা॥ ৭৩১পত্নীৰ প্ৰসাদে ভৈল ভকতি বিপ্ৰৰ।জানি চক্ৰপাণি তজু সেই পটন্তৰ।ধন্য ধন্য চক্ৰপাণি বুদ্ধিমন্ত সাৰ।তোমাক কৰিবে লাগে মোৰ নমস্কাৰ॥ ৭৩২
এহি বুলি নমস্কাৰ কৰিবে উঠিলা।ৰাম ৰাম বুলি চক্ৰপাণি অন্তৰিলা॥মোকো ভণ্ডিবাক চাহা হাসি এহি বুলি।তাহান খোজৰ হাতে পৰশিলা ধূলি॥ ৭৩৩যজমান সমস্তৰে এড়িলন্ত আশ।কৃষ্ণত ভকতি ভৈলা সুদৃঢ় বিশ্বাস॥দিন চাৰি থাকি দুয়ে৷ লগে আসিলন্ত।যজমান সমস্তকো মতাই আনিলন্ত॥৭৩৪শিখা বোধ কথা যে বুঝাইলা তাসম্বাক।কৰিলে নিশ্চয়ে লোকে হৰি ভজিবাক॥হেন চক্ৰপাণি মহামানী আছিলন্ত।তাহান তনয় পাচে বৈকুণ্ঠ ভৈলন্ত॥ ৭৩৫অদ্যাপিও লোকে যাক প্ৰশংসা কৰয়।ভকতি ধৰ্ম্মত নিষ্ট বুদ্ধি অতিশয়॥তান পুত্ৰ মূৰুখ ভূষণ শিশুমতি।শঙ্কৰ চৰিত্ৰ পদে সম্প্ৰতি বদতি॥৭৩৬প্ৰসঙ্গত থাকিয়া কহিলোঁ। কথা যত।মহন্ত সকলে দোষ ক্ষমিবো সমস্ত॥বাৰ্হ ঘৰ মনুষ্য আছয় শঙ্কৰৰ।কৰণীয়া যেন পূৰ্ব্ব ভূঞালি কালৰ॥ ৭৩৭
ৰাজাত লগাইবে হেন আশঙ্কা মনত।ৰামানন্দ নামে পুত্ৰ লৈলন্ত লগত॥ছোন্টো দেৱান বোলে নাম চিলাৰাই।ৰামানন্দক ভেটাইলন্ত তাৰে ঠাই॥ ৭৩৮দেৱানে বোলয় তুমি শুনিয়ো শঙ্কৰ।আমি বিদ্যমানে কাকো নকৰিবা ডৰ॥আছোঁ দেৱদাসো মঞি তানে ছোন্টো ভাই।মোৰ কক্ষা ৰাখোঁ তান কক্ষা উৰুৱাই॥ ৭৩৯ঘোৰে চৰি চিলা যেন ঝাম্পে ৰণ মাঝে।এতেকেসে চিলাৰাই বোলে সবে ৰাজ্যে॥যতেক কায়স্থ আছে মোৰ দোপদৰে।পত্ৰ লিখি পাতিবোঁহো সবাৰো উপৰে॥ ৭৪০থাকিলন্ত ৰামানন্দ দোপদৰ দেখি।ঘবে আমি শঙ্কৰ ৰহিলা মন সুখী॥পূৰ্ব্বে বিদ্যানিধি এক ব্ৰাহ্মণ আছিল।যাক বিশ্বসিংহে মহা নিগ্ৰহক দিলা॥ ৭৪১তানে পুত্ৰ নামে বিদ্যাবাগী চক্ৰবৰ্ত্তি।ব্ৰাহ্মণ সবত সিটো থাকে অনুবৰ্ত্তি॥ব্ৰাহ্মণ সবৰ সিটো অনুমতি পাই।নৰনাৰায়ণ আগে লগাইলেক যাই॥৭৪২
আদেশ মহাৰাজা মোহোৰ গোচৰ।আছে একজন শূদ্ৰ নামত শঙ্কৰ॥ভাগৱত পঢ়ি তাৰ পদ কৰিলেক।ব্ৰাহ্মণ কৈবৰ্ত্ত শূদ্ৰ হৰি ভজাইলেক॥৭৪৩নমানয় তুলসী গঙ্গাক নমানয়।দেবীপূজা পিতৃশ্ৰাদ্ধ একো নকৰয়॥ব্ৰাহ্মণক পাই নকৰয় নমস্কাৰ।তজু ৰাজ্যে প্ৰবৰ্ত্তাইলা পাযণ্ড আচাৰ॥ ৭৪৪তোমাত কহিলোঁ কৰা আপুনি বিচাৰ।হুই নুই প্ৰমাণ পাইবাহা তুমি তাৰ॥মাগুৰি গ্ৰামত থাকে কণ্ঠ যে ভূষণ।গুৰু মানি আছে যাক নৰনাৰায়ণ॥ ৭৪৫এতেকেসে ৰাজগুৰু বোলে সৰ্ব্বজনে।এহি কথা শুনি তান নসহিলা মনে॥কণ্ঠ যে ভূষণে কথা ৰজাত কহন্ত।ৰামৰাম নাম মোৰ শশুৰ আছন্ত॥ ৭৪৬আমি আসি থাকোঁ সেহি শশুৰৰ ঘৰ।তেহে পিতৃশ্ৰাদ্ধ কৰাৱন্ত শঙ্কৰৰ॥ব্ৰহ্মভোজ কৰোঁ আৰো দক্ষিণাক পাঞ।ই সব বৃত্তান্ত কথা সমস্তে জানঞ॥ ৭৪৭
গঙ্গা আদি তীৰ্থ যত সমস্তে কৰিলা।জগন্নাথ দৰশন দুই বাৰ ভৈলা॥নকাণ্টিল বলি অষ্টভূজ, নুপূজন্ত।বেদৰ বিহিত কৰ্ম্ম সমস্তে কৰন্ত॥ ৭৪৮শুনি ৰাজা একো ভাল মন্দ নুবুলিলা॥কণ্ঠ যে ভূষণ চলি বানঘৰে গৈলা।শুনিয়া বাহ্মণ সবে কহিলা ৰাজাত।শূদ্ৰে গুৰু বোলাবয় তোমাৰ ৰাজ্যত॥ ৭৪৯সমস্তকে নিষেধিলা দেবী পূজিবাক।দেই উপদেশ মাত্ৰ হৰি ভজিবাক॥জানাইলোঁ ৰাজাত আমি জানি এহি কথা।কৰিয়ো বিচাৰ শঙ্কৰক আনি এথা॥৭৫০এহি কথা জানি কণ্ঠ ভূষণ পণ্ডিত।ৰামানন্দ ঠাকুৰৰ গৈলন্ত সন্নিত॥সংগোপ্যে কহিলা কথা যি ভৈল বৃত্তান্ত।মহা মনদুখে ৰামানন্দে মাতিলন্ত॥ ৭৫১ৰাজা কিবা বোলে তাক জানিয়া সভাত।গোপ্য কৰি গুৰু আসি কহিবা আমাত॥ভাল বুলি কণ্ঠ ভূষণ চলি গৈলা।আউৰ দিনা আসি ৰাজা সভাত বসিলা॥ ৭৫২
নয়নানন্দ কটোৱাল সবাতে প্ৰধান।তাহাক মাতিয়া ৰাজা দিলা সমিধান॥শুনৰে নয়নানন্দ ৰাজ্যত অন্যাই।শূদ্ৰে পঢ়ে ভাগৱত ধৰ্ম্মক নচাই॥ ৭৫৩বলি কাটিবাক নিষেধিল সামৰাজ্যে।ভকতীয়া ভৈলা মহামায়াকো নুপূজে॥এতেকে বুঝিলো বেদ বিহিত নাচৰে।পিতৃশ্ৰাদ্ধ আদি কৰ্ম্ম একোৱে নকৰে॥৭৫৪কেনে গোট অন্ত কন্দলী নাম তাৰ।সিয়ো হুনো প্ৰবৰ্ত্তাই পাষণ্ড আচাৰ॥কেনে গোট গোকুলচান্দ বা নাৰায়ণ।আসম্বাক আন ধৰি পঠাই দূতগণ॥ ৭৫৫দশ জন গড়মৌলি শীঘ্ৰে চলি যাউক।শঙ্কৰক ধৰি মোৰ আগক আনোক॥শঙ্কৰৰ নামে ৰাজা ক্ৰোধত জলিলা।সবাকে শুনায়া ৰাজা অশেষ গৰ্জ্জিলা॥ ৭৫৬শুনা সভাসদ পদ হুয়া সাৱধান।শাস্ত্ৰ পঢ়িলেয়ো দেখ নুপূজয় জ্ঞান॥নৰ নাৰায়ণ ৰাজা পৰম পণ্ডিত।সুচকৰ বোলে বুদ্ধি ভৈলা বিপৰীত॥ ৭৫৭
