কূৰ্ম্মৱলী-যুদ্ধ

কবি সাগৰ খৰি

দত্ত বৰুৱা ব্ৰাদাৰ্চ এণ্ড কোংনলবাৰী, অসম।১৯৩৮ চন

জয় নমো নাৰায়ণ নিত্য নিৰঞ্জন৷ব্ৰহ্মা হৰে চিন্তে যাৰ অৰুণ চৰণ॥চৰাচৰ পশু-পক্ষী যাৰ গুণ গায়।ব্ৰহ্মা মহেশ্বৰে যাৰ অন্তক নাপায়॥১অনন্ত বদনে যাৰ নাপাইলেক সীমা।ইন্দ্ৰ চন্দ্ৰ বায়ু বহ্ণি নাজানে মহিমা॥হেনয় ঈশ্বৰ যিটো অগতিৰ গতি।দৈৱকীৰ গৰ্ভে আসি ভৈলা উতপতি॥২গোকুলত থাকিলাহা চাৱালৰ ছলে।বান্ধিলা যশোদা তাক ভকতিৰ বলে॥

গৰু চাৰিলাহা প্ৰভু গোপ-শিশু সঙ্গে।অসংখ্যাত অসুৰ বধিলা তাত ৰঙ্গে॥৩মথুৰাক যাই পাছে প্ৰভু দেৱ হৰি।ধোবাৰ ছিঙ্গিলা মাথা মহাক্ৰোধ কৰি॥কুৱলয় কংসৰ সাধিলা নিজ কাজ।বৃদ্ধ উগ্ৰসেনক পাতিলা মহাৰাজ॥৪পাছে পিতৃগৃহে প্ৰবেশিলা দেৱ হৰি।কৌৰৱৰ মাজত পশিলা ৰঙ্গ কৰি॥পাশা খেলাই পাণ্ডৱক বনক পঠাই।সামাজিক ৰূপে প্ৰভু ৰঙ্গে আছা চাই॥৫মনত হৰিষে সবে শুনা সভাসদ।কালভদ্ৰ পৰাজয় কুৰ্ম্মৱলী বধ॥কহয়ে সাগৰ কবি কৃষ্ণ পাৱে ধৰি।পদবন্ধে কবিতা কৰিলো যত্ন কৰি॥ ৬

দুৰ্য্যোধনৰ অশ্বমেধ যজ্ঞৰ আয়োজন।

যেবে পঞ্চ পাণ্ডৱ বনক চলি গৈলা।দেখি কৌৰৱৰ মনে মহাৰঙ্গ ভৈলা॥

দুৰ্য্যোধন শকুনি সুশেন দুঃশাসন।কৰ্ণ সমে বসি তাত কৰে আলোচন॥৭শকুনি বোলন্ত আবে আদেশ নৃপতি।সুধা যেবে কহো মই উত্তৰ যুগুতি॥যজ্ঞ কৰিলন্ত যুধিষ্ঠিৰ নৃপবৰ।ৰহিল খিয়াতি তেবে চন্দ্ৰ দিবাকৰ॥৮শতাধিক যজ্ঞ আবে কৰিয়ো আমাৰ।ৰহিবেক যশ আশে পুৰুষ উদ্ধাৰ॥হেন শুনি কৰ্ণে মাতিলন্ত শকুনিক।বুলিলা উত্তম কথা ভাল উপাধিক॥৯দুঃশাসনে বোলে দাদা শুনা দুৰ্য্যোধন।যজ্ঞ কৰিবাক আমাসাৰ বৰ মন॥হেন শুনি দুৰ্য্যোধন ৰাজা মহামানী।সবাকো সম্বোধি হেন বুলিলন্ত বাণী।১০সবে ই থানত বসি থাকাহা সম্প্ৰতি।পিতৃত পুছিয়া আসোঁ ইহাৰ যুগুতি॥এহি বুলি ৰাজা অভ্যন্তৰে গৈলা চলি।যি থানত আছে ধৃতৰাষ্ট্ৰ মহাবলী॥১১

ওচৰ চাপিয়া দুৰ্য্যোধন মহামানী।চৰণে প্ৰণামি ধীৰে ধীৰে বোলে বাণী॥শুনিয়োক পিতৃদেৱ গোচৰ আমাৰ।যজ্ঞ কবিবাক মন ভৈলেক সবাৰ॥১২শকুনি সুসেন কৰ্ণ ভাই দুঃশাসন।ই কাৰ্য্যক লাগি তাসম্বাৰ বৰ মন॥হেন শুনি ধৃতৰাষ্ট্ৰ ৰাজা নৰেশ্বৰ।দুৰ্য্যোধন তনয়ক দিলেক উত্তৰ॥১৩আমাৰ বচন শুনা গান্ধাৰী নন্দন।ইটো কথা শুনন্তে হৰিষ কৰে মন॥পুছিবাক নালাগে মোহোত ইটো কথা।কৰিয়োক যজ্ঞ তুমি নাহিকে অন্যথা॥১৪শুনি ৰঙ্গ ভৈলা দুৰ্য্যোধন মহাবলী।বাপক নমিয়া ৰাজা শীঘ্ৰে গৈলা চলি॥কতবেলি অন্তৰে পাইলেক মেলঘৰ।ৰঙ্গে যাই সভাত বসিলা নৰেশ্বৰ॥১৫হাসি দুৰ্য্যোধন ৰাজা বুলিলা বচন।মন দিয়া শুনিবাহা ৰাধা সুত কৰ্ণ॥

আন বীৰগণ শুনা আলচ আমাৰ।যজ্ঞ কৰিবাক প্ৰতি মিলায়ো সম্ভাৰ॥১৬পঞ্চবৰ্ণ ঘোটক মিলায়ো যত্ন কৰি।কৰিয়ো সুবেশ মোৰ সমস্ত নগৰী॥চৌপথ পদূলি সাজি সিঞ্চায়োক ফুল।থানে থানে কন্যাগণে কৰোক মঙ্গল॥১৭ৰাজাগণ বহিবাক সাজায়োক ঘৰ।ভোজনৰ দ্ৰব্য মানে আনিয়ো সত্বৰ॥বস্ত্ৰ অলঙ্কাৰ আদি আনা বহুধন।দশ দিশে চলোক আমাৰ দূতগণ॥১৮ধনৰ ভাণ্ডাৰ ভাঙ্গি পাণ্ডৱ ৰাজাৰ।শকটে শকটে ভৰি আনিয়ো বিস্তৰ॥হেন শুনি সবাৰ হৰিষ ভৈলা মন।ইন্দ্ৰ প্ৰস্থ নগৰক চলিয়োক কৰ্ণ॥১৯লগতে চলোক দুঃশাসন বীৰবৰ।সৰ্ব্ব কাৰ্য্য ৰীতিমত কৰোক সত্বৰ॥

শাৰী শাৰী গৃহসব সাজালা প্ৰৱন্ধে।চৌপথে পদূলি সব সাজে নানা ৰঙ্গে॥২০

পুষ্কৰিণী দেৱগৃহ সাজি থানে থান।বিচিত্ৰ ভাণ্ডাৰ সব কৰিলা নিৰ্ম্মাণ॥পাছে যজ্ঞ গৃহ সাজিলেক বীৰবৰ।ধৱল পৰ্ব্বত হেন দেখি লাগে ডৰ॥২১বাণিয়া কাহাঁৰ লোক কৰিলেক স্থিতি।শাৰী শাৰী নিবন্ধিলা ৰজতৰ চৌতি॥সুৱৰ্ণৰ পাত কামি সুৱৰ্ণ ৰুৱলি।সুৱৰ্ণৰ গুণ টানি বন্ধিলা মাড়লী॥ ২২ৰূপহী সবক তাৰ দিলা সুবৰ্ণৰ।পাৰ্ব্বতীসবক তাৰ দিলা কি সুন্দৰ॥শাৰী শাৰী নিবন্ধিলা ৰজতৰ মণি।শ্বেত নেত শুক্ল বস্ত্ৰে পাৰিলা পাতনি॥ ২৩ৰজতৰ খাৱাসব দিলেক যতনে।বেৰাক বান্ধিলা তাৰ সুৱৰ্ণ ৰতনে॥ৰজতৰ পাতা দিয়া ছেৱে যত্ন কৰি।উত্তৰে গহীন যেন দেখি শুক্ল গিৰী॥২৪বান্ধিলেক কাঠি যেন সুৱৰ্ণ ৰজতে।বান্ধিলা ধৰণাসব হীৰা মৰকতে॥

ৰতনৰ পাতা অসংখ্যাত দিলা টানি।চাহান নাযাই ঝিকিমিকি কৰে ধুনি॥২৫প্ৰৱন্ধে সাজিলা তাত অনেক পুতলি।অঙ্গি ভঙ্গি কৰি আছে হাত তুলি তুলি॥সিংহ হস্তীগণক লেখিলা পালে পালে।হৰিণ বৰাহ গৰু মহিষ ছাগলে॥২৬গড়ুৰক আদি কৰি যত পক্ষীচয়।তিপচিলা আদি কৰি লেখিলা কতয়॥এহিমতে যজ্ঞৰ সাজিলা ঘৰচয়।শুনা পাছে যি কৰিলা ৰাধাৰ তনয়॥২৭ইন্দ্ৰপ্ৰস্থ নগৰক চলি বীৰবৰ।সুৱৰ্ণৰ যত গৃহ ভাঙ্গিলা বিস্তৰ॥শকটে শকটে ভৰি দিলেক পঠাই।ধনৰ ভাণ্ডাৰ ভাঙ্গি আনিলা দুনাই॥২৮এহিমতে সবে ৰাজ কাৰ্য্য নিয়োজিলা।সেহি বেলা যজ্ঞৰ ঘোটক আনি দিলা॥হেন দেখি দুৰ্য্যোধন হৰিষ মনত।সবাকো সম্বোধি হেন বুলিলা সম্মত॥২৯

আমাৰ বচন শুনিয়োক বীৰচয়।শাস্ত্ৰৰ বিহীত কাৰ্য্য কৰিবে লাগয়॥বাধা-সুত কৰ্ণ পশ্চিমক গৈলা চলি।উত্তৰে চলোক দুঃশাসন মহাবলী॥৩০পূৰ্ব্বক চলোক দ্ৰোণ আচাৰ্য্য সম্প্ৰতি।দক্ষিণে চলোক ভীষ্ম মোক্ষ সেনাপতি॥চাৰিয়ো দিশক চলি গৈলা বীৰগণ।দেশে দেশে ৰাজায় সহিতে মহাৰণ॥৩১হেন দেখি সবাৰ হৰিষ ভৈলা মন।নিশান-শৱদে বোলে সাজ ৰাজগণ॥ভিন্নে ভিন্নে আপোনাৰ লৈয়া সেনাগণ।চাৰিয়ো দিশক চলি গৈলা ৰাজাগণ॥৩২পশ্চিম দিশক ৰাধা সুত মহাবল।বিনা যুদ্ধে ৰাজা জিনিলন্তক সকল॥পূৰ্ব্ব দিশে যত যত নৃপতি আছিল।মহাযুদ্ধে দ্ৰোণে সব ৰাজাক জিনিল॥৩৩দক্ষিণত ভীষ্ম সেনাপতি অনুপম।খেদি খেদি ৰাজাগণ কৰিলা সংগ্ৰাম॥

অসংখ্যাত ৰাজাগণ বধি সমৰত।লুৰি পুৰি সবাৰ আনিল ধন যত॥৩৪বৈশম্পায়ন বদতি শুনিয়ো মহাৰাজ।আত অনন্তৰে পাছে যেন ভৈলা কাজ॥ৰণ জিনি কৌৰৱৰ হৰিষ অপাৰ।হেন মনে কৰে দেৱতাক দেওঁ ধাৰ॥৩৫পাছে দুৰ্য্যোধন ৰাজা পূৰি মনস্কাম।পাতক ছাড়োক ডাকি বোলা ৰাম॥

দুৰ্য্যোধন কহে মন্ত্ৰী শুনিয়ো বচন।পণ্ডিত ব্ৰাহ্মণ মাতি আনা এতিক্ষণ॥৩৬ঘোটকৰ কপালত লেখা ভালমতে।সবেও বিৰাজ কৰা ঘোৰাৰ লগতে॥ধৃতৰাষ্ট্ৰ পিতৃক বিদায় মাগিছয়।যাৱতেকে ফিৰিয়া পালটি নাহোঁ মই॥৩৭শুনি ৰঙ্গ ভৈলা তেবে ধৃতৰাষ্ট্ৰ ৰায়।পণ্ডিত ব্ৰাহ্মণ আনিলেক ভাল চাই॥

লেখিলেক পত্ৰখান উত্তম নিয়ম।দুৰ্য্যোধন ৰাজা দুৰ্জ্জনৰ মহা যম॥৩৮সমদলে সকল কটকে আসে ধাই।মেলিলেক ঘোৰা পাছে শুভক্ষণ চাই॥ধৰিয়োক ঘোৰা যাৰ আছয় শকতি।লগতে চলিছে দুঃশাসন মহামতি॥৩৯এহিমতে পত্ৰখান পণ্ডিতে লেখিয়া।ঘোটকৰ কপালত দিলেক বান্ধিয়া॥কহিলেক পণ্ডিতে উত্তম ক্ষণ চাই।মেলিলা যজ্ঞৰ ঘোৰা শুভক্ষণ পাই॥৪০লগত চলিলা দুঃশাসন বীৰবৰ।জয় জয় শৱদ উঠিলা ভয়ঙ্কৰ॥প্ৰবল ঘোটকগোট মহাবেগে চলে।ৰত্নে বিৰচিত ঘোৰা সূৰ্য্য সম জ্বলে॥৪১দেশে দেশে ঘোটক ভ্ৰময় নিৰন্তৰ।প্ৰবেশিলা পাছে কূৰ্ম্মৱলীৰ নগৰ॥

সিটো নগৰৰ প্ৰজা পৰম সুবেশ।সুকুমাৰ তনু অতি জ্বলে দীৰ্ঘকেশ॥৪২সমস্ত তৰুণ দেহা অতি মনোহৰ।নিৰন্তৰ প্ৰজাসব দেৱ সমসৰ॥লয়লাসে কটাক্ষে ফুৰয় নাৰীগণে।কন্দৰ্পৰো দৰ্প হৰে যাক দৰশনে॥ ৪৩সৰ্ব্বকালে যৌৱন লম্বিত নুহিকয়।লয়নু পুতলি যেন দেখি সেহি নয়॥আয়ত, লোচন চাৰু ক্ষীণ যে কঙ্কাল।বতাসত হালে যেন শ্ৰীফলৰ ডাল॥৪৪হেন নাৰীগণ তৈতে আনন্দে ভ্ৰমন্ত।কোকিলৰ কুহুঁ কুহুঁ মলয়া বসন্ত॥সুবৰ্ণৰ চৌপথ পদূলি সুবৰ্ণৰ।পশু পক্ষী যত সুবৰ্ণৰ নিৰন্তৰ॥৪৫সুবৰ্ণৰ তৰু তৃণ লতা আছে যত।দেখয় সুবৰ্ণময় যতেক পৰ্ব্বত॥

সুবৰ্ণৰ বৃক্ষসৰ সুবৰ্ণৰ ফল।সুবৰ্ণৰ পত্ৰসব পৰম নিৰ্ম্মল॥ ৪৬সুবৰ্ণৰ পুষ্পসব আছে ফুলি ফুলি।গাছতে পকিয়া আছে সুবৰ্ণ কদলী॥হীৰা মৰকতে গৃহ বান্ধিছে ৰাজাৰ।দেখয় সুবৰ্ণময় জগততে সাৰ॥৪৭সৰ্ব্বাঙ্গে সুন্দৰ একো অঙ্গে নুহি ক্ষীণ।প্ৰকাশে ভূমিত দ্বিতী অম্ৰাবতী যেন॥

