আদিপাঠ - আগছোৱা

কালীনাথ হাজৰিকা

আগছোৱা

প্ৰথম তাঙ্গৰণ।

“কলিকতা প্ৰিণ্টিং হাউচ” যন্ত্ৰত শ্ৰীনবীন চন্দ্ৰচৌধুৰীৰ দ্বাৰা ছপা হল।

All rights reserved

মূল্য এক অনা মাথোন।

Extract from the proceedings of the Nowgong Anglo-vernacular Text-Book Committee held on 10th June, 1891.“Read Addipath by Kalinath Hazarika Resolved that the book may be used as a textbook, but the author must print the first and second parts separately in different volumes.”

[ শুদ্ধিপত্ৰ ] [ ২ ]

ঢ, ড, য এই কেইটা আখৰৰ তলত ফুট দিলে উচ্চাৰণ স্বৰ হয়। ষেনে:- ঢ় ড় য়। শিক্ষক সকলে এই কথা দৃষ্টান্তৰে সৈতে বুজাই দিব। ত ৰ পাচত স্বৰ নেথাকিলে ৎ এই দৰে লিখে।[ ৪ ] [ ৫ ]

( ্ ) এই চিনে স্বৰ নথকা বুজায়৷

ব্যঞ্জনে সৈতে লগ লগালে স্বৰৰ রূপ৷

বাৰে মতৰা৷

ওপৰৰ বাৰেমতৰাৰ কোনো কোনো স্বৰৰ দুটা আকৃতি, যেনে; [ ১২ ]

[ ১৬ ] [ ১৭ ]

বেলি হল। পঢ়িবলৈ ওলোৱাঁ৷ পলম নকৰিবাঁ। কাপোৰ শলোৱাঁ৷ ফলি পুথি লোৱাঁ। পঢ়াশালিলৈ বলাঁ৷ পলম হলে ওজাদেৱে খং কৰিব৷

[ ১৮ ] তুমি কি পঢ়িছা? সেইখন কি কিতাপ? আদি পাঠ৷ কিমানলৈকে পঢ়িছা? বাৰে মতৰা আরু নামফলি লৈছোঁ৷ তোমাৰ নাম কি? মোৰ নাম ভোলানাথ৷ তুমি লিখিব পাৰানে? অলপ অলপ পাৰোঁ৷ বারু, লিখা৷

আখৰ বোৰ গোট গোট কৈ লিখাঁ৷ চিঁয়াহি পৰিব চাবাঁ, সিমান খৰকৈ নেখেলিবা৷ টোপা নেপেলাবাঁ। শাৰী বোৰ পোণ আরু আখৰ বোৰ সমান হব লাগে৷ কাপটো ভালকৈ ধৰাঁ৷ নোমোহাৰিবাঁ৷ বেয়া হলে আঁচ মাৰি থবাঁ৷ আকৌ লিখিবা৷ কি লিখিলা চাঁও?

এতিয়া পঢ়া৷ হাই নকৰিবাঁ৷ লাহে লাহে ফুটাই মাতাঁ৷ চিন বোৰলৈ মন কৰি যাবাঁ, যত চিন নাই, তত নৰবাঁ এটা চিনৰ পৰা আন এটা চিনলৈকে মাতিবাঁ থিৰ হৈ বহাঁ৷ মনে মনে থকাঁ৷[ ১৯ ] সদাই মন দি পঢ়িবাঁ৷ ধেমালি নকৰিবা৷ ভাল লৰাই সদাই মন দি পঢ়ে, ধেমালি কৰি নুফুৰে৷ পিতৃ মাতৃৰ কথা শুনিবা৷ তেওঁবিলাকৰ কথা মতে চলিবাঁ। নিতৌ সিবিলাকক সেৱা কৰিবাঁ৷ শিক্ষকে কোৱা কথা সদাই মনত ৰাখিবাঁ। নিতৌ পঢ়াশালিলৈ গৈয়ে তেওঁক এটি নমঃকাৰ কৰিবাঁ। এলেহুৱা মানুহ দুখত পৰে৷ অধিক কৈ নেখাবাঁ৷ সৰহকৈ খোৱা মানুহ রুগীয়া হয়৷ দুখীয়াক পুতৌ কৰিবাঁ। মৰমৰ সমান ধৰম নাই৷

তুমি সদাই সঁচা কথা কবাঁ। মিছা কথা কেতিয়াও নকবাঁ। মিছা কোৱা বৰ দোষ৷ মিছা কথা কলে কেওঁৱে সঁজাত নকৰে৷ মিছলীয়া মানুহে সচা কলেও কোনেও নপতিয়ায়৷ মিছা কথা কোৱা লৰাক সকলোৱে ঘিণ কৰে৷ আরু সমনীয়া লৰাবোৰে লাজ দিয়ে৷ কাৰো একে চুৰ নকৰিবাঁ৷ চুৰ কৰা বৰ বেয়া কাম৷ চোৰক এটায়ে ঘিণ কৰে, আরু লাজ দিয়ে৷ সি আগত [ ২০ ] ওলালে সকলোৱে তাক হাই দিয়ে৷ এতেকে তুমি লোকৰ একোকে নুচুবাঁ৷

কাৰেও হাই উরুমি নকৰিবাঁ৷ লগৰ লগৰীয়া আরু ভাই ভনীক ম'ম কৰিবাঁ৷ সিবিলাকেৰে মিলেৰে থাকিবাঁ৷ গুরু আরু পিতৃ মাতৃক মান কৰিবাঁ৷ বৰ মানুহৰ নাম নেকাঢ়িবাঁ৷ সকলোতে সরুহৈ ফুরিবাঁ। সকলোকে মিঠা মুখেরে মাতিবা কেটেৰা মাত নেমাতিবাঁ। কালৈকো ওপৰহাত নকরিবাঁ৷ লাজ বা ঘিণ লগা, নাইবা লোকে বেয়া পোৱা কথা নকবাঁ৷ চেলেপু মানুহৰ দৰে কথায় পতি শপত নেখাবাঁ।

অন্ত।

বিদেশত বঙ্গালী মুদ্ৰাকৰৰ হাতত ছপা হোৱা বাবে আৰু গ্ৰন্থকাৰে নিজে "প্ৰুফ" চাবলৈ নোপোৱাত ঠায়ে ঠায়ে এই পুথিত অশুদ্ধ ৰৈ গল৷ যেনে,-

অনেক ভবিষ্যৎ অনুজ্ঞা বুজোৱা ক্ৰিয়াৰ শেষত ঁ চন্দ্ৰবিন্দু পৰিছে৷ যেনে, পঢ়িবাঁ, মাতিবা, নকবাঁ, নেখাবাঁ ইত্যাদি৷ কিন্তু সেইবিলাক ক্ৰিয়াত ঁ চন্দ্ৰবিন্দু বহুৱাতো সম্পূৰ্ণ ভুল৷ অৰ্থাৎ পঢ়িবা, মাতিবা, নকবা, নেখাবা হব লাগিছিল৷ পঢ়াশালীৰ গুৰুৱে ষেন এইবিলাক ভুল ছাতৰক শুধৰাই দিয়ে৷ [ ২৫ ]

তলত লিখা পঢ়াশালিত চলা পুথিবিলাক মোলৈ লেখিলে পোৱা যাব।

১০ টকা বা তাতকৈ সৰহ ধনৰ পুথি নগদ দি বা ভেল্যু পেয়েব্‌ল্‌ ডাকত নিলে শতকৰা ২০ টকাকৈ কমিশ্যন দিয়া যাব।

তেজপুৰ আসাম।