এতেক দুৰ্জ্জন সঙ্গ লাগে তেজিবাক।দুৰ্জ্জনৰ সঙ্গে নেদে হৰি ভজিবাক॥হৰিক ভজিয়া দুৰ্জ্জনৰ সঙ্গ লৱে।দুৰ্জ্জনৰ সস মোষে দুৰ্ম্মতি কৰাৱ॥ ৭৫৮হে কৃষ্ণ দেৱ ভকতৰ ভয় হৰি।দুৰ্জ্জনৰ সঙ্গ মোক নেদিবা মুৰাৰি॥জন্মে জন্মে হৌক তজু ভকতৰ সঙ্গ।এহি দান দিয়ো নকৰিয়ো আশা ভঙ্গ॥ ৭৫৯মহন্ত সবাকো বোলো ক্ষমা মোৰ দোষ।শঙ্কৰ চৰিত্ৰ শুনি হুয়োক সন্তোষ॥যেন তাম্ৰ আদি জল পাত্ৰ আছে যত।বাহিৰ সুন্দৰ তাৰ পঙ্ক ভিতৰত॥ ৭৬০ভিতৰৰ পঙ্ক দোষ তাহাক নধৰি।তৃষাত কৰয় জল পান পেট ভৰি॥কিন্তু জল পানে মাত্ৰ তৃষা দূৰ কৰে।শঙ্কৰ চৰিত্ৰ সৰ্ব্ব কুলকে উদ্ধাৰে॥ ৭৬১এতেক অমূল্য ৰত্ন ভকত জনৰ।কৰ্ণ মন দুইৰো আতি মহা ৰুচিকৰ॥বৈৰাগ্য কুঠাৰে যিটো ছেদে স্নেহ পাশ।ই সব কথাত হোৱে তাহাৰ বিশ্বাস॥ ৭৬২
নমো নমো কৃষ্ণ কিঞ্চিতেক কৃপা কৰা।তোমাৰ ভৃত্যৰ ভৃত্য বুলি মোক ধৰা॥তেবেসে আমাৰ হেৱে পূৰ্ণ মনঃ কাম।মূৰুখ ভূষণে কহে বোলা ৰাম ৰাম॥ ৭৬৩গৰ্জ্জি নৰনাৰায়ণ কৰি আতি বোধ মন।পাত্ৰ সবাক সম্বুধি মাতৈ দৰ্পে ফিন্দাই হিয়া॥ ৭৬৪দেখা দেখা পাত্ৰচয় কেন মত যে অন্যায়।ভৈল মোৰ যে ৰাজ্যত শূদ্ৰে পঢ়ি ভাগৱত॥ ৭৬৫ব্ৰাহ্মণক নমস্কাৰ নকয় একোবাৰ।গঙ্গাস্নান নকৰয় তুলসীক নমস্কাৰ॥ ৭৬৬এড়িলে বেদৰ ধৰ্ম্ম কিনো ইটো বিপৰীত।নকৰে পিতৃৰো কৰ্ম্ম ভৈলা পাষণ্ডৰ চিত॥৭৬৭দেবীপূজা কৰিবাকে নিষেধিলে সমস্তকে।হৰি ভজিবাক প্ৰতি উপদেশ দিয়ে মাতি॥ ৭৬৮গুৰু বোলাই সমস্ততে ফুৰে ইটো যে ৰাজ্যতে।মান সতকাৰ পাই গৰ্বব মদ বাঢ়ি যাই॥ ৭৬৯চল গড় মৌলি গণ সবাহাঙ্কে ধৰি আন।শঙ্কৰক লগ পাইবোঁ তাৰ ছাল দবা চাইবোঁ॥ ৭৭০যত লগৰীয়া তাৰ কাকো নাৰাখিবো আৰ।এহি বুলি মৌনে ৰৈলা শুনা পাচে যেন ভৈলা॥ ৭১
শুনা সভাসদ গণ কৃষ্ণ পাৱে দিয়া মন।নকৰিবা কিছো ভয়। ৰাখিবন্ত কৃপাময়॥ ৭৭২ইন্দিবৰ শ্যাম হৰি। তাঙ্ক হৃদি স্থিত কৰি।ভজৈ যিটো তান পাৱ। তাহাৰে সে লাভ হৱ॥ ৭৭৩কৈতো নাহি পৰাভৱ। জানি কৰা মহোৎসৱ॥বিষয়ত মতি তীব্ৰ। কহয় ভূষণ বিপ্ৰ॥ ৭৭৪নমো নমো যদুপতি। তুমি অগতিৰ গতি।বোলা কৃতাঞ্জলি কৰি। আগে দণ্ডৱতে পৰি॥ ৭৭৫নকৰিবা আশা ভঙ্গ। দিয়া ভকতৰ সঙ্গ।মুখে নচাড়োক নাম। তেৱে সিদ্ধ মনঃ কাম॥ ৭৭৬ৰাম কৃষ্ণ হৰি ৰাম। এড়ি সবে আন কাম।লৈয়ো মুখে অবিশ্ৰাম। ডাকি বোলা ৰাম ৰাম॥ ৭৭৭কণ্ঠ ভূষণৰ এহি কথা শুনিলন্ত।ৰামানন্দ ঠাকুৰৰ পাশক গৈলন্ত॥সংগোণ্যে বোলন্ত বাপু কথা ভৈলা টান।ৰাজা বোলে শঙ্কৰক শীঘ্ৰে ধৰি আন॥ ৭৭৮সভামধ্যে শঙ্কৰক বিস্তৰ গৰ্জ্জিলা॥দশজন গড়মৌলি ৰাজা পাঞ্চি দিলা॥এহি কথা যেবে ৰামানন্দে শুনিলন্ত।মহাদুখে মনত নিশ্বাস তেজিলন্ত॥৭৭৯
ৰামানন্দে বোলে কোনো উপাই কৰঞ।আসা দুয়োজনে দেৱানত জান দেঞ॥দেৱানৰ আগে দুয়ো কহিলা কথাক।ৰাজদূত পাঠাইলে পিতৃক আনিবাক॥ ৭৮০ব্ৰাহ্মণ সমস্তে ৰাজাত লগাইলেক॥ক্ৰোধে দশ জন গড়মৌলি পঠাইলেক।হেনয় বচন পাচে দেৱানে শুনিলা।মনদুখে খেনিতোক নমাতি আছিলা॥ ৭৮১দশজন ঢোপ-ধৰা পঠাইলা তেখনে।বিলম্ব নকৰি চলি যাহা ৰাত্ৰি দিনে॥ৰাজাৰ মনুষ্যে যেবে পাইলে শঙ্কৰক।মাৰি খেদাই কাঢ়ি আনা মোহোৰ পাশক॥ ৭৮২ইহাৰ উত্তৰ মঞি আপুনি কৰিবোঁ॥প্ৰাণান্তিকে শঙ্কৰক এড়িয়া নেদিবোঁ॥যাৱে নতু তাৰা পাৱে আন শীঘ্ৰ কৰি।চলি গৈলা ঢোপধৰা আজ্ঞা শিৰে ধৰি॥ ৭৮৩কিবা ৰাত্ৰিদিনে বৰপেটা শীঘ্ৰে পাইল।গোপ্য কৰি শঙ্কৰত বচন কহিল॥পৰিকৰ সৰ্ব্বম্বক গৈলা আতঁৰাই।আসিলা শঙ্কৰ পাচে দেৱানৰ ঠাই॥ ৭৮৪
দেৱানৰ আশ্বাসত শঙ্কৰ ৰহিলা।শুনা আত পাচে যেন কথা ভৈলা॥ৰাজাৰ মনুষ্যে লাগ নপাই শঙ্কৰক।ধৰি আনিলেক যাই গোকুল চান্দক॥ ৭৮৫ইসব কথাক শুনিলন্ত নাৰায়ণ।ঘৰ এড়ি পলাইবাক কৰিলা যতন॥ৰাজাৰ মনুষ্যে কথা পুছিয়া লোকত।নাৰান দাসৰ ঘৰ চাপিলা মধ্যাহ্নত॥ ৭৮৬ভোক্তন কৰিবে লাগি যতন কৰিলা।হেন সময়ত আসি তাহাক ধৰিলা॥নাৰায়ণ গোকুল চান্দ দুই হানক পাই।ধৰি নিয়া নৃপতিত কহিলন্ত যাই॥ ৭৮৭আদেশ মহাৰাজা দশোজন গৈলোঁ।পলাইল শঙ্কৰ আমি অন্বেষি নপাইলোঁ॥নাৰায়ণ গোকুল চান্দ দুই হানক ধৰি।ইঠাৱক দুইকো আনি আছোঁ বন্দী কৰি॥ ৭৮৮ৰাজা বোলে আন দুইকো মোহোৰ আগক।এহি দুই জনে দেখাই দিবে শঙ্কৰক॥দুয়ো হানে গড়মৌলি দিলে আগ কৰি।সঘনে থাকন্ত দুয়ো হৰি হৰি স্মৰি।৷ ৭৮৯