সেহি নগৰত পশি ঘোটক দুৰ্জ্জয়।পৰম আনন্দে সিটো ছেহনি মাৰয়॥৪৮সেহিবেলা নৃপতিৰ মন্ত্ৰী বুদ্ধিমন্ত।সুবৰ্ণ সদৃশ ঘোৰা গোট দেখিলন্ত॥পৰম সুন্দৰ ঘোৰা দেখি বিদ্যমান।আথে বেথে মন্ত্ৰী নৃপতিত দিলা জান॥৪৯হেনশুনি ৰাজা আদেশিলা শীঘ্ৰ কৰি।সমদলে কটকে ঘোৰাক আন ধৰি॥

নৃপতিৰ আদেশ শুনিয়া সৈন্যগণ।বেঢ়ি যাই ঘোৰাক ধৰিলা তেতিক্ষণ॥৫০মহা যত্নে ঘোৰ গোট থৈলেক বান্ধিয়াকপালৰ পত্ৰখান আনিলা কাঢ়িয়া॥কহিলেক পত্ৰখান যেহেন লক্ষণ।কৌৰৱৰ বংশে জাত ৰাজা দুৰ্য্যোধন॥৫১পৰম প্ৰবল ৰাজা ধৃতৰাষ্ট সুত।ধৰণী মণ্ডলে ৰাজা অতি অদভুত॥একছত্ৰে খাটে পৃথিবীৰ ৰাজগণ।ভৃত্য যেন খাটয় যোগাৱে কৰ-ধন॥৫২যজ্ঞ কৰিবাক মনে ঘোটক মেলিলা।ভ্ৰাতৃ দুঃশাসনক লগতে ৰক্ষা দিলা॥ধৰিবেক ঘোৰা যাৰ শকতি আছয়।সপুত্ৰ বান্ধৱে তাৰ কৰিবো প্ৰলয়॥৫৩পত্ৰ শুনি ক্ৰোধে জ্বলিলেক নৰেশ্বৰ।শুনি আছো দুৰ্য্যোধন ৰাজা ভয়ঙ্কৰ॥শকুনি সুসেন কৰ্ণ দ্ৰোণ ভীম ৰায়।সমদলে কটকে নগৰে আসে ধাই॥৫৪

আনো অসংখ্যাত সাজি আসে নিৰন্তৰ।কত কত জনৰ যে মিলিলা সমৰ॥হেন শুনি বুদ্ধিমন্ত শীঘ্ৰে গৈলা চলি।যি থানত আছে কালভদ্ৰ মহাবলী॥৫৫কহিলন্ত নৃপতিৰ কথা যত যত।শুনি কালভদ্ৰ ভৈল হৰিষ মনত॥মনে ৰঙ্গ সমৰত আমাৰ চিৰকাল।জানিলো নিশ্চয় ঘোৰ সমৰ মিলিল॥৫৬এহি বুলি কালভদ্ৰ মোক্ষ সেনাপতি।জান দিয়া বহুলোক আনিলেক মাতি॥

সাজিয়োক সেনাগণ বিলম্ব নকৰ।ধৰিলা ঘোটক ঘোৰ মিলিল সমৰ॥৫৭হেন শুনি বাজেনীয়া যতেক প্ৰধান।পৰম আনন্দে সবে বজাৱে নিসান॥কুবাৱে নিসান মহা আনন্দতে চড়ে।সমৰক চলো বুলি বাজে খৰতৰে॥৫৮

হেন শুনি যুদ্ধক সাজিলা বীৰগণ।মাহুতে সহিতে হস্তী যুজিবাক মন॥ৰথী সমে ৰথ সম ৰাহুতে ঘোটক।বাৰু খাণ্ডা ধৰি সবে আসিলা কটক॥৫৯নানাবিধ অস্ত্ৰ সাজি সসৈন্যে দুৰ্ব্বাৰ।নৃপতিৰ আগে গৈয়া ভৈলা পয়োসাৰ॥কালভদ্ৰ সেনাপতি সমে সেনাচয়।বাৰিষাৰ মেঘ যেন দেখি লাগে ভয়॥৬০হয় হস্তী পদাতি ভৈলেক একস্থান।পদাতিৰ আন্দোলে পৃথিবী কম্পমান॥হেন দেখি কূৰ্ম্মৱলী ৰাজা নৰেশ্বৰ।সবাকো সম্বোধি হেন দিলেক উত্তৰ॥৬১আমাৰ বচন শুনা পদাতি সকল।শুনা ভাই কালভদ্ৰ সেনা মহাবল॥ঘোটকৰ লগত আহিছে দুঃসাশন।সেই সমে আগে কৰিয়োক ঘোৰৰণ॥৬২সৈন্যগণ সহ সিটো আসিয়াছে সাজি।কৰিয়ো সমৰ ভয় নকৰিবা আজি॥

শুনি আছো দুঃশাসন সমৰে প্ৰধান।সমৰত জিনি হাতে গলে বান্ধি আন॥৬৩পোতাশালে বন্দী কৰি থওঁ ভালমতে।ডেঙ্গেৰে ফুৰাম মই নগৰ সমস্তে॥তাৰ পাছে আসোক নৃপতি দুৰ্য্যোধন।তাৰ সঙ্গে মোহোৰ হৈবেক ঘোৰ ৰণ॥ ৬৪হেন শুনি কালভদ্ৰ বীৰ মহাবলী।সসৈন্যে সানন্দে শীঘ্ৰে বেগে গৈলা চলি॥মহাবেগে গৈলা চলি খানিকো নাপেক্ষি।দুঃশাসন সমে সবে ভৈলা দেখা দেখি॥৬৫সেহিবেলা দুঃশাসনে যি কৰিলা কাজ।সমৰ লাগিয়া ভৈলেক সবে সাজ॥কালভদ্ৰ সেনাপতি খেদি লাগ পাই।দুই দলে মহাক্ৰোধে যুজিবাক যাই॥৬৬বাৰুৱাৰী লোকে খেদি যাই বাৰু পাতি।খাণ্ডায়ে লাগিয়া কুবাকুবি হাতাহাতি॥ধানুকী সকলে যুজি পদাতি পদাতি।মাহুতে মাহুতে যুজে ৰথী খৰগতি॥৬৭

এহিমতে ঘোৰ যুদ্ধ মিলিল অপাৰ।হুলস্থূল আন্দোল যে হুইল তাহাৰ॥অনেক পৰিল বীৰ সম্মুখ সমৰে।তথাপিতো পিছক নচাৱে কোনো নৰে॥৬৮বোলন্ত সাগ‍ৰ কবি অতি অল্প মতি।কৰযোৰে মহন্ত জনক কৰো নতি॥মূৰ্খ হেন জানি নিন্দা নকৰিবা মোক।যেন তেন মতে কৃষ্ণ কীৰ্ত্তনেসে হৌক॥ ৬৯কৃষ্ণসে দেৱৰ দেব জানা নিষ্ট কৰি।খণ্ডোক আপদ ডাকি বোলা হৰি হৰি॥৭০

ঋষিয়ে বোলয়, ৰাজা জন্মেজয়শুনিয়োক পাছকথা।যেবে দুঃশাসন, হাৰিলেক ৰণৰিলা যেন অৱস্থা॥

নাগপাশে বন্দী হুয়া দুঃশাসনৰণ মাজে পৰি আছে।দেখি কালভদ্ৰে সবাকো চাহিয়াহৰিষে মাতিলা পাছে॥৭১আমাৰ বচন শুনা বীৰগণলয়ো আক সাঙ্গী কৰি।নৃপতিৰ আগে দেওঁ ভেট কৰিদেখিয়োক নৰ নাৰী।হেন শুনি সবে সাঙ্গীবান্ধি লৈয়ানগৰক লাগি গৈলা।বসিয়া আছন্ত ৰাজা কূৰ্ম্মৱলীসভামধ্যে ভেট পাইলা॥৭২আগ বাঢ়ি যাই মোক্ষ সেনাপতিকালভদ্ৰ মহাবীৰ।সমীপ চাপিয়া কৰিলা প্ৰণামমাতিলন্ত ধীৰে ধীৰ॥তোমাৰ প্ৰসাদে লভিলোঁ বিজয়আনি আছো দুঃশাসন।

শুনি কুৰ্ম্মৱলী ৰাজা মহাৱলীহৰষিত ভৈলা মন॥৭৩কালভদ্ৰ আদি সমস্ত সেনাকদিলা ধন ৰত্ন বিত।বীৰ কালভদ্ৰ সৈন্য অধিকাৰীহৰষিত ভৈলা চিত॥পাছে কূৰ্ম্মৱলী আনন্দে বুলিলাশুনিয়োক সেনা-বল।নগৰত নিয়া ফুৰায়ো ইহাকদেখোক প্ৰজা সকল॥৭৪হেন শুনিসবে সাঙ্গী বান্ধি লৈয়াপশিলা যাই নগৰ।দুন্দুভি কোবায় নিশান উড়াইহৰিষ মন লোকৰ॥সাঙ্গী বান্ধি নেই প্ৰজাসবে দেখেবেঢ়ি চাৱে নাৰীগণ।কৌৰৱ-বংশৰ ৰাজা দুৰ্য্যোধনতান ভাই দুঃশাসন॥ ৭৫

এহিমতে সবে যত নৰ নাৰীচাহয় আনন্দ কৰি।পুনৰপি আনি ৰাজাৰ আগতজগাইলেক সাঙ্গী কৰি॥দেখি কূৰ্ম্মৱলী হৰিষ মনতবুলিলা সবাকো চাই।পোতাশালে নিয়া থৈয়ো বন্দী কৰিবিলম্বক নুযুৱাই॥৭৬হেন শুনি যত ৰক্ষীয়া কটকৰাজাৰ বুজিয়া মন।পোতাশালে নিয়া কৰিলেক বন্দীকৰিয়া অতি যতন॥ঋষিয়ে বোলয় শুনা জন্মেজয়পাছে যেন ভৈল কাজ।যেবে ৰণ জিনি কৰিলেক বন্দীদুঃশাসন যুবৰাজ॥৭৭দেখি কুৰুসেনা মহাত্ৰাস হুয়াপাছক লগিয়া লৰে।

কূৰ্ম্মৱলী সেনা আনন্দ কৰিয়াখেদি খেদি কত ধৰে॥কত সেনাগণ কোবায় মাৰয়কত আনে বান্ধি ধৰি।কিলন্তে কুবন্তে টানন্তে ঘোহন্তেকত কত গৈলা মৰি॥৭৮কত সেনাগণ ত্ৰাসতে পলায়ৰাখিয়া নিজ পৰাণ।দেশ দেশান্তৰ পলাই নিৰন্তৰনৃপতিত দিলা জান॥আদেশ নৃপতি শুনিয়ো সম্প্ৰতিবিনাশ ভৈলাহে কাজ।সমৰত তিনি কৰিলেক বন্দীদুঃশাসন মহাৰাজ॥৭৯হাতে গলে বান্ধি নিলন্ত ধৰিয়ানগৰ পখিলা যাই।নজানিলোঁ তৈত অন্তেষ পুৰতকৰিলা কিবা বিলাই॥

শুনি দুৰ্য্যোধনে দেখিলা যমকশোক-অগ্নি গৈলা জ্বলি।সমস্তে সংসাৰ তমোময় দেখেভূমিত পৰিলা ঢলি॥৮০কত বেলি মানে ৰাজা দুৰ্য্যোধনশৰীৰে চেতন পাই।ধৰ ফৰ কৰি উঠিয়া বসিলানিদ্ৰাত যেন জাগয়॥কথমপি চিত্ত কৰিলন্ত স্থিৰকিছো সন্ধুক্ষণ ভৈলা।প্ৰাণ সমসৰ কনিষ্ঠৰ গুণসুমৰি কান্দিবে লৈলা॥৮১হৰি হৰি বাপ প্ৰাণৰ সোদৰকিমতে দুঃখ বঞ্চিবি।সিটো পোতাশালে ঘোৰ যাতনাতকিমতে পৰি থাকিবি॥দশ পঞ্চ দিনে দিবেক আহাৰথৈবে বান্ধি হাতে গলে।

মুখ চাই তোৰ অনেক ভৎৰ্সিবেতাক স্মৰি অগ্নি জ্বলে॥ ৮২অকাৰা তণ্ডুল দিবে এক মুঠিনিদিবেক তৈল ঘিউ॥সিটো অন্ন তই খাইবি কেন কৰিকিমতে ৰাখিবি জিউ॥ক্ষুধাৰ্ত্ত ভূমিত শয়ন কৰিবিন হইবেক তৃণো সৰি॥কিমতে তাহাত নিদ্ৰা কৰিবাহাথাকিবিহি কেন কৰি॥৮৩পঞ্চামৃতে নিত্য কৰস ভোজনপৰম সুন্দৰ ভোগ॥দিব্য সিংহাসনে সুখ নাহি লাগেসদা হয় অভিযোগ॥ইহাক স্মৰিয়া নসহে পৰাণশৰীৰ কৰে দগধ।এহি বুলি ৰাজা দেখে তমোময়বাক্য ভৈলা নিশবদ॥৮৪

কতো বেলি অন্তে ৰাজা দুৰ্য্যোধনস্থিৰ কৰিলেক বুদ্ধি।জানিলো নিশ্চয় আপদ কালৰধৈৰ্যেসে বৰ ঔষধি॥এহিমতে গুণি ৰাজা মনে মানিকৰিলেক দৃঢ় মন।দ্ৰোণ ভীষ্ম কৰ্ণ সবাকো চাহিয়াবুলিলা পাছে বচন॥৮৫শুনা বীৰগণ নসহে পৰাণবিলম্বক নজুৱাইসমৰক লাগি আহা শীঘ্ৰ কৰিকিচো অৱসৰ নাই॥শুনি ভীষ্ম দ্ৰোণ শকুনি সুসেনৰাধা সুত মহাবল।সমৰক প্ৰতি ভৈলা সব সাজমনে কৰি কৌতুহল॥ ৮৬দুৰ্য্যোধন আদি উনশত ভাইসবে ভৈলা পৰি সাজ।

সৈন্ধব দেশৰ সাজি আসিবেকজয়দ্ৰথ মহাৰাজ॥বিৰাট আসিয়া ভৈলা সব সাজমৎস্যৰাজ মহাবলী।দ্ৰুপদ নৃপতি সেনাগণ সমেতেতিক্ষণে গৈলা চলি॥আন অসংখ্যাত আসিল নৃপতিসমৰক হুয়া সাজ।যুদ্ধক প্ৰৱন্ধে ৰঙ্গে সাজিলেকদুৰ্য্যোধন মহাৰাজ॥শুনা সভাসদ ভাৰতৰ পদসম্যকে পাপৰ জুই।দেৱাঙ্গ ভূষণ ভক্ষ পঞ্চামৃতজানা আক সমনুই॥৮৮জীৱন্তে ভকতি মৰিলে মুকুতিগতি হয় পৰকালে।ত্যাজা আন কাম বোলা ৰাম ৰামপুৰুষ উদ্ধাৰা ভালে॥৮৯

বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।যুদ্ধক প্ৰৱন্ধে দুৰ্য্যোধন নৃপবৰ॥কৱচ পিন্ধিয়া শৰীৰৰ আৱৰণ।পৰিধান কৰিলেক দেৱাঙ্গ ভূষণ॥৯০মাথে পিন্ধিলেক পাছে শৰীৰ শোভন।কণ্ঠমধ্যে লইলেক হাৰ বিতোপন॥কৰত কঙ্কণ অতি হাৰ সাতসৰি।কঙ্কালত ঘুগুৰা বান্ধিলা যত্ন কৰি॥ ৯১বক্ষস্থলে পিন্ধিলেক অগৰু চন্দন।কপালত সুবৰ্ণৰ চিঠি বিতোপন॥দশ আঙ্গুলিত পিন্ধি সুবৰ্ণ-আঙ্গুঠি।ৰত্নৰ নুপূৰ পাৱে স্বৰ্ণৰ উঝটি॥ ৯২শৰীৰত বস্ত্ৰ কঙ্কালন্ত পাটভুণি।ৰত্নে বিৰচিত জিলি মিলি কৰে কান্তি॥

এহিমতে অলঙ্কাৰ পিন্ধিলা বিস্তৰ।সাৰথিক সম্বোধিয়া দিলন্ত উত্তৰ॥ ৯৩শুনিয়ো সাৰথি মোৰ বচন বিহিত।শীঘ্ৰকৰি ৰথ খান কৰ সালঙ্কৃত॥আথে বেথে যাই কটকত দিলা জান।শুনোক সকলে মোৰ বচন প্ৰধান।৯৪চলিবে লাগয় মোৰ দুৰন্তৰ পথ।ভোজন সম্ভাৰ মানে লয়োক লগত॥তেলী মালী কাহাৰ কমাৰ যত লোক।পহাৰি খামাৰি সমস্তেয়ো চলিয়োক॥৯৫পৰত খুজিবে যেন নালাগে বস্তুক।শকটে শকটে ভৰি লয়োক বহুত॥পানীশালা অগ্নিশালা অন্নশালা লৌক।বৃষভৰ স্কন্ধে সাঙ্গী কৰিয়া লয়োক॥৯৬খৰি-ডাল পৰ্য্যন্তে নালাগে খুজিবাক।যতেক আছয় মোৰ বাজনীয়া লোক॥সমস্তে চলোক মোৰ লগত সম্প্ৰতি।হেন শুনি আথে বেথে চলিলা সাৰথি॥৯৭

বেগে যাই সবাত কহিলা বিদ্যমান।শীঘ্ৰকৰি আনি সাজিলেক ৰথখান॥শ্বেতবৰ্ণ চাৰিগোট যুৰিলেক বাজী।সমস্তে অস্ত্ৰক নিবন্ধিয়া হৈল সাজি॥৯৮দিলেক ঝঞ্ঝনা খান ৰত্নে বিৰচিত।সুবৰ্ণ সদৃশ ধ্বজগোট বিপৰীত॥কপালত আৰপিল সুবৰ্ণ দাপনি।পাৱত ঘুগুৰা দিলা কৰে ঝিলি মিলি॥৯৯সুবৰ্ণ ৰতনে মণ্ডিলেক ৰথখান।ভূমিত নামিছে যেন দেৱৰ বিমান॥হেনয় সুন্দৰ ৰথ পৰম সুমতি।ৰাজাৰ আগত আনি যোগালে সাৰথি॥১০০ৰথ আসিবাক দেখি ৰাজা দুৰ্য্যোধন।সমাজৰ হন্তে উঠিলেক তেতিক্ষণ॥ভীষ্ম দ্ৰোণ আদি কৰি যতেক আছিল।গিৰিসিতে তাৱক্ষণে সিথানে চলিল॥১০১

শুভক্ষণে যাত্ৰা কৰিলন্ত নৃপবৰ।জয় হৰিধ্বনি কৰিলেক ভয়ঙ্কৰ॥ধীৰে ধীৰে দেও দিয়া চৰিলা ৰথত।ভীষ্ম আদি যোধগণ চলিলা লগত॥ ১০২বিৰাট দ্ৰুপদ আদি আহিলেক যতযুঁজিবাক মনে সবে হৰিষ মনত॥ৰথ সমে দুৰ্য্যোধন প্ৰকাশ কৰয়।সপ্ত ঘোটকত যেন আদিত্য জ্বলয়॥ ১০৩পাছত চলয় তাৰ উণশত ভাই।যতেক কটক তাৰ লেখা জোখা নাই॥বাজনীযা লোক তাৰ যতেক থাকয়।ক্ৰমান্বয়ে সমস্তেও ৰণক চলয়॥১০৪বীৰ ঢাক কৰতাল বাজাৱে কাঁহালখমুছি দোতাৰা বাজে বিপঞ্চি মাদাল॥গোমুখ কৰ্ণাল ভেৰী ঢোল চন্দ্ৰহাঁস।সাৰিঞ্জে বঞ্জাৰ বেণু ৰুদ্ৰকা বলাস॥ ১০৫কালি মৌৰি বাঁশী বেন আন বাদ্য যতপৰম আনন্দে বাজে সেই সময়ত॥

প্ৰজাৰ আন্দোলে ঘনে কম্পে বসুমতী।কৈলাশত সচকিত হৈলা পশুপতি॥১০৬জল স্থল নাগ পশু পক্ষীৰ বিস্ময়।স্বৰ্গে থাকি দেৱতাসৱৰ হৈলা ভয়॥হুয়া চমৎকাৰ পাছে ৰাজা দুৰ্য্যোধন।শুভক্ষণ যাত্ৰা পায় কৰিলা গমন॥১০৭লগত লৰিলা ভীষ্ম দ্ৰোণ আদি যত।অসংখ্যাত ৰাজাগণ লৰিলা পাছত॥সামান্য সেনাৰ বিছো লেখা জোখা নাই।জল স্থল পৃথিবী সহিতে চলি যাই॥১০৮নদী নদ গ্ৰাম দেশ গিৰি নিৰন্তৰ।সম কৰি চলে কুৰু সেনা বহুতৰ॥দোকানী পোহাৰী লোক চলয় পাছত।শকটে শকটে ভৰি বস্তু চলে যত॥১০৯এহিমতে দিনত চলিল প্ৰজাচয়।গধুলি ভৈলেক ভৰি হাত নচলয়॥হাথিবাক নাপাৰয় সেনাগণ যত।তেতিক্ষণে দিবাকৰ ভৈলা অস্তগত॥১১০

সেই সময়তে ভীষ্ম সেনাপতি বীৰ।দুৰ্য্যোধন ৰাজাক মাতিলা ধীৰে ধীৰ॥আমাৰ বচন শুনিয়োক মহাবল।হাথিব নাপাৰে দেখো কটক সকল॥১১১আত ৰাতি বঞ্চিযোক সসৈন্য সহিতে।ৰাত্ৰি-অৱসানে চলো সেনা সমন্বিতে॥সেহি সময়তে পাছে ৰাধা-সুত কৰ্ণ।মহাক্ৰোধে গাঙ্গেয়ক বুলিলা বচন॥১১২ইথানত ৰাত্ৰি বঞ্চিবাৰ কিবা কাজ।পোতাশালে আছে দুঃশাসন যুৱৰাজ॥একদিনে এক যুগ তাহান মনত।কোন কাৰ্য্য সাধিবাহা থাকি ইথানত॥১১৩চলোক সকল সেনা হাতে খাণ্ডাধৰি।হেন শুনি দ্ৰোণে মাতিলেক ক্ৰোধ কৰি॥তোহোৰ শৰীৰে বল আছয় বিস্তৰ।হৰিষে চলাস গাৱে নাহিকে ভাগৰ॥১১৪তোৰ বলে হাথিবে নাপাৰে সেনাগণ।ঝট খাই পৰয় সম্মুখে জল যেন॥

লাল কাল ভৈলা প্ৰজা নাপাৰে চলিতে।মোৰ মন ইহাত যে উচিত ৰহিতে॥১১৫নুহিকে কহিলে তোৰা শীঘ্ৰ কৰি যাই।দেখিবোহো সবাৰে নয়ন মলি খাই॥শুনি আছো কূৰ্ম্মৱলী প্ৰচণ্ড নৃপতি।কালভদ্ৰ নাম তাৰ মোক্ষ সেনাপতি॥১১৬আছোক মনুষ্য তাৰ দেৱে নহে সম।মহাবলৱন্ত ৰাজা পৰম বিক্ৰম॥যতেক দেখহ কুৰু কটক বিস্তৰ।তাহাৰ আগত সবে তৃণ সমসৰ॥১১৭মৃগৰ আগত যেন প্ৰচণ্ড কেশৰী।কোনোজনে তাহাক যুজিব ধনু ধৰি॥সম্মুখ সমৰে সম কোনোজন নাই।একমাত্ৰ ভীষ্মৰ নাজানো অভিপ্ৰায়॥১১৮আমাৰ বচন শুনিয়োক দুৰ্য্যোধন।জিৰাযোক আতে ৰহিয়োক সেনাগণ॥হেন শুনি দুৰ্য্যোধন নামিল ৰথৰ।সুপকাৰে ৰহিলেক সেনা নিৰন্তৰ॥১১৯

সেহি সময়তে পাছে ৰাজা দুৰ্য্যোধন।সবাকো সম্বোধি হেন বুলিলা বচন॥আপোনাৰ বস্তু যত আছয় লগত।কৰিয়ো ভোজন সবে ৰাজাগণ যত॥১২০যাহাৰ লগত খাদ্য নাহি বিদ্যমান।পহাৰীৰ শকটৰ শীঘ্ৰ কৰি আন॥ভুঞ্জিয়োক সেনাগণ যাৰ যিবা আশ।অভোজনে নাথাকিব প্ৰথম প্ৰবাস॥১২১আৰু এক কথা কহো শুনিয়োক কৰ্ণ।শীঘ্ৰ কৰিয়োক কাষ্ঠ গড়ৰ যতন।ৰাজাৰ বচন হেন শুনিলেক কৰ্ণ॥কৰিলেক কাষ্ঠ-গড় খান তেতিক্ষণ॥১২২এহিমতে বহিলেক ৰাজা দুৰ্য্যোধন।পালি পহৰীয়া লোকে দিলেক দোকান॥উপৰত চন্দ্ৰতাপ আৰিলা দুনাই।কৰিলা কোন দুৰ্য্যোধন মহাৰায়॥ ১২৩ষড়ৰস পঞ্চামৃত কৰিলা ভোজন।কৰ্পূৰ তাম্বুল ভুঞ্জিলেক তেতিক্ষণ॥

সিংহাসন খাটে গৈয়া শয়ন কৰিলা।পালি পহৰীয়া লোকে চৌভিতি ৰহিলা॥১২৪আন ৰাজাগণ মনে কৰিলা ভোজন।নিজ নিজ স্থানে সবে কৰিলা শয়ন॥ভীষ্ম দ্ৰোণ আদি কৰি যতেক আছিলা।ভোজন কৰিয়া পাছে শয়ন কৰিলা॥১২৫প্ৰজাগণে ভোজন কৰিলা মহাসুখে।নিদ্ৰা গৈলা সকলে পৰিয়া মহা দুখে॥এহিমতে ৰাত্ৰি গোট অৱসান কৰি।উদয় ভৈলন্ত ভানু ৰজনী সংহাৰি॥১২৬সেহি বেলা ৰাজাগণ লভিলা চেতন।পাইলেক চেতন আৰু যত সেনাগণ॥মহাৰাজ দুৰ্য্যোধন নিদ্ৰা পৰিহৰি।সিংহাসন হন্তে উঠিলেক ত্বৰা কৰি॥ ১২৭উপাসি ৰহিলা পাত্ৰ মন্ত্ৰী যি সকল।সাঙ্গী কৰি আনি লোকে যোগাইলেক জল॥শকটৰ পৰা আনি নিলেক ত্বৰিতে।দেখি দুৰ্য্যোধন বৰ হৰষিত চিত্ত॥১২৮

স্নান কৰি দেৱতাক কৰিলা পূজন।বিধিমতে ৰাজা পাছে কৰিলা ভোজন॥আন ৰাজাগণে আনিলেক ডাব-জল।স্নান পান ভোজন কৰিলা কৌতূহল॥১২৯আন ৰাজাগণ যত আছিলা বিস্তৰ।স্নান কৰি ভোজন কৰিলা নিৰন্তৰ॥সেনাগণ সমে পাছে ৰাজা দুৰ্য্যোধন।কূৰ্ম্মৱলী নগৰক কৰিলা গমন॥১৩০ঘোৰতৰ বন, সেতু এড়ালা বিস্তৰ।পৰ্ব্বত দুৰ্গম নদী গ্ৰাম বহুতৰ॥মহা দুখে চলে কুৰুসেনা নিৰন্তৰ।দ্বাদশ দিবসে পাইলা কূৰ্ম্মৰ নগৰ॥১৩১দোকানী পহাৰীলোক আছিলেক যত।দ্বিতীয় প্ৰহৰ হন্তে ৰহিলা পাছত॥

সেহি বেলা কূৰ্ম্মৱলী যত সৈন্যগণ।নৃপতিৰ আগে যাই কৈলা তেতিক্ষণ॥১৩২

আগবাঢ়ি সবেয়ো কৰিলা হাতযোৰ।শাৰী হুয়া জানুপাৰি দিলেক গোচৰ॥আদেশ নৃপতি ভৈলা অথন্তৰ কাজ।সমৰক আইলা দুৰ্য্যোধন মহাৰাজ॥১৩৩অসংখ্য কটক সমে আসিয়াছে সাজি।বিনাশ ভৈলন্ত কাজ চিন্তিয়োক আজি॥হয় হস্তী ৰথ ৰথী আসিয়াছে যত।অনেক দিবস লাগে লেখা দিব কত॥১৩৪সাগৰ সমান সৈন্য অসংখ্যাত প্ৰজা।আছোক সেনাক কোনে লেখিবেক ৰাজা।নাজানো আমাৰ আজি কিহয় অৱস্থা।মুখ্য মুখ্য বীৰৰ শুনিয়ো কহো কথা॥১৩৫আপোনাৰ ভাই তাৰ এক ঊণশত।মহাবলী ৰাজ-সুত আহিছে বহুত॥আসিয়াছে সেনাপতি গঙ্গাৰ কুমাৰ।দ্ৰোণ নামে আসিয়াছে মুনিষ দুৰ্ব্বাৰ॥১৩৬সুসেন শকুনি কৰ্ণ মহা বুদ্ধিৱন্ত।জয়দ্ৰথ আসিয়াছে বৰ বলৱন্ত॥

দ্ৰুপদ নৃপতি আসিয়াছে বিদ্যমান।সমদলে বিৰাট আসিছে সেই থান॥ ১৩৭আন আন ৰাজগণ আসিছে বহুত।হেন জানি কহিয়োক যেহেন যুগুত॥শুনি কূৰ্ম্মৱলী ৰাজা দিলা সমিধান।কালভদ্ৰ বীৰক সত্বৰে মাতি আন॥১২৮হেন শুনি গৈলা চলি দূত মহাশয়।যৈত আছে কালভদ্ৰ মুনিষ দুৰ্জ্জয়॥কৰযোৰে দূতে বিনাৱন্ত বাক্যচয়।ৰাজাৰ আগক শীঘ্ৰে যাইবাক লাগয়॥১৩৯ৰাজা দুৰ্য্যোধন সমৰক আইলা সাজি।নকৰা বিলম্ব ঝণ্টে উঠিয়োক সাজি॥দূতৰ বচন শুনিলেক মহাবলী।ৰাজাৰ পাশক শীঘ্ৰ বেগে গৈলা চলি॥১৪০সমীপ চাপিয়া বীৰে কৰিলা সেৱলি।আসন পাতিয়া বসিলন্ত মহাবলী॥দেখি কূৰ্ম্মৱলীৰ হৰিষ ভৈলা মন।সাদৰ কৰিয়া ৰাজা বুলিলা বচন॥১৪১

