কদম-কলি
সোদৰোপম আব্দুল মজিদ চাহাবৰ
কৰকমলত
কদম-কলি
অৰ্পণ কৰিলোঁ।
বিষয়সখীৰ প্ৰতিবায়েক উষা, ভনীয়েক প্ৰতিমামইনাতোমাকেহে ভাল পাওঁ মৰমৰ সখীচুমাপ্ৰিয়তমাপ্ৰিয়তমাৰ সৌন্দৰ্য্যভ্ৰমপ্ৰবসুৱাৰ চিঠিবাঁহীচন্দ্ৰকুলিধোৱাঁখোৱাকলা বগাআমাৰ জন্মভূমিদুৰ ঋতুৰ ডাকবৃন্দা চন্দ্ৰাৱলী সংবাদবাঁহী
পৃষ্ঠা১৪৮১১১৪১৫১৬১৮২০২৩২৪২৫২৭২৮২৮৩০৩১৩২
ডাকৰ টোপোলাসত্যে কোৱাঁতৰাকবিতাবাঁহীচন্দ্ৰা ৰাধাৰ দন্দমোৰ দেশসখী কোনে নো বজায়?মাতৃশ্ৰাদ্ধঅৱশেষচালনী আৰু বেজীবিহুৰাধা আৰু সখীসকলপ্ৰেমশান্তিদেৱযানীবাঁহীকৰ্ম্মচিৰযৌবনআত্মবোধবীণ বৰাগীধনবৰ আৰু ৰতনীৰতনীৰ বেজাৰ
৩৩৩৪৩৪৩৬৩৭৩৮৩৯৪০৪১৪২৪৩৪৫৪৮৫০৫১৫২৭৮৭৯৭৯৮১৮১৮৮৯২
পকা চুলিমহাপ্ৰয়াণৰ যাত্ৰীমৰণভদ্ৰতাকৰ্ম্মকৰ্ম্মৰ আত্মা-প্ৰতিপাদনএলাহৰ দৰবসংগ্ৰামসোণৰ শিকলিসৰু আৰু বৰআত্ম সমৰ্পনতোমাৰ কামকৃতিত্বউচ্চ আশাবৰ্তমান আৰু ভবিষ্যতমোৰ জীৱনউন্নতিৰ সঁচাৰ কাঠিউন্নতিৰ জখলালক্ষ্যকাল্পনিক আদৰ্শচকুপ্ৰকৃত জীৱনসুখবোধসুখীয়া আৰু দুখীয়া
৯৭১০০১০২১০২১০২১০৩১০৩১০৪১৩৪১০৫১০৫১০৫১০৬১০৬১০৬১০৭১০৭১০৮১০৮১০৮১০৯১০৯১০৯১১০
কামৰ সমাপতিসময় পলায়ভাগৰকোনটো উজুনিয়মৰ বান্ধোনমান অপমানএতিয়াইউদগনিমুখ্য লক্ষকৰ্ম্ম-জীৱনস্বধৰ্ম্মস্বভাৱৰ দামনিমাতী কন্যাতিলকাৰেণুকাঈশ্বৰ আৰু ভকত
১১০১১০১১০১১১১১১১১১১১২১১২১১৩১১৩১১৪১১৪১১৪১১৯১১৯১৩৪
প্ৰাণ সখি! দুখীয়াক জনমলৈ এৰিলা?অত স্নেহ অত মায়া সকলো পাহৰিলা?সৌ চোৱা আকাশত ক’লা ক’লা ডাৱৰতচমকি চমকি বিজুলীয়ে উমলিছে;গোৰ গোৰ কৰি মেঘে গাজনি মাৰিছে?ডাৱৰৰ দেখি ভাৱ, ম’ৰাই উথালি গাৱ,ছালি ধৰি ঠেও ধৰি নাচোন ধৰিছে।তোমাৰ বিৰহে সখী হৃদয় দহিছে!
২
আকৌ চোৱাঁ পানীপিয়া “পিওঁ” “পিওঁ” মাতেৰে,জুৰাইছে প্ৰাণ পানী পি হাবিয়াহেৰে।বুকুৰ বান্ধ! কিন্তু মোৰ সন্নিপাতে মহাঘোৰ,শুকাই শুকাই হিয়া কৰ্কৰীয়া কৰিলে,প্ৰাণ-পখী মৰি যাব স্নেহ পানী নিদিলে!
৩
ডাউক ডাউকী শুনা “কুৱা” “কুৱা” মাতেৰে,সুখ সৰোবৰত আলাপে মন ৰঙেৰে ;কদমৰ ডালত পৰি কপৌ কপৌৱনীজুৰি“কুৰু” “কুৰু" কৰি হৰিষেৰে গীত গাইছে ।দুৰ্ভগীয়া মই মাত্ৰ ! হায় বুকু গেলিছে !
৪
চেনেহৰ গীত শুনা সৌৱা নৈয়ে গাইছে ;কুলু কুলু কৰি চোৱা কেনে লৰ ধৰিছে ।সখীৰ লগত গৈ কেনেকৈ মিল হৈএকে জীৱ একে দেহা আন মন নকৰি,বৈ যায় মন সুখে সকলোকে পাহৰি ।
৫
পানীৰ বুকুত বুদবুদবোৰে খেলিছে ;অলপ উমলি দেখা আকৌ বুৰ মাৰিছে ।সৌফালে কৰাঁ মন চিকুণ চাম নাওখন,দুই পাখি, ফান্দ মেলি কেনেকৈ সাতুৰিছে ।মন যাব মোৰো, কিন্তু বিধিয়ে বিড়ম্বিছে ।
৬
এৰা ৰোহ, আহাঁ সখী, একেলগে ৰঙেৰে -ৰূপোৱালি নৈৰ বালিত ফুৰোঁ ঠগেৰে;দৌল সাজোঁ, নাদ খানো শিলগুটি গোটাই আনো,
বালিঘোৰা বালিমাহী খেদি খেদি লৱৰোঁ;গালি পাৰি প্ৰতিধ্বনিক ডিঙি মেলি চিয়ঁৰো।
আহাঁ হেৰা প্ৰাণসখী, নৈত নামি নাদোৰোঁ৷বুৰ মাৰি পানীৰ তলত, পাৰোঁ মানে ভাগৰোঁ;চিলনী-সাঁতোৰ দিওঁ, সোঁতে সোঁতে উটি যাওঁ;পানীত টুকুৰিয়াওঁ আঙ্গুলিৰ আগেৰে।বুৰবুৰণি কাঢ়ো পানীৰ তলত নাকেৰে।
কুলিক সিয়াৰোঁ আহাঁ ফুলনিত সোমাই;গোলাপক পেলাওঁ লাজ, ওৰণী গুচাই;সেউতীক দিওঁ বিয়া ৰাঙলেৰে সইতে;শাৰী পাতি মালতীক বহুৱাওঁ তহিতে;বকুল গোটাই আনি, নিয়ৰৰ সিঁচি পানী,নোৱাওঁ উৰুলি দি জাত-লগা নামেৰে।গান্ধবিৰিণাৰ পাত বজাওঁ আনন্দেৰে।
ঘৰ-বাৰী মিছা, কোনো কালে মোক নালাগেনেচাও পৰক যি ইসব নিতিয়াগে।বকুলৰ গুটি খাম, সেউতীৰ বিয়া চাম,কৰবীৰৰ মৌ পিম, কেতেকীৰ ধুলি লম,ভামোৰাৰে গাম গীত, কুলিৰে বন্ধাম মিত,ভাতফেচুৰ সৈতে ওৰে দিন গাম নাম।
পদুম পাহীত উঠি নাৱকো খেলাম।সেইদেখি মোৰে শপত চোৱাঁ মুখ তুলি হে।দুখীয়া সখীক কিয় মাৰা তুমি পুৰি হেঁ?
প্ৰতিমা—“হেৰা বাইটী, কি হেঁ সৌটো ফুটুকাফুটুকী,নাচি নাচি ফুলে ফুলে মাৰিছে ভুমুকি?এহে বাৰু অ? চুমাচুমি কৰিছে হবলা!ইমান চেনহ আও! চাওঁগৈ বলা!
হয় বাইটী, বৰ মৰম, বৰ ভাল পায়!মুখতেই মুখ দি তেনেই পমি যায়!
ই কি? দেখোঁন মোৰ যুতিজুপিলৈটোৱাঁই মাৰিছে লৰ হাঁহি মুখ কৈ?
সৰ্ব্বনাশ! পৰিল তাত! চুমাও খালে!বাইটী, মোৰ যূতি ফুলত চুমা দিলে!
যূতি হেৰা, মই আজি চিনিলোঁ তোমাক!যূতি সখী, মই আৰু চিনিলোঁ তোমাক!কেৱলে মোক অতদিন দি আছিলা ফাকি,—“তোমাকে হে ভাল পাওঁ মৰমৰ সখী।”
ইস্! মোকেই হে ভাল পোৱা ‘মৰমৰ সখী’!যাতেমানে মিছা কথা!—এনে মিছলীয়া।অ—আজলী সখীক পাই ভাল ফাকি দিয়া!এতিয়া হে জানিলোঁ তোমাৰ চতুৰালি।আগত নহলে জানো কত পাৰা গালি॥ই:—তোমাকেই হে চুমা খাম, জীওঁ যতদিন;তোমাৰেই হে উমলিম, দুইৰো নাই ভিন।
এটাইবিলাক ফাকি; এটাইখিনি মুখৰ মহলা।মই হেন সখীক এৰি ভাল সখী পালা!ভাগ্যে মই দেখিলো দেখি হে;নাইবা আৰু কত ভুৱা দিলাহেঁতেন হে।বাৰু সখী, বাৰু তোমাৰ চিত!পেটত এতেক কথা, নাজানো কিঞ্চিৎ।
দেহি! সুৱঁৰিছোঁ “নিলাজী” সখীৰ কথা,মোতেই হে দেহটো, মোলেই হে বেথা।যেয়ে যাওক ওচৰলৈ, কুচিমুছি যায়;সদায় মনত ভয়,—সখী বেয়া পায়।মোৰ হৈ মৰিব পাৰে, ময়ো তেওঁৰ হৈ।কুৰ্চুতীয়া সখী পালো, এনে সখী গৈ।
বাইটী, গোসাঁয়ে মোৰ মনৰ দৰে সখী নিমিলায়।মই যেনে ভাবোঁ, কেলৈ তেনেকুৱা নাই?চকুৰ আগতে, বাইটী, নিতৌ দেখি আছা,—দেহ যেন যুতি সখী, কিন্তু সব মিছা।
এই কথাটোত হে মই লাগোঁ,—মোৰ সখী লোকৰ হল, কেনেকৈ চাই থাকোঁ।মনত পৰিলে গাটো ৰমৰমাই যায়।পুৰণি চেনেহৰ কথা কৈও অন্ত নাই।যেতিয়া ৰান্ধনী-বেলি তেজগোৰা হৈ,মাকৰ গুৰিলৈ যাব ’ভোক’ ‘ভোক' কৈ।আহোঁ মই সেওতা ফালি,বতাহেও ডালি ডালি,কৰি মোৰ মূৰৰ চুলি উৰুৱাই দিব।সখীয়ে দূৰত দেখি ৰঙত হাঁহিব।
দিনটোৰ যতেক কথা নামৰ সুৰেৰেবিনাই বিনাই সখীক কম হৰিষেৰে।কানিমুনি হোৱা দেখি,আকোঁৱালি ধৰি সখী,ৰাতিটোলৈ লগাম মাত বেজাৰ মনেৰে।তেনে সখী এনে হল কোনটো চিতেৰে!
কাউৰীয়ে কা কৰিব গছৰ ডালত ৰৈ,ফুল-কটা লোটাৰে এলোটা পানী লৈ,ময়ো ধুম মুখ, বাইটী, সখীৰো ধুৱাম,ৰাতিটো আঁতৰিছিলো বুলি চুমা খাম।তেৱোঁ খাব চুমা, মোত হেপাহ আছিলে।দেহি ঐ, এতিয়া দুষ্টে সখীক ভুলালে!
হেৰা কপটীয়া সখী!কাণসাৰ মাৰি থাকিলে নো কিটো হব?তেনেকৈ ৰলে জানো গাৰ দায় যাব?তুমি মোৰ কথাৰ চোন সমিধান দিয়া?আইহে—কিহৰনো ইমান গপ? গাতে ঘাটি লোৱাঁ।
মইনা মইনা বুলি কতনো মাতিম মই,কতনো বিনাই আৰু কাকূতি কৰিম ঐ,নাইনে মইনা মোৰ? নাইনে কি মন চোৰ?নাইনে নাইনে মোৰ মইনা মউৰ?ণনাইনে জগতে মোৰ চেনেহ-চকোৰ?
কিমান ঢাকুৰি হিয়া বিচাৰোঁ পখীটি মোৰ,কিমান চিন্তাই বুকু চিটাচিট কৈলে মোৰ,বিয়াকুল বিয়াকুল, নাই তাৰ কুলাকুল,তথাপি বাতৰি নাই মইনা পখীৰ;তথাপি বাতৰি নাই চকুৰ মণিৰ!
সঁচাকৈ সঁচাকৈ যদি পৃথিৱীত এইনাই পখী যাক মাতোঁ মইনা মইনা কৈকিয় সজা সোণোৱালি, মৰম গাখীৰ ঢালি,চেনেহ-চাউলে সৈতে হেঁপাহ-বাটিতদিলে মোৰ হৃদয়ত কৰিনো থাপিত?
কিয়নো কিয়নো কাণ মাত-আকলুৱা অতি?কিয় দিলে মুখ মোৰ চুমাৰ বলিয়া পাতি?বুকুত মইনা-ৰোগ কেলৈ মোৰ কৰে ভোগ?
দৰব নথকা ৰোগ কিয় দিলে মোক?নহলে মইনা, মই নাপাওঁ কিয় তোক?
এয়ে নে চিকুণি মোৰ ললাটত লিখা হল?—মইনা মইনা কৰি মৰিব লগীয়া হল!আছে যদি সঁচাকৈয়ে, তই যদি হৱ তয়ে,দে দেখা দে ধৰা, কত নো জীয়াতু সম?কত চট্ ফট্ কৰি জীৱনৰ ভাৰ বম?
কান্দোতে কান্দোতে মোৰ চকু হেৰ উখহিল ৷মাতোতে মাতোতে মাতো ভাগি নাইকিয়া হল!ভাবোতে ভাবোতে সোণ, শুকালোঁ খেৰ-সনি যেন,তথাপি এখুদো তোৰ নালাগে মৰম!!মোক পুৰি মৰাটোৱে তোৰ নে ধৰম?
মধুৰ মইনা নাম নাজানো কোনে নো দিলে;শিলৰ বুকুত কোনে প্ৰেম-লৱনু সানিলে?নিমিলিল নাও-গাওঁ নালাগিল আওভাও,নতু মইনাৰ হিয়া মইনাত নাই;কেনেকৈ এনে কথা হব পাৰে হায়?
নাই দেখা নাই শুনা কেনে নো মইনা তই;কলৈ গলে কি কৰিলে তোক হেৰ পাম মই?
নেজানো কি বস্তু তই, একো উৱাদিহ নাই,মাত্ৰ তোক লাগে মোক ভাবৰ প্ৰতিমা।মণি নাই আছে শুদা চেনেহৰ টেমা!
কেতিয়াও আলৈথানি নকৰোঁ মইনা তোক;মৰম নৈত নিত্যে বুৰাই ৰাখিম তোক;মৰম অমৃত ঢালি, মৰম ৰহৰ থালি,মৰম-জুইত পাগি মৰমৰ হাতে,আনি দিম তোক সোণ, মৰমৰ মাতে।
মৰম মৰম গীত ৰাতি দিনে মই গাম।চিকুণ চেনেহ-চুমা নিত্যে ন ন খাম।প্ৰেমৰ শীতল পানী প্ৰেম-কলহত আনিপৰম যতনে সিঁচি বঢ়াম আদৰে তোক।দেখা দে মইনা হেৰ বধ নকৰিবি মোক।
তোমাকেহে ভাল পাওঁ তোমাৰেহে মুখ চাওঁতোমাকেহে দিনে ৰাতি ফুৰোঁ মই দেখি।তোমাকেহে ভাল পাওঁ মৰমৰ সখী!
একেথিৰে একেমনে একভাৱে একেথানেথাকোঁ কেতিয়াবা হৈ কাঠৰ পুতলা।নোহে আন একো, মাত্ৰ জপোঁ তুমি-মালা।
কেতিয়াবা গুণ-গুণ কৰি গীত সকৰুণ,হিয়াৰ হিল্লোল এটি কৰোঁ যে বেকত।থাকা সখী তুমি মাত্ৰ সেইটি গীতত।
হেৰাল হেৰাল কিবা বুলি ফুৰোঁ ৰাত্ৰি দিবানেপাই নিৰাশ হৈ হুমুনিয়া কাঢ়োঁ।তুমিহে হেৰোৱা ধন, তোমাকেহে স্মৰোঁ॥
নিমাত দুপৰ ৰাতি একেথিৰে তৰা এটিচাই টপ্ টপ্, পানী পৰে যে চকুৰ।তোমাৰেহে ভাবে হিয়া কৰে মষিমূৰ॥
“কেতেকী” “কেতেকী” কৰি উৰি যায় পখীজুৰিকত প্ৰেমিকৰ মন যায় তাৰ লগে।মোৰ মন তোমা বিনে তাত তো নালাগে॥
নিৰ্জন নদীৰ কান, এজনে গাইছে গান,বতাহে আনিছে তাৰ ৰিণি ৰিণি সুৰ।জানা সখী তাত মোৰ আশা নোহে পূৰ॥
ফুল ফুল কৰি কত হইছে কবি উন্মত,কিন্তু মোৰ পক্ষে ফুল নিফুল সমান।তুমি-ফুল বিনে মোৰ ফুল নাই আন॥
বসন্তৰ কত কুলি পঞ্চমত সুৰ তুলি।গায় গীত, তালৈ সখী কোনে কৰে কাণ?তোমাৰ হাতত মাত্ৰ আছে মোৰ প্ৰাণ॥
বিল ভেটৰ পাহি জোন দেখি মাৰে হাঁহি,সেই হাঁহি চাই আৰু কত লোকে হাঁহে।তোমাৰ হাঁহিত বাজে মোৰ হাঁহি নাহে॥
হৃদয়ে হৃদয়ে স্নেহ, নাই যদি নাই শেহ,সকলোৱে চেনেহৰ নদীত সাঁতোৰে।নেপালে তোমাৰ স্নেহ মোৰ হিয়া খনে॥
তোমাৰ সুখত সুখ, তোমাৰ দুখত দুখইজীৱন মোৰ সখী জীৱনে তোমাৰ।তোমাৰেহে মই সখী তোমাৰ তোমাৰ॥
তোমাৰ মৰম-নাও উঠি হেৰা উটি যাওঁ,তুমি বোজা ভাল-পোৱা পবিত্ৰ প্ৰণয়বুৰুৱা বা নুবুৰুৱা যেনে ইচ্ছা হয়॥
চেনেহ-দোলেৰে অটা, নাৱৰ পিৰিৰে জোটাবুৰিলেও নাৱে সৈতে এৰা এৰি নাই।এনে বুৰা সুখে ভৰা, ভাগ্যৱন্তে পায়॥
অবিশ্বাস নকৰিবা, ধুৰুপ তুমি জানিবাতোমাকেহে দিনে ৰাতি ফুৰোঁ মই দেখি।তোমাকেহে ভাল পাওঁ মৰমৰ সখী॥
কপো-কপৌৱনী চুমাত বলিয়াহৰিণা হৰিণী আৰু,ভাটো ভাটোৱনী চুমি-চুমি চোৱাঁ,খাইছে প্ৰেমৰ লাৰু॥ফুলে ফুলে চুমি ফুল মতলীয়া,ভোমোৰা চুমাত পমা।সবে চুমাময়, হেৰা তেন্তে মইকিয়নে নাখাম চুমা?