ৰাজায়ো শুনয় কৃষ্ণ নামৰ কীৰ্ত্তন।হৰিষাক বোলে মাতি নৰ নাৰায়ণ॥পোছৰে হৰিষা দুয়ো ভকতৰ ঠাই।কৈত আছে শঙ্কৰক দেউক দেখুৱাই॥ ৭৯০গঙ্গা যে তুলসী ব্ৰাহ্মণকো নমানয়।বেদৰ বিহিত কৰ্ম্ম একো নকৰয়॥পুছিবাক আদেশিলা নৰ নৰায়ণ।শুনি নাৰায়ণে পাচে বুলিলা বচন॥ ৭৯১থিয় দিয়া ৰহিছন্ত টাটীৰ আঁড়ত।আদেশ মহাৰাজা কহঞ স্বৰূপত॥গঙ্গা আদি যত তীৰ্থ সমস্তে কৰিলা।জগন্নাথ দৰশন দুই বাৰ ভৈলা॥ ৭৯২বেদৰ বিহিত কৰ্ম্ম সকলে কৰন্ত।ভাগৱত ধৰ্ম্মত সদাই প্ৰবৰ্ত্তন্ত॥আমি দুয়োজন নিষ্টে শঙ্কৰৰ শিষ্য।কৈক গৈল শঙ্কৰ নপাওঁ উদ্দিশ॥ ৭৯৩আমি যৈত থাকোঁ পাঞ্চ প্ৰহৰ অন্তৰ।কেন মতে উদ্দিশ পাইবোঁহো শঙ্কৰৰ॥এহি বুলি ৰাজা ক্ৰোধ কৰিয়া বোলয়।মোহোৰ আগতে দেখা মিছা কথা কয়॥ ৭৯৪
বেদৰ বিহিত কৰ্ম্ম নিষ্টে যেবে কৰে।তেবে কিয় শঙ্কৰ পলাইলা মোক ডৰে॥ঝপহু হেঙ্গাল দুইকো কামুৰিয়া খাউক।প্ৰাণে যেবে জীৱে শঙ্কৰক দেখাই দেউক॥ ৭৯৫শুনি ততকালে গৈলা আনিতে হেঙ্গাল।উঠিয়া বোলে নয়নানন্দ কটোৱাল॥আদেশ মহাৰাজ পাওঁ দুই হান্তক।অৱশ্যেকে দেখাইয়া দিবেক শঙ্কৰক॥ ৭৯৬ৰাজাৰ ইঙ্গিত পাই দুই হান্তকো নিলা।আপুন বাসায়ে যাই আসনে বসিলা।দুই হান্তকো আপুনাৰ আগে বৈসাইলেক।পীৰিতি বচনে আগে কথা পুছিলেক॥ ৭৯৭কৈত আছে শঙ্কৰক দেহৰে দেখাই।নিষ্টে বোলোঁ তোমাসাৰ কিছো শঙ্কা নাই॥যেবে দেখাই নেদা তেবে কি মতে এড়াইবি।নিগ্ৰহ ভুঞ্জিয়া মহা দুখতে মৰিবি॥ ৭৯৮তজ্জিয়া গজ্জিয়া ভয় দেখাইলা বিস্তৰ।শুনি নাৰায়ণে পাচে দিলন্ত উত্তৰ॥শুনা কটোৱাল মঞি নিষ্ট কথা কঞো।পাঞ্চ প্ৰহৰৰ পথ অন্তৰে থাকঞ॥ ৭৯৯
শঙ্কৰৰ সন্মতক পাঞ আমি যেবে।ৰাজাৰ মনুষ্যে কেনে লাগ পাইলা তেবে॥মিছা বাক্য নোবোলঞ নিষ্ট কৰি জান।মোহোৰ বাক্যৰ এহি হৰিষা প্ৰমাণ॥ ৮০০শুনি কটোৱাল আতি ক্ৰোধত জ্বলিলা।মাৰিবাক লাগি চাৰি সাড়াক পাঞ্চিলা॥ছেন্দি কাঠ নাক কাণে বাঁস বান্ধ দিয়া।পুছে কটোৱালে একোতেসে নকৰিয়া॥ ৮০১পূৰবে ৰাজাৰ আগে যি বাক্য বুলিলা।তাত পৰে আন একো কথা নকহিলা॥পুহাইল ৰজনী কটোৱাল চলি গৈলা।ৰাজাৰ আগত যাই সমস্তে কহিলা। ৮০২আদেশ মহাৰাজ স্বৰূপ কহঞ।চাৰি প্ৰহৰ ৰাতি বিস্তৰ মাৰিলঞ॥পূৰ্ব্বে যেন কহি আছে তোমাৰ আগত।তাত পৰে আন কথা নকহে পাচত॥ ৮০৩ৰাজাৰ আগত পাচে হৰিষা বোলয়।কদাচিতো নাৰায়ণে মিছা নকহয়॥যেতিক্ষণে আমি নাৰায়ণক ধৰিলোঁ।একাক্ষৰো দৰ্প বাক্য তান নুশুনিলোঁ॥৮০৪
শঙ্কৰৰ কথা আৰো সোধয় আমাত।পলাইবাৰ শুনি খেদ কৰে অসংখ্যাত॥ৰাজা বোলে পুছ আছে কত পৰিকৰ।হৰি বোলে গোকুলচান্দ মাত্ৰ একেশ্বৰ॥ ৮০৫নাৰাণদাসৰ ভায্যা চোণ্টো বেটী খানি।নাৰান্দাসে সমে মাত্ৰ ত্ৰহি তিনি প্ৰাণী॥আৰো একজন আছে বয়সত বুঢ়া।ভিন্ন ঘৰে থাকে নাৰায়ণ দাসৰ খুড়া॥ ৮০৬হেন শুনি মাতিলন্ত নৰ নাৰায়ণ।দূত পঠাই তাসম্বাকো আন এহি থান॥গোকুলচান্দ নাৰাণদাসক চৌহান্তক নিদি।এক তিল নৰাখিবি দুইকো ভোন্টোক দি॥ ৮০৭ভকতৰ নামে মঞি কাকো নৰাখিবোঁ॥ঘোড়া কৰ্ণ কৰিয়া ভোন্টক সবে দিবোঁ।শুনিয়া হৰিষা ভৈলা দুইহান্তৰ ঠাই।দুয়োজন বসি আছে হৰি গুণ গাই॥ ৮০৮গুণ মালা লীলা মালা কৃষ্ণ গুণ গান্ত।অবিচ্ছেদে গাই থাকা খেনিকো নেৰন্ত॥হৰি বোলে উঠ দুয়ো চল চৌহান্তক।ৰজাৰ আদেশ ভৈলা ভোন্টক দিবাক॥৮৩৯
এহি শুনি দুয়োজনে কহে কাণে কাণে।শঙ্কৰ দেৱক আৰো নেদেখোঁ নয়নে॥হা হৰি যে কত আছে পাতেক সঞ্চিত।শঙ্কৰৰ দেৱে এবে কৰাইলে বঞ্চিত॥ ৮১০কৰন্ত মনত খেদ শঙ্কৰক স্মৰি।চক্ষুৰ লোতক দুইৰো পৰে সৰি সৰি॥হৰি বোলে উঠ ঝান্তে চৌহান্তক চৌউ।এহি কুন্দা গোটক কান্ধত কৰি লউ॥ ৮১১যাবে ভোন্ট নাসে তাবে দিনত ৰাখিবোঁ।ৰাত্ৰি ভৈলে দুয়োৰো পাৱে কুন্দা দিয়া থৈবোঁ॥শুনি নাৰায়ণে কুন্দা লৈলেক কান্ধত।মাৰণৰ গাৱ বুলি বাক আশকত॥ ৮১২কুন্দাৰ ভৰত যেন কান্ধ ভাগি যাই।লাসে লাসে মাতিলেক হৰিষাক চাই॥শুনৰে হৰিষা মঞি বাহবে নপাৰোঁ।কুন্দাৰ ভৰত হেৰা কান্ধ ফুটি মৰোঁ॥ ৮১৩হৰি বোলে পেহ্লাৱ কান্ধৰ কুন্দা তঞি।বহিবাক নপাৰস কি কৰিম মঞি॥শুনি নাৰায়ণে কুন্দা পেহলাইলা কান্ধৰ।ভৈলন্ত শৰীৰ লঘু পলাইল ভাগৰ॥ ৮১৪