শুনা সভাসদ ইটো ভাৰতৰ কথা।ইহেন মনুষ্য জন্ম নকৰিয়ো বৃথা॥ঈশ্বৰৰ জন্ম কথা সংসাৰতে সাৰ।কলিযুগে আতপৰে ধৰ্ম্ম নাহি আৰ॥১৪২সংসাৰ সাগৰে তৰী কৃষ্ণৰ চৰণ।বোলা ৰাম ৰাম সবে সভাসদগণ॥১৪৩

আমাৰ বচন শুনা কালভদ্ৰসাজিয়োক এতিক্ষণ।আজিৰ সমৰ হৈব ভয়ঙ্কৰআসিয়াছে দুৰ্য্যোধন॥ভীম দ্ৰোণ আদি অসংখ্যাত বীৰলগতে আসিছে সাজি।

জানিছো নিশ্চয় দুৰ্ঘোৰ সমৰকন্দল মিলিব আজি॥১৪৪শুনি কালৰুদ্ৰ হৰিষে চলিলাৰাজাক কৰি প্ৰণাম।হয় হস্তী ৰণ পদাতি সমস্তদেখিবাক অনুপাম॥পাছে কূৰ্ম্মৱলী সাৰথিক চাইশীঘ্ৰে দিলা সমিধান।নকৰি বিলম্ব উঠিয়োক ঝাণ্টেসাজিয়োক ৰথ খান॥১৪৫শুনিয়া সাৰথি গৈলা আথে বেথেআনিলা ঘোটক ধৰি।শুক্ল চাৰি হয় সাজিলেক ৰথসুবৰ্ণে মণ্ডিত কৰি॥যুৱলি বিচিত্ৰ ৰত্নে বিৰচিতধ্বজক দিলা সিংহৰ।অস্ত্ৰ শস্ত্ৰগণ থৈলা থানে থানযোগাইলেক ৰথবৰ॥১৪৬

দেখি কূৰ্ম্মৱলী হৰিষে উঠিলাসমৰক ভৈলা সাজ।দেবাঙ্গ ভূষণ অলঙ্কাৰ যতপিন্ধিলেক মহাৰাজ॥শৰীৰক ঢাকি পিন্ধিলা কবচথৈলা অস্ত্ৰ তূণ ভৰি।অসংখ্যাত বীৰ যাই আগে পাছেলৰিলেক যাত্ৰা কৰি॥১৪৭কালভদ্ৰ আদি কৰি বীৰ যতলৰিলা সবে লগত।সমস্ত কটক ভূমি দল দপচলিলা সবে লগত॥সেহি সময়তে ৰাজা কুৰ্ম্মবলীদেখে সৰ বিমঙ্গল।আকাশৰ পৰা খসি খসি পৰেযতেক তাৰাসকল॥১৪৮একে গগণত দুগোটা আদিত্যযুজন্ত নক্ষত্ৰগণ।

ৰুধিৰ সদৃশ ৰক্ত দশো দিশকৰে পঙ্ক বৰিষণ॥দুৰ্ঘোৰ বতাস প্ৰজাৰ তৰাসঘনে ঘনে বজ্ৰপাত।পৃথিবী ফাটিয়া জল নিকলয়ঘনে লৰে বসুমতী॥১৪৯অসংখ্যাত বৃক্ষ পৰয় উভৰিবিনা মেঘে বৰিষণ।মাথাৰ উপৰে কাক গৃধ্ৰ উৰেৰাৱাৱে শৃগালগণ॥সঘনে তাহাৰ শৰীৰ কম্পয়দেখন্ত কুহৰিময়*। কুহৰি-কুৱঁলী।তথাপি ৰাজাৰ নাই ভয় ভীতৰণক মনে চলয়॥১৫০দুৰ্জ্জয় সেনাৰ প্ৰচণ্ড আন্দোলঘনে কম্পে বসুমতী।আকাশত থাকি সঙ্কোচিত মনেদেৱতাগণ সম্প্ৰতি॥

পাতাল লোকত নাগগণ যততাসবাৰ ভয় আতি।হেন চমৎকাৰ ৰাজা কূৰ্ম্মৱলীৰহিলেক ব্যূহপাতি॥১৫১দেখি ভীষ্ম দ্ৰোণ আদি কুৰুগণযুজিবাক ভৈলা সাজ।পৰম যতনে ধাইলেক যেহেনক্ৰোধ কৰি সিন্ধুৰাজ॥শুনা সভাসদ ভাৰতৰ পদকৃষ্ণক মনত ধৰা।কৃষ্ণ গুণ গান শ্ৰৱণ কীৰ্ত্তনেঅপাৰ সংসাৰ তৰা॥১৫২বোলয় সাগৰ অতি অল্পমতিনাজানোহুঁ কিছো আন।মহন্ত যতেক কৃষ্ণভক্ত যতসবাৰ ধৰো চৰণ॥আমাৰ যতেক দোষ গুণ হয়তাক কৰিবাহা ক্ষমা।

বাঢ়া টুটা দোষ একো নধৰিবাপৰম অতি অধম॥১৫৩মিছা আশা কাম হেনয় সংসাৰেএৰিবেক মহাজন।আপুনি নিস্তৰে পুৰুষ উদ্ধাৰেহৱে নষ্ট পাপগণ॥হেন জানি সবে আলাস ত্যজিয়া।ধৰা মাধৱৰ নাম।তেবেসে সংসাৰ থাবিবাহা সুখেমুখে বোলা ৰাম ৰাম॥১৫৪

বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।যেন কথা ভৈলা পাছে আড় অনন্তৰ॥

দুইদলে মহাক্ৰোধে দেখি লাগ পাই।পৰম আক্ৰোশে সবে যুজিবাক যায়॥১৫৫সমীপতে দুয়ো দল হুযা বিদ্যমান।এক স্থান ভৈলা যেন সাগৰ দুখান॥সম্মুখে ধাইলা যেন সেনা নিৰন্তৰ।ধৰ মাৰ শবদ উঠিলা ভয়ঙ্কৰ॥১৫৬উভয় সেনাৰ লাগিলেক হুলস্থুল।ধূলি অন্ধকাৰ ভৈল নগণি স্বদল॥সমানে সমানে লাগিলেক হাতাহাতি।বলীয়ে নিৰ্ব্বলী কৰে কাটাকাটি আতি॥১৫৭সম্মুখ সমৰে সেনা পৰিল বিস্তৰ।মৰি যমপুৰ গৈলা লোক নিৰন্তৰ॥হয় হস্তী পদাতি ৰথৰ যত যত।সংক্ষেপ পয়াৰে তাৰ লেখা দিব কত॥১৫৮শৰীৰৰ বলে ক্ৰোধে খাণ্ডা ধৰি আতি।পৰম আক্ৰোশে সবে কৰে কাটাকাটি॥তথাপিতো কাহাৰো নাহিক ভঙ্গ জয়।অন্যান্য সমৰে সবে কটক দুৰ্জ্জয়॥১৫৯

হয় হস্তী ৰথ সমৰক গৈলা চলি।প্ৰচণ্ড বাতাসে যেন ভাঙ্গিলা কদলী॥সমৰে পৰিল কূৰ্ম্মঠেৰ সেনা বল।মৃত শৱে ভৰি গৈলা ধৰণী মণ্ডল॥১৬০সম্মুখ সমৰে সেনা পৰিল বিস্তৰ।প্ৰজাৰ শোণিতে বহে নদী ভয়ঙ্কৰ॥মহাক্ৰোধে কাটাকাটি কৰে সেনাগণ।অস্ত্ৰ এৰি পলাইল ত্যজি ঘোৰৰণ॥১৬১মাৰিলো কৌৰৱগণ কৰে ৰঙ্গ ঢঙ্গ।দেখি কূৰ্ম্মঠে সেনা ভৈলা মহাৰঙ্গ॥হেন দেখি জয়দ্ৰথ ৰাজা মহাবলী।সৈন্যক ৰক্ষিতে শীঘ্ৰ বেগে গৈলা চলি॥১৬২আকৰ্ণ পূৰিয়া বীৰে ধনু খান টানি।অসংখ্যাত শৰ যেবে বৰষিলা ছানি॥জয়দ্ৰথ ৰাজাৰ প্ৰচণ্ড শৰ পাই।পলাই কূৰ্ম্মঠেৰ সেনা বাতুল পৰায়॥১৬৩

তথাপি বৰিষে শৰ ৰাজা মহাবল।শ্ৰাবণৰ মেঘে যেন বৰষিলা জল॥কাৰো উৰু গল কটি কেশ শিৰ বাহু।কাহাৰো নাসিকা কাৰো কাটে মধ্য দেহ॥১৬৪কাহাৰো অঙ্গুলি কাটে কাৰো ললাটক।কাহাৰো গলক কাটে কাহাৰো মুখক॥কাৰো ওঠ কাৰো থোঠ কাৰো বক্ষস্থল।কাৰোবা শৰীৰ পৰি পেঁকে যায় তল॥১৬৫কাহাৰো কঙ্কাল মধ্যে কাহাৰো চক্ষুক।অনেক কুৰূপ কৰি কাটয় বাহুক।কূৰ্ম্মৰ সেনাৰ ভৈলা ভঙ্গ অহৰ্নিশ।ৰণ হাৰি প্ৰজাগণ পলায় দশোদিশ॥১৬৬

হেন দেখি কালভদ্ৰ মুনিষ প্ৰধান।ডেৱ দিয়া ৰথত চড়িলা তেতিক্ষণ॥হাতে ধনু তূণ বাণ লৈলেক পিঠিত।শীঘ্ৰ বেগে সমৰ ভূমিত উপস্থিত॥১৬৭

জয়দ্ৰথ ৰাজাক সম্মুখে লাগ পাই।হৰিণক খেদি যেন বাঘ গোট ধাই॥ধনু ধৰি আকৰ্ণ পূৰিয়া হানি শৰ।জয়দ্ৰথ ৰাজাৰ ভাঙ্গিলা কলেৱৰ॥১৬৮হৃদয়ত পৰি শৰ গৈলেক নিকালি।মূৰ্চ্ছাগত ভৈলা জয়দ্ৰথ মহাবলী॥হেন দেখি দ্ৰুপদ নৃপতি ধনুধৰি।যুদ্ধক প্ৰৱন্ধে গৈলা মহা যত্ন কৰি৷।১৬৯কালভদ্ৰ বীৰক হানিলা শৰচয়।কটাক্ষ নকৰে বীৰে দাৰুণ হৃদয়॥আকৰ্ণ পূৰিয়া বীৰে হানিলেক শৰ।সন্ধানে হানিলা নৃপতিৰ কলেৱৰ॥১৭০মৰ্ম্মস্থান হানি গৈলা শৰ বিপৰীত।মূৰ্চ্ছা যাই দ্ৰুপদ পৰিল ধৰণীত॥হেন দেখি বিৰাট নৃপতি মৎস্য ৰায়॥সমৰক লাগি শীঘ্ৰ বেগে গৈলা ধায়॥১৭১কালভদ্ৰ ৰীৰক হানিলা পঞ্চবাণ।ছিদ্ৰ পাই বেগে ভেদিলেক সেহি স্থান॥

দেখি কালভদ্ৰ কোপে ধনুখান ধৰি।হানিলা নাৰাচ হৃদয়ক লক্ষ্য কৰি॥১৭২ছটাৎ শৱদে গৈলা হৃদয়ক ভেদি।ঢলিয়া পৰিল দুই গোট চক্ষু মুদি॥মহাবীৰ মৎস্যৰাজ হৈলা মূৰ্চ্ছামান।অচেতনে পৰিল নাহিকে শ্ৰুতিজ্ঞান॥১৭৩দেখি দুৰ্য্যোধন নৃপতিৰ শত ভাই।গাৱে গাৱে ধনুধৰি গৈলা আগুৱাই॥ভিন্ন ভিন্ন হন্তে সবে বৰিলা সমৰ।কালভদ্ৰ বীৰে যুজিলন্ত একেশ্বৰ॥১৭৪সেনাপতি কালভদ্ৰ মুনিষ প্ৰধান।শৰে হানি সবাক কৰিলা ম্ৰিয়মান॥অন্য অসংখ্যাত যত নৃপতি আসিলা।খেদি খেদি কালভদ্ৰে সম্যক যুজুলা॥১৭৫কৃপ অশ্বত্থামাক হানিলা পঞ্চবাণ।মূৰ্চ্ছাযাই পৰিল ন গৈলা মাত্ৰ প্ৰাণ॥

হেন দেখি গুৰু দ্ৰোণ কোপে গৈলা জ্বলি।হাতে ধৰি ধনুখান কৰিলা মণ্ডলী॥১৭৬সাৰথিয়ে ৰথখান ছপালা ওচৰ।কালভদ্ৰ বীৰক হানিলা নিৰন্তৰ।দেখি কালভদ্ৰে কোপ কৰিয়া অতিশয়।শৰে হানি দ্ৰোণৰ কাটিলা শৰচয়॥১৭৭পূনৰপি দ্ৰোণে হানিলেক শৰ-জাক।মহাবীৰ কালভদ্ৰে কাটিলেক তাক।দুনাই কালভদ্ৰে শৰ প্ৰহাৰ কৰিলা।মহাবীৰ দ্ৰোণে তাক পথতে কাটিলা॥১৭৮শৰ কাটি গুৰু দ্ৰোণে চাইলেক আন।মন্ত্ৰ পঢ়ি হানিলেক দেৱতাৰ বাণ।কালভদ্ৰ বীৰৰ ভেদিলা কলেৱৰ।পৃথিবী বিদাৰি গৈলা পাতাল ভিতৰ।১৭৯মহা পীড়া পাই কালভদ্ৰ মহাবলী।মূৰ্চ্ছা যাই ৰথসমে পৰিলেক ঢলি॥ক্ষণেকতে চেতন লভিলা বিদ্যমান।শৰে হানি দ্ৰোণৰ কাটিলা ধনুখান॥১৮০

সাৰথি ৰথক শালিলেক শৰে হানি।হৃদয়ত পঞ্চবাণ হানিলেক টানি॥হৃদয় বিদাৰি গৈলা শৰ বিপৰীত।মূৰ্চ্ছা যাই দ্ৰোণেও পৰিলা পৃথিবীত॥১৮১হেন দেখি কৌৰৱৰ যত সেনাগণ।কৰ্ণৰ পাশত সবে পশিলা শৰণ ॥সেনাৰ বিপত্তি হেন দেখি অদভুত।সাৰথিক সম্বোধি মাতিলা ৰাধা-সুত॥১৮২শুনিয়ে সাৰথি মোৰ ঝাণ্টে ডাক ৰথ।কালভদ্ৰ বীৰৰ আগত ৰাখ ৰথ॥দুৰ্জ্জয় মুনিষ ইটো মহা বলৱন্ত।মাৰিলা আমাৰ কটক অপৰ্য্যন্ত॥১৮৩দ্ৰোণ জয়দ্ৰথ আদি যত ৰাজাগণ।ইহাৰ আগত সবে পতঙ্গ সমান। ।আকে জানি শীঘ্ৰে তুমি ৰথ ডাকিয়োক।তাহাৰ আমাৰ আজি ঘোৰ যুদ্ধ হৌক॥১৮৪হেন শুনি সাৰথি ৰথত দিলা বাৰি।পবন সঞ্চাৰে ৰথখান গৈলা লৰি॥