বতাহে বতাহে চুমাৰ বাতৰি,পানীয়ে পানীয়ে চুমা।আকাশ পাতাল চুমাৰ ভঁৰাল,সেউতী চুমাত ঘমা॥চুমাৰ ৰাগিত গোকুল গোপিনীথৰক-বৰক জীৱ।চুমা খাই খাই কাৰো তত নাই,মইবা নেখাম কিয়?
সেই দেখি লেখি লেখি এশ চুমা দিয়া।অন্তত ই প্ৰাণ মোৰ বুজি-বাজি লোৱাঁ॥
প্ৰশ্ন।— জনমৰেপৰা শুনি আহি আছো,মুকুতা-মালাৰ কথা;কত পোৱা যায়, কেনেকুৱা বস্তু,কিন্তু নাই পোৱা দেখা।উত্তৰ।— “প্ৰিয়া! শুনি যোৱাঁ” বুলি দিলো মাত,মাৰি হাঁহি মিচিকীয়া।হাঁহিয়ে হঁহাই উদঙালে দাঁত,কলোঁ আঙ্গুলিৰে, “চোৱা”॥
প্ৰশ্ন।—আৰু আছোঁ শুনি কিন্তু নাই দেখাৰঙা পোৱালৰ মণি।উত্তৰ — আকৌ দেখুৱালো প্ৰিয়তমা ওঠহেঙুলী পোৱাল-খনি॥প্ৰশ্ন। — কাঁইট নথকা ৰূপহ গোলাপ,বোলে পৃথিৱীত নাই।উত্তৰ — একোকে নামাতি প্ৰিয়াৰ দুগালথাকিব ধৰিলোঁ চাই॥প্ৰশ্ন।— কত আছে এনে অপূৰ্ব্ব পদুম,ৰাতি দিনে থাকে ফুলি?উত্তৰ — চকুৰে দি ঠাৰ দেখালোঁ প্ৰিয়াক,মুখেৰে একো নুবুলি।
প্ৰশ্ন। — প্ৰেমৰ পুতল চেনেহ-প্ৰতিমাকোন খনিকৰে কৰে?উত্তৰ।— যেয়েবা কৰক, সেইটী প্ৰতিমাএই চোৱাঁ মোৰ ঘৰে।
কেলৈ লাগিছে সেন্দুৰীয়া গাল?ফৰিং-প্ৰেমিকৰ জুই।কোৱাভাতুৰীয়া ওঠৰ তলতফেটী সাপ থাকে শুই।কিয় বা লাগিছে তিৰবিৰ চকু?যেনে ৰগৰ তৰা;ওখ বুকু কিয় লৱণু কোমল,মদন পিছলি পৰা?কি কাম দীঘল মেষ বৰণীয়াসাগৰৰ ঢউ চুলি?প্ৰেম-পগলাৰ হৃদয়-তৰণীবুৰি পায় গৈ তলি!মৃণাল দুবাহু কি কাম সাধিব?মত্ত প্ৰণয়ীৰ দোল!
মিহি মউ মাত, বিয়াধৰ পেঁপা,ৰাখে কৰি মাথোঁ ভোল।সুগোল সুঠাম সুবলি বলিতবাহু জঙ্ঘা উৰু কৰ,সকলোবিলাক চোকা চোকা অস্ত্ৰ,শণাইত সুতীক্ষ্ণ শৰ।নেলাগে সুন্দৰী মন প্ৰাণহাৰী,দিয়া মোক এনে হিয়া,যি হিয়াত মজি মোৰ এই প্ৰাণহৈ যায় নাইকিয়া।দিয়া এনে প্ৰেম যি প্ৰেমে বেলেগেঅস্তিত্ব বিলোপ কৰে।প্ৰণয়-মদিৰা দিয়া এনে মোক,চিৰকাল লাগি নেৰে।এনে চুমা লাগে, যি চুমাই দুখননিভাজ হিয়াক জোৰে;চকু যেন দুই মুকলি দুৱাৰ,প্ৰেমৰ ভঁৰাল-ঘৰে।কথা নহয় প্ৰেম-মুৰুলীৰ মাত,কপটতা আৰু নাই;মৰমে মৰমে মৰম-নিগড়,বান্ধোন বোলে মিছাই।নিদিবা নিদিবা সুন্দৰ প্ৰতিমা
মাত্ৰ সৌন্দৰ্য্যৰ খনি;গোলপুৱা হাঁহি মুখত নধৰা,অন্তৰত কাল ফণী।কোমল অন্তৰ, প্ৰেমময় মন,কোমল জুৰ হৃদয়;দিয়া যত দিনে ৰাতি মোৰ মনঅচল অতল ৰয়।
কোনে কলে সেয়া বাঁহী বাজে বুলি?বন-দেবী গীত গায়।শেৱালিৰ মালা নহয় এইধাৰ,তৰাৰে গুথিছে হায়!নহয় ফুলনি, কুৱঁৰীসকল;দঢ়াই দঢ়াই কওঁ।গোলাপ নহয়, প্ৰিয়াৰ নয়ন,দেখি থিৰ হৈ ৰওঁ।কোনে কয় সেইটি হৰিণা-পোৱালি?ইমান চেতনা নাই।
বনৰ সৌন্দৰ্য্যই ৰূপ ধৰি আহিদেও দি দুবৰি খায়।নহয় পুখুৰী, প্ৰেমিকৰ হিয়া;পানী নহয় প্ৰেমৰস।নৈ নহয়, ঠিক-প্ৰেমৰ-প্ৰৱাহ,বিচাৰি প্ৰেম বিবশ।বীণৰ আত্মাটি উৰি “গুণ” গায়,কোনে নো ভোমোৰা বোলে?খোপাৰ ফুলটী উৰিয়েই প্ৰিয়াৰ,পখিলাৰ নাম পালে।কৃষ্ণপখী বোলে নিকুঞ্জ বনতকৃষ্ণ কৃষ্ণ ডাক দিছে?পখী নহয়, জানা ব্ৰজৰ কান্দোন,প্ৰতিধ্বনি ৰূপে আছে।মলয়া নহয়, বিৰহীসবৰগোটখোৱা হুমুনিয়া।প্ৰিয়তমাৰ গাল ওফন্দি পৰিছে।সেয়েহে জানা সন্ধিয়া।
প্ৰিয়াহে!—তোমাৰ কঠিন চিত;চাওঁতে চাওঁতে তিনি নিশা গল,চিঠিৰে কৈলা বঞ্চিত।এয়োদশী ৰাতি চিঠিৰ সময়উকলি যেতিয়া গ’ল,বকুল ডালত বেজাৰৰ গীতপাখীটিৰ গোৱা হল;গোৰ গোৰ কৰি বিষাদ-ডাৱৰেওন্দোলাই নিলে মন;এন্ধাৰে এন্ধাৰে শোৱাপাটী পাইশোকত হলো মগন।এযুগ দীঘল দুৰন্ত নিশাটোলোৱেৰ খেদালোঁ খপি;পূবেৰুণ দেখি শোক-শয্যা এইলোঁ,আজি চিঠি পাম জপি।চতুৰ্দ্দশী ৰাতি চিঠি পোৱা কালওচৰাওচৰি পালে,আশা ৰং ভয় আৰু যত ভাবসোপাই জুমুৰি দিলে।বুকু ধপ্ ধপ্ মনত অশান্তি,কি কৰোঁ কলৈ যাওঁ;
খন্তেকে খন্তেকে কুৰি বাৰ আহিপদুলি-মূৰলৈ চাওঁ।নিৰাশ! নিৰাশ! চিঠি অনা কালশুদাই আহিল, গল!অশোক জুপিত অশোকৰ থুপিআগৰ দৰেই ৰল;জুৰ বায়ু জুৰ বলে একেদৰে;জোনাকী একে পোহৰে;আমৰ আগত কুলিৰ ৰাগিণীলৰচৰ ক'তা কৰে?আগৰ দৰেই জিলীয়ে মাতিলেদুৰ্ব্বাত মুকুতা জ্বলে;আগৰ দৰেই পৰঘুমা পখী।প্ৰেমৰ কথাটি কলে।কিন্তু ওখ আশা- পৰ্ব্বতৰ টিংযি আছিল মোৰ ঠাই,নিৰাশ-সাগৰে পৰি একেবাৰেসমূলি গলো লুকাই!সি নিশাৰ মোৰ সকলো অৱস্থাঅভেদ্য আন্ধাৰে ঢকা,স্মৃতি-লেখনীৰ এধা-মছা এটিৰেখ আছে চকামকা।পূৰ্ণিমাৰ ৰাতি হাঁহি-ভৰা মুখ,হাঁহি-ভৰা ভেট পাহি;
নৈ বৈ যায় কুল্ কুল্ কুল্সুদূৰত বাজে বাঁহী;চকোৰ উন্নত পি পি চন্দ্ৰামৃত,আৰু মতলীয়া কবি;‘প্ৰিয়তমাৰ প্ৰেম- চিঠি এই পাম’ময়ো মতলীয়া ভাবি।প্ৰিয়া হে!—কলে বুকু ফাটি যায়,—চাওঁতে চাওঁতে সকলো আশাতআকউ পৰিল ছাই!পূৰ্ণিমাৰ ৰাতি আউসী আন্ধাৰেপ্ৰভেদ আছেনে কিবা?জ্বালামুখী গিৰি আৰু মোৰ হৃদি,বিভিন বুজাই দিবা।
ত্ৰিভূৱন মাজে যত বস্তু মধুময়,সিসবৰ সাৰ ভাগ কৰি একেঠাই,পুৰালি উদৰ তোৰ হে বাঁহী অমিয়া!প্ৰেমিকে মাগিছে কণা পুৰ্ণ কৰ হিয়া।
মুখামৃত সুৱাগৰ, আদৰ আঙ্গুলিবুলাই মাগিছোঁ ভিক্ষা, দে প্ৰাণ খুলি।স্বৰ্গৰ অমৃতবাণী পশোক কাণত,প্ৰকৃতি মুগুধ হওক, দেৱ বিমানত।
মৰ্ত্তৰ সন্তাপ আতৰক এখন্তক;দিব্যালোক প্ৰকাশক, আতমা জাগক;ধৰা মধুময় হক, ক্ষৰোক অমৃত,উটি যাওক সি সোঁতত মোৰ কাঠ চিত।
হাতে ঢুকি পোৱা আছিল জোনাই সমুদ্ৰ মথা কালত হে,দেৱাসুৰে দন্দ কৰি থাকোতেই, উঠে ওখ আকাশতহে।ফটিকাৰ টেকেলি লৈ পলাই গল;ভেবা লাগি দেৱ দৈত্য চাই ৰল;তেতিয়াৰেপৰা বুঢ়াঙ্গুলি দেখাই জোনায়ে ফটিকা পিয়ে হে।
সোমৰস এক পথ পান কৰি,পুৰ্ণিমাত পকি-জকি ঢলি পৰি,এক পথ শুই গা টঙাই লৈ আকৌ তাত লাগি দিয়ে হে।
চকোৰ, বিৰহী, ভেট, কবি, খালিপূৰ্ণচন্দ্ৰ চাই মাৰিছে টপালি;ফুটুকাৰ ফেণ, কেচা-কলা মাথো সিহঁতৰ আছে ভাগ্যত হে।
সাতাম পুৰুষীয়া আজোককাতকৈবুঢ়া চন্দ্ৰমাৰ টোটোৰ মুখকেইবলিয়াই ৰিজায় বুলি চন্দ্ৰাননী প্ৰিয়াৰ মুখৰে সৈতে হে।
চন্দ্ৰকান্ত, চন্দ্ৰধৰ নাম থৈ,হোজা বাপে পোক মাতে আদৰ কৈ,নাজানে সি নাম কাঠ-ফুলা গজা, ভেকুৰা, মামৰে-খোৱা হে।
জ্যোতিৰ্ব্বিদে কয়, চন্দ্ৰগ্ৰহ মৰা,জনপ্ৰাণীহীন গোটেই চন পৰা,কৃপাবৰে কয়, অতি ফটিকাৰ কৰ্ম্মফল ধৰি লোৱা হে।
আয়ে লুকাই পাৰিলে কণী।কাউৰীৰ বাহত মনে মনে মোৰ আয়ে পাৰিলে কণী॥ফুটিল কণী জগিলোঁ মই;কাউৰী মাহী তুলি লয়;আপোনাৰ পোৱালি ভাবি মুখত দিয়ে টোপকণি॥
চকু মুদি খাই থাকি,উৰণীয়া পাই পাখি,চেগ বুজি ভুৰুংকৰে উৰি গলোঁ দূৰ বননি।
পিছে পিছে খেদে মোৰ,কাউৰী বুলি জুৱাচোৰ,খেদাৰ তাপত প্ৰাণ যায় গাত মোৰ নাই তৰণি॥
কালিদাস, ভৱভূতি,শ্যেলি, কীটচ, লৰামতি,জাকে জাকে কবিৰ খেদাত থাকোঁ মই প্ৰমাদ গণি॥
গোটেই বছৰ ভয়ত টেপা;লাগি থাকোঁ খাই চেপা;ফাগুণ চ’তত আমৰ ডালত বহি মাতোঁ একণমানি॥
“সৰ্ব্বনাশ কৰিলে কুলি!বুকুৰ বান্ধৈ কলৈ গলি?”দায় দিয়ে মোৰ গাত ততালিকে বিৰহিণী॥
অনন্ত আকাশ মাজে দে ধোৱাঁ উৰুৱাই।গল ভোক, গল শোক, দে ভাগৰ পলুৱাই॥নলি-লগা ধোঁৱাখোৱা,কৰি দৈ ঐ কোৱামোৱা,টোৰোক ভৈৰব নাদে বিশ্বজগৎ কঁপোৱাই॥
সম্বৰ্ত্তক বলাহকমেঘবৃন্দ স্তব্ধ হক,বামুণ-ভেকোলাবোৰে যেন আৰু নোটোৰ্টোৰায়॥
ধূপ ধূনা আঁতৰ হক,ধোৱাঁখোৱা চাপি ৰক,মলাধপাতৰ গোন্ধে যাওক বিশ্ব মল্ মলাই॥
কলাই বগাই মিল নাই,কোন নজনাই কয়?
পদুমৰ পাহিৰ বুকুতভেমোৰা কিয়বা গুপুত?জোনৰ কোলাত শহা কিয় ৰয়?কৃষ্ণৰ কোলাত কিয় ৰাধা?সৌদামিনী মেঘত বন্ধা?হিমালয়ৰ টিঙত কিয় বগা বৰফ পৰি ৰয়?
হেৰা আমাৰ জন্মভূমি!হেৰা আমাৰ জন্মভূমি!এনে দেশ কতো নোপোৱা হেৰা তুমি।হেৰা আমাৰ জন্মভূমি।
কত আছে এনে চাউল পানীত দিলে ভাত?কত এনে কুঁজী-থেকেৰা টেঙাই যায় দাঁত?কত পাবা পকা-খৰিচা, কত ঢেকীয়া শাক?এঠা-দৈ কত এনে নেৰায় ধুলে যাক।হেৰা আমাৰ জন্মভূমি!
কত এনে ধানৰ পথাৰ, তামোল পাণৰ বাৰী?ভলুকা মকাল আদি আছে বাঁহৰ ধাৰী?লুইতৰ দৰে বৰ নৈ কত আছে কোৱা?ঘূৰি আহাঁ বসুমতী, তথাপি নোপোৱাহেৰা আমাৰ জন্মভূমি!
কত এনে মিৰি-নাচ, কত এনে বিহু?কত পাব জগা গাইৰ এনেকুৱা ফেহু?হৃষ্টপুষ্ট হাঁহি-মুখ মুকলি-মূৰীয়ালৰা-ছোৱালী কত এনে দেখুৱাই দিয়াঁ?
এনেখনি দেশ কতো নোপোৱা বিচাৰি,নিশ্চয় নিশ্চয় মই কওঁ এটাহ মাৰি।হেৰা আমাৰ জন্মভূমি!
জহ জাৰ বাৰিষাৰে মিলি-জুলি লবা।নহলে তোমাৰ নাও বুৰিব জানিবা॥
বসন্তই কুউবায়, সুহুৰি ফুৰ্ফুৰ।জানে সেহায়, কাহ মাৰে কুহুৰ কুহুৰ॥জহৰ তপত মাত যেনে চেঙা পানী।বাৰিষাই ঘৰ্ঘৰায়, ৰিং মাৰে টানি॥জহ, জাৰ, বাৰিষাৰে---- ইত্যাদি।
পানী-লগা হেমন্তই হাঁচিঔ মাতে।আজোৰত চুৰিয়াৰ খোচানাটো ফাটে॥চন্দ্ৰাৱলী শৰতৰ নূপুৰৰ ধ্বনিমন কাণ পাতি দিলে ভালকৈয়ে শুনি॥জহ, জাৰ, বাৰিষাৰে—-- ইত্যাদি।
চন্দ্ৰা—Now look here Brinda বাই, go tell him, go;—মই ৰাধা নহওঁ, বাঁহী বাই নচুৱাব মোক so!Let him go to Radha's Bower, here no চালাকি।ইমান পাতল নহয় চন্দ্ৰা, ভালৰ জীয়াৰী নহয় কি?
বৃন্দ— হব পাৰা ভালৰ জীয়াৰী, হব পৰা গধুৰ।But why abuse our Radha? what is her কচুৰ?হাক দিলেও, কলাই বাঁহী বজাবলৈ নেৰে।Awful nuaghty that boy ৰাধাক বলিয়া কৰে!