খানিতেকে চৌহান্তৰ ওচৰ পাইলন্ত।এক দোকানীত তাম্বুল মাগিলন্ত॥পাইলন্ত তাম্বুল নাহি লগত কটাৰি।ভাঙ্গিলা তাম্বুল চিপি নিহালত তাৰি॥ ৮১৫তাম্বুল ভুঞ্জিয়া কিছো স্বস্থ লভিলন্ত।হাৰৰ সমীপে বাসা কৰি ৰহিলন্ত॥মধু নামে এক জন উপৰ চালেক।দুই হান্তকে চাই পাচে হৰি মাতিলেক॥ ৮১৬একজন উঠি গৈয়া আন ভিক্ষা মাগি।কৰিযো যতন অন্ন ভুঞ্জিবাক লাগি॥শুনি গোকুচান্দ চলি গৈলা লাসে লাসে।মাগিলন্ত ভিক্ষা গই দোকানাৰ পাশে॥ ৮১৭চাউল দালি লোণ তৈল মৎস্য খৰি পাইলা।পানীৰ বাচন আৰো আনিলা পতিলা॥তাৰা দুইকে ভুঞ্জাই পাচে দুই হান্ত ভুঞ্জিলা।আন্তিলেক বস্তু আৰো অধিক ৰহিলা॥ ৮১৮তাত পাচে আসিলেক ভোণ্ট অধিপতি।অনেক আসিলা আৰো তাহাৰ সঙ্গতি॥হৰি বোলে ৰাজ আজ্ঞা কৰিতে যুৱাই।উঠ তোৱা দুইকো দেঞ ভোন্টক দেখাই॥ ৮১৯
এহি বুলি দুইকো নিয়া আগ কৰি দিলা।দেখিয়া ভোণ্টৰ মহা হৰিষ মিলিলা॥যৌবন শৰীৰ দুইৰো সুন্দৰ আকৃতি।ৰাজা দিলা দেখিয়া ভোণ্টৰ আতি প্ৰীতি॥৮২০ছাকছিক কৰি সবে ভোন্ট ভাষ দিয়া।তেখনে লড়িলা সবে মাঝত কৰিয়া॥কৃষ্ণনাম মুখৰ নুগুচে অবিচ্ছেদ।শঙ্কৰক সুমৰি মনত কৰে খেদ॥ ৮২১হৰি হৰি শঙ্কৰ দেৱক নেদেখিলোঁ।কোন পাপে ভোণ্টৰ অধীন আসি ভৈলোঁ॥কৃষ্ণৰ নামক আউৰ নেদিবে গাইবাক।শুনিবে নপাৰি দণ্ড কৰিবে আমাক॥ ৮২২হুইবে ধৰ্ম্ম ভ্ৰষ্ট আবে জানিলোঁ নিশ্চয়।ইহাতেসে কৰে আতি দগধ হৃদয়॥ভোণ্টৰ মাৰণ আমি কেন মতে খাইবোঁ॥কৃষ্ণ নাম মনে স্মৰি পৰাণে মৰিবোঁ॥ ৮২৩ৰাম কৃষ্ণ ৰাম কৃষ্ণ ডাকি উচ্চাৰন্ত।শুনিয়োক কহোঁ আবে ভোণ্টৰ বৃত্তান্ত॥যিটো ভোন্টগণে লই যাই দুইহান্তক।দেখে অন্ধকাৰ আখি নাকলে পন্থক॥ ৮২৪
ঢলোঁ পড়োঁ কৰে কাৰো থিৰ নযায় পাৱ।যেন বায়ু অধিক বেথিত কৰে গাৱ॥অন্যো অন্যে বোলে সবে এক ঠাই হুই।আগক লাগিয়া ভৰি আমাৰ নযাই॥ ৮২৫দেৱ যে মানুষ আনি আছঞ লগত।সি কাৰণে সুস্থ নাহি কাহাৰ মনত॥কি বাবে যে বোয়থিত কৰিতে নুৱাৰোঁ॥দেৱ যে মানুষ আমি নিবাক নপাৰোঁ॥ ৮২৬এহি বুলি ফিৰাই দিলা হৰিষাৰ আগে।দেৱ যে মানুষ আৰো আমাক নলাগে॥দেৱ যে মানুষ দেখি আমিয়ো ডৰাই।কাণ ফাটে শুনি আতি কিবাক বোবাই॥ ৮২৭হৰিষাৰ আগে দিয়া ভোন্ট ফিৰি গৈলা।দেখিয়া হৰিষা বৰ বিস্ময় লভিলা॥মানুষক পাই ভোন্টে ৰঙ্গ কৰি নেই।হেন ভোন্টে মানুষ ফিৰাই আনি দেই॥ ৮২৮,সেহি দিন হন্তে হৰি ক্ৰোধ ভাৱ এড়ি।পীৰিতি কৰিয়া ৰাখে ৰাজাজ্ঞাক কৰি॥কৃষ্ণ গুণ গাই দুয়ো থাকিলন্ত তথা।আত পৰে যেন ভৈল শুনা তাৰ কথা॥ ৮২৯
দেখা সৰ্ব্বজনে মহা জনৰ ধৰ্ম্মক।কি কৰিব ভোন্টে যাৰ ঈশ্বৰ ৰক্ষক॥একান্ত স্মৰণে যিটো ফুৰে নাম ধৰি।তাক ৰক্ষা কৰিয়া আপুনি ফুৰা হৰি॥৮৩০ভকতক নেনে আনে কহয় শাস্ত্ৰত।সাক্ষাতে নেনিলে ভোন্টে সবাতে বেকত॥এড়িয়া আশঙ্কা সবে শুনা একচিতে।বুলিবা ইসব কথা পাইলা কোন মতে॥ ৮৩১শঙ্কৰ দেৱৰ শিষ্য নাৰায়ণ ভৈলা।মাধৱ সহিতে দুয়ো সখিত কৰিলা॥পৰম অত্যন্ত দুইৰো আছিলেক প্ৰীতি।গৈলন্ত মাধৱ যেবে বেহাৰক প্ৰতি॥৮৩২জয়নিয়া গ্ৰামে ৰহিলন্ত নাৰায়ণ।এহি কথা সোধে আসি সবে ভক্তগণ॥ভবানীপুৰ নগৰত গোপাল আছন্ত।ভক্ত সমে আসি এহি কথাক সোধন্ত॥৮৩৩লক্ষ্মীকান্ত মথুৰাদাস ভক্ত সমে আসে।দক্ষিণ কূলৰ বিষ্ণু নগৰ হৰিদাসে॥লস্কৰ হাজাৰা ঠাকুৰীয়া যত যত।তাৰায়ো সোধই কথা নাৰাণ দাসত॥ ৮৩৪
পূৰ্ব্বে শঙ্কৰক যেন মতে লাগ পাইলা।শঙ্কৰ দেৱৰ যিটো কথাক পুছিলা।শঙ্কৰে যিসব কথা কহিয়া আছন্ত।নাৰায়ণে সেহি কথা সবাতে কহন্ত॥ ৮৩৫যি কাৰণে ৰাজা নিয়া ভোণ্টক দিলেক।দেৱ মানুষ বুলি ভোন্টেও নিনিলেক॥নৰনাৰায়ণে শঙ্কৰক নিয়াইলন্ত।বাদ কৰি পণ্ডিত সবক ভঙ্গাইলন্ত॥ ৮৩৬সাৱশেষে কথা কহি থাকন্ত হৰিযে।আমি সবে শুনি বসি থাকোঁ তান পাশে॥কতো কথা মনে পৰে কতো পাসৰিলোঁ।কৃষ্ণ কৃপা স্মৰি পদবন্ধে লিখি থৈলোঁ॥ ৮৩৭খেমিয়োক সাধুসবে বঢ়া টুটা দোষ।ইসব কথা শুনি হুয়োক সন্তোষ॥চৰণে শৰণ লৈলোঁ নেঠেলিবা পাই।নমো নমো কৃষ্ণ প্ৰভু দেৱ যদুৰাই॥ ৮৩৮তোমাৰ ভৃত্যৰ ভৃত্য বুলি ধৰা মোক।তোমাৰ কথাত মোৰ সদা ৰতি হৌক॥তজু ভকতত মোৰ ৰহোক পীৰিতি।তোমাৰ চৰণে কৰোঁ এতেক কাকূতি॥ ৮৩৯
যদিবা তোমাৰ কথা শুনোঁ কথঞ্চিত।যেন বৰিষণ জল পৰে পাথৰিত॥বজ্ৰ কঠিন যে ভৈলা মোহোৰ হৃদয়।কদাচিতো প্ৰেম মনে নোপজয়॥৮৪০যদি কদাচিত নাম আসয় মুখত।জ্ঞান শূন্য শুক শাৰু লড়ৈ যেন মত॥আজিকালি কৰন্তে বয়স বৃথা গৈল।কৃষ্ণৰ চৰণে মোৰ ভকতি নভৈল॥ ৮৪১বিষয়ৰ বাসে মন কৰিলোঁ অথিৰ।কেতিখন পৰে ইটো মনুষ্য শৰীৰ॥আলো ছাঁত জানা সাধিবেক সবে কাম।নিস্তৰো তেবেসে সবে বোলা ৰাম ৰাম॥ ৮৪২