মহাবেগে ৰথখান চলে আকাশত।সম্মুখে ৰাখিলা কালভদ্ৰৰ আগত॥১৮৫দেখি কালভদ্ৰে প্ৰহাৰিলা পঞ্চবাণ।উলুটাই থৈলা নিয়া আসিবাৰ থান॥হেন দেখি মহাক্ৰোধে কৰ্ণ বীৰবৰ।সাৰথিৰ মুখ চাই গৰ্জ্জিলা বিস্তৰ॥ ১৮৬কেনমতে ৰথক ডাকল দুৰাচাৰ।সম্মুখ এৰিয়া ৰথ বিমুখ আমাৰ॥খানিতেক ভয় দেখোঁ নকৰস মোক।শিৰশ্ছেদ কৰো যেন পেশো যমলোক॥১৮৭কুখ্যাতি ৰহিলা মোৰ ইটো ৰবিতলে।সমৰত ভঙ্গ ভৈলা কৰ্ণ মহাবলে।আকে জানি সত্বৰে ডাকিয়ো ৰথখান।সমুখে ৰাখিবি কিছো নাাচাহিবি আন॥১৮৮হেন শুনি সাৰথী মনত কৰি ভয়।ডাকিলেক ৰথখান আকাশে চলয়॥তেতিক্ষণে সমৰ ভূমিক যাই পাইলা।মহাক্ৰোধে দুই বীৰে গৰ্জ্জিবাক লৈলা॥১৮৯

দুইকো দুই ক্ৰোধ কৰি সঘনে টকালি।মৰ্ম্মভেদ হুঙ্কাৰি উচ্চাৰি পাৰে গালি॥দুইকো দুই মহাক্ৰোধে প্ৰহাৰিলা শৰ।শ্ৰাবণৰ মেঘে যেন বৰষিলা জল॥১৯০দুইয়ো মহাবলৱন্ত মুনিষ দুৰ্জ্জয়।হিংসা হিংসি দুইকো দুই শৰ বৰিষয়॥মণ্ডল আকাৰ দেখি দুইখান ধনু।শৰ ছেদে ভেদয় দুহান দুইৰো তনু॥১৯১এক ভৰি পাছ নকৰয় দুই বীৰে।বধিৰে ৰাতুল ভৈলা দুহান শৰীৰ॥কালভদ্ৰ কৰ্ণৰ মিলিলা ঘোৰ ৰণ।আকাশত ৰঙ্গ চাই আছে দেবগণ।১৯২সেহি বেলা কৰ্ণে হানিলন্ত পঞ্চবাণ।কালভদ্ৰ বীৰৰ ভেদিলা স্থানে স্থান॥আৰো একপাত শৰ লৈলা ৰাধা-সুত।শৰীৰৰ বলে ক্ৰোধ কৰি বিপৰীত॥১৯৩বজ্ৰৰ সন্ধানে তাৰিলেক মহাবল।হৃদয়ত পৰি পুচ্ছমানে গৈলা তল॥

যেন ভয়ঙ্কৰ সৰ্প পশিলা গৰ্ত্তত।বিমূচ্ছিত হই বীৰ পৰিলা ৰথত॥১৯৪কতোবেলি চেতন লভিলা বীৰবৰ।বাক্য গদ গদ মুখে পৰয় ৰুধিৰ॥কৰ্ণক লাগিয়া বীৰে শৰ বৰষিলা।আকাশৰ মেঘ যেন বৰিষয় শিলা॥১৯৫দিনতে আন্ধাৰ দেখে নেদেখে প্ৰসন্ন।দুইকো দুই অথাকে বৰিষে শৰগণ।পাছে দুই ক্ৰোধ কৰি শৰ বৰষিলা।দুহানৰ শৰ দুইয়ো সমস্তে কাটিলা॥১৯৬অন্ধকাৰ গুচি ভৈলা আকাশ প্ৰসন্ন।দুইকো দুই অথাকে বৰিষে শৰগণ॥অন্ধকাৰ ফেৰি হৈলা আকাশ উজ্জ্বল।দুইয়ো মহাৰথী বীৰ দুয়ো মহাবল॥ ১৯৭দুইকো দুই সমৰে নকৰে পাছ ভৰি।দুইকো দুই কোঁপ কৰি শৰ এৰাএৰি।

দুহানৰ শৰে দোহে ভৈলা জৰ্জ্জৰিত।শৰীৰৰ মাংস ছিণ্ডি পৰয় ভূমিত॥১৯৮সেহিবেলা কালভদ্ৰ মুনিষ প্ৰধান।ছিদ্ৰ পাই কৰ্ণৰ কাটিলা ধনু খান॥শৰীৰত প্ৰহাৰে প্ৰচণ্ড শৰচয়।মূৰ্চ্ছা যাই পৰিলেক ৰাধাৰ তনয়।১৯৯কতো বেলি চেতন লভিলা ৰাধা-সুত।মনে মনে বোলে কিনো বীৰ অদভূত॥ভালেতো ইহাৰ ভয়ে কম্পে ত্ৰিজগত।কোন বস্তু দুঃশাসন ইহাৰ আগত॥২০০এহি বুলি ধনু তুলি লৈলা কোপমনে।দেখি কালভদ্ৰে কাটিলেক তাৱক্ষণে॥আন ধনু কৰ্ণে তুলি লৈলেক সম্প্ৰতি।তাকো কাটিলেক কালভদ্ৰ সেনাপতি॥২০১এহিমতে কৰ্ণে ধনু লয় যত যত।শৰহানি কালভদ্ৰে কাটয় সমস্ত॥শৰীৰক ভেদিলেক অসংখ্যাত বাণ।বিমূৰ্চ্ছিত ৰাধা-সুত কণ্ঠাগত প্ৰাণ॥২০২

লাল কাল ভৈলা কৰ্ণ ধৰফৰ কৰে।নাপায় উদ্দেশ বীৰে কালভদ্ৰ শৰে।কতো বেলি চেতন লভিলা বীৰকৰ্ণ।ধনুধৰি প্ৰহাৰিলা অসংখ্যাত বাণ॥২০৩আকাশ চানিয়া ভৈলা শৰে অন্ধকাৰ।দেখি কালভদ্ৰে কোপ কৰিল অপাৰ॥আকৰ্ণ পূৰিয়া ধনুবান টানি আনি।কৰ্ণৰ শৰক কাটিলেক শৰে হানি॥২০৪পুনৰপি ঘোৰ যুদ্ধ মিলিলা অপাৰ।দুইৰো শৰে আকাশ ভৈলেক অন্ধকাৰ॥দুইফাল ভৈলা যেন দুখান আকাশ।ঘোৰ তমোময় ভৈলা ৰুধিৰ প্ৰকাশ॥২০৫দুইৰো শৰে দুহান্যৰ কাটিলা সমস্ত।দুইয়ো মহা পৰাক্ৰমী ঘোৰ সমৰত॥এক ভৰি পাছ নকৰয় দুয়ো জন।আনন্দে সমৰ চাই আছে দেৱগণ॥২০৬দুইৰো শৰে শৰীৰৰ মাংস ছিঙ্গি যাই।আকাশত উড়িয়া শগুন কাকে খায়॥

তথাপিতো দুইকো দুই প্ৰহাৰয় শৰ।মৃণালৰ নীলা যেন ভৈলা কলেৱৰ ॥২০৭শোণিতে সিন্দূৰ বৰ্ণ দেখিতে শোভন।কালভদ্ৰ সেনাপতি ৰাখ-সুত কৰ্ণ॥ঘোৰ শৰে জৰ্জ্জৰিত দুহান শৰীৰ।শৰ বিষে দুইৰো হাত পাৱ নোহে স্থিৰ॥২০৮ধৰফৰ কৰে জ্ঞান নাহিকে গাৱত।তথাপিতো যুজে দুই পৰম ক্ৰোধত॥পঞ্চদিন পঞ্চৰাত্ৰি কৰিলা সমৰ।বিস্ময় আছিলা দেৱাসুৰ নিৰন্তৰ ॥২০৯সেহি বেলা কালভদ্ৰ বীৰ মহাবলী।খেদি যাই কৰ্ণক ধৰিলা আঙ্কোৱালী॥কৰ্ণেও তাহাক ধৰিলেক ছল পাই।তুল্য পৰাক্ৰম দুইৰো হীন পৰ নাই॥২১০হাতে হাতে ধৰিলেক পাৱে পাৱে ছান্দি।ভূমিত পৰিলা দুই মাল-বান্ধে বান্ধি॥গিৰ গিৰ কৰিয়া শৱদ বৰ ভৈলা।একে লগ পৰি দুয়ো বীৰ মূৰ্চ্ছা গৈলা॥২১১

হেন দেখি দুৰ্য্যোধনে গুণয় মনত।আক সম বীৰ দেখো নাই সংসাৰত॥পুনৰপি উঠি যদি কৰে ঘোৰ ৰণ।নিশ্চয় জানিলোঁ আক সম নহে কৰ্ণ॥২১২এহি বুলি দুৰ্য্যোধন ৰাজা মহাবলী।খেদি যাই তাহাক ধৰিলা আঙ্কোৱালি।ডেৱ দিয়া উপৰত বেগে তুলি ধৰি।আপোনাৰ সৈন্যমধ্যে গৈলা ৰঙ্গ কৰি॥২১৩পিঠিত কিলৰ জাক দিলা মহাবলে।নাগপাশে বান্ধিয়া থৈলেক হাতে গলে॥

কূৰ্ম্মৱলী-দুৰ্য্যোধনৰ ৰণ আৰু দুৰ্য্যোধনৰ পৰাভৱ।

দেখি মনে গুণে কূৰ্ম্মৱলী নৰেশ্বৰ।কৰিলেক দুৰ্য্যোধনে অন্যায় সমৰ॥২১৪হৰি হৰি ভৈলা কিনো প্ৰভাৱ কালৰ।হেন দেখি সাৰথিক দিলেক উত্তৰ॥

শুনিয়ো সাৰথি মোৰ শীঘ্ৰ ডাক ৰথ।দুৰ্য্যোধন ৰাজাক বধিবো নিষ্ঠ কথা॥২১৫কালভদ্ৰ বীৰৰ বলৰ নাই সন্ধি।অন্যায় সমৰে তাক কৰিলেক বন্দী॥তাক লাগি ধৰ্ম্মৰ যুজত কোন ফল।শীঘ্ৰে ডাকিয়োক মোৰ ঘোটক প্ৰৱল॥২১৬হেন শুনি সাৰথি ডাকিলা ৰথখান।চাহন নাযায় যেন আদিত্য সমান॥খেদি যাই দুৰ্য্যোধন নৃপতিক পাই।হানিলা নাৰাচগণ দুনাই দুনাই॥২১৭শৰীৰৰ বলে প্ৰহাৰিলা মহাবলী।হৃদয়ত পৰি তল গৈলা হলাহলি॥বিমূৰ্চ্ছিত দুৰ্য্যোধন উদিশ নাপাৱে।বিস্ময়ে বহিলা ৰাজা বিকল স্বভাবে॥২১৮নৃপতিৰ অৱস্থা দেখিয়া বিদ্যমান।শীঘ্ৰে আনি সাৰথি যোগালা ৰথখান॥আথে বেথে দুৰ্য্যোধন ৰথত চড়িলা।অলক্ষিত ধনুধৰি শৰ বৰষিলা॥২১৯

অথাকে বৰিষে দুৰ্য্যোধন নৃপবৰ।আকাশে চান্দিয়া চলে অসংখ্যাত শৰ॥দেখি কূৰ্ম্মৱলী ৰাজা শীঘ্ৰে চলি গৈলা।তূণৰ শতেক বাণ বাছি বাছি লৈলা॥২২০অন্যায় কৰিয়া শৰ প্ৰহাৰিলা যত।কাটি কৰিলেক চুৰ্ণ শৰ আকাশত॥শৰ কাটি কূৰ্ম্মৱলী গুণয় মনত।ঘোৰতৰ শৰপাত জুৰিলা গুণত॥২২১মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা মহাৱলী।সূৰ্য্যৰ কিৰণ নিবাৰিয়া যায় চলি॥মহাবেগে শৰপাত খেদি লাগ পাই॥ৰথ সবে ৰাজাক নিলেক উৰুৱাই॥২২২অসংখ্যাত পাক ফুৰাইলে আকাশত।পাছে পেলাইলেক নিয়া হস্তিনাপুৰত॥পৃথিবীত আফালি পেলাইলা টান কৰি।বসুন্ধৰা লৰিলেক গিৰ গিৰ কৰি॥২২৩বিমূৰ্চ্ছিত দুৰ্য্যোধন শ্ৰুতি বুদ্ধি নাই।উফন্দিলা পেট গোট বায়ু বন্ধ যাই॥

হস্তিনাপুৰত প্ৰজা ভৈলা আচৰিত।কৈতবা কি ভৈলা তাৰ নাপান্ত বিদিত॥২২৪জন্মেজয় ৰাজাত বদতি মুনিবৰ।যেন কথা ভৈলা আৱে আত অনন্তৰ॥সেহিবেলা ৰাধা-সুত লভিলা চেতন।ৰাজাগণে চেতন লভিলা তেতিক্ষণ॥২২৫কিছো কিছো কৰিয়া গাৱত শ্ৰুতি পাইলা।ধনু শৰ ধৰি সবে যুজিবাক লৈলা॥হেন দেখি কূৰ্ম্মৱলী নৃপতি প্ৰধান।আথে বেথে ধৰিয়া হানিলা নিদ্ৰাবাণ॥২২৬সমস্তয়ে বীৰমানে নিদ্ৰিত যে হই।স্বশৰীৰে দৃঢ় কৰি ধৰিলা জণ্টাই॥ৰাধেয়ক আদি কৰি যত বীৰগণ।নিদ্ৰা যাই পূৰ্ব্বমতে হৈলা অচেতন॥২২৭

হেন দেখি গঙ্গাৰ কুমাৰ মহাৱলী।সমৰক লাগি শীঘ্ৰ বেগে গৈলা চলি॥

শুক্লবৰ্ণ ৰথখান দেখি অদভুত।ধনুধৰি সমৰ ভূমিত উপস্থিত॥২২৮হেন দেখি কূৰ্ম্মৱলী হৰষিত মনে।ভীষ্মৰ মুখক চাই বুলিলা বচনে।তোমাৰ নৃপতি দুৰ্য্যোধন কৈক গৈলা।ৰাজা নাই তোমাঠেৰ অথন্তৰ ভৈলা॥২২৯নৃপতি বিনায় যুজিবাৰ কোন কাজ।পালটিয়া যায়ো চলি আপোনাৰ ৰাজ॥হেন শুনি গঙ্গা-সুতে দিলন্ত উত্তৰ।মোৰ নাম ভীষ্ম জানিবাহা নৃপবৰ॥২৩০তীৰ্থ মধ্যে সংসাৰে যাহাৰ সম নাই।তেওঁ জন্মাইলেক মোক গঙ্গাদেৱী আই।।বিনা যুদ্ধে মই যদি চলি যাওঁ ঘৰ।কুখ্যাতি ৰহিবে মোৰ চন্দ্ৰ দিবাকৰ॥২৩১আকে জানি সাৱধান হুয়ো নৃপবৰ।তোমাৰ আমাৰ যুদ্ধ হৈব ভয়ঙ্কৰ॥অধৰ্ম্ম এৰিয়া যুজিবাহা স্বধৰ্ম্মত।সাক্ষী হই থাকিবা দেৱতাগণ যত॥২৩২