চন্দ্ৰা—Steal the flute, pay him back in his own coin;—ফুটা কেইটাত মাটি সুমাই মাৰি দিয়াঁ তাৰ জইন।That's the way to put an end to that nuisance.যোৱাঁ বৃন্দা, যোৱাঁ লক্ষ্মী, pray, have no nonsence,
কোনে নো বজাইছে বাঁহী সন্ধিয়া বেলিকা?কোনে নো সুৰেৰে মতে “ৰাধিকা” “ৰাধিকা”?গধূলি বতাহ ধীৰে ৰিব ৰিব বয়।কোনে “ৰাধা” বুলি মাতে হই তন্ময়?
নোৱাৰোঁঁ ঘৰত ৰব টানে বাঁহী মোক।লাজ ভয় সকলোতে নেওচা পৰোক।কেনি যাম বাট সখী দেখুৱাই দিয়া।উগুল-থুগুল মন থিৰ নাই হিয়া।
মুখখানি চাই আহোঁ,মালাধাৰি পিন্ধাই আহোঁ,হাঁহিৰে মাধুৰী পি আনন্দত ভাহোঁ।
কই যোৱা ডাকোৱাল, খোজ কিয় কোবাল?জুনুক জুনুক কিনো বাজে?তোমাৰ সি টোপোলাত চিঠি নামে অসংখ্যাতকিনো অদভুত বস্তু বাজে?বিদেশত আছে পতি, ঘৰত ৰইছে সতী,মৰম বাতৰি কিবা যায়?বিৰহত পোৰা নাৰী মাগি প্ৰেম-শান্তি বাৰিপ্ৰণয়ীক প্ৰণয় জনায়?পিতৃৰ সন্দেহ বাৰ্তা, মাতৃৰ ভাবনা চিন্তা,বন্ধুৰ সাদৰ সম্ভাষণ,হতাশাৰ আশা-বল, আতুৰৰ চকু-জল,শোকাৰ্ত্তৰ মধুৰ সাত্বন,প্ৰভু আদেশ বাণী, ভৃত্যৰ প্ৰাৰ্থনাখিনি,ৰজাৰ অনুজ্ঞা আজ্ঞাৰাশি;মনসাগৰৰ নানা গতি, চিন্তা, বিবেচনা,চিঠিৰূপে কি টোপোলাবাসী?নহয় টোপোলা সেয়া সংসাৰৰ সৰু কায়া;পৃথিবীৰ ক্ষুদ্ৰ তাঙ্গৰণ।কোৱাঁ ডাকোৱাল কাই, হয় নে নহয় যায়টোপোলাৰূপেৰে নিৰঞ্জন?
সত্যে কোৱাঁ প্ৰাণনাথ, কোন তোমাৰ আপোন?সত্যে কোৱাঁ প্ৰাণধন, বুকুৰ বান্ধ কোন?নিৰাশা মৰম সুখ,আশা দুখৰ বাহ॥আচল কথা ভূ পালেনেযাওঁ শোকত জাহ॥হেৰা সোণামণি মোৰ!নেযাওঁ শোকত জাহ॥
অনন্ত আকাশে বহি কোন তোমালোক?কি কাৰণে ধ্যানমগ্ন, কিবা দুখ শোক?কি কামে নিবিষ্ট চিত্ত, কিবা ভাবে ভোৰ?সামান্য মানুহ মই নাই পোৱা ওৰ।
পাপ তাপ দুখ ক্লেশ দেখি পৃথিবীৰ,হৃদয় ব্যথিত জানো, পৰে আখি নীৰ।শঠতা বিদ্বেষ হিংসা-বিষে জৰ্জ্জৰিতআমাৰ অন্তৰ দেখি বিদৰিছে চিত?টিপ্ টিপ্ চকুলো নিয়ঁৰৰ কণাপেলোৱা শোকত কিবা? একো নাই জনা।অথবা আকাশী ফুল স্বৰ্গ-উপবনেফুলি আছা নুশুকাই সদানন্দ মনে,সুবিমল শুভ্ৰ জ্যোৎস্না সৌৰভ বিলাই,স্বৰগত প্ৰেম-হাঁহি, শোক তাপ নাই।নতুবা অপূৰ্ব্ব মণি মুকুতা উজ্জ্বল,বিশ্বপতি বিশ্ব গৃহে কৰে জলমল?অথবা অযুত কোটী চকু বিধাতাৰচতুৰ্দ্দিশ অধঃ উৰ্দ্ধ ব্যাপ্ত চৰাচৰ;পাপ পুণ্য সুকৃতি দুষ্কৃতি নিৰন্তৰদেখি বিধানিছে বঁটা, দণ্ড ঘোৰতৰ।নাজানো একোকে মই নিঃকিন মানৱ।জ্ঞান দিয়াঁ অধমক দেৱ আদিদেৱ!
শোকৰ সঙ্গীত সিটি, বিষাদৰ সুৰ,আতুৰৰ হুমুনিয়া, লোতক চকুৰ,বেজাৰৰ কলা ৰেখ, তৃষ্ণা তৃষিতৰ,বিধৱাৰ বুকু ফটা যাতনা কাতৰ।ছয়াময়া সুখৰ সি খন্তেকীয়া হাঁহি।সুৰভি বিলাই যোৱা গোলাপৰ পাহি।বিজুলীৰ চকামকা নিমিষ পোহৰ ৷জোনৰ কোমল কান্তি, পানীৰ লহৰ।বীণৰ আতমা সিটি উৰি “গুণ” গায়।বাঁহীৰ জীৱন সি যে ডালত “কুউৱায়”।ৰমণীৰ কমনীয় মাধুৰী মধুৰ।আধা-ফুটা আধা মাত সৰগ শিশুৰ?লাজেৰে তিওৱা মুখ সুন্দৰী ৰূপহী।নিয়ৰত গা ধোৱা সেউতী সি বাঁহী।অনাঘ্ৰাত কেতেকীৰ সোণোৱালি ৰেণু।বৃন্দাবন মতলীয়া কলীয়াৰ বেণু।প্ৰকৃতিৰ কামনাৰ সৌন্দৰ্য্য ৰঞ্জিত।কবিতা কল্পনাময়ী কবিৰ বাঞ্ছিত।
শুনিলে সেইটোৰ মাত মূৰ আচন্দ্ৰাই কৰে।আজিও সেই সুৰত মোৰ থৰ-যুগুতি হৰে।ফুটা দিয়া বাঁহৰ চুঙা,কৰোঁ মাথো উপ লুঙা,তথাপি আমনি কৰি সেইডালে মাৰে॥
ধপাত ভৰাব পাৰি;পিঠা পুৰি খাব পাৰি।কুকুৰ-মৰা মাৰি সেইডাল ঠিক হব পাৰে॥
গা বেয়া, মন বেয়া।কৰে, তাত কিহৰ মায়া?নাজানো কিয়বা লোকে তাত ফুৱাই মৰে॥কৃষ্ণই কৈলে আবিষ্কাৰ,গোপীক দিলে সমাচাৰ,( দেখোন) “টেলিফোনে” সেই কাম সহজতে কৰে॥
তাই কিয় গালি পাৰি যায়?মোৰ পদুলিত চন্দ্ৰাই কিয় মুখ বজায়?দন্দুৰী নহওঁ ৰাধা,পাই মোক গোটেই “চিধা”,যি আহে মুখত কৈ কিয় ফক্ফকায়?পাৰে নিয়ক কৃষ্ণক মাতি,ৰাধাৰ গাত কিহৰ ঘাটি?খোচোনাত কানুক ৰাধাই লুকাই থোৱা নাইযাৰ বস্তু তাৰ ঘৰে;তাইৰ কিয় চকু পোৰে?সেইজনীৰ মুখত জানো লাজ-কাজ নাই!কিয় গালি পাৰি যায়?
অ মোৰ আপোনাৰ দেশ!অ মোৰ চিকুণি দেশ!এনেখন শুৱলা,এনেখন সুফলা,এনেখন মৰমৰ দেশ॥
অ মোৰ সুৰীয়া মাত!অসমৰ সুৱদি মাত!পৃথিৱীৰ কতোবিচাৰি জনমটোনোপোৱা কৰিলেওঁ পাত॥
অ মোৰ ওপজা ঠাই!অ মোৰ অসমী আই!চাই লওঁ তোমাৰমুখখনি এবাৰ,হেপাহ মোৰ পলোৱা নাই।
অ মোৰ আপোনাৰ দেশ।অ মোৰ সুকীয়া দেশ!
ৰা তা তা, ৰা তা তা,তা তা তা, ৰা তা তা,অ মোৰ মৰমৰ দেশ!
সখী কোনে নো বজায়?সন্ধিয়াৰ বায়ুত শুনাসেই সুৰ উটি যায়।সখী কোনে নো বজায়?যমুনাৰ কুলু গানআকুল কৰিছে প্ৰাণ।নূপুৰৰ ৰুণুজুনুশুনা তাতে মিলি যায়।ভোমোৰাৰ গোঁজৰ জানোবাঁহীৰ মাজে ওলাইছে।কুলিৰ পঞ্চম কু—উতাতে কিবা মিলিছে।
বন-মালাৰ গোন্ধ মধু;আকাশত হাঁহে বিধু;আদৰি বন্ধুক আনা,মিছাতে সময় যায়॥কোনে নো বজায়?
মাতৃশ্ৰাদ্ধ
বিশাল প্ৰকৃতি স্নেহ তিল তিল কৰিগোটাই ৰচিলে মাতৃ জনমদায়িনী।কৰুণ ৰসত আৰ্দ্ৰ হৃদয় তোমাৰ,মূৰ্ত্তিমতী সহিষ্ণুতা। জনম তোমাৰঅনন্ত কন্দলি বংশে আসাম-গৌৰৱ।কিহেৰে তৰ্পিম মাতঃ আজি শ্ৰাদ্ধ দিনে,নিঃকিন সন্তান মই? চকুৰ লোৱেৰেধুৱাওঁ চৰণ আই আশীৰ্ব্বাদ দিয়া।
ফুলিল মালতী, ফুলি সৰি পৰি গল।বিলোৱা সৌৰভ মাত্ৰ জগতত ৰʼল॥ভাগি গল বীণখনি, ছিগি গল তাঁৰ।ৰই গল অৱশেষ অমিয়া জোকাৰ॥পঞ্চত্বত লীন হল তৰুণী সুন্দৰী।মধুৰ হাঁহিটি মাথো থাকি গল পৰি॥মাৰ গল দ্বিতীয়াৰ জোনৰ জীৱন!থাকি গল মধুৰতা কিৰিশ কিৰণ।সন্ধিয়াৰ ধীৰ বায়ু ধীৰে গʼল বলি।মৃদুল হিল্লোল ৰʼল হৃদয় আকুলি?আকাঙ্ক্ষাৰ অধীৰতা, উদ্বেগ হিয়াৰ,বাসনাৰ অতৃপ্ততা, আশাৰ নিকাৰ,লাহে লাহে আতঁৰিল, ৰ’ল প্ৰতিধ্বনি।সুৱাগ সমল গʼল, থাকিল বিননি,ধন গল, জন গল গল কায়ক্লেশ।সুখ্যাতি অখ্যাতি ৰʼল, আত্মা অৱশেষ॥
চালনীয়ে বোলে বেজী ভাই তুমি কিয় ফুটা?নহয় নে বাৰু হাঁহি উঠা?হাঁহি হাঁহি আহি হুঠা।নহয় নে বাৰু হাঁহি উঠা॥
তিনি-কুৰীয়াই আনে বিয়াই বাৰ-বছৰীয়া;পকা দাড়ি-চুলি কাঢ়ি কৰে নাইকিয়া;সেলেঙি লগাই ডেকালি কৰে ওঠ ৰঙা কৰি;নাতিনী-জুৰীয়া ঘৈণীক মাতে বুলি প্ৰাণেশ্বৰী।নহয় নে বাৰু হাঁহি উঠা?
গোফ-ঠুটিৱা ডেকা লৰাই প্ৰেম-কবিতা লেখি,ভব্য-গব্য কবি হলো ভাবি থকা দেখি,কাৰ নো বাৰু হাঁহি নুঠে, কাৰ নো নুঠে খং,“পদ্যপাঠ” পঢ়োতাৰ দেখি এনে ঢং?নহয় নে বাৰু হাঁহি উঠা?
ইন্তাহানত ফেল মাৰি মাথা-মুণ্ড লেখি,কৃটিক হৈ বৰক গালি ছপাই উলিৱা দেখি,কাৰ নো নুঠে মূৰৰ বিষ, কাৰ নো নাহে হাঁহি,খজুৱতি তোলা এনে দেখি বালিচাহী?নহয় নে বাৰু হাঁহি উঠা?
মোৰ নামটো ভোটা-তৰা, মোৰ যহটো ৰৌ;মোৰ গুণৰ কীৰ্ত্তন কৰ, শুনিছ নে ঔ!নহলে দিম গালি পাৰি, পিছত মাৰিম খোচ।উভতি ধৰিলে যদিও ভয়ত খাম কোচমোচ॥নহয় নে বাৰু হাঁহি উঠা?
আগৰ তৰপ ডাঙৰীয়াক ভেমৰ বাবে হাঁহো;কিন্তু মই ডাঙৰ হৈ তাৰো ওপৰত বহোঁ।এফ-এ ফেল, “বিয়ে পাছ” বিদ্যাৰ টোপোলা।নৈতিক বলত বাঁহৰ চুঙা গোটেই ফোপোলা॥নহয় নে বাৰু হাঁহি উঠা?
এচিকটা ক্ষমতাতে ঢোল-ওফন্দা দিওঁ;“দেউতা ঈশ্বৰ” নুবুলিলে হওঁ উতলা ঘিউ;আগৰ বৰৰ দুখীয়া পালে পোটক তোলো মই;অসমীয়া নতুন হাকিম মোকে বুলি কয়॥নহয় নে বাৰু হাঁহি উঠা?
দেশোদ্ধাৰৰ এক নম্বৰ, পেট্ৰিয়ট পকা;ভাষা-নাৱৰ গুৰি-বঠা গদ্য পদত চোকা।কলিকতাত ৰিফৰ্ম্মৰ, অসামত বেঁকা;গা নুধুই চাহ নাখাওঁ, নাখাওঁ বৈনাইৰ হোকা॥নহয় নে বাৰু হাঁহি উঠা?
সাজ লাগিলে শুকান ওঠ ফটিকাৰে তিতে,পুৱা হলে সন্ধ্যা পূজাৰ ভোট্ভোটনি নিতে;ৰাজহুৱা, পূজাত ওজা, ঘৈণীৰ ওপৰত ৰজা;হিংসাত সিজা মনটো যেন তেলত বেঙেনা ভজা॥নহয় নে বাৰু হাঁহি উঠা?হাঁহি হাঁহি আঁহি হুঠা,নহয় নে বাৰু হাঁহি উঠা?
(সুৰ—“দেউতাৰ পদুলিত, গোন্ধাইছে মধুৰী, কেতেকীমলেমলায়, ঐ গোবিন্দাই ৰাম। )টকা, পেঁপা, ঢোল গীতৰ উঠে ৰোল,নাচে ডাঙৰীয়া বিহু। (ঐ বিহুৱা কাই!)নতুনে বছৰটিক, নতুনে কন্যাটীকআদৰে যেনেকৈ শাহু॥ (ঐ বিহুৱা কাই! )কুঁহি পাত মেলি গছে আদৰিলে,আমৰ মল, কুলিৰে মিলি। {ঐ বিহুৱা কাই। )
সৰগৰ বসন্ত, আহাঁ হে আহাঁ হেআমাৰ পৃথিবীলৈ, বুলি॥ (ঐ বিহুৱা কাই!)শৰতক জোনে, হেমন্তক ধানে,বাৰিষাক মৰাইয়ে যেনে,আদৰি কেনেকৈ নতুনে বছৰটীকবিহু ডাঙৰীয়াই আনে॥লৰাই জুনকা, লুৰীয়ে ভুৰুকা,বোৱাৰী খুন্দিছে চিৰা।গামোছা, কাপোৰ, পিঠাৰ নাই ওৰ,ঘৈণীয়ে পাৰিছে পীৰা।মা হালধীৰে গৰু গাই ধুৱালে,তৰাৰ ন পঘাৰে বান্ধে।আম কঠালত ন ফল আশাৰেধান-খেৰৰ জৰীৰে ছান্দে॥মছে সাৰে ঘৰ, পদূলি চোতাল,বেথায়ে কণী যুঁজায়।মহৰ যুঁজ এখন, গয়ায়ে পাতিলে,খুন্দাত ভূঁইয়ে লৰি যায়॥চাৰি ডেকা বহি পঁচি খেলে কৰে,চাৰিকো চাৰিয়ে চৰে।দহ, পঁচি, মাৰি, গুঠি লই কড়ি,ঢালতে চাপৰি মাৰে॥ককাইক ভনীয়েকে ন কাপোৰ পিন্ধালে,সেৱাত পায় “কুশলে হোক”।
দূৰণিতে থকা পুতেকক সুৱঁৰিমাকে কৰিলে শোক॥গধূলি গৰু গাই ঘৰ চাপি আহিলে,কোবে খাই মাখিয়তীৰে।বোৱাৰী, জীয়ৰী, লৰাৰ হাঁহিৰেভৰিল ঘৰ খিকিন্দালিৰে।টক্ টক্ টক্ টকাই, পোঁ পোঁ পোঁ পেঁপাই,ধুম ধুম ধুম ঢোলেৰে মিলে।খম্ খম্ খম্ তালেৰে, চট্ চট্ চট্ হাতেৰে,“বিহু খা, বিহু খা" বোলে॥ (ঐ বিহুৱা কাই!)