ভোন্টে নেনিলেক জানি নৰ নাৰায়ণে শুনি,মনে মহা বিস্ময় মিলিল।আপুনাৰ ভক্ত বুলি ৰাখিলন্ত বনমালীতাতেসে ভোণ্টেয়ো ফিৰাই দিল॥
শঙ্কৰক পাইবোঁহো সবে কথা পুছিবোঁহোযিমত ভকতি ধৰ্ম্ম সাৰ।মোত মহা ভয় ভৈলা পলাই কোন দেশ গৈলাকোন মতে লাগ পাইবোঁ আৰ॥ ৮৪৩ব্ৰাহ্মণ সবৰ বাক্যে বিস্তৰ গৰ্জ্জিলোঁ তাঙ্কেআউৰ লাগ নেদিবে আমাক॥শঙ্কৰক স্মৰি মনে ৰৈলা নৰ নাৰায়ণেশুনিয়োক পাচৰ কথাক॥গোকু চান্দ নাৰায়ণে বাসা কৰি পূৰ্ব্ব থানেসুখে ৰাত্ৰি নিদ্ৰাক লভিলা।পুহাইল ৰজনী জানি ঢকুৱা আসন আনিওহলাই দুয়ো বাহিৰে বসিলা॥ ৮৪৪দুইৰো দুইত আতি প্ৰীতি নামত একান্ত ৰতিথাকোঁ দুয়ো হৰি গুণ গাই।অনেক দোকানী গণে বেঢ়ি আসি সেহি থানেথাকে ৰঙ্গে দুই হান্তক চাই॥কতোক্ষণ চাহি আছি মাথাৰ নমাৱ পাছিযাত যিবা বস্তু আছে জানি।চাউল দালি বাঙ্গন মৎস্য খৰি তেল লোণআগত পেহলাই দেই আনি॥ ৮৪৫
মধ্যাহ্ন ভৈলেক জানি সবে বস্তু কোঞ্চাই আনিগোকু চান্দে বাসাত থৱন্ত।নদীজলে স্নান কৰি নাৰায়ণ মধু হৰিগোকুচান্দ চাৰিয়ে ভুঞ্জন্ত॥গোকু চান্দ নাৰায়ণ কৃষ্ণ পাৱে দিয়া মনসুখে দুয়ো নিদ্ৰাক লভিলা৷আতিশয় বৰ ডাণ্ট লোহাৰ নিহল পাণ্ট,নাৰাণ্ দাসৰ ভৰিৰ খহিলা॥ ৮৪৬চেতনক পাই ৰাতি ডাকন্ত হৰিক মাতিউঠ উঠ হৰি শীঘ্ৰ কৰি।আছিলোঁহো নিদ্ৰা যাই দেখিলোঁ চেতন পাইনিহল খসিল এক ভৰি।শুনি হৰি ত্ৰস্ত হুই শীঘ্ৰে জালিলেক জুইদেখয় উদাস এক ভৰি।বোলে ক্ৰোধ কৰি মন শুন অৰে নাৰায়ণনিহল খসাইলি কেনে কৰি॥ ৮৪৭নাৰায়ণে বোলে মাতি কি কৰি খসিল ৰাতিআক মঞি নজানো নিশ্চয়।ঘুমটিক পৰিহৰি কৃষ্ণ নামক ধৰিৰজনীক কৰিলোঁহো ক্ষয়॥
আনো লোকে চাহিলেক কেন মতে খসিলেকমনে মহা বিস্ময় লভিলা।হৰিষা মনত গুণি কমাৰক মাতি আনিপূৰ্ব্বেৱতে নিহাল লগাইলা॥ ৮৪৮গোকু চান্দ নাৰায়ণ হৰি সমে তিনি জনগাৱ ধুইবে নদীক লড়িলা।বুলি যাইতে এক পাণ্ট লোহাৰ নিহল ডাণ্টনাৰাণদাসৰ ভৰিৰ ছিণ্ডিলা॥হৰিষা পিচতে যাই আগতে আছিলা চাইছিন্দিয়া নিহাল পৰিলেক।আশ্চৰ্য্য লভিয়া মনে স্নান কৰি তিনি জনেনিবৰ্ত্তি বাসাক আসিলেক॥ ৮৪৯
গধুলি সময় হৰিষা বোলয়শুন অৰে নাৰায়ণ।বাত্ৰি দিনে কৃষ্ণ নামক ডাসকনপাঞ একো প্ৰমাণ॥
ৰাজাৰ সিলাই পূজকে নপাইলেস্বপ্নক সিয়ো দেখাৱে।তোমাৰ কৃষ্ণক কোনে নেদেখয়যেবে ধৰ্ম্ম সত্য হোৱে॥ ৮৫০নাৰায়ণে বোলে শুনিবি হৰিষাসংশয় নকৰ মনে।পূৰ্ব্ব জন্মে যিবা পাপ কৰি আছোঁভুঞ্জোঁহো তাক আপুনে।পাপৰ পুণ্যৰ দুই গোটা ফলজানিবি আক নিশ্চয়।পুণ্যফল সুখ পাপফল দুখভুঞ্জিলে সে হৱে ক্ষয়॥ ৮৫১এতেকে আমাৰ ভুঞ্জিবাক লাগেনকৰহোঁ দুখ মন।এতেক কহন্তে হৰি নিদ্ৰা গৈলাদেখিলে পাচে সপোন।আকাশৰ পৰা দিব্য বিমানেকভূমিক নামিয়া আসে।কৌণ্টি যে সূৰ্য্যতো কৰিয়া অধিকবিমান খান প্ৰকাশে॥ ৮৫২
আলগতে আসি ৰহিলা বিমানচাহে হৰি সচকিতি।সবে চতুভুৰ্জ শ্যাম পীত বস্ত্ৰদেখন্তে আতি তৃপিতি॥কিৰীটি কুণ্ডল কৰে জল মলৰত্ন বিৰচিত হাৰ।শঙ্খ চক্ৰ গদা পঙ্কজ শোভিতৰূপ আতি চমৎকাৰ॥ ৮৫৩কমল নয়ন প্ৰসন্ন বদনকোণ্টি চন্দ্ৰমাকো গঞ্জে।পাটভুনি পীত মেখলা কটিতৰত্নৰ কিঙ্কিণী বাজে॥চৰণ কমল নূপুৰে ৰঞ্জিতনখচন্দ্ৰ প্ৰকাশয়।দৃষ্টি ভৰি হৰি চাহিয়া আছ য়মনত মহা বিস্ময়॥ ৮৫৪সেহি বিমানত শঙ্কৰো আছন্তবোলন্ত বাক্য শুনাই।মোৰ ভকতক এতে দুখ দেইকিছো মোক শঙ্কা নাই॥
আমি বিদ্যমান আছন্তে ভক্তকভেণ্টে কিনিবাক পাৰে।কোনেবা দিবেক কোনেবা নিবেকশকতি আছে কাহাৰ॥ ৮৫৫দুই হান্তক মঞি লিখিয়া লৈলঞগোকুলচান্দ নাৰায়ণ।শুনি কৰজোৰে নাৰায়ণে উঠিবুলিলা পাচে বচন॥হৰিষকো বাপ লিখিয়া লৈয়োকশুনিয়া লিখিয়া লৈলা।অনন্তৰে প'চে দিব্য বিমানতআকাশৰ পথে গৈলা॥ ৮৫৬স্বপ্নক দেখিয়া চেতন লভিয়াহৰিষা উঠি বসিলা।উঠা উঠা বাপু নাৰায়ণ বুলিশীঘ্ৰে ডাকিবাক লৈলা॥উঠা উঠা বাপু নাৰায়ণ তুমিকতেক পাৰা ঘুমটি।শুনি নাৰায়ণ গোকুচান্দ দুইশয্যাত বসিলা উঠি॥ ৮৫৭
হৰিষাৰ বোলে নাম ধৰিলন্তহৰিয়ো লগতে গাইল।নামৰ আনন্দ ৰসে হৰিষতেৰজনী গোট পুহাইল॥কমাৰক মাতি নিহল গুচাইলকহিল কথা স্বপ্নৰ।নাৰায়ণ গোকুল চান্দ কান্দিলন্তবাক্য শুনি শঙ্কৰৰ॥ ৮৫৮দুই হান্তৰ পাৱে নমস্কাৰ কৰিহৰিষা বোলে বচন।নিশ্চয় বুলিলোঁ ভজিবোঁ কৃষ্ণককৰায়ে মোক শৰণ॥নাৰায়ণে বোলে শৰণ কৰাইলেসবে লোকে শুনিবেক।এহি দোষে ৰাজা তোমাক আমাকভোন্টক পুনু দিবেক॥ ৮৫৯হৰিষা বোলয় সবে পৰিয়াৰেনিশ্চয় শৰণ লৈবোঁ।যদি ৰাজা খঙে তোমাৰ বদলেআমৰা ভোণ্টক যাইবোঁ।