হেন শুনি কুৰ্ম্মৱলী দিলেক উত্তৰ।জানা ভীষ্ম পিতামহ সুম্ভ নৃপবৰ॥তাহাৰ ভনয় ধৰ্ম্মদত্ত বোলে যাক।তেহোঁ মহাৰাজ জন্ম দিলেক আমাক॥২৬৩এতেকতে অধৰ্ম্ম যুদ্ধক কোন কাজ।স্বধৰ্ম্মত যুজিবো সত্বৰ হুয়ো সাজ॥এহি বুলি কূৰ্ম্মৱলী ৰাজা নৰেশ্বৰ।মনত হৰিষে অতি লৈলা ধনুশৰ॥২৩৪হেন দেখি ভীষ্মৰ আনন্দ ভৈলা মন।ভয়ঙ্কৰ ধনু তুলি লৈলা তেতিক্ষণ॥দুইকো দুই বচনে সাদৰি অনুপাম।কৰযোৰে কৰিলেক সস্নেহে প্ৰণাম॥২৩৫দুইকো দুই কৰিলেক ধনুক টঙ্কাৰ।একে লগে দুইয়ো শৰ কৰিলা প্ৰহাৰ॥মহাবেগে দুয়ো প্ৰহাৰিলা মহাবল।শ্ৰাৱণৰ মেঘে যেন বৰষিলা জল॥২৩৬দুইখান ধনু দেখি মশুল আকাৰ।দুইৰো শৰে আকাশ ঢাকিলা নিৰন্তৰ॥

নিচিনি আপোন পৰ অন্ধকাৰময়।ধৰণী মণ্ডলে দুই মানুষ দুৰ্জ্জয়॥২৩৭মহাৰাজ কূৰ্ম্মৱলী নৃপতিৰ শৰে।কৌৰৱৰ সেনাসব জাকে জাকে মৰে॥কূৰ্ম্মঠেৰ সেনা মৰে ভীষ্মৰ হাতত।অসংখ্যাত সেনা নিৰন্তৰে হৱে হত॥২৩৮সেহিবেলা কূৰ্ম্মৱলী ভীষ্মত বদতি।আমাৰ বচন শুনিয়োক মহামতি॥হাসিবেক দেখি দেৱে নিকৃষ্ট সমৰ।অকাৰণে মৰে সবে সেনা নিৰন্তৰ॥২৩৯নুহিবা তোমাক মাৰো নুহিবা আমাক।সন্মুখ সমৰে পৰি যাওঁ স্বৰ্গলোক॥আকে জানি সমৰত হুৱা সাৱধান।মন্ত্ৰবলে প্ৰহাৰিয়ো দেৱদত্ত বাণ॥২৪০শুনি আছো তোমাৰ বীৰত্ব যত যত।মহা ধনুৰ্দ্ধৰ অকম্পন সমৰত॥দেৱতাৰ অস্ত্ৰমানে জানিছা বিস্তৰ।শিখি আছা মূৰ্ত্তিমন্ত অসংখ্যাত শৰ॥২৪১

এহি বুলি কূৰ্ম্মৱলী হৰিষ মনত।অগনিৰ শৰপাত জুৰিলা গুণত॥মন্ত্ৰ পঢ়ি গুণত জুৰিলা নৃপবৰ।চৌদিশে আৱৰি চলে অগ্নি ভয়ঙ্কৰ॥২৪২হেন দেখি গঙ্গা-সুত মুনিষ প্ৰধান।জুৰিলা মনত ৰঙ্গে বৰুণৰ বাণ।মন্ত্ৰ পঢ়ি শৰপাত প্ৰহাৰ কৰিলা।দশোদিশ ঢাকিয়া যে শিলা বৰষিলা॥২৪৩নুমাইল অগনি দশোদিশ সুপ্ৰসন্ন।কিঞ্চিৎ হৰিষ মন ভৈলা প্ৰজাগণ॥দেখি ক্ৰোধ ভৈলা কূৰ্ম্মৱলী নৰেশ্বৰ।শীঘ্ৰ বেগে বৰষিসা শৰ বাসৱৰ॥২৪৪প্ৰলয়ৰ মেঘ যেন দেখি লাগে ডৰ।পৃথিবী আকাশ ছানি ভৈলা অন্ধকাৰ॥বৰিষণ ঘনে ঘনে গৰ্জ্জয় অপাৰ।জলস্থল সহিতে পৃথিবী একাকাৰ॥২৪৫হেনশুনি গঙ্গা-সুতে দিব্য মন্ত্ৰ জপি।হানিলা মৰুত বাণ ধনুত আৰোপি॥

মহাবেগে শৰপাত খেদি লাগ পাই।বাসৱৰ শৰক নিলেক উৰুৱাই॥২৪৬সেহিবেলা নৃপতিৰ পৰিল মনত।ভুজঙ্গৰ শৰপাত জুৰিলা গুণত॥মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা মহাবীৰ।সৰ্প নিকলয় তাৰ পঞ্চ পঞ্চ শিৰ॥২৪৭আকশ ছানিয়া চলে সৰ্প আসৰিষ।লহ লহ কৰে জিহ্বা নাকে পৰে বিষ॥তাক দেখি গঙ্গা-সুত ৰঙ্গ মন ভৈলা।ৰৈৱতৰ অস্ত্ৰ পাত গুণত জুৰিলা॥২৪৮জাপ্য কবি মহাবীৰে প্ৰহাৰ কৰিলা।অসীম সুবৰ্ণৰ গৰুড় পক্ষী ভৈলা।মহাবেগে ধৰি সবে চলে আকাশত।খেদি খেদি খাইলা ভুজঙ্গৰ অস্ত্ৰ যত॥২৪৯হেন দেখি ক্ৰোধে জ্বলি গৈলা নৰেশ্বৰ।মন্ত্ৰ পঢ়ি বৰষিলা দানৱৰ শৰ॥বাঘ ঘোঙ্গ সিংহ ধনুহন্তে নিকলয়।দেখি কৌৰৱৰ মনে মিলিল সংশয়॥২৫০

হেন দেখি গঙ্গা-সুত মুনিষ দুৰ্ব্বাৰ।নাৰায়ণ অস্ত্ৰপাত কৰিলা প্ৰহাৰ॥চলিলেক শৰ দশোদিশে সুপ্ৰসন্ন।দানৱৰ শৰমানে কৰিলেক চূৰ্ণ॥২৫১দেখি নৃপতিৰ কোপ জ্বলিলা অপাৰ।পিশাচৰ শৰপাত কৰিলা প্ৰহাৰ॥ঘোৰ মায়াৱন্ত সিটো শৰ বিপৰীত।চতুৰ্দ্দিশে অন্ধকাৰ ঘোৰ ভয় ভীত॥২৫২দুৰ্ঘোৰ আস্ফাল নাদ শুনি দশোদিশে।আশকাত থাকি সবে পৰ্ব্বত বৰিষে॥হেন দেখি গঙ্গা-সুত মনে ভয় ভৈলা।নৰসিংহ অস্ত্ৰপাত হাতে তুলি লৈলা॥২৫৩মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা অতিশয়।পিশাচৰ শৰক নিলেক উৰুৱায়॥পৰম কোপত কূৰ্ম্মৱলী নিৰন্তৰ।মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা তমোশৰ॥২৫৪নেদেখয় নুশুনয় কুহৰি সদৃশ।মহাবেগে চলে অন্ধকাৰ দশোদিশ॥

আপোনাৰ শৰীৰ নেদেখে প্ৰজাচয়।হাহাঁকাৰ শৱদ উঠিলা অতিশয়॥২৫৫হেন দেখি মহাক্ৰোধে গঙ্গাৰ কুমাৰ।আদিত্যৰ শৰপাত কৰিলা প্ৰহাৰ॥জ্যোতিৰ্ম্ময় আদিত্যৰ শৰ আসবিষ।অন্ধকাৰ ফেৰি সুপ্ৰসন্ন দশোদিশ॥২৫৬তমোময় শৰ যেবে বৃথা হুয়া গৈলা।দেখি নৃপতিৰ মনে মহা ভয় ভৈলা॥ক্ৰোধত বিবৰ্ণ মুখ দেখিতে ভীষণ।মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা বায়ুবাণ॥২৫৭বতাস বহয় অতিশয় ভয়ঙ্কৰ।খৰ বায়ু বহে খোলা উড়াই খাপৰ॥অসংখ্যাত বৃক্ষসব উভৰি পৰয়।প্ৰচণ্ড বতাসে মেৰু মন্দৰ কম্পয়॥২৫৮পৰ্ব্বতৰ শৃঙ্গ যেন উৰাই নিৰন্তৰ।সম্মুখৰ বায়ু বহে বিষম সমৰ॥হেন দেখি গঙ্গা-সুত মুনিৰ্ষ নায়ক।মন্ত্ৰ পঢ়ি প্ৰহাৰিলা পৰ্ব্বত সায়ক॥২৫৯

বতাসক নিবাৰিলা পৰ্ব্বত দুৰ্জ্জয়।প্ৰভাহীন হৈলা দুয়ো অস্ত্ৰ গৈলা ক্ষয়॥দেখি মহাক্ৰোধ ভৈলা ৰাজা কূৰ্ম্মৱলী।মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা নিদ্ৰাৱলী॥২৬০মহাবীৰ গঙ্গা-সুত নাহি ভয় ভীত।আথে বাথে প্ৰহাৰিলা সায়ক জাগৃত॥দুইৰো শৰ আকাশত ভৈলা একস্থান।হুলস্থুল কৰি তৈতে ভৈলন্ত নিৰ্য্যাণ॥২৬১দেখি মহাক্ৰোধ কূৰ্ম্মৱলী নৰেশ্বৰ।মন্ত্ৰ পঢ়ি জ্বৰৰাণ হানিলা সত্বৰ॥শৰ মধ্যে মূৰ্ত্তিমন্ত সায়ক প্ৰধান।মূৰ্ত্তি ধৰি চলিলা শিবৰ জ্বৰবাণ॥২৬২হেন দেখি গঙ্গা-সুতে হানে ধনুধৰি।বিষ্ণুৰ জ্বৰক হানিলেক শীঘ্ৰ কৰি॥শিৱৰ জ্বৰক বিষ্ণুজ্বৰে লাগ পাই।দূৰতে বিদূৰ কৰি খেদিলা দুনাই॥২৬৩হেন দেখি কূৰ্ম্মৱলী নৃপতি প্ৰধান।মন্ত্ৰ পঢ়ি প্ৰহাৰিলা কুবেৰৰ বাণ॥

বাসুকী সদৃশ ভয়ঙ্কৰ বিপৰীত।মাথা গোট আকাশে লাঙ্গুল পৃথিবীত॥২৬৪মেৰু মন্দৰৰ সদৃশত কলেৱৰ।আকাশ বিয়াপি চলে ভয়ঙ্কৰ শিৰ॥নিশ্বাসত বাজ হৱে অসংখ্যাত সৰ্প।দেখি দেৱলোকৰ হাৰিয়া গৈলা দৰ্প॥২৬৫নাকৰ বতাস মাৰুতৰ সমসৰ।দুই গোট চক্ষু যেন উদিত ভাস্কৰ॥কালবৰ্ণ দুই জিহ্বা শিখৰ সদৃশ।তপ তপ কৰি দুই নাকে পৰে বিষ॥২৬৬পাতাল সদৃশ কৰি বেন্ত গোট বাই।পৰম আক্ৰোশে গাঙ্গেয়ক খেদি যাই॥হেন দেখি গঙ্গা-সুতে মনত গুণিলা।আথে বেথে দিকপাল শৰ বৰষিলা॥২৬৭আকাশ ছানিয়া চলে শায়ক প্ৰচণ্ড।কুবেৰৰ অস্ত্ৰক কৰিলা খণ্ড খণ্ড॥চুৰ্ণাকৃতি হুয়া শৰ ভূমিত পৰিলা।টল বল কৰি মহী মন্দৰ লৰিলা॥২৬৮

হেন দেখি কূৰ্ম্মৱলী পৰম ক্ৰোধত।ব্ৰহ্মাৰ শকতি পাত জুৰিলা গুণত॥প্ৰলয়ৰ বহ্নি যেন শকতি দুৰ্জ্জয়।অযুত সূৰ্য্যৰ তেজ প্ৰকাশ কৰয়॥১৬৯শৰৰ প্ৰতাপে সৰ্ব্ব পৃথিবী লৰিলা।মন্দৰ গিৰিত যেন ধমক লাগিলা॥সকল পৃথিবী নদী নদ ভয় ভৈলা।আকাশৰ তাৰাগণ খসিয়া পৰিলা॥১৭০দেখি দেৱলোকৰ ভৈলেক মহাত্ৰাস।কুৰু কূৰ্ম্মঠেৰ সবে মনত উল্লাস॥হেন দেখি গঙ্গা-সুত গুণয় মনত।মহেশৰ শৰপাত জুৰয় গুণত॥২৭১ৰুদ্ৰ মন্ত্ৰ জাপ্য তাতে কৰিলা বিস্তাৰকম্পে বসুমতী নসহয় পায়া ভৰ॥অন্ত ভৈল নাগলোক নক্ষত্ৰ সকল।ফাত দিয়া ধৰণী কৰয় টল বল॥২৭২

আকাশত আদিত্যৰ স্থিৰ ভৈলা গতি।কৈলাশত সচকিত ভৈলা পশুপতি॥ব্ৰহ্মলোকে ভাঙ্গিলেক ব্ৰহ্মাৰ ধিয়ান।সমুদ্ৰত ঢউ উঠে পৰ্ব্বত সমান॥২৭৩উলটিয়া বহে নদ নদী সৰোবৰ।পৃথিবী আকাশ হাহাঁকাৰ নিৰন্তৰ॥শৰ মুখৰ হন্তে অগ্নি বাহিৰায়।ডৰে পৃথিবীক দেৱ আসিলা পলায়॥২৭৪নিশৱদ পশু পক্ষী পিশাচ সকল।ধুমে বিয়াপিলা সবে ধৰণী সণ্ডল॥কুৰু কূৰ্ম্মঠেৰ সেনা ভৈলা মহাত্ৰাস।আই বাপা বুলি সবে পাৰয় আটাস॥২৭৫মহাবেগে শৰপাত চলে আকাশত।প্ৰলয়ৰ বহ্নি যেন দেখি সেহি মত॥শীঘ্ৰবেগে চলে আকাশৰ পথ ভেদি।গৰুড় চলয় যেন সৰ্পগণ খেদি॥২৭৬সেহিমতে ব্ৰহ্মাৰ শকতি খেদি ধৰি।পৃথিবীত পেলাইলেক চুৰ্ণাকৃত কৰি॥

ব্ৰহ্মাৰ শকতি পাত ভূমিত পেলাই।অতি মহাবেগে নৃপতিক খেদি যায়॥২৭৭কূৰ্ম্মৱলী নৃপতিৰ হত ভৈলা বুদ্ধি।প্ৰচণ্ড বতাহে ৰাজা আছে চক্ষুমুদি॥বিমঙ্গল কৰিয়া মাৰুত উৰুৱাৱে।বিস্ময়ে থাকিলা ৰাজা ব্যাকুল স্বভাৱে॥২৭৮সেহি বেলা মহেশৰ শৰ বিপৰীত।মনুজয় বেগে আসি চাপিলা সমীপ॥প্ৰচণ্ড বতাসে দশো দিশে যাই ছানি।তূলাত লাগিল যেন প্ৰচণ্ড অগনি॥২৭৯নিমিষেকে দহি নৃপতিৰ কলেৱৰ।পৃথিবী বিদাৰি গৈলা পাতাল ভিতৰ॥সাত সাগৰৰ জলে কৰিলেক স্নান।দিব্য ৰূপ ধৰি গৈলা মহেশৰ স্থান॥২৮০সম্মুখ সমৰে পৰি ৰাজা কূৰ্ম্মৱলী।পৰম আনন্দে স্বৰ্গ লোকে গৈলা চলি॥শুনা সভাসদ এক চিত্ত কৰা মন।কূৰ্ম্মঠ পৰ্ব্বৰ কথা অতি বিতোপন॥২৮১