বৃন্দা —“বৃন্দাবনতে কোনে বাঁহী বায়, এ হে,আমি শুনি গলো ধ্বনি হে,নাকে বাঁহী বায়, আঙ্গুলি বুলাই, এ হে,ৰাধা ৰাধা বোলে বাণী হে। ”
বিশাখা—বৃন্দাবনতে, কদমৰ তলতে, এ হে,যমুনাৰ পাৰতে হয় নি, হে?গধূলি পৰতে, মলয়া বওঁতে, এ হে,ৰাধাই আনোতে পানী হে,ময়ো শুনিছিলো, কোন নুবুজিলো, এ হে,লুকাই কোনে কৰে হে।ধৰিব পাৰিলে, বান্ধিম এই ৰিহাৰে, এ হে,দিম ৰাধিকাৰ কৰে হে,॥
ললিতা— কালিন্দী তীৰতে, বনৰে মাজতে, এ হে,নূপুৰে ধৰিছে তাল, এ হে।সুৰীয়া, বজায়, মন উচটাই এ হে,ৰাধাৰ ওলাল কৰ কাল, এ হে।
ময়ো নিতৌ শুনো, দিনৌ মনে গুণো, এ হে,কেনেকৈ পেলাম তাক ফান্দত, হে,দীঘলকৈ ৰাখিছোঁ, সেইহে এই চুলিটাৰ, এ হেককালত মেৰাম তাৰ পাকত, হে।টানি আনি চোৰ, দিয়াম শাস্তি ঘোৰ, এ হে,আমাৰ ৰাধাৰাণীক দিয়ে হে।নূপুৰ গুৰি কৰি, বাঁহী নিমে কাঢ়ি, এ হে,যদি হওঁ গুৱালৰ জীয়ে হে॥
(ৰাধাৰ প্ৰবেশ)
ৰাধা— শুনিছোঁ সখীহঁত, শুনিছোঁ বাইহঁত, এ হে,নকবা নিদাৰুণ কথা হে।নেলাগে ধৰিব, নেলাগে বান্ধিব, এ হে,মোৰ জীৱই পাব ৰে ব্যথা হে॥বৃন্দাবনতে, কদমৰ তলতে, এ হে,যিজনে বজাইছে বাঁহী হে।দেহ-লাও তেওঁ মোৰ, তেওঁ মোৰ মন-চোৰ, এ হে,কাবৌকৈ মাতি আনাহি, হে॥
ব্ৰহ্মাণ্ডৰ সত্ত্ব যিটো পৰিছে নিজৰি;গিৰি বন গছ লতা সচেতন কৰি;অমৃত হাঁহিৰ ৰং ফুলত ফুলায়;যি শকতি প্ৰভাৱত মন্দাকিনী যায়;অণু পৰমাণু মিলে আকৰ্ষি অন্তৰ;পৃথক আতমা মিলি হয় একেশ্বৰ;ব্যৱধান ক্ষয় হয়, ওচৰে আঁতৰ;অব্যক্ত বেকত হয়; গুচে আত্ম পৰ;সৰ্ব্বাঙ্গে সৰ্বাঙ্গ লয়; জীৱনে জীৱন;আনন্দে আনন্দ, মহানন্দৰ স্ৰজন;সংজ্ঞাৰ অতীত শক্তি, বিশ্বব্যাপী কায়;ক্ষণিক সম্ভোগে যাৰ দেৱত্ব মিলায়;মৰু বুৰে, শিল পমে, বিন্দুৰ পৰশে;প্ৰেম আখ্যা মহাশক্তি জগৎ প্ৰকাশে।
অতৃপ্তিত অশান্তিৰ ঘৰ;অশান্তিয়ে অসুখ বিলায়।অসুখত বিচাটৰ ৰাশি;জীৱনৰ সোঁত বৈ যায়।সংসাৰত তৃপিতিৰ আশা,মৃগতৃষ্ণা মৰীচিকা প্ৰায়,বিচাৰি বিশ্ৰান্ত; কতো নাই;শান্তিধাম মাত্ৰ শান্তিৰ ঠাই॥ইৰ্ষা দ্বেষ মেঘৰ ওন্দোলেমনাকাশ এন্ধাৰি পেলালে।মোহ-তম বিষম অজ্ঞানেতত্ত্বজ্ঞান-সূৰুয ঢাকিলে।ক্ষন্তেকীয়া মেঘৰ আন্ধাৰ;যুগমীয়া তত্ত্বজ্ঞান-ৰবি।যুগমীয়া এৰি ক্ষন্তেকীয়া!মণি এৰি কাঁচ কি কৰিবি?
কচ—নমস্কাৰ দেৱযানী!
দেৱযানী—নমস্কাৰ কচ!
কচ— আহিলো তোমাক আজি লবলৈ বিদায়।অতি মন দুখে আকুল কৰিছে প্ৰাণ।লাগিছিল নিজ ঘৰ যেন এই ঘৰ;পিতৃ বৃহস্পতি যেন গুৰুদেৱ মোৰ;গুৰু-কন্যা যেন মোৰ আপোন ভগিনী।চেনেহ-দোলেৰে বান্ধি ৰাখিৰিলা মোক।ইজন্মত শুজিব নোৱাৰোঁ এই ধাৰ।তোমাৰ মনত মাত্ৰ সততে জাগ্ৰতমঙ্গল কামনা মোৰ। হেৰা সুবদনি!বাৰে বাৰে ব্যৰ্থ কৰি দানৱৰ চেষ্টা।ৰাখিলা জীৱন মোৰ। পালো প্ৰাণ মইকৃপাত তোমাৰ। এৰি ইহেন আশ্ৰম,ত্যজি আশ্ৰম-ঈশ্বৰী এনে, যাওঁ কোন সতে?ইঠাইৰ প্ৰতিগাছি তৃণে বান্ধিছে হৃদয়মোৰ। প্ৰতি কুশাঙ্কুৰে স্নেহ বিজড়িতদেখোঁ, সদ্য অঙ্কুৰিত। চিৰানন্দ বায়ুৱেবিলায়। পুষ্পিত বিৰিখ লতাবোৰে
মূৰ্তি ধৰি কৰে সাম গান। যজ্ঞ ধুমসৰগ সোপান। কৰুণা সৌন্দৰ্য্যে ধৰিপোৱালি হৰিণাৰূপ জুৰাই পৰাণ।কিন্তু, কিন্তু, কৰ্তব্যৰ কঠোৰ শাসনএৰোৱা দুষ্কৰ। এৰি জনক জননীআছো বহুকাল; জ্ঞাতি বন্ধু শোকতআকুল; আশা পালি আছে,-অধ্যয়নকৰি সমাপন কচ উভতিব ঘৰ।কৰ্তব্যৰ অধীন সন্তানে সম্পাদিকৰ্ত্তব্য, আজি যাব থোজে সেইদেখিঘৰ; আশীৰ্ব্বাদি গুৰুদেৱে কৰি বিদ্যাদান, শিষ্যক মেলানি দিলে। তোমাৰকাষত লভিলে মেলানি সুলোচনি,যাব পাৰে আজি কচ ত্ৰিদশ আলয়।
দেৱযানী—আছে এটি নিবেদন মোৰ, তোমাৰকাষত,-অঙ্গিৰাৰ পৌত্ৰ তুমি,ফুল শীল বিদ্যাৰে মণ্ডিত; সম দমতপস্যাৰে অলঙ্কৃত ৰপূ। মহৰ্ষিঅঙ্গিৰা, মোৰ পিতৃৰ পুজিত। জনকতোমাৰ বৃহস্পতি পূজিত সিমতেমোৰ। কৃতবিদ্য লভি বিদ্যা তুমি; পুতব্ৰহ্মজ্ঞানে কলেবৰ। আছে মোৰ অতিক্ষুদ্ৰ এটি নিবেদন, শুনা সৌম্য শুনা
সাৱধানে;—যি দিনা আহিলা তুমি আশ্ৰমেআমাৰ, স্বচ্ছ মন শুভ্ৰ কান্তি তাপসনন্দন, মোৰো মন হল অনুৰূপ!মণিৰ সংযোগে কাঁচে ধৰে মণিৰূপ।অলক্ষিতে আচম্বিতে আন্দোলিল মনঅনুৰাগ অকস্মাৎ হল অঙ্কুৰিত।সেই দিন ধৰি, প্ৰতি পল অনুপলেবঢ়াই শকতি তাৰ কৰিলে বিশাল।হৃদাকাশ জুৰি বনস্পতি প্ৰসাৰিছে।প্ৰণয়-পল্লব মোৰ। হে সোভন! সৌম্য!গলে তুমি ফল ফুল আহৰণ মনে,পূজাৰ কাৰণে মোৰ, প্ৰতি-আগমনমই থাকোঁ বাটচাই। গোধন চৰাইতুমি আহোঁতে পলম হলে, দেখোঁ দিনতেএন্ধাৰ; ভাবোঁ, কিবা আথান্তৰ মিলিলকচৰ। বাৰে বাৰে দুৰন্ত অসুৰেনাশিলে তোমাক; এৰি ৰমণীসুলভলাজ, সলোতক নেত্ৰে ধৰি পিতৃৰচৰণ, মাগি পাওঁ পুনু, হেৰুৱা-ৰতনমোৰ অঞ্চলৰ নিধি, হে তাপস-মণিযজ্ঞ সমাপন অৰ্থে আহৰা সমিধকাঠ; বিক্ষত কণ্টকে দেহ দেখি, মছিঅশ্ৰুজল সেবি কৰো নিৰুজ তোমাক
কুশাঙ্কুৰে বিন্ধিলে চৰণ, পানীৰেপথালি পাৱ, প্ৰদানি প্ৰলেপ, ক্ষতকৰোঁ নিৰাময়; তেহে সুস্থ হয় মোৰমন। কি সকাম, সেই কথা এতিয়াবখানি? জানা সকলোকে তুমি। লাজেবান্ধি ৰাখিছিল মুখ, সি কাৰণে আছিলোঁনিমাত। কিন্তু দেখোঁ হয় সৰ্ব্বনাশ।হেৰায় বুকুৰ বিত, সাঁচতীয়া ধন!সিকাৰণে, প্ৰিয়তম! প্ৰাণপ্ৰিয়! আজিপৰিত্যাগি সংকোচ সংযম , প্ৰাৰ্থিছোঁতোমাক,—কৰি মন্ত্ৰ উচ্চাৰণ বেদৰবিধানে কৰোঁ মোক পৰিণয়, তাপস-ৰতন।কচ। — নাপায় এনুৱা কথা কব মোক শুভে!গুৰু শুক্ৰাচাৰ্য্য মান্য পূজনীয় মোৰ;গুৰু-কন্যা পূজনীয়া মোৰ সেইদৰে।ভগৱান ভাৰ্গৱৰ প্ৰাণাধিকা কন্যাতুমি, গুৰুপুত্ৰী ভগিনী সদৃশ মোৰ।নহয় যুগুত কৰা ইহেন প্ৰস্তাৱ।দিয়াঁ ভদ্ৰে। হৰ্ষমনে বিদায় ভ্ৰাতৃক,যাওঁ নিজ ঘৰ; শোকাভুৰ জনক জননী।দেখিলোঁ সপোন,—শোকাকুল পুত্ৰৰবিৰহে, দুখুনী জননী মোৰ!
দেৱযানী—শুনা কচ! শুনা তপোধন! ভ্ৰাতৃ-স্থাননহয় তোমাৰ। সন্তান নোহোৱা তুমিজনকৰ মোৰ। পিতৃৰ গুৰুৰ পৌত্ৰতুমি; সি হেতু মাথোন পূজনীয় তুমিমোৰ। কৰিছিল প্ৰথমতে তোমাকযিবাৰ অসুৰে বিনাশ, পিতৃৰ কাষতসকৰুণে মাগি ভিক্ষা জীয়ালোঁ তোমাক।সেই দিন ধৰি অনুৰক্তা দেৱযানীতোমাৰেহে কচ! নৃত্য গীতে কৰিবিনোদন, সেবি মই অনেক প্ৰকাৰে,সাধিলোঁ তোমাৰ প্ৰীতি; তোমাৰ ধিয়ানবিনে কচ, নাই মোৰ আন একো কাম।ধৰ্ম্মজ্ঞানী তুমি কচ, জানা সকলোকে।এনে অনুৰক্তা মোক, জুৱায় নে হেকৰা পৰিহাৰ? নিকৰুণ বচনে তোমাৰ,দিছে দুখ মৃত্যুতো অধিক। অতএবহেৰা কচ, হেৰা প্ৰাণপ্ৰিয়, দেৱযানীঅভাগীক নেঠেলিব পাৱে! দাসী হৈসেবিম চৰণ, আচৰি একত্ৰে ধৰ্ম্ম,লম পদ সহধৰ্ম্মিণীৰ; সুখ দুখসুকৃতি দুষ্কৃতি যি তোমাৰ মিলিবভাগ্যত, ভাগ লৈ তাৰ, নিজক মানিমধন্য, সুৱাগিনী হম; তপস্যাত হৈ
তপস্বিনী, কৰিম সহায়; ব্ৰহ্মৰপুজাত, মিলাই ভকতি প্ৰেম তোমাৰেসইতে, বিলোপি পৃথক সত্বা, সাধিমঈশ্বৰ প্ৰীতি; ক্ষুদ্ৰ নদী ব্ৰহ্মপুত্ৰনদে, কৰি আত্মবিলোপন, বৈ যায়শীতলি সংসাৰ। সি কাৰণে হেৰা প্ৰিয়,হেৰ সুশোভন, নিৰপৰাধিনী মোককৰি পৰিহাৰ, নাযাবা নাযাবা কদা!বধে ছুব নিশ্চয় জানিবা!
কচ। - অনিযোজ্য বিষয়ত নকৰা নিয়োগমোক হে শুভব্ৰতে! গুৰুতো অধিকতুমি গুৰুতৰা মোৰ। নকৰিবা কোপ।সুপ্ৰসন্ন মনে, মেলানি প্ৰদান কৰাঁ।আছিলো অনেক কাল সুখত ইথানে।অনুমতি দিয়া যাওঁ ত্ৰিদশ আলয়ে।দেবি! আশীৰ্ব্বাদ দিয়া, বাটত বিঘিনিযেন নপৰশে মোক। কথা প্ৰসঙ্গতসুৱঁৰিবা দুখীয়া কচক, কৰোঁ আশা।গুৰু মোৰ জনক তোমৰ, কৰিবশুশ্ৰুষা; সাৱধানে পৰিচাৰ্য্যা কৰিসাধিবা পিতৃৰ তুষ্টি; ক্ৰটী নকৰিবা;বৃদ্ধ তেওঁ। যি পবিত্ৰ ঔৰষত জনমতোমাৰ, আছিলো সেই উদৰত মই।
ধৰ্ম্মতঃ সি হেতু, সমন্ধত দেৱযানীকচৰ ভগিনী। সেইবাবে সুনয়নী,অশোভন তেনে কথা নানিবা মুখত।
দেৱযানী—শুনা কচ! শুনা মোৰ স্বৰূপ বচন;—প্ৰত্যাখ্যান কৰি তুমি প্ৰাৰ্থক জনক,নকৰিলা ভাল। আশা ছেদ কৰি মোৰশালিলা অন্তৰ। বহুকাল পোহা মোৰপ্ৰণয় পখীটি মাৰিলা মুচৰি ডিঙি।ঢালিলা তপত তেল ক্ষত স্থানোপৰি।হাঁহি-মুখ অশোকৰ থুপিটিক ছিঙি,নিমৰমে গচকি পেলালা। নিৰমলঠুনুকা হৃদয়, এচাৰি শিলত ভাঙি,লভিলা সন্তোষ। বৈদুৰ্য্য বিদ্ৰুম তুল্যনাৰীৰ প্ৰণয়, অযতনি অৱহেলিঠেলিলা চৰণে। আৰু কোন ৰমণীৰ?শোধো, কোন ৰমণীৰ প্ৰেম? দেৱযানীশুক্ৰ নন্দিনীৰ, দেৱাসুৰ যক্ষ ৰক্ষেসন্মানে সদায় যাক; থাকোক আনৰকথা, ইন্দ্ৰো লালায়িত যাৰ কৃপা কণাআশে —জানা নে হে ব্ৰাহ্মণ সন্তান,ৰমণীৰ প্ৰেম, ৰমণীৰ জীৱন,সৰ্ব্বহ? নমৰ্পি এনুৱা প্ৰেম, পৰিছিলো
পদত তোমাৰ; অথলত মুক্তাফলযেনে! হায়! নাপালে তথাপি প্ৰেমঅভাগিনী নাৰী! কিনো বজ্ৰে বন্ধোৱাহৃদয়! আশা ছেদ বধৰ সমান।কৰি আশা ছেদ মোৰ, হবা নে হে সুখী?লভিবা নে শান্তি বিপ্ৰ, হৰি শান্তি মোৰ?নাৰী বধ পাপৰ কি পৰাচিত নাই?বোলোঁ, কোন সেই নাৰী?—দেৱযানী,অপৰাধ শূন্যা দেৱযানী, অনুগ্ৰহেযাৰ, তিনি বাৰ পালে প্ৰাণ অকৃতজ্ঞকচে। ভাবিছা নে হেৰা বিপ্ৰ, উপেক্ষিঅভাগী মোক থাকিবা সুখত? নোৱাৰা,নোৱাৰা, বোলোঁ নোৱাৰা নিশ্চিয়! ৰমণীৰপ্ৰেম, ক্ৰোধ, অটল দুৰ্ব্বাৰ। নাৰীৰপ্ৰণয়বাৰি সমূলি বুৰায়; ক্ৰোধৰঅগ্নিয়ে দহি, কৰে ভস্ম মূল পৰিমিতে। —
শুনা কচ, শুনা হেৰা ব্ৰাহ্মণ কুমাৰ!পবিত্ৰ জাহ্নবী জল, দুৰ্ব্বাক্ষত,তিল কুশ হাতে তুলি লৈ দেৱাযানীদিয়ে অভিশাপ; ⸺এতকাল কৰি তুমি কঠোৰ যতনযি বিদ্যা লভিলা, বিদ্যা মৃত্যুসঞ্জীৱনী,ফলৱতী নহব তোমাত, বুলিলো নিশ্চয়!
কি কৰিলা দেৱযানী! কৰিলা কি কাম!!কিয় অকাৰণে এনে দিলা অভিশাপ?প্ৰত্যাখ্যান কৰিলো তোমাক, ভাবি দোষআশঙ্কা নহয়; গুৰুপুত্ৰী বুলিহেমাথোন। তদুপৰি অনুমতি নাছিলগুৰুৰ। আৰ্য্যধৰ্ম্ম উপদেশ দিছিলে।তোমাক। তথাপি শাপিলা তুমি নকৰিবিচাৰ। উপযুক্ত নহওঁ শাপৰ। ধৰ্ম্মতঃনহয় শাপ, কামতঃ হে দিয়া। সেইদেখিদিওঁ মই প্ৰতিশাপ শুনা,—তোমাৰমনত যিটো আছে অভিলাষ, নিশ্চয়নিষ্ফল হব সি। কোনো ঋষিকুমাৰেতোমাক নিশ্চয় বিবাহ নকৰিব।“নিষ্ফল অধীত বিদ্যা” যিটো দিলা শাপ,মানি ললো তাক। কিন্তু এটি কথা ৰলতাত,—শিকাম সি বিদ্যা যাক মই, সিদ্ধিহব তাৰ।
( কচৰ প্ৰস্থান।)
( আৰ-কাপোৰ )
সকলোৱে মিলি—৷
চোৱাঁ হে, চোৱাঁ হে, চোৱাঁ আজি হেৰাকিনো বিনন্দীয়া বন!কুঁহি পাত লৰাই নাচিছে শিৰীষে,নাচিছে ময়ূৰী কদম্ব বিৰিখে,চম্পক খদিৰ, নাচে কৰবীৰ,নাচিছে হৰিণীগণ॥
আহাঁ আহাঁ সখী মাধবীলতা,দুয়ো মিলি কওঁ মনৰ কথা;মৰুৱা, মালতী, মধাই, জুই, যুতি,আহাঁ হৃদয়ৰ ধন!