দৃঢ় কথা শুনি নাৰায়ণে হেনউপদেশ সমস্তে কৈলা।হৰিষা শুনিয়া মহা ৰঙ্গ হুয়ানৈবেদ্য আনি মিলাইলা॥ ৮৬০পূৰ্ব্বৰ স্বভাৱ সমস্তে এড়িয়ানিশ্চয় কৰিয়া মন।গুণ চিন্তামণি পুথি আগে থৈয়াকৃষ্ণৰ লৈ শৰণ।হৰিৰ প্ৰসঙ্গ কৰি নাৰায়ণগোকুল চান্দ তথা ৰৈলা।শুনা সবে নৰ আত অনন্তৰেপাচে যেন কথা ভৈল॥ ৮৬১শুনা সবে নৰ মহন্ত সঙ্গৰদেখিয়ো কোন মহত।সাধু সমস্তৰ দশন মাত্ৰেহয় পাপ সমস্ত॥সাধু সঙ্গ লৈয়া নিশ্চয় কৰিয়াকৃষ্ণ কথাক সুমৰি।কৰ্ণ পথে আসি হৃদয় পদ্মতপ্ৰকাশ হোৱন্ত হৰি॥ ৮৬২
বাসনা সহিত যত পাপ আছেনিঃশেষে তাক হৰন্ত।ভকত জনৰ পৰম সুহৃদউপকাৰী ভগৱন্ত॥ভক্তি নামে কৃষ্ণ শৰণে সে বীজসাধু সবে ভূমি তাৰ।ডাল পত্ৰ পুষ্প ইহাৰ সাধনপ্ৰেম ৰসে ফল সাৰ॥ ৮৬৩নমো নমো দেৱ দৈবকী নন্দনভকত বৎসল স্বামী।তোমাৰ অভয় চৰণ পঙ্কজেশৰণে পশিলোঁ আমি॥শৰণা গতক নেড়িবা মাধৱনকৰিবা আশা ভঙ্গ।জনমে জনমে দিয়োক তোমাৰপ্ৰিয় ভকতৰ সঙ্গ॥ ৮৬৪সাধুসঙ্গ বিনে উপদেশ মনেনোচোৱে কৃষ্ণৰ পাৱে।ক্ষণ মাত্ৰ সাধু সঙ্গ লৈলে হোৱেসংসাৰ সাগৰ পাৰ॥
চিত্তে চৰণক চিন্তোক সদায়বচনে নেড়োক নাম।মূৰুখ ভূষণে কাকূতি কৰয়ডাকি বোলা ৰাম ৰাম॥৮৬৫
⸻
আত অনন্তৰে শুনিয়োক সবেপণ্ডিতৰ যেন মত।কেৱল ভকতি দেখান্ত শঙ্কৰেপ্ৰকাশ কৰে লোকত।বহু বিধ ভক্তি নৱ বিধ ভক্তিত্ৰিবিধ ভক্তি আছিল।সমস্তকে তেজি কেৱল ভকতিলোকত প্ৰকাশ কৈল। ৮৬৬এহি কথা শুনি ধৰ্ম্মী সকলৰমিলিল দুখ মনত।শঙ্কৰে আমাৰ পূজাক খণ্ডাইলেথাকিবে কোন দেশত।
কামৰূপ মধ্যে যতেক ব্ৰাহ্মণসবে এক ভিতি ভৈলা।নৰ নাৰায়ণ ৰাজাৰ আগতগোচৰ কৰিবে লৈলা। ৮৬৭বেদক নমানে তীৰ্থক নমানেনুপূজে দেবী মাৱক।তুনি মহাৰাজ পণ্ডিত জানিয়াতোমাত কহিলোঁ বাক॥পূৰ্বে্বে এক বাৰ শঙ্কৰে সহিতেৰজাৰ পাশে চলিলোঁ।শাস্ত্ৰক বিচাৰি ৰাজাৰ আগতশাস্ত্ৰৰ অৰ্থ নকৈলোঁ॥ ৮৬৮তাতেসে শঙ্কৰে আপুনাৰ মতৰাখিয়া আছন্ত তথা।হুই নুই সিটো আমাৰ বচন।সোধা তাতে ইটো কথা॥হেন শুনি ৰাজ মনত বোলয়দূতক মাতি পঠাঞকেন কেন মতেশব্দৰ প্ৰৱৰ্ত্তেতান পৰীক্ষিয়া চাঞ। ৮৬৯
বহল কৰিয়া সমাজ পাতিয়াব্ৰাহ্মণ সৱক মাতি।আতি শীঘ্ৰ কৰি দূতক পঠাইলামহাকোপ কৰি আতি॥ৰাজাৰ আদেশ শুনি লড়িলন্তমহাশীঘ্ৰ আতি কৰি।কহিবা মাত্ৰকে লড়িলা শঙ্কৰভকত সবে আবৰি॥ ৮৭০নৃপতিক আদি ছোট যে দেৱানতেহেন্তে শুনিলা তথা।মহাপুৰুষক নৃপতি আনন্তব্ৰাহ্মণৰ বাদ কথা।সপুত্ৰ বান্ধৱে গৈলা আগ বাঢ়িআজিসে জন্ম সফল।সাদৰ কৰিয়া গৃহ প্ৰবেশাইল।লৈলা পাদোদক জল॥ ৮৭১কায়বাক্যমনে শৰণ পশিলোঁতুমি মোৰ নিজ স্বামী।যত ধন জন সবে সমৰ্পিলোঁতোমাৰ চৰণে আমি॥
এহি মতে তুতি অনেক কৰিলাকহিয়া অন্ত নপাই।ৰাজাৰ আগত দূতে কহিলেকসবে কথা অভিপ্ৰাই॥ ৮৭২আসিছা শঙ্কৰ ছোট নৃপতিয়েৰাখিলন্ত পন্থে পাই।হেন শুনি ৰাজা মনত আসুখেপঠাইলা দূত দুনাই॥সুধিলা শঙ্কৰে দূতেয়ো কহিলাপঠাইছা নিবাক বুলি।দাদাত কহিবি নপঠাঞ সভাকপাৱৰ লৈ আছা ধূলি॥ ৮৭৩দূতে কহিলেক নৃপতিৰ আগেছোট দেৱানৰ বাক।দূতক বোলন্ত শীঘ্ৰ কৰি যাইআনাহা মোৰ সভাক॥দূতে গৈ কহিলা শঙ্কৰো আসিলাদেখিলন্ত ৰাজা পাচে।দেখন্ত শঙ্কৰ সভাৰ মাজতথিয় দিয়া ৰহি আছে॥ ৮৭৪
মহা পুৰুষক দেখিয়া ৰাজাৰআনন্দে নধৰে হিয়া।চাৰি শ্লোকে ৰাজাক আশীৰ্ব্বাদ কৰিসমাজে বসিলা গিয়া॥কম্বল দিলন্ত তাতে বসিলন্তশ্লোকৰ অৰ্থ পুছিলা।ইটো অৰ্থ বাপ আমাত কহিয়োশুনি ৰঙ্গ মন ভৈলা॥ ৮৭৫শুনিয়োক সভা সদে নিৰন্তৰশঙ্কৰৰ গুণ যশ।জগতক উদ্ধা ৰিবে পূৰ্ণ কৃষ্ণকৰিলা গুণ প্ৰকাশ॥হেন জানি সবে শঙ্কৰৰ মতধৰিয়া এড়ি আলাস৷তেজি মিছা কাম বোলা ৰাম ৰামবৈকুণ্ঠে কৰিয়া বাস॥ ৮৭৬
মহান পুৰুষে এক জোৰা জুড়িলন্ত।ৰাজায়ে বোলন্ত আৰো জুড়িয়া কহন্ত॥