ঈশ্বৰৰ জয় ইটো ঘোষয় সৰ্ব্বথা।মোক্ষক সাধিবে বসি আন কোন কথা॥বোলয় সাগৰ কবি শুনা সভাসদ।মূৰ্খ হুয়া বিৰচিবো ভাৰতৰ পদ॥২৮২কলিৰ যুগত জানা নামেসে প্ৰধান।সত্য কৰি কহো নাম বিনে নাহি আন॥ঈশ্বৰৰ নামে সৰ্ব্ব পাপ সংহাৰন্ত।কুমুদ পুৰাণে কহিয়াছে ভগৱন্ত॥২৮৩ধৰ্ম্মেসে পৰম বস্তু জানিবা নিশ্চয়।ধৰ্ম্মত থাকিলে নিষ্ঠে যমে নাহি ভয়॥তপ, জপ, তীৰ্থ, যাগ, ব্ৰত আদি দান।নহয় ইসব হৰি কথাৰ সমান॥২৮৪আকে জানি ইটো জন্ম নকৰিয়ো বৃথা।আলাস তেজিয়া শুনিয়োক কৃষ্ণ কথা॥পুত্ৰ ভাৰ্য্যা বিষয় জানিবা মায়া জৰী।প্ৰৱন্ধে ঈশ্বৰে বান্ধিয়াছে যত্ন কৰি॥২৮৫সিটো বান্ধ ছাড়ান নহয় একোমতে।নকৰে ভকতি যেবে কৃষ্ণ চৰণতে॥

কৃষ্ণৰ ভকতি যিটো মনে কৰে সাৰ।অপ্ৰয়াসে কৰ্ম্ম-জৰী নষ্ট হৱে তাৰ॥২৮৬কলিৰ যুগত ধৰ্ম্ম জানিবা নিশ্চয়।মহা পুৰুষাৰ্থ আতপৰে কিছো নাই॥হেন জানি যতনে এৰিয়ো আন কাম।জনম সাম্ফল হৌক বোলা ৰাম ৰাম॥২৮৭

ঋষি নিগদতি শুনা মহামতিযেন কথা অদভুত।যেবে নৰেশ্বৰ গৈলা ঘম ঘৰদেখিলা গঙ্গাৰ সুত॥আথে বেথে বীৰ নামিলা ৰথৰদেখিলেক ৰণস্থলী।অচেতন সবে পৰিয়া আছয়যত ৰাজা মহাবলী॥২৮৮

দেখি গঙ্গা-সুত সবাক এৰিয়াগৈলা কালভদ্ৰ আছে।দেখে নাগপাশে বন্দী হুয়া বীৰভিণ্ডাকাৰে পৰি আছে॥পাছে গঙ্গা-সুত গুণয় মনতহেটমুণ্ডে দোৱাই মাথ।ইটো নগৰৰ নাহি নৃপবৰসসৈন্যে ভৈলা অনাথ॥২৮৯প্ৰজাৰ শাপত মই হৈবো হতকৰো এবে কোন কাজ।যদি নৃপতিৰ পুত্ৰেক আহুয়তাকে পাতো যুৱৰাজ॥এহি মনে গুণি গঙ্গাৰ কুমাৰচাপিলা গৈয়া ওচৰ।দুই হাতে ধৰি নাগ পাশ বান্ধমেলিলন্ত নিৰন্তৰ॥১৯৭সন্ধুক্ষণ হৈয়া উঠিলা বসিয়াকালভদ্ৰ মহাৱলী।

জানু শিৰে পাছে ভীষ্মৰ চৰণেকৰিলা যাই সেৱলি॥দেখি গঙ্গা-সুত তুলিয়া ধৰিলাসাদৰ কৰি বিস্তাৰ।দুইকো দুই কিছো ভৈলা সন্ধুক্ষণকহিলন্ত পূৰ্ব্বাপৰ॥২৯১পাছে গঙ্গা-সুতে বুলিলা বচনশুনিয়োক মহাবীৰ।জল-পিণ্ডদাতা আপোন সন্ততিআছে কিবা নৃপতিৰ॥শুনি কালভদ্ৰে দিলা সমিধানশুনিয়ো সুত গঙ্গাৰ।পঞ্চ বৎসৰৰ পৰম সুন্দৰআছয় পুত্ৰ ৰাজাৰ॥২৯২শুনি গাঙ্গেয়ৰ ৰঙ্গ ভৈলা বৰহৰিষ মিলিল অতি।ইটো নগৰৰ দিয়া ছত্ৰ দণ্ডআকে থৈবো ৰাজা পাতি॥

এহি বুলি বীৰ কালভদ্ৰ সমেনগৰক চলি গৈলা।নিগদতি ঋষি শুনিয়ো হৰিষিপাছে যেন কথা ভৈলা৷ ২৯৩

নাৰীগণ যত অন্তেসে পুৰতশুনিলা ৰাজাৰ হত।আৰ্ত্তৰাৱ কৰি কান্দিবে লাগিলানৃপতিৰ নাৰী যত॥সত্যৱতী নামে পৰমা সুন্দৰীনৃপতিৰ পটেশ্বৰী।দীৰ্ঘৰাৱে দেবী কান্দিবে লাগিলাৰাজাৰ গুণ সুমৰি॥২৯৪হৰি হৰি প্ৰভু প্ৰাণৰ ঈশ্বৰবল্পত হৃদয়-স্বামী।পৰম নিকাৰ বিধৱাৰ ভাৰকিমতে সহিবো আমি॥

তুমি অবিহনে নৰহে জীৱনশোক অগ্নি গৈলা জ্বলি।এহি বুলি দেবী তমোময় দেখিভূমিত পৰিলা ঢলি॥২৯৫হৰিল চেতন বাতুল লক্ষণকিছো শ্ৰুতি বুদ্ধি নাই৷কতো বেলি মানে উঠিয়া বসিলাগাৱত শ্ৰুতিক পাই॥বত্ৰিশ হাজাৰ অলঙ্কাৰ ৰত্নআছিল তান গাৱত৷খণ্ড খণ্ড কৰি পেলাইলা খসাইসুবৰ্ণ ৰত্ন সমস্ত॥২৯৬দেৱাঙ্গ ভূষণ কৰি পৰিহাৰশৰীৰ উদাস কৰি৷মহা শোকে দেবী কৰন্ত ক্ৰন্দনগোপ্য আলাপক স্মৰি॥হৰি হৰি বিধি কি কৰ্ম্ম কৰিলিকপালে লেখিলি কিক৷

শিখৰ সিন্দুৰ কৰিলি খণ্ডিতজীৱন আমাৰ ধিক॥ ২৯৭এবে কাক মই শুশ্ৰূষা কৰিমচৰণ সেৱিবো কাৰ।স্বামী সূৰ্য্য মোৰ অস্ত গৈলা আজিদিনত ভৈলা আম্বাৰ॥পঞ্চামৃতে নিতে কাক দিম অন্নসুবৰ্ণ থালে ভৰাই।পঁচিশ ব্যঞ্জন হয় নানা মতউপমাক নাহি ঠাই॥২৯৮সুগন্ধ ওলক দিবো আনি কাকসুবৰ্ণ ভৃঙ্গাৰ ভৰি৷কৰ্পৰ তাম্বুল দিবো আনি কাকদিব্য সফুৰাত কৰি॥এবে কোনে মোক স্নেহে মাতিবেকহসিত কৰি বদন।দোষ গুণ মোৰ নধৰিলা মনেআমাৰ বুজিয়া মন॥২৯৯

যাক যৈত মই কৰিলোঁহো দণ্ডতাৰ প্ৰতিকাৰ নাই।হেন প্ৰাণ প্ৰভু কৈক গৈলা এৰিকাহাক থাকিম চাই॥মই কুলক্ষণী পাপী অভাগিনীঅহিতে থাকিলো পৰি।সুখৰ বিধাতা প্ৰভু প্ৰাণ নাথকৈক গৈলা মোক এৰি॥৩০০তুমি বিনে মোৰ নৰহে পৰাণশৰীৰ কৰে দগধ।এহিবুলি দেবী ভৈলা বিমূৰ্চ্ছিতপৰি ভৈলা নিশৱদ॥কতো বেলি মানে লভিলা চেতনভূমিত বসিলা উঠি।দুই হাতে ধৰি মহাশোক কৰিহিয়াত হানয় মুষ্টি॥৩০১ঢাকুৰে কপাল কৰে তালাফালকেশ ভৈলা আল জাল।

ক্ষণে ক্ষণে উঠি পৰয় মাটিতসাক্ষাত যেন বাউল॥সেৱকিনী যত আছয় লগততাসম্বাৰ শোকানল।আৰ্ত্তৰাৱে সবে কৰন্ত ক্ৰন্দনসবাৰে মন বিকল॥ ৩০২ভূমিত পৰিয়া কৰয় ক্ৰন্দনমোক্ষৰাজ পটেশ্বৰী৷কতো সেৱকিনী কৰন্ত ৰোদনআঙ্কোৱালি তুলি-ধৰি॥সেহি সময়ত আপোন পুত্ৰকদেখিলন্ত দেবী পাছে।ভূমিত পৰিয়া বাগৰি কান্দিয়াশোকানলে পৰি আছে॥ ৩০৩পঞ্চ বৎসৰৰ পৰম সুন্দৰউপমাৰ নাহি ঠাই।আৰ্ত্তৰাৱে দেবী কান্দিবে লাগিলাপুত্ৰৰ মুখক চাই॥

হৰি হৰি বাপ প্ৰাণৰ পুতাইকিমতে দুখ বঞ্চিবি।তোৰ সম দুখ ত্ৰিভুবনে নাইযিমত দুখ লভিবি৷৩০৪ধূলা জাৰি তোক কোনে তুলি লৈবেকাহাত কৰিবি ৰোষ।হাতে তুলি তোক কোনে খুৱাইবেকৰিবে কোনে সন্তোষ॥কাহাৰ লগত সিংহাসনে যাইশয়ন কৰিবি ৰঙ্গে।পৰম কৌতুকে হিয়াত চৰিয়াথাকিবি কাহাৰ সঙ্গে॥ ৩০৫কাহাৰ লগত কৰিবি ভোজনবসিয়া ৰত্ন আসনে।আৱে পঞ্চামৃতে কৰাবে ভোজনকোনে তৌক ৰঙ্গ মনে॥সুখ দুখ বাপ একো নজানসকোনে চাহিবেক তোক।

প্ৰতিপাল কৰি তুলিবে নাপালোদৈবে বঞ্চিলেক মোক॥৩০৬এহি বুলি দেৱী পুত্ৰক ধৰিয়াবুকত কৰি সাৱটি।কতো বেলি মানে কৰিলা ক্ৰন্দনঅতি দীৰ্ঘৰাৱে সতী॥মহা স্নেহে দেবী কৰন্ত ক্ৰন্দনশৰীৰত জ্ঞান নাই।পুত্ৰ সমন্বিতে ভূমিত পৰিয়ামহাশোকে মুৰ্চ্ছা যাই॥৩০৭

সেহি সময়ত গঙ্গা-সুত সমেকালভদ্ৰ মহাৰায়।অতি দীৰ্ঘৰাৱে অন্তেষ পুৰতপ্ৰবেশ ভৈলেক যাই॥

দেখে নাগৰিক কৰন্ত ৰোদনমহা আৰ্ত্তৰাৱ কৰি।ৰাজ-পটেশ্বৰী পৰিয়া আছয়কুমাৰৰ গলে ধৰি॥৩০৮দেখি দুয়ো জনে মধুৰ বচনেবুলিলা সবাক চাই।কিসক সন্তাপ কৰা মহাতাপৰাজ-পটেশ্বৰী আই॥যাৰ কপালত লিখিয়া আছয়বিধাতায়ে কাপ ধৰি।সেই সুখ দুখ আপুনি মিলয়এৰাবাহা কেন কৰি॥৩০৯আনা নানা মত বুলিলা প্ৰবোধসেনাপতি দুই বীৰ।চেতন লভিয়া ৰাণী মহোদয়ামাতিলন্ত ধীৰে ধীৰ॥শুনা কালভদ্ৰ আমাৰ বচনযি ভৈলা আমাৰ গতি।

কৰিছোঁ প্ৰতিজ্ঞা স্বামীৰ সহিতেযাইবো দিয়া অনুমতি॥৩১০আকে জানি ভূমি মোৰ পুত্ৰ সমেএতিক্ষণে হুয়ো ৰাজা।মোৰ বাক্যচয় নকৰিবা ভঙ্গস্বধৰ্ম্মে পালিবা প্ৰজা॥সন্তক পালিবা দুষ্টক দণ্ডিবাশাস্ত্ৰৰ এহি নিয়ম।আপোন পৰক একোকে নচাহিসবাকে কৰিবা সম॥৩১১চাতুকাৰ বাক্য মনে নধৰিবাআপুনি চাবা বিচাৰি।দোষ গুণ দেখি কৰিবাহা দণ্ডপালিবাহা নৰ নাৰী॥পঞ্চ বৰিষৰ অবোধ ছাৱালসম্পিলো ভোঁহোৰ ঠাই।পুত্ৰৱতে বাপু কৰিবা পালনৰাজাৰ গুণক চাই॥৩১২

নৃপতিৰ যত নিয়ম বিচাৰসমস্তে শিখালো তোক।প্ৰজাক অন্যায় কৰি নিদিবাবুলিবাহা বাধাবাক॥মাগন্তা জনক দিবা ধন বিত্তব্ৰাহ্মণক দিবা দান।স্বদেশী বিদেশী কৃষ্ণভক্ত যতসবাকে কৰা সম্মান॥৩১৩মোহোৰ মনত আছিলেক যিবাসমস্তে কহিলো তোক।বিলম্ব নকৰ শীঘ্ৰে উঠিয়োকসত্বৰে পঠাৱা মোক॥

শুনি কালভদ্ৰে গাঙ্গেয় সহিতেগৈলা সৰোবৰ তীৰ।

গঙ্গাৰ বাহিনী নামে সুভাগিনীআছে মহাতীৰ্থ বৰ॥৩১৪কালভদ্ৰ বীৰে কৰিলা আদেশযতেক সেনা প্ৰধান।মহা বিতোপন অগৰু চন্দনসাজিলেক চিতাখান॥চিতাক সাজিয়া কালভদ্ৰ বীৰেআসিলেক বেগ ধৰি।সসৈন্য সহিতে ৰাজ-মহিষীকনিলা চৌদলাত কৰি॥৩১৫যৈত কূৰ্ম্মৱলী ভস্ম হুয়া আছেতাহাৰ ধূলি আনিলা।সমস্ত ধূলিক একস্থান কৰিদেবীৰ হাতত দিলা॥দেখি পটেশ্বৰী মহা যত্ন কৰিতুলি লৈলা বিদ্যমান।নৃপতিৰ ধূলি বালি সমন্বিতেকৰিলেক এক স্থান॥৩১৬

স্নান কৰি আসি ৰাজাৰ মহিষী।চক্ষুমেলি চাইলা পাছে।দেখন্ত তহিত আকাশ ঢাকিয়াঅনেক বিমান আছে॥দেখিয়া দেবীৰ হৰিষ মনতবুলিলা সবাক চাই।এতিক্ষণে মোক পঠাৱা ত্বৰিতবিলম্বক নযুৱাই॥৩১৭এহিবুলি দেবী দেৱতা সবককৰিলেক নমস্কাৰ।ইন্দ্ৰ চন্দ্ৰ আদি সমস্তে দেৱকপ্ৰণামিলা বাৰম্বাৰ॥সেহি ভস্ম ধৰি প্ৰদক্ষিণ কৰিচৰিলা চিতাত পাছে।দেখি নৰ নাৰী চাহে শাৰী শাৰীএক দৃষ্টি চাহি আছে॥৩১৮নৃপতিৰ গুৰি হিয়াত বান্ধিয়াচিতাত কৰি শয়ন।