ইবনত বহি গাওঁ আমি গীত,বিভোৰ সুখত জুৰাওঁ আহাঁ চিত,
মলয়া সুমন্দ, কেতেকী সুগন্ধ,গোৱাঁ কুলি বিমোহন!
দেৱযানী। আহা কি মধুৰ উপবন! প্ৰাণ মনকৰিছে শীতল। লহু লহু মলয়াৰবতাহ বলিছে বসন্তৰ বাতৰি বৰ্ণাই।ৰঙা বৰণীয়া পাত মৃদুল কোমললৰাই বিৰিখবোৰে নাচিছে ৰঙত!কৃষ্ণচুড়া ৰঙা ফুল মণ্ডিত মস্তকেপ্ৰকাশিছে আনন্দ উচ্ছাস, ফুল-ভৰাঅশোক কিংশুকে কৰিছে দীপিতি,যেন হাঁহি-ভৰা দেৱাঙ্গনা মুখ। শ্যামবৰণীয়া নৱ দুৰ্ব্বাদলে শোভে, সজলজলদ প্ৰায়। চৈত্ৰৰথ সদৃশ কাননেধৰিছে অপূৰ্ব্ব শোভা। নিৰমল সুশীতলসৰোবৰ জল হৈছে সুগন্ধিত পৰিপদুমৰ ৰেণু। শুৱাইছে ৰাজহাঁহজাকে, গল্ পতা শাৰী যেন ৰমণীৰগল মৃদুল আন্দোলি। ডাউক ডাউকীশোভে, যেন দুটী তিল তোমাৰ গালত,হেৰা বৃষপৰ্ব্বাৰ নন্দিনী শৰ্ম্মিষ্ঠাসঙ্গিনী! জলৰ লহৰ যেন হাঁহিৰলহৰী, মদনিকা সখীৰ মুখত।স্ফটিক-নিৰ্ম্মল এনে শীতল জলতআহাঁ সখীহঁত স্নানি কৰোঁ জলকেলি!
সকলোৱে—সখী আহাঁ নামো পানীত,সাতুৰি গাওঁ আহাঁ গীত,সখী নামো পানীত!
আজি সুমধুৰ সাজে, বননিত ফুল ৰাজে,পানীত পদ্মিনী শোভে, হাঁহি প্ৰফুল্লিত।
আকাশত বেলি জ্বলিছে,দক্ষিণৰ বায়ু বলিছে,সৰালি জুৰীয়ে কেনে চৰি ফুৰিছে!
আহাঁ সখী ৰাংঢালী, খোজেপতি হালিজালি,শোলোকাই কাপোৰ আহাঁ নামাহি পানীত।
[ সকলোৱে সৰোবৰ পাৰত কাপোৰ সোলোকাইথৈ, পানীত নামি গা ধোৱে আৰু ধেমালি কৰে। ]
মদনিকা—সখীহঁত, মিলিল মস্কিল। চোৱাঁ হেৰা,ধুমুহা বতাহ যেন এচাটি বতাহেমিহলালে আমাৰ কাপোৰ! আৰুশুনা দূৰত শবদ, আহিছে কোনোবাযেন লৰি এই ফালে! উঠা লৰালৰি
কৰি, পিন্ধি বস্তু হওঁ সমাহিত। বিবস্ত্ৰশৰীৰ ঢাকি, কৰোঁ ঝাণ্টে লজ্জা নিবাৰণ![সকলোৱে লৰালৰিকৈ পানীৰ পৰা উঠি, যেয়ে,আগতে যাৰ কাপোৰকে পালে, বাছিলবলৈ সময় নাপাই তাকে পিন্ধিলে। শৰ্ম্মিষ্ঠাইনাজানি দেৱযানিৰ কাপোৰ পিন্ধিলে। ]
দেৱযানী—হঁয়েৰা শৰ্ম্মিষ্ঠা, বৃষপৰ্ব্বাৰ জীয়াৰী!কোনটো সাহেৰে তই পিন্ধিলি কাপোৰমোৰ? শুক্ৰচাৰ্য্য কন্যা মই। তোৰ মইগুৰুৰ নন্দিনী; শিষ্যা তই মোৰ। নকৰিসঙ্কোচ, পিন্ধিলি বসন মোৰ?—অসুৰৰ জীয়ৰীৰ স্পৰ্দ্ধা দেখি মইমানো আচৰিত! যেন দেৱযানী সমনীয়াতাইৰ! ফুৰোঁ একেলগে দেখি তইপাহৰিলি হব নিজা ঠাই? আশৈ পাইজাঁপ দিলি দেখোঁ গললৈকে মোৰ?—নাই দেখা, নাই শুনা এনে অত্যাচাৰ,অগোচৰ সপোনৰ মোৰ।জান নে কি হঁয়, এই অত্যাচাৰৰ ফলত,শ্ৰেয়োলাভ কদাপি নহয় তোৰ?—
শৰ্ম্মিষ্ঠা— কিহৰ বাবত তুমি কৰিছা ইমানখং হেৰা দেৱযানী? ভীমটোকা ভয় লগাগপ, দেখুৱাইছা কিহৰ নিমিত্তে?
চাবা যেন, এনে গেলা গপৰ কাৰণেনিছিগে তোমাৰ মূৰ।মিহলালে বতাহে কাপোৰ। লৰালৰিকৰি উঠি পিন্ধিলোঁ কাপোৰ, যেয়ে যাৰপালোঁ, আহিছে কোনোবা ভাবি। নাছিলসময়, নিজ বস্ত্ৰ বাছি যাতে কৰোঁপৰিধান। নাভাবি নুবুজি কিয় উঠিছাউতলি, ডাক-জুইত ঘিউ পৰা দৰে?পাহৰি সংযম তুমি, তয়াঁ-হয়াঁশৰ্ম্মিষ্ঠাক কৰা কি কাৰণে? জানা নে হেভিকহুৰ জীয়াৰী, কাৰ কন্যা শৰ্ম্মিষ্ঠাএইজনী? দিনে ৰাতি পিতাৰে তোমাৰস্তুতি কৰে যাক, কৰি আশা এমুঠিঅন্নৰ, তাৰ কন্যা মই। যি বস্ত্ৰৰঅৰ্থে আজি জোকাৰিছা মুখ, সেই বস্ত্ৰলভিবৰ আশে, পিতাৰে তোমাৰ, স্তৱকৰি থাকি যাক কটায় জীৱন, সেইশ্ৰেষ্ঠ অসুৰ ৰজাৰ আদৰৰ কন্যামই। পিতা মোৰ উপবিষ্ট, অথবাশয়ন কৰি থাকে যেবে, তোমাৰ পিতাৰেবহি নিৰাসনে, স্তুতি পাঠকৰ দৰেবিনম্ৰ ভাৱেৰে কৰে স্তৱ যাক, দুহিতাতেওঁৰ মই। যাচ্ ঞা কিম্বা প্ৰতিগ্ৰহ
প্ৰশংসাক কৰি, কৰে যি জীবিকা নিৰ্ব্বাহ,তাৰ কন্যা তুমি। সকলোৱে আৰাধনাকৰি দিন ৰাতি, সেবি থাকে যাক, তাৰকন্যা মই। দানি, প্ৰাৰ্থনাৰ অধিকঅৰ্থক, প্ৰাৰ্থকৰ পূৰে মনকামসততে যিজনে, তাৰ কন্যা শৰ্ম্মিষ্ঠানিশ্চয়! টোকোনা বিপ্ৰৰ পুত্ৰী হেৰাদেৱযানী, যিমানতে দ্বেষ কৰা মোক,ক্ষোভ কৰি দিয়া অভিশাপ, নিশ্চয়জানিবা তুমি, দেৱযানী শৰ্ম্মিষ্ঠাৰনহয় সমান। ৰাজকন্যা মই।⸺
দেৱযানী—কি কলি দানবী? কি কলি অসুৰ কন্যাতই? সৰু মুখত দেখোঁ বৰ কথা? বুলিছ নেসঁচাই দানবী, দেৱযানী নহয় সমানতোৰ? ইমান পালিহি দেখোঁ বাঢ়িলাহে লাহে? দেৱযানী স্তাৱক-দুহিতা?যাৰ পদ-ধুলি লৈ পৱিত্ৰ বাপেৰ,তোৰ সপ্তম পুৰুষ, এনে শুক্ৰচাৰ্য্যপিতা যাচক প্ৰাৰ্থক? পৰ-অন্ন-ভোজী?অসুৰ কুশৰ গুৰু ভাৰ্গৱ মহান্পৰ অনুগ্ৰহে কৰে জীৱন ধাৰণ?পৰ পদ সেবি কৰে অন্নৰ সংস্থান?ভিক্ষাবৃত্তি আচৰণ কৰি, পিন্ধে কটিত
বসন?⸺অপবিত্ৰ অসুৰৰ তেজ, নীচ মননীচৰ স্বভাৱে গঁথা আছে অস্থি মজ্জাতোৰ; উচ্চ সঙ্গ উচ্চ সংঘৰ্ষণে নগলকদাপি। ঘৃণনীয় দানবী পাপিনী!কিবা লাভ সম্ভাষণি তোক?—নাচাবি পোন্দাই চকু’ মোক, অসুৰৰজীয়ৰী! ঘুকি দিম চকু তোৰ নিশ্চয়জানিবি! দে মোৰ কাপোৰ দুষ্টাহতচিৰীহঁতী!
শৰ্মিষ্ঠা—কিয় টান বস্তু মোৰ হঁয়? এৰি দেএতিয়াই কাপোৰ! বলেৰে পাৰিবিবুলি ভাবিছ হবলা? আৰৈ চাউলচোবোৱাৰ জীয়ৰী? বুজি নাই পোৱা তই,শৰ্ম্মিষ্ঠাৰ খঙৰ প্ৰতাপ? এঠেলাতেপেলাম নাদত তোক, জানিছ নে তই?[ শৰ্ম্মিষ্ঠাই ঠেলা মাৰি দেৱযানীক পাট নাদএটাত পেলাই দি, সখীয়েকহঁতেৰে সৈতে গুচি যায়]
বিদূষক,—হেৰা ৰজা! হেৰা সমনীয়া! মহাৰাজ!সৰ্গদেও মোৰ! ৰবাঁ ৰবাঁ, লাহে লাহেযোৱাঁ। ফিৰিঙতি ভগাদৰে ভাগিছা নোকিয়? চুৰ কৰি সৰ্ব্বহ যেন কাৰ,ছিঙি তৰা-নৰা, ভিৰাই ধৰিছা লৰ!যেন মই চোৰৰ পিছত, দিছোঁ খেদাধৰিবৰ মনে! নধৰোঁ নধৰোঁ হেৰা,লাহে লাহে যোৱাঁ। বতুৱা তোমাৰ ঘোৰা;উচ্চৈশ্ৰৱা মোৰ, অপমান গুণি, নাযায়শাৰীত তাৰ। ঘোৰাৰো দেহত মানঅপমান জ্ঞান আছে, জানা বিদ্যমান।ৰোৱাঁ মহাৰাজ ৰোৱাঁ! কৰি অনাথিতিমোক হাবিৰ মাজত, পলালে ৰাজন্নিশ্চয় পৰ্শিব পাপে। ⸻ ⸻নোৰোৱাঁ?—বেছ কথা, ৰল পৰি বামুণইয়াত! ব্ৰহ্মবধ লাগক তোমাত।
যযাতি— কি হেঁ তুমি কেনুৱা বামুণ? পিয়াহত।অন্তে-কণ্ঠে শুকাইছে মোৰ৷ ভাগৰতহাৰাশাস্তি মই। জল অম্বেষণ অৰ্থেলৰিছোঁ সত্বৰ; পানী খাই তৃষ্ণা কৰোঁদূৰ। আপদ বামুণ! কিয় চিঞৰি পিছতকৰিছা আমনি? ফেৰু যেন বাঘৰ পিছত।ঘোৰাশাল মোৰ কৰিছে শুৱনি, হাজাৰহাজাৰ ঘোৰা; নুঠি নানি তাৰপৰাভাল ঘোৰা এটা, বহুৱা বামুণে আনিছেবতুৱা এটা! ধুমকেতুৰ নেজৰ নিচিনালাগিছে পিছত মোৰ!
বিদূষক— থাকাঁ থাকাঁ নামাৰিবা গপ! ঘোৰাশালনুবুলিবা তাক। গৰ্দ্দভৰ শাল সিটোনোহে ঘোৰাশাল। উচ্চেশ্ৰবা বাজী মোৰইন্দ্ৰৰো বাঞ্চিত। ত্যজি এনে অশ্ববৰ,অধিৰোহি গাধত তোমাৰ, ভদ্ৰলোকহৈ লাগিছিল আহিব হবলা? গাধউদণ্ডই উজুটিক খাই, পেলাই বধকমোক; দুখুনী বামুণী মোৰ, খাই ৱাৰী ভাত,কটাওক জীৱন; তেহে সুখ লাগিবতোমাৰ? নুশুনো তোমাৰ কথা উতনুৱাৰজা। মনে মনে থাকা--
যযাতি— হৈছে! হৈছে! বুজিছোঁ সোপাকে! সামৰা
বকলাখন। পিয়াহত ৰাইজাই গা।বহুৱালি লাগে নে কি ভাল, এনে।সময়ত?—ৰবা! কূপৰ নিচিনা এটা দেখিছোদূৰত। যাওঁ, চাওঁ, পাব পাৰোঁ পানী।
বাঃ! অগণিৰ শিখৰ সদৃশ কিজ্বলিছে সেইটী৷ ⸺দেৱকন্যা? অপ্সৰী কিন্নৰী কিবা কৰেজলকেলি? অন্ধকাৰ কূপৰ মাজত।সোণৰ পদুম পাহি! অপৰূপ জ্যোতি!⸺আহা কৰিছে ক্ৰন্দন!খনিৰ তিমিৰ গৰ্ভে হীৰা এডুখৰিকিহেতু নিবসে? সৰগ-শুৱনী কন্যাদেবৰ নন্দিনী, পৰিছে ভূতলে কিবাতৰাৰ নিচিনা? কোন তুমি অপ্সৰীললনা, পৰি এই মহা অন্ধকূপে,কৰিছা বিলাপ বালা? স্ব ইচ্ছাত আছাকিবা পৰি? নতু জানো কিবা ক্ৰোধবশে?দুষ্কৰ্ম্মৰ বশবৰ্ত্তী জনে, কৰিলে ইকামকিবা? কোৱা শীঘ্নে গুচোক সন্তাপ।ৰজা মই, নহুষ নন্দন। —
দেৱযানী— শুনা মহাৰাজ, মই দিওঁ পৰিচয়।নিবেদন কৰোঁ মোৰ দুখৰ কাহিনী।—
দেৱাসুৰ ৰণত যেতিয়া, অসুৰ নিহতহয়, সঞ্জীৱনী বিদ্যা বলেৰে প্ৰদানেযি জনে প্ৰাণ হত অসুৰক, সিজনৰকন্যা মই; পিতৃ শুক্ৰ মহৰ্ষি প্ৰখ্যাত,ব্ৰহ্মজ্ঞান পুত হৃদি। তপোবন মাজেবৰ্দ্ধিতা তনয়া মই, দেৱযানী নাম।নাজানে পিতাই, আজি বনৰ মাজতঘটিছে ইদশা মোৰ। মহাৰাজ!মহাবংশ প্ৰসূত আপুনি, অসামান্যযশৰ ঈশ্বৰ, শান্ত শিষ্ট প্ৰকৃতিৰেবিমণ্ডিত বপু। ধৰি মোৰ দক্ষিণহস্তত, অন্ধকুপহন্তে উদ্ধাৰাঁ সত্বৰেমোক।—[যযাতিয়ে দেৱযানীক বাহ্মণ কন্যা জানিতেওঁৰ সোঁ হাতত ধৰি তোলে ]ধন্য হওক মহাৰাজ! দেৱযানীহিয়া-ভৰা দিয়ে কৃতজ্ঞতা। —
যযাতি— কৰ্ত্তব্য কৰিলো মই; ধন্যবাদ নোহোঁঅধিকাৰী। বিদায় প্ৰাৰ্থক মাত্ৰ তোমাৰকাষত, সুবদনি ভাৰ্গৱ নন্দিনি।যাওঁ মই আপোন আলয়৷—
বিদূষক— বোলো, কি হেঁ মহাৰাজ! কলৈ পলাইগল পানীৰ পিয়াহ? নেদেখিলো মইদেখোঁ, তুমি পিয়া পানী? আহোঁতে তোমাৰদেখি ঘোৰাৰ চেকুৰ, ভাবিছিলো বোলোআজি কৰিবা গণ্ডুষ, সাতো সাগৰৰপানী অগস্ত্যৰ দৰে। কিন্তু, সৰু ককালেৰেসেই বামুণী ছোৱালী হৰিলে পিয়াহদেখো? হৰে যেনে চাকিয়ে এন্ধাৰ।চকুৰে হে পিলা নে কি পানী? কি ব্যাপাৰ?কি ৰহস্য? কোৱা বন্ধু নুবুজিলো একো।কিন্তু, সাৱধান মহাৰাজ? উলামুলানহয় ছোৱালী! চকু নাক বুধিৰভৰাঁল; কথাত চেলোৱা লেন; টেঙৰালিপেটত অনেক; চেলাপটা-জোক—যযাতি— কেপ্ কেপাই নাথাকিবা তুমি! মন গানাই লগা ভাল। থাকাঁ মনে মনে বোলো।বিদূষক— হুঃ! বুজিলো বুজিলো। খেতৰণীলাগিল দেহাত।
( ঘূৰ্ণিকা দাসীৰ প্ৰবেশ)
ঘূণিকা— কি কৰিছা দেৱযানী অকলৈ ইয়াত?চকু ৰঙা কি কাৰণে পৰিছে তোমাৰ?বেজাৰে ঢাকিছে মুখ; কান্দিছা নে তুমি?
শোকাকুল কিহৰ কাৰণে? কোৱা মোৰচেনেহৰ মণি? নাযাবৰ দেখি তুমি,বিচাৰি আহিলো মই। কি হৈছে আইটীমোক কোৱাঁ শীঘ্ৰ কৰি?