এহি মতে এক শতাধিক জুড়িলন্ত।শঙ্কৰ দেৱৰ মহিমাক দেখিলন্ত॥৮৭৭বেদ তীৰ্থ প্ৰতিমা দেবীক নমানন্ত।এহি কথা আমাৰ আগত কহিছন্ত॥কৃষ্ণ মূৰ্ত্তি প্ৰতিমা আসি আছে মোৰ।ইটো কথা যিটো কহে জানোঁ সেহি চোৰ॥ ৮৭৮দেবীপূজা নকৰোঁ ইহাক জানিৱন্ত।তোমাৰ পূজিবে লাগে ঐশ্বৰ্য্য দিবন্ত॥নৰ বাৰী হন্তে এক বাৰীয়া আসিল।দুই চৰু মৰিচ আনি ৰাজাত ভেটিল॥ ৮৭৯মহাৰাজা বোলে মোৰ কি ভাগ্য মিলিল।নৱ বাৰী বস্তু অজি সবাতো লাগিল॥এহি বুলি চৰু মেলি সমস্তকে দিলা।পাইবা মাত্ৰ মৰিচক ভোজন কৰিলা॥ ৮৮০মহাপুৰুষ যেবে তাক নকৰা ভোজন।দেখিয়া নৃপতি চাই বুলিলা বচন॥মৰিচক কিবা হেতু নকৰা ভোজন।শঙ্কৰে বোলন্ত শুনা ইহাৰ কাৰণ॥ ৮৮১কোচ কেওট লোকে ভৰিয়ে মাৰয়।বাহিগাৱে উখাই আক বাণী লৰায়॥
এতেকেসে পখালিয়া ভুঞ্জিবাক লাগে।ইহাতে শঙ্কৰে বোলে কৰ্ম্ম সব ভাগে॥ ৮৮২অনাচাৰ ব্ৰাহ্মণ তই একো নজানস।শঙ্কৰ গোসাঞ তাতে সমস্তে কৰিস॥সেহি সময়ত ৰাজা বুলিলা বচন।এক গোট গীত কৰি দিয়ো এতিক্ষণ॥ ৮৮৩ব্ৰাহ্মণ সকলে তাক কেহো নোৱাৰিল।মহান পুৰুষে এক নিমিষে কৰিল॥মহিমা দেখিয়া ৰাজা অদ্ভুত মানিল।এহেন্তি ঈশ্বৰ হেন মনত জানিল॥ ৮৮৪নৃপতি বোলন্ত তোৰা কিছোৱে নজান।শঙ্কৰক মিছা কাজে বাদ কৰি আন॥থালক মাজিতে ৰাজা ভৈক পাঞ্চিলন্ত।ভোজনক লাগি বহু সম্ভাৰ দিলন্ত॥ ৮৮৫আত অনন্ত:ৰ কথা শুনা সৰ্ব্বজনে।শঙ্কৰ দেৱক খঙ লগাইলা ব্ৰাহ্মণে॥মহা মনকোপে ৰাজা দূতক পঠাইলা।দূত মুখে শুনি ৰাজা সমাজক আইলা॥ ৮৮৬সবাৰো আনন্দ মহা পুৰুষক দেখি।নৃপতি বিস্ময় মনে খছন্ত নিৰেখি॥
মনতে বোলন্ত কিনো তেজ পৰাক্ৰম।কোননো পণ্ডিত আনআগে হুইব সম॥ ৮৮৭আসন দিলন্ত ৰাজা কৰিয়া সাদৰ।বসিলন্ত তাতে মহা পুৰুষ শঙ্কৰ॥সভাক ৰঞ্জিয়া প্ৰভু সুখে আছা বসি।তাৰাৰ মধ্যত যেন পূৰ্ণিমাৰ শশী॥ ৮৮৮ঝালুক ভুঞ্জিয়া ভঙ্গ খাইলেক ব্ৰাহ্মণে।লজ্জা হুয়া অধোমুখে মনে মনে গুণে॥শঙ্কৰক চাই ৰাজা মাতিলা সম্বুধি।দিলন্ত উত্তৰ নৰনাৰায়ণে সুধি॥ ৮৮৯আত অনন্তৰ কথা শুনিয়োক পাচে।ভুবনেশ্বৰীৰ গীত গায়া ৰঙ্গে আছে॥সেহি সময়ত ৰাজা শুনিলন্ত গীত।জুৰাই মন প্ৰাণ যেন বৰিষে অমৃত॥ ৮৯০নৃপতি বোলন্ত ইটো গীত অনুপাম।কোনে কৰি আছে কৈয়ো কিবা আন নাম॥শুনি মহাদেই পাচে বুলিলা বচন।কিবা হেতু সোধা কথা কিবা প্ৰয়োজন॥ ৮৯১নামত শঙ্কৰ তেন্তে ঈশ্বৰ পুৰুষ।লোক নিস্তাৰক হেতু কায়ত মানুষ॥
শুনা মহাদেই মোত আছা ছদ্ম কৰি।তাহান্তে শৰণ লৈবোঁ আনা শীঘ্ৰ কৰি॥ ৮৯২শুনিয়া শঙ্কৰ প'চে বেহাৰক গৈলা।দেখিয়া নৃপতি মহা আনন্দ লভিলা॥সন্যাসী সহিতে ৰাজা বিবাদ কৰাইল।লীলায়ে শঙ্কৰ দেৱ সন্যাসী জিনিলা॥ ৮৯৩হেন দেখি নৃপতিয়ে আনন্দ লভিলা।মহা পুৰুষত ৰাজ। শৰণ পষিলা॥পাদ্য অৰ্থ দিয়া পচে নৃপতি পৃজিলা।ভক্ত সমন্বিতে পাচে গৃহক আসিলা॥ ৮৯৪কতো দিন মহা সুখে তথাত আছিল।তাত পাচে বেহাৰ নগৰ চলি গৈল॥থানক সজাই পাচে তথাত ৰহিলা।শ্ৰবন কীৰ্ত্তন সবে কহিবে লাগিল॥ ৮৯৫কতো দিন মহা সুখে তহিতে আছিল।দেহ এড়ি তেখনে বৈকুণ্ঠ চলি গৈলা॥সেহি নাম গুণ কহি মধৱ আছিল।ঈশ্বৰ আজ্ঞা ভৈল বৈকুণ্ঠ চলিলা॥ ৮৯৬জয় জয় পুৰুষ উত্তম গুণে নাহি আৰ।হৰিৰ ভকতি তেন্তে কৰিল প্ৰচাৰ॥
পুৰুষোত্তম নাম ধৰি লোক নিস্তাৰিলা।শঙ্কৰত বিনে গুৰু আন নকহিলা॥৮৯৭পুত্ৰতো অধিক কৰি ভক্তক পালিলা।ভাগৱত শাস্ত্ৰমানে কণ্ঠাগত কৈলা॥তান্ত পৰে পৃথিবীত পণ্ডিত নাহিলা॥যতেক পণ্ডিত মনে তাহাতে ঘাণ্টিলা॥ ৮৯৮পৃথিবীক ভৰি তেন্তে যশস্যা থৈলন্ত।হৰি ভক্তি কৰি তেন্তে সুখে আছিলন্ত॥অগাধ সাগৰ তেন্তে আপুনি ঈশ্বৰ।তাহান মহিমা কহি কোনে পাৱে পাৰ॥ ৮৯৯দুই ঠাকুৰক এক বুলি ধৰিবাহা।দুই খান হস্তক কোনে ভিন্ন কৰিবাহা॥শ্ৰীমন্ত পুৰুষোত্তম শ্ৰী শ্ৰীচতুৰ্ভুজ।শৰীৰত ভিন্ন দুইৰো আত্মা একানুজ॥ ৯০০বেহাৰ নগৰে কতো দিন আছিলন্ত।ভকত সৱক মাতি প্ৰবোধ দিলন্ত॥শুনিয়ো ভকত সব কহোঁ সাৰে সাৰ।শঙ্কৰত বিনে গুৰু নেদেখিবা আৰ॥ ৯০১শ্ৰৱণ কীৰ্ত্তন বিনে ধৰ্ম্ম নাহি আন।ভকত সবাতে শ্ৰেষ্ঠ জানিবা প্ৰধান॥
ঠাকুৰৰ বাক্য শুনি সবে ভয় ভৈলা।ধৰ্ম্মক প্ৰখ্যাত কৰি আমাত কহিলা॥ ৯০২ভকতৰ বাক্য শুনি কহিলন্ত তথা।শুনা ভক্ত সব মঞিত্ত কহোঁ এক কথা॥ঘৰসিয়া নগৰক যাহা এতিখন।আনা গৈয়া ঠাকুৰক হঞ দৰিশন॥ ৯০৩শুনা সভাসদ ইটো গুৰুৰ চৰিত্ৰ।আত পৰে পুণ্য আৰো নাহিক কলিত॥অধৰ্ম্মে জুৰিছা লোক হৈলা একাকাৰ।আন কৰ্ম্মে ধৰ্ম্মে জানা নাহিক নিস্তাৰ॥ ৯০৪কলিত নিস্তাৰ কৰে মাধৱৰ নাম।হেন জানি সদায়ে স্মৰিয়ো অবিশ্ৰাম॥সমস্ত শাস্ত্ৰতে কহে এহি মূল কাম।কহয় ভূষণে ডাকি বোলা ৰাম ৰাম॥ ৯:৫