উত্তৰ দিশোক শিৰ গোট কৰিভৈলা দেবী অচেতন॥কূৰ্ম্মঠেৰ সেনা পৰম বিহ্বলআছন্ত সবে আকলি।দিব্য বিমানত চলি মহোদয়াস্বৰ্গলোকে গৈলা চলি॥৩১৯কালভদ্ৰ বীৰে শীঘ্ৰ কৰি যাইকলসে ঢালিলা ঘৃত।ব্ৰাহ্মণ সকলে মুখাগ্নি কৰয়জ্বলাই দিলা অগনিত॥আকাশ ঢাকিয়া অগনি উধাইদেখি অতি ভয়ঙ্কৰ।নিমিষেক মানে ৰাজ মহিষীৰদহিলন্ত কলেৱৰ॥৩২০প্ৰেত-কাৰ্য্য যত কৰিলা সমস্তকালভদ্ৰ মহাৱলী।বহিনীৰ কৰ্ম্ম সসাজ কৰিয়াদিলা পিণ্ড জলাঞ্জলি॥

শুনা সভাসদ ভাৰতৰ পদসবে এক মন কৰি।মহা মুঢ়মতি নজানো সম্প্ৰতিবোলয় সাগৰ খৰি॥৩২১কৃষ্ণৰ চৰিত্ৰ পৰম অমৃততিনিয়ো ভুবনে সাৰ।ই জন্মত ভোগ মুকুতি ভুঞ্জয়পুৰুষ কৰে উদ্ধাৰ॥হেন জানি সবে আলাস ত্যজিয়াশুনিয়োক কৃষ্ণ কথা।ঈশ্বৰ প্ৰভুক দৃঢ় কৰি ধৰানকৰা জনম বৃথা॥৩২২কৃষ্ণ ৰূপক মনে ধৰিয়োকছাৰা ভাষ ভূষ কাম।তেবেসে সংসাৰ তৰিবাহা সুখেমুখে বোলা ৰাম ৰাম॥৩২৩

বৈশম্পায়ন বদতি শুনিয়ো মহাৰাজ।পাছে গঙ্গা-সুতে যেন কৰিলেক কায॥যেবে কালভদ্ৰে কৰ্ম্ম সসাঙ্গ কৰিলা।সেহিবেলা ৰাজাৰ পুত্ৰক আনি দিলা॥৩২৪পঞ্চ বৎসৰৰ শিশু পৰম সুন্দৰ।দেখিয়া আহ্লাদ মন ভৈলা গাঙ্গেয়ৰ॥দিব্য স্বৰ্ণ সিংহাসনে তুলিলেক ধৰি।উপৰত ছত্ৰ খান দিলা যত্ন কৰি॥৩২৫নৃপতিৰ ব্যৱহাৰ আছিলেক যত।ভাগে ভাগে গঙ্গা-সুত কহিলা সমস্ত॥শিখাইলেক ৰাজ-নীতি যতেক আচাৰ।জয় হৰিধ্বনি কৰিলেক ভয়ঙ্কৰ॥৩২৬সেহিবেলা দেৱৰাজ ত্ৰিদশ সহিতে।মহাৰঙ্গে আসি সবে মিলিলা তহিতে॥আন দেৱ সৱ আসি ভৈলা বিদ্যমান।আকাশ পথত সবে ৰাখিলা বিমান॥৩২৭

নৃপতিৰ পুত্ৰক আপুনি পুৰন্দৰে।অভিষেক কৰাইলেক সমস্তে লোকৰে॥দেৱাঙ্গ ভূষণ বস্ত্ৰ দিলা দেৱৰাজ।কৰিলেক আশীৰ্ব্বাদ ত্ৰিদশ সমাজ॥৩২৮বাসৱে বোলয় তোক মই দেওঁ বৰ।বিঘিনি নহৌক সুখে ৰাজ্য ভোগকৰ॥চন্দ্ৰাদিত্যে বোলে ঘোৰ খণ্ডোক আপদ।পিতৃৰ অধিক তোৰ মিলোক সম্পদ॥৩২৯আনো দেৱমানে ভিন্নে ভিন্নে দিলা বৰ।দেৱ-বাদ্য তথাত বাজিলা বহুতৰ॥অসংখ্যাত বাদ্য বাজাইলা নানা ভাৱে।বিদ্যাধৰে নাচয় গন্ধৰ্ব্বে গুণ গাৱে॥৩৩০দুন্দুভি মৃদঙ্গ ভেৰী শঙ্খ কৰতাল।খমুচি দোতোৰা ঢাক বাজাৱে কাহাল॥এহিমতে দেৱৰাজ ত্ৰিদশ সহিতে।দণ্ড চাৰি মান ৰঙ্গে আছিলা তহিতে॥৩৩১তাত পাছে গাঙ্গেয়ক বচনে সাদৰি।আপোন স্থানক গৈলা পুষ্পবৃষ্টি কৰি॥

সেহিবেলা কালভদ্ৰে শীঘ্ৰবেগে যাই।দুঃশাসন বীৰক আনিলা মোকোলাই॥৩৩২ঘোটক সহিতে আনি ভেট কৰি দিলা।দেখি গঙ্গা-সুতে তাক আশ্বাস কৰিলা॥কালভদ্ৰ বীৰক কৰিলা বহুমান।দুঃশাসন সমে গৈলা সৈন্যৰ যে থান॥

ঋষিয়ে বোলন্ত কথা শুনা সাৱধানে।ভীষ্মৰ কথাক মই থৈলো এহিমানে॥পাছে ৰাজাগণে যেন কৰিলেক কায।সম্প্ৰতিক কহো তাক শুনা মহাৰাজ॥৩৩৪যি বেলাত গঙ্গা-সুত গৈলা অভ্যন্তৰে।সেহি বেলা চেতন লভিলা নিৰন্তৰে॥লভিয়া চেতন সবে বসিলা মাটিত।দুৰ্য্যোধন নৃপতিক নেদেখিলা তৈত॥৩৩৫

নেদেখিলা মহাবীৰ গঙ্গাৰ কুমাৰ।দেখি সবে লোকৰ মিলিলা হাহাকাৰ॥সেহি বেলা গুৰু দ্ৰোণে বুলিলা বচন।আমাৰ বচন শুনিয়োক বীৰগণ॥৩৩৬ত্ৰিভুবন-বিজয়ী ভীষ্মক মহাৰায়।সমৰত তাহাঙ্ক জিনন্তা কেহ নাই॥এক দেৱ নাৰায়ণ জগত ঈশ্বৰ।তেওঁ বিনে তাহাক জিনন্তা নাহি আৰ॥৩৩৭আকে জানি সেনাগণ কৰিয়োক স্থিৰ।ৰাধেয়ক আদি কৰি যত মহাবীৰ॥হেন জানি সৈন্যগণ কৰিয়োক ঠাই।সপকাৰে নগৰত ৰহিযোক যাই॥৩৩৮সেহি বেলা দুঃশাসন গঙ্গা-সুত বীৰ।ৰথে চড়ি তথাক গৈলন্ত ধীৰে ধীৰ॥হেন দেখি কটকৰ আনন্দ মিলিলা।ৰাজাগণ আসি গাঙ্গেয়ক আৱৰিলা॥৩৩১পুছিলন্ত দুৰ্য্যোধন গৈলা কোন থান।হেন শুনি গঙ্গা সুতে দিলা সমিধান॥

নৃপতিৰ কথা শুনিয়োক নিৰন্তৰ।কূৰ্ম্মৱলীৰাজ সমে কৰিলা সমৰ॥৩৪০অনেক কৰিলা দুয়ো বাণ বৰিষণ।কূৰ্ম্মৱলী হানিলন্ত মাৰুতৰ বাণ॥পৰম আক্ৰোশে নৃপতিক লাগ পাই।ৰথ সমে তাহাঙ্ক নিলেক উৰুৱাই॥৩৪১নজানোহো ভৈলা কিবা ৰাজাৰ অৱস্থা।শুনিয়োক কহোঁ মই অনুপম কথা॥সসৈন্যে সহিতে যাই আপোনাৰ ৰাজ।আলচ কৰিয়া পাছে চিন্তিবোহো কায॥৩৪২হেন শুনি সবাৰ হৰিষ ভৈলা মন।ভাল বুলি সবেও উঠিল তেতিক্ষণ॥হয় হস্তী পদাতি আছিল যত যত।হস্তিনাপুৰক লাগি চলিলা সমস্ত॥৩৪৩ঋষিয়ে বোলন্ত কথা শুনা মহাৰাজ।দুৰ্য্যোধন নৃপতিৰ যেন ভৈলা কায॥কতো বেলি চেতন লভিলা মহাবীৰ।মহাভয়ে কম্পে ৰাজা গাৱ নহে স্থিৰ॥৩৪৪

কৰ্ণপাতি শুনিলেক সৈন্যৰ আৰাৱ।শৰীৰৰ বলে অতি বৃষভে নাদয়॥শ্ৰুতি পায়া দুৰ্য্যোধন উঠিয়া বসিলা।বনৰ মাজৰপৰা ধীৰে চলি গৈলা॥৩৪৫মনত গুণয় ইটো কাহাৰ নগৰ।হাটি বাটি চৌপথক দেখি ভয়ঙ্কৰ॥কিবা স্বপ্ন দেখো কিবা হৱয় সচিত।এহি বুলি নৃপতিৰ মনে ভৈলা ভীত॥৩৪৬কোন ঠাই আছিলো আসিলো কোন থান।কোন কায কৰিলোহো গুণে মনে মন॥যদি সত্য কৰি প্ৰভু হৱয় স্বপন।নকৰা নৈৰাশ হৰি কৰিয়ো চেতন॥৩৪৭এবি বুলি যায় ৰাজা মনত বিকল।দেখিলেক আপোনাৰ কটক সকল॥দুৰ্য্যোধন ৰাজাক দেখিলা বিদ্যমান।আথে বেথে বৃদ্ধ নৃপতিত দিলা জান॥৩৪৮

হেন শুনি ধৃতৰাষ্ট্ৰ ৰাজা নৰেশ্বৰ৷দুৰ্য্যোধন নৃপতিক আনাইলা সত্বৰ॥শোকে দুখে দুৰ্য্যোধন মৃতক সমান।ধীৰে ধীৰে নৃপতিক কৰিলা বন্দন॥৩৪৯আপোনাৰ পুত্ৰক আসিবে সাৰি পাই।আথে বেথে সোধে ৰাজা দুনাই দুনাই॥হৰি হৰি প্ৰাণ পুত্ৰ কি ভৈলা অৱস্থা।ঝান্ট কৰি কয়ো বাপ আপোনাৰ কথা॥৩৫০কৈক গৈলা বাপ তোৰ একশত ভাই।কৈক গৈলা সুসেন যে শকুনি মমাই॥কৈক গৈলা বাপ মোৰ বৃদ্ধ গঙ্গা-সুত।কৈক গৈলা গুৰু দ্ৰোণ বীৰ অদ্ভুত॥৩৫১কৈক গৈলা মহাৱলী ৰাধাৰ তনয়।বিৰাট দ্ৰুপদ আদি যত ৰাজাচয়॥কহিয়োক বাপ আবে বিলম্ব নকৰ।হেন শুনি দুৰ্য্যোধনে দিলন্ত উত্তৰ॥৩৫২

দুৰ্য্যোধন বদতি পিতৃ শুনিয়ো বচন।যেন মতে যুদ্ধ ভৈলা শুনিয়ো কাৰণ॥কালভদ্ৰ নামে তাৰ মোক্ষ সেনাপতি।সুৰাসুৰে অজেয় দাৰুণ বীৰ অতি॥৩৫৩দ্ৰোণ জয়দ্ৰথ আদি যতেক আসিলা।এক শৰে কালভদ্ৰে সবাক মাৰিলা॥পাছে কৰ্ণ সমে লাগিলেক ঘোৰ ৰণ।একে লগে পৰি দুয়ো ভৈলা অচেতন॥৩৫৪হেন দেখি তাহাৰ নৃপতি আইলা ধায়।নিমিষেকে সবাক নিলেক উৰুৱায়॥নাজানোহো তাত পাছে ভৈলা কোন কথা।একেশ্বৰে গঙ্গা-সুত বহিলেক তথা॥৩৫৫

হেন শুনি ধৃতৰাষ্ট্ৰ কৰয় ক্ৰন্দন।গান্ধাৰী সহিতে কান্দে যত কন্যাগণ॥

প্ৰজাগণে ক্ৰন্দন কৰয় অতিশয়।সকল নগৰ ভৈলা হাহাকাৰময়॥৩৫৬মহা আৱৰাৱে সবে কান্দে নৰনাৰী।পিতৃ পুত্ৰ ভাতৃ বন্ধু বান্ধৱক স্মৰি॥এহিমতে ক্ৰন্দন কৰয় যত যত।সংক্ষেপ পয়াৰে তাৰ লেখা দিবো কত॥৩৫৭পাছে কুৰুগণে সবে গৈলা ঘৰাঘৰি।চৰু হাড়ি পেলাইলেক সমস্ত নগৰি॥অস্ত্ৰক ভিজায় সবে কৰিলেক শুদ্ধ।ভৈলা ক্ৰিয়াধাৰী সবে কটক প্ৰবুদ্ধ॥৩৫৮তাত পাছে ধৃতৰাষ্ট্ৰ নৃপতি প্ৰধান।দেশে দেশে পঠাইলেক যত দূতগণ॥কহিলেক দূতগণে সমস্ত লোকত।আৰাৱে তম্ৰূলে কান্দে নাৰীগণ যত॥৩৫৯দেশে দেশে প্ৰজাৰ মিলিলা হাহাকাৰ।নৃপতিৰ বংশ সবে কান্দিলা অপাৰ॥নৃপতিৰ ভাৰ্য্যা পুত্ৰ সবে সেনা যত।মৃতকৰ প্ৰেতক্ৰিয়া কৰিলা সমস্ত॥৩৬০

বিৰাট সৈন্যৰ দ্ৰুপদৰ সেনাচয়।সমস্ত পৃথিবী মানে হাহাকাৰময়॥

সেহিবেলা গঙ্গা-সুত সসৈন্যে সহিত।হস্তিনাপুৰত আসি ভৈলা উপস্থিত॥৩৬১দেখি সমস্তৰে অতি ৰঙ্গ ভৈলা মন।শুনি ধৃতৰাষ্ট্ৰ আসিলেক সেহি স্থান॥গঙ্গাৰ সুতক ৰঙ্গে প্ৰণাম কৰিলা।ৰাজগণে আসি নৃপতিক প্ৰণামিলা॥৩৬২কহিলন্ত যিমত সমৰ অদভূত।ঘোটকক আগকৰি দিলা গঙ্গা-সুত॥সেহি বেলা গান্ধাৰী বুলিলা বাধা বাক্য।নালাগে আমাৰ যাগ যজ্ঞ কৰিবাক॥৩৬৩প্ৰথমতে ভৈলা আসি বিঘিনি প্ৰধান।যজ্ঞ এৰি দৰিদ্ৰক কৰায়ো ভোজন॥

শুনিয়োক সভাসদ থিৰ কৰি মতি।কূৰ্ম্মঠ পৰ্ব্বৰ কথা ভৈলা সমাপতি॥৩৬৪বোলে সাগৰ খৰি মই বড় অনাথ।মই দূষিতক নছাৰিবা জগন্নাথ॥তযু পদ মনে ধৰি বসি শিলাগ্ৰাম।ৰচিলো ভাৰত পদ চিন্তি কৃষ্ণ নাম॥৩৬৫মোৰ দোষ গুণ যত কৰা উপশাম।নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥৩৬৬