দেৱযানী— কি নো কম তোক হেৰ ঘূৰ্ণিকা বাইটী,দুখৰ বাতৰি মোৰ! শৰ্ম্মিষ্ঠাই আজিমোৰ কৰিলে ইদশা! যা লৰি পিতাৰসমীপ, ক গৈ সত্বৰে, কি দুৰ্গতিকৰি গৈছে অসুৰ জীয়াৰী। কবি, মইইহজীৱনত নোসোমাওঁ বৃষপৰ্ব্বাৰজাৰ নগৰ৷
(গীত )
দেৱযানী—শূন্য প্ৰাণ কান্দিছে সদায় :দিৱস নাযায় মোৰ ৰাতি নুপুৱায়।শাস্ত্ৰজ্ঞান উপদেশে তৃপিতি নহল।পূজাহ্নিকে অন্তৰৰ অশান্তি নগল।হৃদয়-বীণত বাজে বিষাদৰ সুৰ।কি অভাৱ! কি অভাৱ! পূৰ্ণ কত দুৰ?সেই হাত পৰশনে তীব্ৰ অভাৱৰজোঁকাৰ জাগ্ৰত দুৰ্ব্বিসহ দুৰ্ণিবাৰ।
( মহৰ্ষি শুক্ৰৰ প্ৰবেশ)।
শুক্ৰ— আই, দেৱযানী, শুনিছোঁ সকলো মইঘূৰ্ণিকাৰ মুখে। আপোনাৰ সুকৃতিদুস্কৃতি অনুসৰি, সকলোৰে ঘটেসুখ দুখ সংসাৰত। বোধ কৰো তুমিকৰিছিলা কিবা পাপ আই! ফলতযিহৰ, ঘটিছে তোমাৰ এই দশা।হেন জানি সোণ মোৰ নকৰিবা শোক।মলছি চকুৰ পানী, আহাঁ যাওঁ ঘৰ।দেৱষানী —পাপ-ভোগ হক বা নহক, দুস্কৃতিফলত, নালাগে সি কথা। শৰ্ম্মিষ্ঠাইযি কৰিলে মোক, সম্প্ৰতি হে লাগে তাক।কইছোঁ বিবৰি মই ঘূৰ্ণিকা দাসীক;শুনি আছ সকলো নিশ্চয়।আৰু, সঁচা যদি শৰ্ম্মিষ্ঠাই যি কলেআগত মোৰ, তেন্তে পিতা নকৰি পলমএতিয়াই ক্ষমা মগা উচিত তোমাৰ,শৰ্ম্মিষ্ঠাৰ কাষত। ঘৃণিত স্তবকতুমি তাইৰ বাপেকৰ? প্ৰতিগ্ৰহউপজীবি! কত আছা শুনি—,পৰ অন্ন ভোজী স্তাবক সন্তানে কৰেঅপমান তাৰ প্ৰভু-নন্দিনীক? দণ্ডতাৰ নিশ্চিত বিধান!
শুক্ৰ— বৎসে দেৱযানী! স্তাবক বা প্ৰতিগ্ৰহজীবিনহয় জনক তোৰ! নহয় পিতাৰতোৰ কাৰো চাটুকাৰ! স্তৱ স্তুতি আনেকৰে মোক। অচিন্ত্য নিৰ্দ্বন্দ পৰমব্ৰহ্মমোৰ বল; স্তাবক তেওঁৰ মই, নহওঁআনৰ। স্তুতি পাত্ৰ মোৰ জগজীৱজগতজনক; নোহে ক্ষুদ্ৰ নৰ।বৃষপৰ্ব্বা, ইন্দ্ৰ, আৰু নহুষ আত্মজেজানে এই কথা।আৰু শুন দেৱযানী, শাস্ত্ৰৰ ব্যৱস্থা,ক্ষমা গুণে তিৰস্কাৰ উপক্ষে যিজনে,বিশ্ব চৰাচৰ এই কৰায়ত্ত তাৰউত্তেজিত ক্ৰোধক নিগ্ৰহি, যিজনেৰাখিব পাৰে টানি বাঘজৰী,উত্তেজিত অশ্বক যি মতে, সাধুসবেতাক যথাৰ্থ সাৰথি বুলি প্ৰশংসেসদায়। উদ্ৰিক্ত ক্ৰোধৰ অগ্নি, ক্ষমা-বাৰিসি’চি নুমাই যিজনে, জিনে তেওঁ জানাএই স্থাবৰ-জঙ্গমাত্মক বিচিত্ৰ জগত।সাপে মোট পেলোৱাৰ দৰে পেলায়ক্ৰোধৰ মোট যিজন পুৰুষে, পণ্ডিতসকলে বোলে সৎপুৰুষ তাক। ক্ৰোধাবেগসম্বৰি যিজনে, তিৰস্কাৰ পাৰে উপেক্ষিব.
হৈ সন্তাপিত আনক নকৰে তপ্ত,সৰ্ব্ব অৰ্থ সিদ্ধি লাভ তেনে জনে কৰে।যিজনে প্ৰতিমা পূজে শত বৰ্ষ ধৰি,কৰি আছে যজ্ঞ অনুষ্ঠান, নহয়সমান তেওঁ ক্ৰোধী জনৰ, ক্ৰোধহীনশ্ৰেষ্ঠতৰ অতি। বিবেকৰ অভাৱত পৰি,কৰে ক্ৰোধ বালক বালিকা; প্ৰাজ্ঞজনেনকৰে সিমত। সেইদেখি দেৱযানী,পৰিহৰি ৰোষ, সমাহিত চিত্তে আহাঁঘৰলৈ তোমাৰ৷
দেৱযানী— শুনা পিতৃ, কওঁ মই স্বৰূপ বচন;-বালিকা নহওঁ মই কম বয়সীয়া;ধৰ্ম্ম-কৰ্ম্ম বিবেচিব নোহে অসমৰ্থ;বলাবল পৰিজ্ঞান ক্ৰোধৰ ক্ষমাৰ,কৰিবলৈ নোহোঁ অপাৰগ। কিন্তু পিতা,শিষ্য হৈ অশিষ্যৰ দৰে আচৰে যিজনে,মঙ্গলাৰ্থী নক্ষমে কদাপি। সেই হেতুহে পিতা, হে তাত মোৰ? ভ্ৰষ্টাচাৰ দেশইটো বাসৰ অযোগ্য। এই দেশে বাসমোৰ অভিলাষ নাই। চৰ্চ্চা কৰি ব্যৱহাৰকোলীন্যাদি আৰু পৰ নিন্দি কটায়।সময়, এনে লোক নিবসে যি স্থানে,অযুগুত সি স্থানে নিবাস। অযুগুত
সংসৰ্গক কৰা তাদৃশ পাপীষ্ঠ সঙ্গে।যি স্থানত কৰিলে বসতি, কৌলীন্যৰগৌৰব নিখুত, শ্ৰেয়ঃকল্প সিস্থানতবাস।—পিতাদেউ। শৰ্ম্মিষ্ঠাৰ বাক্যানলে দহিছেহৃদয় মোৰ! নোৱাৰোঁ সহিব আৰুমই! নোলাই মুখত আৰু কথা; নকওঁসৰহ!— কিন্তু, হতভাগ্য যি জন পুৰুষেযৎকিঞ্চিত লাভ আশা কৰি উপাসে ধনীক,মৃত্যু তাৰ শ্ৰেষ্ঠ শতগুণে!—
মোৰ একেটি সুৰত বাঁহীটি বন্ধা,একেটি মাথোন মাত।ৰাতিয়ে দিনে এটি হুমুনিয়া,একেটি আনন্দ তাত॥
সুখৰ হাঁহিটি খন্তেকতে মৰে;দুখৰ এন্ধাৰ খন্তেকতে হৰে ,শান্ত হৃদয় আবেগে আকুল,একেটি সুৰৰ আঘাত॥
শবদ কঁপনি সপ্তম, পঞ্চম,উচ্চৰে “একমেব অদ্বিতীয়ম”,শোকৰ যাতনা, সুখৰ বাসনা,মিহলি একেটি তাত॥
বৈচিত্ৰ বিলয়, ভেদ সমন্বয়,খণ্ডত অখণ্ড, বাঁহীটিয়ে কয়;হাঁহোন কান্দোন, প্ৰখৰ মধুৰ,এটি ধ্বনি উঠে তাত॥
অন্ত অনন্তৰ মাজত আসন,বাঁহীটিত বাজে আত্মবিলোপন,শুনা হে শুনা হে অমৃত-সন্তান,আতমা পৰমাত্মাত॥
কৰ্ম্মৰ জনম জানা তোমাৰ লগতেতাৰে সৈতে এৰাএৰি নাই।তোমাৰ হাততে আছে কৰম সজুলি,মন মাথো কৰিবৰ উপায়॥
কোনে কৈছে বুঢ়া হলো মই?সি যে ভাই মিছা কথা কয়।বয়সে, অমৃত প্ৰেমে তুমুলি সংগ্ৰামে,জয়ী প্ৰেম, বয়স বন্ধুৱা।চোৱাঁ মই চিৰ বিনন্দীয়া!
প্ৰিয়াই সঙ্গীত মোৰ গায়;সঙ্গীত, পৰাণ ভিন্ন নাই;প্ৰত্যেক চৰণে চূমি প্ৰিয়া-ওঠ দুটিযৌৱন অমিয়া কৰি পান,চলে চৰি নতুন পৰাণ।
ভাবনাই ভাবি আন কাল;প্ৰেমহীনে বয়স জঞ্জাল;প্ৰিয়া-হিয়া অমৃতৰ মধুৰ মদিৰাকৰি পান অমৰ আতমা;যৌবনৰ নাই হেৰা সীমা।
নকবাঁ নকবাঁ মোক বুঢ়া,বয়স বছৰ অহা ঘূৰা;চিৰানন্দ যৌবনৰ শুনুৱা বাতৰি;প্ৰিয়াৰ প্ৰেমৰ চকুজুৰিদিছে বাৰ্ত্তা, তাতে আছোঁ বুৰি।
আপোনাৰ মোল নুবুজি মানুহ মৰিব লাগিছে যত।মাউৰ মৰকত পৰি পৃথিবীত নাই মৰা জানা তত॥
দিন দুপৰতআগ-চোতালতকোনে নো বাইছে বীণ?কিনো গীত গায়,কিনো কথা কয়,উজাৰি লুকুৱা চিন।বুজো বুজো কৰোঁবুজিব নোৱাৰোঁ,কৰে ঐ বৰাগী তই?কি দুখৰ কথা,কি শোক বাৰতা,কি কৈছ নুবুজো মই।
সীতা আইৰ বাতৰিযদি হে কৈছ,নকবি আৰু ঐ মোক!জনম দুখুনীআই সীতা শান্তি,শুনিলে বাঢ়িব শোক।যদিহে গাইছনলৰ কাহিনী,নাগাবি বৰাগী আৰু;দময়ন্তী দুখেহিয়া ভাঙি নিব,নালাগে অলপো বাৰু।চিন্তা শ্ৰীবৎসৰনাগাবি কাহিনী;দ্ৰৌপদীৰ নকবি কথা।সতী জয়মতীআয়তী দুখুনীৰদুখত লাগিব ব্যথা।
২
যদি হে গাইছ,বদন ফুকনেকেনেকৈ আনিলে মান?কেনেকৈ মৰাণে
আসাম ধ্বংসিলে,যদি হে গাইছ গান?মণিৰাম পিয়লিৰমৰণ বাতৰিযদি তোৰ বীণে গায়?মানা কৰ তাক,বৰাগী ককাই ঐ!শোক মোৰ উথলায়।একণি হৃদয়,এফেৰি সমল,কত নো সহিব খুন্দা।ভাগি ছিগি যায়অলপ আঘাতে,কিয় তই মোক কন্দা?বেহুলা শান্তিৰনুশুনাবি দুখ;চান্দোৰ নকবি কথা;দুখৰ বোকোচাবব মই নোৱাৰোঁ,অন্তৰত পাওঁ ব্যথা।বিষাদ বাতৰিকতনো শুনাবি,মনৰ তৰণি নাই।
কাবৌ কৈ মাতিছোঁ,বৰাগী ককাই ঐ,বীণে যেন নিবিনায়।
শোকৰ সুৰটি।নুশুনিও নোৱাৰোঁ,বাঘ-মোৰে ধৰে মোক;আঁতৰি যাবৰশকতি নাপাওঁ,বেজাৰে পীড়িছে বুক॥শুনা ঐ বৰাগী,আনন্দ কাহিনী,আসামৰ যশৰাশি;হিয়া মোৰ হেৰবলৱন্ত হোক,পৰাণ উঠক উলাসি॥বাণ, ভগদত্ত,নৰকাসুৰৰ,ভীস্মকৰ গুণ গা।ভাস্কৰ বৰ্ম্মাৰকীৰিতি সুন্দৰশুনো হেৰ বীণ বা॥
শঙ্কলাদিবেকেদাৰ ৰজাককেনেকৈ জিনিলে শুনা;পাৰস্য সম্ৰাটআফ্ৰচিয়াবেৰেযুজিলে কেনেকৈ জনা॥শঙ্কৰ, মাধৱ,কন্দলি সকলেকি কৰিলে বীণ ক!ৰুদ্ৰসিংহ সৰ্গদেৱেকি কৰিলেক বীণ! কিয় ৰ?বৰদৈ-চিলা হেনচিলাৰায় দেৱানে,নৰনাৰায়ণ ৰজা;কি কীৰ্ত্তি ৰাখিলে,গা ঐ বৰাগী!বজা, আৰু বাৰ বজা!
বজা ঐ বৰাগীসংসাৰৰ বিৰাগী,সংসাৰৰ গুণ গান,সুৱদি শুৱলা
ৰেপটোৱেপতিশীতল হওক প্ৰাণ॥কথাটি নুবুজোঁ,সুৰটি বুজিছোঁজন্মজন্মান্তৰে শুনা;সি জন্মৰ সোৱঁৰণিসোৱঁৰাইছ,হেৰ আলসুৱা বীণা!সৰগ বাতৰিসৰগৰ বীণেঅবুজ ভাষাৰে গায়;বুজিও নুবুজো,বুজিম সকলো,তেতিয়া সিপুৰী পায়।সৰগৰপৰানামি আহি বীণেসৰগ বাতৰি দিলে;—“সৰগ এৰিছা,আকৌ সৰগপাবা গৈ” বুলি সি কলে।“সদায় নাথাকেপ্ৰবাসৰ দুখ’’,বীণৰ সুৰে বিনায়।
আনন্দৰ কণাসৰগৰ আনি,মৰ্ত্ত্যত মোক যোগায়॥
গা বীণ গা,অমৃত সঙ্গীত,শুকানে মেলক কুঁহি,প্ৰবাস-ভাগৰআতৰি পলাওক,মুখত ওলাওক হাঁহি।বীণৰ বৰাগী!বৰাগী নহৱ,দুখীয়া, নহৱ তই;আনন্দৰ কণা,ৰসৰ নিজৰা,বীণতে বান্ধিছ ঐ!নমা ঐ! নমা ঐ!আকাশী অমিয়া,আকাশী-গঙ্গাৰ দৰে।দে মোক, দে মোক,বৰাগী ককাই ঐ!পিওঁ মই নিছিগা ধাৰে।
নতুন প্ৰাণৰন চকুজুৰি,দীপিতি ঢালি দে তাত;পুৰণি পৃথিবীন-কৈ চাই লওঁ,হে বীণ এষাৰি মাত!
উজায়ে আহিলে ভাটীৰে ৰতনী,বুকুৰ মাধুৰী লৈ;ভটীয়াই গলে ঐ শাহটো সামৰি,মোলৈ খোলাটো থৈ।
কৰে ঐ ৰতনী, কৰে ঐ শাখিনী,কিনো কুটেশালে তই!সকলো লুটিলি ধনাইকে বধিলি,কেনেকৈ জী থাকোঁ মই।
পৰ্ব্বতে পৰ্ব্বতে বগাব পাৰোঁ মই,লতা বগাবলৈ টান;ৰতনী সোণাইকে বৰাব পাৰোঁ মই,মাকক বুজাবলৈ টান।
বগাকৈ বগলী উৰে কেনে কৰিপাখিতে পাখি লগাই;কাৰে নো উৰিব ধনবৰ দুখীয়া,ৰতনী লগতে নাই!
ফেনে-ফোটোকাৰে বৰ লুইত বৈছে,বুকুত লৈ খাগৰিৰ জাঁজি,বুকু উদং কৰি ৰতনী গলে মোৰ,কাকে লৈ বৈ যাম মই আজি
পূবৰে পচোৱা চাটি মাৰি গলে,ধানতে থৈ গলে ঠোক;ধনাইৰে মনাইকে চাটি মাৰি ৰতনী,মনতে দি গলে শোক।
গঙাতে উৰিল ঐ গঙাৰে চিলনী,বালিতে উৰিল ঐ ঘোৰা, *সেন্দুৰী টিঙতে† বহি উটি গলেৰতনী ধনাইৰেপৰা॥
চৰায়ে তুলিলে ঐ ছ’ৰা পোৱালি,গছৰ ডাল শুৱনি কৰি।ৰতনীক তুলিলে মাকে বাপেকে,ধনাইৰ কাল-শতুৰু কৰি॥
লুইতৰ শিহু ঐ টুপাই বুৰ-মাৰিলি,আকৌচোন এটিবাৰ ওলা!ধনশিৰীৰ ৰতনী টুপাই বুৰ মাৰি গল ,ভাঙি মোৰ কামিহাড়েচলা॥
বালিতে চৰিছে দুটি বালিমাহী,লগৰে লগৰী পাই।পাৰতে কান্দিছে ধনবৰ দুখীয়া,ৰতনী লগতে নাই!
ফুটুকাৰ তলতে যখিনী ছোৱালীটুক্ টুক্ চাপৰি বায়।ধনাইৰে ছাঁতে ৰতনী নাই ঐ,কোনে তাৰ মুখলৈ চায়!
নৈৰে পাৰতে কাৰে এৰা-বাৰী,চপৰাচপৰে খহে!লুইতৰ পাৰতে কাৰে ধনবৰৰতনীৰ বেজাৰত জহে॥
যা গৈ ৰতনী নাহিবি নাহিবি,বিচাৰি নাহিবি মোক!তোৰে ধনবৰ ভিকহুৰ ভিকহু,পৃথিবীত থৈ যাব শোক!