হেন শুনি পাচে বুলিলা ভকতমনত কৰিয়া তাপ।কিবা হেতু তাক আনিতে পাছাহাকহিয়ো আমাত বাপ॥
ভকতৰ হেন শুনিয়া বচনকহিলন্ত সবে কথা।তান্তে ধৰ্ম্ম থৈয়া আমি প্ৰাণ এড়োঁকহিলোঁ নিস্তে সৰ্ব্বথা॥৯০৬চাউলত ভাৰষা কৰিয়া সবেওকথাক পাচে কহিলা।পন্থত ঝুণ্টতে, যাইবাক নপাৰিফিৰিয়া সবে আসিলা॥এহি বাক্য শুনি বুলিলা বচনজানিলোঁ সবাৰো কথা।ধৰ্ম্মে সে আপুনি আবৰিবে যাইকহিলোঁ মঞি সৰ্ব্বথা॥ ৯০৭সেহি সময়ত বুঢ়া হৰিভক্তআসিলন্ত দুই জন।ঠাকুৰে পৃথিবী এড়িবে খোজন্তদেখোঁহো গৈয়া চৰণ।বৰে পুৱাতেই গোপাল আতাইদুইজনে সুধিলা গৈ।তোমৰা পৃথিবী এড়িবে খোজাহাধৰ্ম্ম কাহাত থাপি থৈ॥৯০৮
শুনিয়ো গোপাল শুনিয়ো গোবিন্দতোমাত কহঞ নিষ্ট।ঘৰসিয়া মধ্যে আছন্ত ঠাকুৰআমাৰ ভাতৃ কনিষ্ঠ।তান্তে ধৰ্ম্ম থৈলোঁ নিষ্ট কওঁ মঞিসবাৰে আগতে কঞ।যেন হস্তিদন্ত একোটা থাকন্তএগোটা সৰিয়া যান্ত॥ ৯০৯এহি বাক্য বহি ঠাকুৰ ঈশ্বৰতম্ভি মৌন হুয়া ৰৈলা।শ্ৰীশঙ্কৰক হৃদয়ে ধৰিয়াবৈকুণ্ঠক চলি গৈলা॥পৰম যশজ্ঞ প্ৰভু চতুৰ্ভুজঘৰসিয়া মধ্যে থাকি।শ্ৰীশঙ্কৰৰ ইটো শুদ্ধ ধৰ্ম্মকহিলা জগত ঢাকি॥৯১০আপুনি ধৰ্ম্মত নিপুণ যি হেতুনলৈলন্ত গুৰু ভাৰ।এহি গুৰু ভাৰ যিজনে লোৱয়জানিব নোহৈ আমাৰ।
শঙ্কৰ হেন গুৰু জানিবাহ নিষ্টসবাতে কহোঁ বচন।কোন থানে বঞ্চো হৰি ভক্ত সমেকৰিলা পাচে গমন॥ ৯১১এহি খানে আমি নিবাস কৰিবো।কহিলোঁ সবাতে কথা।ভক্তগণ সমে কাষ্ঠ বন কাটিথান বান্ধিলও তথা॥ঘৰসিয়া এড়ি সেহি থানে গৈয়াকীৰ্ত্তন ঘৰ বান্ধিলা।মণিকূট সাজি ঈশ্বৰ থাপিল।লোকত দেখায়া লীলা॥৯১২আপুনাৰো থান ভকতৰো থানতিৰি লগীয়াৰ হাটী৷শ্ৰৱণ কীৰ্ত্তন সততে কৰয়ভক্তে কৰি পৰিপাতি॥বিষ্ণু বৈষ্ণৱ যে নিবাস কৰিলাবিষ্ণুপুৰ নাম থৈলা।মহাপুৰুষৰ আসন খাপিয়াসবে সেৱা কৰি ৰৈলা॥ ৯১৩
আত অনন্তৰে শুনিয়োক কিছোথানৰ যেন মহিমা।চাৰিয়ো পাঞ্জৰে চাৰি সৰোবৰকহোঁ তাৰ কিছো সীমা॥দক্ষিণে বড়দলৈ পূবত কানৈৰমাজত ঝুনঝুনীয়া।উত্তৰে পশ্চিমে আছে তামৰঙ্গাকোনে সীমা পাৱৈ কৈয়া॥৯১৪শ্ৰৱণ সময়ত ভকত সকলেনামিয়া স্নান কৰয়।মহাপুৰুষৰ নাতিৰ চৰণেউঠি আসি প্ৰণাম কয়॥এহি মতে তৈত আনন্দে আছন্তলোকৰ কুশল চিন্তি।সাগৰ প্ৰজন্তে যশস্যা গৈলেকফুতি শঙ্কৰৰ কীৰ্ত্তি॥ ৯১৫দ্বিজত ভকত জানিবা বৎসলনাহি অৰো তান্ত পৰে।তাহৰ চৰণে শৰণ পশিয়াপাপীয়ে সংসাৰ তৰে॥
পূৰ্ব্বত দৈবজ্ঞে কহিয়া আছন্তঠাকুৰৰ যশ ৰাশি।গঙ্গাত শৰীৰ এড়িবন্ত এন্তেকহিলোঁ মঞি প্ৰকাশি॥ ৯১৬শুনা সৰ্ব্বজন কৰি এক মনশঙ্কৰ চৰিত্ৰ সাৰ।আত পৰে গতি নাহিক সম্প্ৰতিদুৰ্ঘোৰ কলিত আৰ॥কেৱল ভকতি প্ৰকাশিলা আতিশ্ৰীমন্ত শঙ্কৰদেৱ।তান্ত বিনে আন ইতিনি ভুৱনেতাৰস্তা নাহিকে কেৱ॥ ৯১৭তাহান চৰণে পশিয়া শৰণেশ্ৰৱণ কীৰ্ত্তন কৰা।ভকতৰ সঙ্গে শুনি মহাৰঙ্গেসুখে ভবনদী তৰা॥শুনা সৰ্ব্বজন কহয় ভূষণজ্ঞান শূন্য অল্প মতি।শঙ্কৰ চৰিত্ৰ পুস্তকৰ কথাএহি মানে সমাপতি॥ ৯১৮
শুনা সভাসদগণ কৃষ্ণপাৱেএড়ি আন কথা ভাষভূষ।শ্ৰৱণ কীৰ্তন কৰা সুখে সংসাৰক তৰাউদ্ধাৰিয়ো আপুন পুৰুষ॥সবে পুত্ৰ ভাৰ্য্যা ভাই আগতে থাকা চাইতাক কেহে নকৰাহা মন।একে তিলে যাই মাৰি নিবে যম দূতে ধৰিপৰিয়া থাকিবে সব ধন॥ ৯১৯নমো নমো নাৰায়ণ পাপী কবি একোজনসংসাৰত নাহি মোক সমে।এতেকে তোমাৰ দুই চৰণে শৰণ লৈলোঁমোক নেনন্তোক আসি যমে॥অল্প মতি জ্ঞানশূন্য ভকতি মুকুতি হীননজানো তোমাৰ একো কাম॥হেন জানি সাধুলোক মোৰ দোষ ক্ষমিয়োকডাকি সবে বোলা ৰাম ৰাম॥ ৯২০
২০
”””””২৩২৪
”২৫”
”২৬২৭২৯
৩০”
পৃ
”””””””
”””
””””
””
৮
৯১২২৬৭৭৪
৭৪৬
১০১২২০৭
৯২০
শা
”””””””
”””
””””
””
যদুপতি—যদুনাথ। যদুবংশৰ প্ৰধান, এতেকেকৃষ্ণ।কাপুৰ্ণ্য—কাকৃতি।ষাণ্ড—ষাৰ বা ষাড়।পচোড়া—চাদৰ।ঝাৰী—ললীলগা লোটা।কামলী—আসন, কম্বল।দুৰ্ব্বাৰ—নিষেধ কৰিব নোৱাৰা, শাসন নমনা।তম্ভাইলেক—তম্ভ্ৰ-শতা, কামৰ পৰা বিশ্ৰামলোৱা।তবধ—তধা, আচৰিত হৈ নিতাল মৰা।পুৰীষ—বিষ্ঠা; যি পেট পূৰ্ণ কৰি ৰাখে।যেন অৰিষ্টক কৃষ্ণে পেলাইলা লীলাই …অৰিষ্টক দৈত্যক শ্ৰীকৃষ্ণই ওপৰলৈ তুলি নিজোড়েৰে পেলাই দি মাৰিব খোজাৰ কথা।কলধাতু—জীৱ।মৰ্দ্দ—পিহা। মোহাৰি গুৰি কৰ।লৰ ভেজা—পলোৱা।নুহিক শাশ্বত ইটো অনিত্য সংসাৰ-হবলাগে।বাজন—বলদ গৰু।প্ৰপঞ্চি—হলাই; বিস্তাৰিত ৰূপে।