বোপাই মোৰ লুইত ঐ সামৰি লোৱা মোক,কোলাত থান এফেৰি দিয়াঁ;ৰতনী হেৰাল মোৰ, সকলো পৰিল ওৰ,আৰু মোৰ একো নাইকিয়া।
পুৰি গল বৃন্দাবন,উৰি গল ছাই,হে উৰি গল ছাই!ৰতনী ধনাই আৰুএই পৃথিবীত নাই,হে এই পৃথিবীত নাই!!বুজিও মই নুবুজিলোঁকুটুমৰে চিত,হে কুটুমৰে চিত!ৰাখিও মই নাৰাখিলোঁদুখীয়াৰ বিত,হে দুখীয়াৰ বিত॥
ভৈয়াইক মোৰ আলাসৰ,চিনিও নিচিনিলো।হে চিনিও নিচিনিলো।ডিঙিৰ সোণমণিটিকএচাৰি ভাঙিলো,হে এচাৰি ভাঙিলো॥আটোম্টোকাৰি বান্ধৈৰনাপালো আঁট্কাল,হে নাপালো আঁটকাল।সাঁফিৰ লেলেতীয়া বিষৰল চিৰকাল,হে ৰল চিৰকাল॥মৰি গৈ সোণ সৌতৰা এটি হল,হে তৰা এটি হল।টুপি টুপি চকুৰ লোৰেমোলৈ চাই ৰল,হে মোলৈ চাই ৰল॥সোণৰ শিকলিডালিচকুৰ লোৰে গোথা,হে চকুৰ লোৰে গোথা।মোলৈ পেলাই দিয়া ধন,ৰাখাঁ মোৰ কথা,
হে ৰাখাঁ মোৰ কথা॥সি মূৰৰপৰা টানিৰতনীকো নিয়া,হে ৰতনীকো নিয়া।কি আছে পৃথিবীতআৰু, তুমি নাইকিয়া,হে তুমি নাইকিয়া॥ধনাইৰে ৰতনী যাবচকুৰ লোতে উঠি,হে চকুৰ লোতে উঠি॥পৃথিবীত থব শোক,টানি ধৰা মুঠিহে টানি ধৰাঁ মুঠি॥ধনাইৰ চকুৰ পানী হেৰকপৌ-ফুল হল এ,হে কপৌ-ফুল হল এ॥সন্তাপৰ কথাখিনিমূৰ লৰাই কলে,হে মূৰ লৰাই কলে॥টোপনিৰপৰা উঠিপখীটিয়ে মাতে,হে পখীটিয়ে মাতে।
“উঠ ৰতনি উঠ!” বুলিবপুৰিয়ে খাটে,হে বপুৰিয়ে খাটে!কেনেকৈ লগ পামসৰগৰে তৰা,হে সৰগৰে তৰা।পখী হেৰ বুধি দে,কি কৰোঁ, কৰা,হে কি কৰোঁ, কৰা।বেজাৰত জোনাবাইশুকাই খীণাই গল,হে শুকাই খীণাই গল।কাৰ নো বেজাৰ বাই,তোৰ কি নো হল?হে তোৰ কি নো হল?বুকুৰে সৰ্ব্বহ মোৰধনবৰে নিলে,হে ধনবৰে নিলে।সেইটো হে বেজাৰে মোকখুলি খুলি খালে,হে খুলি খুলি খালে॥গছৰ আগত লৰে হেৰচিকিমিকি পাত,
হেৰ চিকি মকি পাতকোনে শাত কৰে মোকএবাৰ লগাই মাত,হেৰ এবাৰ লগাই মাত?আন দিনা নিয়তীয়ে“নিওঁ” “নিওঁ” কৰে,হে “নিওঁ” “নিওঁ” কৰে।আজি জানো ধনাইৰ শোকতাইৰো মাত হৰে,হে তাইৰো মাত হৰে॥সৰগত ধনবৰ,পৃথিবীত মই,হে পৃধিবীত মই!দুটি প্ৰাণী এটি কৰাপুইণ কাম হয়,হে পুইণ কাম হয়॥“নিওঁ” “নিওঁ” সদায় কৰ,আজি নে মোক,হে অজি নে মোক!মোক নি ধনাইক দে,কুশল তোৰ হোক॥হে কুশল তোৰ হোক॥
ফুৰ্ফুৰীয়া বা তইশুন মোৰ কথা,হে শুন মোৰ কথা,—ধনাইক ক গৈ ৰতনীয়েবৰকৈ পাইছে ব্যথা,হে বৰকৈ পাইছে ব্যথা॥নিয়ৰ—–
আৰে পকা চুলি মোৰ?পক ধৰিছে চুলিত,তালৈ চকু কিয় তোৰ?আৰে পকা চুলি মোৰ?
চুবুৰীয়া ল’ৰা বুঢ়াসকলো মোৰ মনত জোৰা,হঁহা লৰা, কন্দা বুঢ়া,সকলো কুটুম মোৰ।
বাহিৰত মোৰ পকে চুলি,ভিতৰত বাজে মৌ সুতুলি,লৰাৰ কিৰিলি খলকতমোৰ ৰঙৰ নাই ওৰ।
বুঢ়া বেলিত উষাৰ পোহৰ,বুঢ়া বিৰিখত বা বসন্তৰ,বুঢ়া আমত কুঁহি পাতলৰে জুৰ্ জুৰ্।
ৰূপৰ বঠা, সোণৰ নাওটুল্ টুল্ টুল্ বাই যাও,কলীয়া পানত ৰূপালী ৰহণমোৰ মনৰ চোৰ।
যমুনাৰ জলত উঠে লহৰ,ৰাজহাঁহজাকে কৰে পোহৰ,অমল ধৱল তৰল কমলহাঁহিত বিভোৰ।
আন্ধাৰ পোহৰ যুজে বৰ,শেহত জয় পোহৰৰ,আন্ধাৰ ৰাতি ফুলে সেউতীগোন্ধত ফুৰ্ ফুৰ্৷
অপেশ্বৰী আনন্দ কৰে,সাতোৰ দি পানীত ফুৰে,কলা মূৰত হীৰাৰ মুকুটজ্বলে তিৰ্ বিৰ্।
কানুৰ কোলাত ৰাধা গৌৰী,নীল আকাশত বগৰ শাৰী,ভোমোৰাৰ শুঙত ফুলৰ ৰেণুসুন্দৰ সুন্দৰ।
পকক চুলি, পকক মূৰ,ৰসত হওক ভৰপূৰ,ঢলত দেশ বুৰোঁ বুৰোঁ,সকলো একাকাৰ৷আৰে পকা চুলি মোৰ
মহাপ্ৰয়াণৰ যাত্ৰী হেৰা,মই মহাপ্ৰয়াণৰ যাত্ৰী।লগত মাথো সমল মোৰভকতিৰ জোলোঙা এটি॥
(২)
জ্ঞান জ্ঞান কৰি ফুৰিগোৱাঁলো জীৱন ঘূৰি ঘূৰি,জ্ঞানৰ নাপালো উৱাদিহ,গোটালো খোলাকুটি।
(৩)
সঙ্কটময় বাটত মোৰশতৰু সকলোবোৰ,লগৰীয়া কোনো নাই,পৰিছো খাই উজুটি।
(৪)ধৰ্ম্মৰ নাগপাশ জৰী,কোনে কৰে তুৰিমুৰি?যত আঁটে তত যায়দূৰ হৈ মুকুতি॥
(৫)
ভকতি সমল কৰি,কোন আছা কত পৰি?আহাঁ যাওঁ লগ ধৰি,স্বামীয়ে পঠাইছে মাতি॥
(৬)
ভকতৰ পদৰ ধূলিমুৰত লৈ বাট বুলি,প্ৰভুৰ সিংহাসনৰ তলত।আহাঁ পৰো গৈ লুটি॥
(৭)
আসন তলৰ ধূলিত পৰি,ভকতিৰ জোলোঙা উবুৰি কৰি,কটাওঁ মই অনন্ত কাল,মনৰ হাবিলাষ এইটি॥মই মহাপ্ৰয়াণৰ যাত্ৰী।
আহক মৰণ ভয় নকৰো সমুলিকিন্তু হওক তেওঁ, যি জানে এই নিঃকিনক,—“বপুৰা বেচেৰা! ৰুইছিল এজুপি অশোক,ফুলি যাৰ ফুল, আমোদিছে আসাম সদায়।”
ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ ভাই।আনৰো ভদ্ৰতা সি আনিব জগায়॥
কাম কৰাঁ মন প্ৰাণ ঢালি।সুফল আজি বা নতু কালি।
মূহুৰ্ত্তেকো ব্যয় নকৰিবানিজ কাৰ্য্যগুণ ব্যাখ্যা কৰি।কাৰ্য্যে নিজে প্ৰকাশ কৰিব;নোৱাৰিবা তুমি তো চিয়ঁৰি॥
জীৱনক ধেমালি নাভাবিকৰি যোৱাঁ প্ৰাণ টাকি বন।বখানক যেয়ে যিকে কৈ,ইজীৱন নহয় সপোন।সকলো যে কামত মগন,দিনে ৰাতি শাতি-শুৰ্ত্তি নাই।এলাহ সাবটি থকাজনপলে পলে ৰসাতল যায়॥
কোৱাঁ সঁচাকৈয়ে বাৰু হেৰা বিচক্ষণ!সংগ্ৰাম বিহীন প্ৰাণ কিহৰ কাৰণ?জনমৰেপৰা চোৱাঁ মৃত্যু পৰিমিত।সাধুজনে বুজ কৰা বিধিৰ বিহিত॥তেন্তে কিয় পিছ ভৰি, নকৰি সংগ্ৰাম?সংগ্ৰাম আৰাম, হেৰা, সংগ্ৰাম আৰাম॥
মাহ পখ সোণৰ শিকলি,ঈশ্বৰৰ দান।দণ্ড পল একোটা আঙঠি,পায় গৈ বৈকুণ্ঠৰ থান॥শিকলি যে ছিগি যাব চাবা,যাত্ৰা শেষ নৌহওঁতেই;সাবধানে বাট বুলি যাবা,শুচি আৰু সঞ্জনম হৈ॥
কামৰেই হে উন্নত আসন,ওখ সৰু ভেদ বিনাশন।পাচি সজা, কামি চছা, টঙাল তুলুৱা,সন্মানৰ কাম; নীহ,—মাথো এলেহুৱা॥
শুনা মোৰ কোনো চিন্তা নাই।—চিন্তাৰ গৰাকীক চিন্তাৰ ভাৰ দিছোঁ ভাই?তুমি মৰা আপোন চিন্তাত।মোৰ চিন্তা অচিন্ত্যৰ গাত॥
সৌ যে চুককণি আছে তোমালৈ পৰি,উন্নতিৰ ঠাই, হেৰাঁ যোৱাঁ কাচিপাৰি।অজ্ঞান এন্ধাৰে ঢকা গুটিদেক লোকআছে তাত, জ্ঞান দিয়া, জন্ম সাম্ফলোক॥সুখী কৰাঁ দুখিতক, আশীৰ্ব্বাদ লোৱাঁ।ঈশ্বৰৰ থানলৈ আগবাঢ়ি যোৱাঁ।
আত্মমান, আত্মজ্ঞান, আপোন দমন,এই তিনি উন্নতিৰ সুতি।নাই ভয় কৰি যোৱাঁ কাম,সংসাৰত হব তুমি কৃতী॥
পৰ উপকাৰ হওক জীৱনৰ ব্ৰত।পৰসেৱা হওক মোৰ কাম।পৰৰ মৰম আৰু আশীৰ্ব্বাদ লৈ,যেন মোৰ শৰীৰ পেলাম॥
বোৱাঁ, ৰোৱাঁ, বাটচোৱাঁ—এতিয়াৰ কাম।পকা দোৱাঁ, সাঁচি থোৱাঁ, খোৱাঁ, গোৱাঁ গান॥
ধন্যবাদ ঈশ্বৰক দিওঁ—জীৱন নহয় মিহি মোৰ!সংসাৰৰ ঠেলা, হেচা, টেপাখাই আছোঁ দিনৌ দুৰ্ঘোৰ॥এশ-এটা শোকৰ তাপত,এশ-এটা নিৰাশাত হওকমোৰ মনুষ্যত্ব বিকশিত॥উজু প্ৰাণ হিয়াহীন কি যে ভয়ানক!এধা-মৰা এধা-জীয়া! প্ৰভু নিদিয়ক!
জীৱনৰ বহুদৰ্শীতাই দিছে মোক সুবুদ্ধি পৰম—বৰ হোৱা বুধিৰ কিটিপ মাথোঁ জানা,—অদম্য উদ্যম॥খামি পুতি সংকলপ কৰি, মৃত্যু নতু বিজয় সাধন।এই কাঠী সাৰোগত কৰি লভাঁ তুমি বিজয় ৰতন॥
উন্নতিৰ জখলাত তেওঁএনেই উঠিছে নাভাবিবা।টোপনিত থাকোঁতেই তুমি,তেওঁ কাম কৰিছে জানিবা॥
থিৰ কৰাঁ উদ্দেশ্য তোমাৰ;লক্ষ্যভ্ৰষ্ট যতন বিফল!সৰ্ব্বপ্ৰাণ সৰ্ব্বমন সঁপি;কাম কৰাঁ, গাত পাবা বল॥
মনে গঢ়া আদৰ্শ নোপোৱা,পৃথিবীত যিমান বিচাৰা;যদি তুমি আদৰ্শৰ অনুৰূপকৰি নিজক নগঢ়া॥
চকু লাগে নিজ কাম চিনি লবলৈ।সৰু কাম?—হানি কিবা তাত?ঈশ্বৰৰ দত্ত সেয়ে, ভাবি লৈ তুমিএহাশুধীয়াকৈ দিয়াঁ হাত॥
জ্ঞানীয়ে প্ৰণাম কৰে, মূৰ্খই স্বীকাৰ,নিজ আচৰণ ব্যৱহাৰ।কৰ্ম্মশীল জীৱনেই প্ৰকৃত জীৱন;অন্যৰূপ জীৱন ধিক্কাৰ॥
কাৰেঙৰ ৰজা আৰু জুপুৰিৰ প্ৰজা।কোনেও নুবুজে কিনো সুখ;মূৰৰ ঘাম ভৰিত পেলাই,যদি তেওঁ নাই কৰা দুখ॥
সুখী মই,—কামৰ অধীন।দুখী মই,—বক্তা কৰ্ম্মহীন॥
ইজীৱনে কামৰ যে সমাপতি নাই।আৰম্ভণ, দৃষ্টান্তৰ মাথোঁ আছে ঠাই॥
কাম কৰাঁ, কাম কৰাঁ সময় পলায়।মৰিব সকলোঁ; জীৱ যি নডৰায়॥
ভাগৰা কামত কেতিয়াবা।নিষ্কৰ্ম্মা ভাগৰে ৰাত্ৰি দিবা॥
ভাল কৰা উজু কাম;বেয়া কৰা টান।ভাল কৰা সাধ্য;বেয়া অসাধ্য-সাধন॥
নিয়মৰ বান্ধোন
জোন, বেলি, আকাশৰ তৰা,পোহৰায় নিয়মত ধৰা।কৰ্ত্তব্যক সেইদৰে তুমিনিয়মিত কৰিবলৈ ধৰাঁ॥
মান অপমান
সৰু কাম ঘিণ কৰা তুমি?বৰলৈ তোমাৰ হেপাহ?একো নকৰা হে অপমান।সৰু বৰ মনৰ বিকাশ॥
নাথাকিবা চাই, কৰিম কৰিম বুলি কাম।এই মূহুৰ্ত্ততে লাগি যোৱাঁ।কৰিব পাৰিম বুলি যি ভাবিছা তুমি,কৰাঁ যদি সাহিয়াল হোৱাঁ॥এতিয়াই লাগি যোৱা, মনে বল পাব,উছাহত সকলো সিজিব।অসাধ্য সাধন যেনে বাজিকৰে কৰে,“সাহে সিধি, আৰ্জে নিধি” হব॥
দিন যায়, উঠাঁ সাজি পাৰি;সপোনত নিনিবা সময়।আনে চোৱাঁ যুজিছে যতনে;তুমি কিয় কাল কৰা ক্ষয়?ৰণুৱাৰ শাৰীত তোমাৰঠাইকণি নেদেখানে মিতা?সকলোৰে শক্তি অনুসাৰেযুজিবলৈ আছে কিনো চিতা?ভূত আৰু ভবিষ্যত মিছা।বৰ্ত্তমানে মাতিছে তোমাক।
“হল”, “হব”, নকৰি ভাবনা,“হৈছে”ত পেলোৱাঁ আপোনাক॥
জীৱনৰ মুখ্য লক্ষ্য কাম,শকতিৰ সম্পূৰ্ণ বিকাশ।ঈশ্বৰৰ সুনিৰ্দ্দিষ্ট মানুহৰ কাম,তাত কৰাঁ বাস॥কৰাঁ তাক ঈশ্বৰত কৰি সমৰ্পণনিজ, পৰ অৰ্থে।আচৰিত আনন্দৰ মিলি যাব ৰোলসন্তোষেৰে সৈতে॥
কামত মগন জন জীৱন সাম্ফল :কামত জীৱন আগুৱায়।কামে ঠেলি নিয়ে জানা উন্নতিৰ বাট।তাৰ আৰু কোনো চিন্তা নাই॥
যত আছা, যি কৰিছা, কৰাঁ ভালকৈ।স্বধৰ্ম্মে নিধন শ্ৰেষ্ঠ, পৰধৰ্ম্ম ভয়াবহ হয়॥
সুশোভন সুখ ঠাই, স্বভাৱৰ দান,বিজয় চুড়াৰে সুমণ্ডিত।সাহিয়াল সজ লোকে মাথোঁ পায় তাক,জানিবা নিশ্চিত॥অন্ধকাৰ অকল্যাণ শূন্য তমোময়,স্বভাৱৰ বিৰোধ পন্থীৰ মাথোঁ হয়॥
ৰতন পুৰৰ এজন ৰজাৰ আছিল একেটী কইনা।ৰূপহী জীয়ৰী ঘৰ আলো কৰি, নামটি নিমাতী মইনা॥ওপজাৰেপৰা কথা ফুটা নাই, ফুটিছে মাথোন হাঁহি।পোহৰ সদায়, ৰোহ ঠেহ নাই, যেন কেতেকীৰ পাহি॥
বুধিৰ জেউতি জ্ঞানৰ দীপিতি দুচকু আবৰি আছে।ভাবত অমিয়া, ৰূপত লৱণু চাৰি ফালে বিৰিঙিছে॥বোবা কোনে বোলে? চিন নাই তাৰ, প্ৰতি অঙ্গতেই মাত।চলনে ফুৰণে নিফুট বচন, শবদৰ অভাৱ হে তাত॥বাপেক মাকৰ মনত অসুখ, একেটি মাথোন জী।কিয় নো নামাতে, কি নো কপাল হল! কত নো কৰিব কি?বেজ-গিয়ানীৰ যতন বিফল, ৰজা ৰাণী বিকলীয়া।পূজা-সেৱা দান-দক্ষিণা বিফল, বেজাৰে দহিছে হিয়া॥
পূৰিল যৌৱন, নিমাতীৰ ৰূপত ভৰি পোহৰিল ঘৰ।ৰজা-ৰাণী দুইৰো ভাবনা চৰিল—কত পাওঁ এটি বৰ॥দেশ বিদেশলৈ বাতৰি পঠালে, নিমাতী কন্যাক দিব,ডেকা যিজনাই নিমাতী মইনাক মতাই দিব পাৰিব॥কন্যাৰ লোভত ৰজাৰ কোঁৱৰ ভোমোৰা জাক যেন হল।নানা বুধি কৰি মাত উলিয়াবৰ চেষ্টা কৰি হাৰি গল॥সকলো হুৰিল; ৰজাই আমনি, কন্যায় আমনি পালে।ঢোল পিটি ৰজাই আকৌ শুনাই দিলে,—নোৱাৰাক পঠাব শালে॥যেনে আহিছিল তেনেই ভাগিল ৰজাৰ কোঁৱৰ জাক।তাতো সাহ কৰি আহি হাৰে যি, পঠায় পোতাশালে তাক॥
কমতাপুৰৰ কোঁৱৰ এজন, আলসুৱা তেওঁৰ নাম।ওৰে দিন ওৰে ৰাতি বীণ বায়, নিশিকে ৰজাৰ কাম॥
বাপেক হুৰিল, মন্ত্ৰীও হুৰিল, হুৰিল পঢ়াওঁতাজন।বীণ বাই মাথোঁ সময় কটায়, নিদিয়ে একোতে মন॥বলিয়াৰদৰে বীণখনি বায়, নকয় সৰহ কথা।জীৱনৰ উদ্দেশ, সৃষ্টিৰ সম্ভেদ, বীণতহে যেন গোথা॥এৰিলে ৰজাই আশা কোঁৱৰৰ, পাত্ৰ মন্ত্ৰী আশা এইলে।পানী একেচলু দি থৈ মাকে, মাজুত আশা পাতিলে॥কোঁৱৰৰ সন্তোষ,—-জঞ্জাল গুচিল; দুগুণ উছাহ কৰি।বাই ফুৰে বীণ, হিয়া তাতে লীন, সকলো গল পাহৰি॥
কোৱা-চিলাৰ মুখে শুনিলে বাতৰি, নিমাতীৰ বাপেকৰ পণ।কোনে জানে কিয়, কমতা-কোঁৱৰৰ যাবৰ হল তালৈ মন॥বীণখনি মাত্ৰ লগৰ লগৰী, কোঁৱৰ ওলাল গৈ তাত।নমস্কাৰ কৰি ৰজাক জনালে—“মই উলিয়াম মাত॥হে নৃপমণি, এই বীণখনি, লাও-খোলা আৰু কাঠ,শুকান ছালেৰে সাজি ললোঁ মই, মাতিছে অমিয়া মাত।আপোনাৰ জীয়ৰী অতুল সুন্দৰী, তেজ মঙহৰে গঢ়া।মাত উলিয়াটো টান কাম নহয়; নাই কোৱা কথা বঢ়া॥ ”
মূৰৰপৰা ভৰি সকলো চাই ললে কোঁৱৰৰ নৃপমণি।চেনেহ ৰসত হিয়া পমি গল, চকুত ওলাল পানী।ভাবিলে কিনো নো সুলক্ষণী লৰা, দেখিলে চকু জুৰায়।নোৱাৰিলে মাত উলিয়াব জীৰ, মিলিব বৰ অপায়॥নেলাগে বোপা মোৰ, এনে সাহ কৰিব, উভতি ঘৰলৈ যোৱাঁ।
প্ৰতিজ্ঞা বেয়াকৈ কৰা আছে মোৰ, নোৱাৰিলে দুখ পোৱা॥থাওঁক মোৰ ছোৱালী, নেলাগে মাতিব, তোমাক নিদিওঁ দুখ।নুশুনো শবদ, তাইৰ মাত নুশুনো, চকুৰেই লভিম সুখ॥
কমতা কোঁৱৰে প্ৰণামি বুলিলে, “নিৰাশ নকৰিব মোক;পৰীখো কপাল বুলি আহিছিলোঁ, দিয়ক, নিদিব শোক॥’’নিৰুপায় নৃপে অনুমতি দিলে, কন্যাক অনালে মাতি।দেখিয়েই কোঁৱৰে আঙ্গুলি লগালে বীণখন কৰি কাতি॥সৰেঙ্গ, গান্ধাৰ, কামদ ৰাগিণী অমৃত বৰষি গল।নিমাতী কইনাৰ হৃদয় বুৰিল, সকলো তম্ভিত হল॥ধ্বনি প্ৰতিধ্বনি ৰোল উঠি গল, আনন্দত নাচিল জীৱ।কোঁৱৰৰ ডিঙিত ওলমি মইনাই মাতিলে “প্ৰাণপ্ৰিয়”॥ৰজা উঠি আহি দুইকো আকোঁৱালি, শুঙিলে দুইৰো মুৰ।কন্যা দান কৰি বীণ-কোঁৱৰক ৰঙত মজিল পুৰ॥
(সুৰ—আগলি কলপাত লৰে-কি-চৰে। )তিলকা হেনো তোৰ তামোলৰ ডাবি।বুকুৰে তিলকাক বুকুতে থবি।আজি পৰি ৰল তিলকা তোৰ।এৰি গল আইতা ৰাঙলী মোৰ।কোনে নো ৰাইকহৰ সাধুটি কব।বাৰী দুখুনীৰ দুখ কোনে পতিয়াব।মই হেনো বাৰী, মোৰ কোনোৱেই নাই।কলৈ গলি নাতিনীৰ ৰাঙলী আই।“বাৰীৰে কোঁৱৰৰ দুখৰে সাধুশুনি মই বিলাপোঁ, দুখতে কান্দো।খৰিভাৰী পালে ৰজাৰে জী;সতিনী কৰিলে সতিনীৰ কি;কোনে কৈ তিলকাক ভুলাব শোক।এৰি গল দুখতে আইতাই মোক।
ৰাঙলী আইতা মোৰ কলৈ নো গলি?চেনেহৰ তিলকাক কাৰ বুকুত দিলি।গোসাঁয়ে তিলাইকে অনাথী কৈলে।ওপজাই তাইক মাথোঁ যমলৈ দিলে।উঠ আই ৰাঙলী নাযাবি এৰি।মোকো তোৰ লগতে লৈ যা মাৰি।কিনো পাপ কৰিলোঁ একো নাজানো।হে মোৰ প্ৰভুদেউ সদায় মই কান্দো।
ইত্যাদি।
পৰিছা যি অৱস্থাত তাতে হোৱাঁ, সুখী।চেষ্টা কৰি ভাল হোৱাঁ ৰং কৰা সখি।* * *চিন্তা যদি পৰিণত নকৰা কাৰ্য্যতস্বপ্নৰ নিচিনা তাক মানিবা মনত।* * *
৯
প্ৰেমত ঘূৰিছে ভূমণ্ডল।প্ৰেমত ফুলিছে শতদল।* * *ওখ কৰা আশা।নিৰাশা কৰ্ম্মনাশা।* * *অলপ সুখৰ পৰিমাণ,নকৰিবা তাক আৰু তাকৰ;কৃতকাৰ্য্য গুৰিতে নেদেখি,নহবা হে মিছাতে কাতৰ।* * *চকুক চাবলৈ দিয়া, সুন্দৰ যি পাৰে।অনুভৱ হিয়াত হক যতমান ধৰে॥* * *ক্ষম কৰাঁ, ক্ষমা পাবা তুমি।ভাল কৰাঁ হবাঁ উৰ্দ্ধগামী॥* * *মৰম কৰিছে কোনে কয়?সঁচা যি অটুট সদায় ৰয়।* * *
জীৱনটো যদিও দুদিনীয়া;প্ৰেম কিন্তু চিৰ যুগমীয়া।* * *
শেহ ফল হে লক্ষ্যৰ সমল।বিচাৰে টানৰো পায় তল॥* * *
দুখৰ ৰাতি যিমানেই দীঘল,অন্ত তাৰো আছে।সুখৰ উষাৰ কিৰণ চোৱাঁ,পূব ফালে বিৰিঙিছে॥* * *
মানুহৰ স্বভাৱ যিমানেই গোকাট,তথাপি সৰহ ভাল।ইলিহি মাজত যিমানেই কাঁইট,সৰহ ভাগ তেলাল॥* * *
সকলোৰে ভাল হওক সংসাৰত,দুৰ্মতি সুমতি হওক।
সকলো সুখত থাকক, মোৰ ইচ্ছা,সকলো দীৰ্ঘায়ু হওক।* * *
আচৰণৰ সদা মিললৈ চকুতকৈসত্যৰ লক্ষ্য ভাল। ০২সত্যৰ প্ৰতিষ্ঠা সত্যৰ সন্মানসদাকাল, সদাকাল॥* * *
মধ্যাহ্ন সূৰ্য্যৰ দীপিতি পৰক গোটেই জীৱনটোত॥পাপ-এন্ধাৰৰ ছাঁ কাষলৈ সমূলি যেন নাহক॥* * *
পোহৰত ফুলা ফুলৰ সুগন্ধে ভৰক জীৱন মোৰ।এন্ধাৰৰ কৃমি কীটৰ দুৰ্গন্ধ হওক দুৰতে দূৰ॥* * *
পৰত থাপা বিশ্বাস।বিশ্বাসে আনে বিশ্বাস॥* * *
সাহতকৈ সহ্যগুণ ভাল।সুন্দৰতকৈ ধৈৰ্য্য চিৰকাল।* * *
নিজৰ দৰব নিজতে নাফাপে,লোকক দিবলৈ যোৱা?নিজেই ভিকহু, টেকেলি কাতি!আনক নো কি বিলোৱা!* * *
খপিলে উজ্জ্বল হয় সোণৰ বৰণ।বিপদত পোৱা যায় বন্ধুৰ চিনন॥* * *
ভাল ভাগ জীৱনত নিশ্চয় সৰহ।জুখি চোৱাঁ, শেহ ফল পাবা ওগাইৰহ॥* * *
সজ কাম, বৰ কাম, অজৰ অমৰ!থাকে যেন চিৰকাল চন্দ্ৰ দিবাকৰ॥* * *
অশোক অন্তৰে পায় দীঘল জীৱন!শোক-ভৰা হিয়া শীঘ্ৰে হয় বিনাশন॥* * *
গোলাপে শুৱায় সুন্দৰ ফুলনি।প্ৰেমে শুৱায় মানুহৰ জীৱনী।* * *
সাৰ মনৰ কম শুনি মাত।অসাৰৰ ঢোল দিন ৰাত।* * *
আশা মোৰ মন-ৰাজ্যৰ ৰজা।নিৰাশাত প্ৰাণ মন ভজা॥* * *
চুটি জীৱনতো আছে ভদ্ৰতালৈ-কাল।হেন জানি কিয় তুমি নোহোৱা হেঁ ভাল?* * *
সজ চিন্তা যিহে দিব আনি,তাৰ তুমি হোৱা অনুগামী॥* * *
ঘৰৰ শুৱনি বন্ধুজন।অন্তৰ শুৱনি ধৰ্ম্ম-ধন॥* * *
জানা তুমি প্ৰথমে নিজক।তৰ্কলৈ নানিবা ঈশ্বৰক॥* * *
ভকতি বিশ্বাস মাথো ঈশ্বৰক দিব্য!কৰ্ত্তব্য কামৰ ফল চাই নুফুৰিবা॥* * *
স্বইচ্ছাত যি ভাব আহিব।সেইভাবে শ্ৰেষ্ঠ ঠাই লব।* * *
ঈশ্বৰৰ দান জানা বন্ধুৰ বন্ধুতা ,আমোলন বস্তু; লোৱাঁ, নকৰিবা চিতা॥* * *
বিশ্বাসে আনন্দ দিয়ে, প্ৰেমেহে যৌবন।বয়সে নকৰে বুঢ়া, পাপেহে উছন॥* * *
স্বভাৱৰ সুন্দৰ অমৰ।বিৰোধী বিষত জৰজৰ॥* * *
গৌৰৱ কিৰীটি থাকে সদায় উজ্জ্বল।বৃথা গৰ্ব্ব দুদিনীয়া, তাত ধৰে মল॥* * *
জানি লোৱাঁ কি কৰিব লাগে।কৰাঁ তাক যি থাকে ভাগে॥* * *
বুঢ়া গাধ তাৰ নাই মান।লৰা জ্ঞানী তাৰেই সন্মান॥* * *
সজ কাম কৰিবা লুকাই।তথাপি ফাটিব যহ ভাই॥* * *
উপাধি সম্পদ তুচ্ছ আতি,যদি জ্বলাওঁ সাংসাৰিক বাতি॥* * *
দয়াহীন জন হে গোবান্ধ।আনজন নহয় সি ষাণ্ড॥* * *
চোৱাঁ মোৰ জীৱনটো কবিতাৰ আৱলীঘটিকাৰ ঘণ্টা পলে পঢ়ি যায় চলি।
জুমুৰি, লেচাৰী, ছবি, দুলৰীৰ সুৰ,কবিতা কদম-কলি ৰেণুৰেই পুৰ।* * *
ইতিহাস বুৰঞ্জীৰ বগা গোফ-ডাঢ়ি!চিৰ যৌবনেৰে ভৰা কবিতা-কুৱঁৰী॥* * *
বলেৰে শাসন জানা নহয় শাসন;ধৰমত নাম তাৰ অন্যায় আচৰণ॥* * *
দোষ খোচৰাই পায় উটা খেৰৰ জাজি।গুণ বিচৰালৈ থাকে তলিত মুক্তাৰাজি।* * *
সুখ নাই;—ধনে কি কৰিব?চকু নাই;—বেলি পোহৰিব?* * *
ভয়াতুৰ! নকৰিবা পিছভৰি তুমি।সাহ পাবা যাওঁতেই; মাতে জন্মভূমি॥* * *
ঈশ্বৰৰ দান এই মানপী জনম;আজ্ঞা,—তুমি দিনে ৰাতি কৰি থকা শ্ৰম॥* * *
সুখ, দুখ, ভাল, বেয়া, তোমাৰ হাতত।আপোন কৰম-ফল; নাই কপালত!!* * *
কম কাম, কম শ্ৰম, কম ফল লাভ।বেছি শ্ৰম, বেছি ফল; কি লাভ বিলাপ?* * *
ঈশ্বৰত অৰ্পি চিন্তা, দুখ, শোক, তাপ,গোঁজ পুতি নাও বান্ধা, নাথাকে সন্তাপ॥* * *
নিৰ্ধনীৰো সুখ আছে অমিয়া অতুল।ধনীয়ে নাপায় তাৰ ভু আৰু কুল॥* * *
মুখৰ বন্ধুত্বপূৰ্ণ গোটেই পৃথিবী।ঠিক বন্ধু জীৱনত দুটা এটা পাবি।* * *
নপৰিবা পিছ হেৰা আগুৱাই যোৱাঁসকলো বাঢ়িছে আগ, পিছ এলেহুৱা॥মৰণ পৰ্য্যন্ত কাম, নাহিকে এৰণ।মানপী জন্মৰ জানা কৰ্ত্তব্য সাধন॥* * *এটি কথা আমোলন, অন্তৰৰপৰা॥লক্ষ কথা এবকলা, জীৱন্ততে মৰা!* * *জ্ঞানপথ এৰি জ্ঞানী যায় কেতিয়াবা।অন্তৰৰ বাণী, বোপা, সদায় শুনিবা॥* * *জয় লক্ষ্মী আজিয়েই আগত তোমাৰ।কালি বুলি বহি থাকি নহবা অসাৰ॥* * *বলী কৰা হৃদয়ক; হে মৰতবাসী।দুখত জ্বলক তেজ, শোকত যে হাঁহি॥অন্ধকাৰ ডাৱৰত বিজুলী চমকে৷এন্ধাৰ নিশাত জানা তৰা চিক্মিকে॥
পুৰোৱাঁ প্ৰেমেৰে হেৰা হৃদয় তোমাৰমানুহক, ঈশ্বক দিয়া উপহাৰ॥* * *সুফল নাপালা বুলি নিৰাশ নহবা।আহিব এদিন সি নিশ্চয় জানিবা॥কৰ্ম্মফল আশালই নকৰিবা মন।ঈশ্বৰত সমৰ্পিবা ফল আৰু বন॥কাম কৰিবৰ তোমাৰ অধিকাৰ আছে।ফল দান ঈশ্বৰে হে হাতত ৰাখিছে॥* * *যি প্ৰেমৰ লৰচৰ, সি প্ৰেম নহয়।যি ভক্তিত ভাজ আছে, ভক্তি কোনে কয়?* * *ধন নাই? হানি নাই ভাত।আনন্দৰ উৎস যে হিয়াত॥* * *সকলোকে প্ৰেম দিয়া, অল্পক বিশ্বাস।সপোনতো নিচিন্তিবা কাৰো সৰ্ব্বনাশ॥* * *
ভাল হোৱা নামত নহয়।সুখ পোৱা দিঠকত হে ৰয়।* * *লাহে লাহে বন্ধু বাছি লবা।তাতোকৈ লাহে হে সলাবা॥* * *সজ নাম সজ হৈ লবা।মিছা নাম নিটিকে জানিবা॥* * *ঈশ্বৰৰ গোটেই আশীষ,—দীৰ্ঘ প্ৰাণ, স্বাস্থ্য অহৰ্নিশ॥* * *বাট হওক কুসুম কোমল।হাঁহি হওক প্ৰেমৰ সমল॥আনন্দ লোতক চকু ভৰা!আশীৰ্ব্বাদ এই মোৰপৰা॥* * *
নিজৰ দুখৰ বোজা নিজে তুমি ববা।লোকৰ পিঠিত তাক কদাপি নিদিবা॥* * *ধীৰ হবা বিচাৰ কামত।হুৰামুৰা বিচাৰ নামত॥* * *সুনিপুণ কাৰ্য্যপটু জনেকাৰ্য্য কৰাঁ, কি কাম সপোনে?* * *পুণ্য কাম সঁচাসচি সুখ।সুচৰিত্ৰে পোহৰায় মুখ॥* * *সাহী হিয়া খন্তেকলৈ ভাগে;কিন্তু তেজ দিনে ৰাতি জাগে।* * *প্ৰকৃত বন্ধুতা ঠিক পবিত্ৰ বান্ধোন৷অসময় বিপদত বাঢ়ে তাৰ গুণ।* * *
সজ চিন্তা কৰাঁ।সুকাম জন্মিব তাৰপৰা॥* * *
যথাসাধ্য সজ কাম যতনি কৰিবা।নফলিল অতিকৈ;— নিৰাশ নহবা॥* * *
গোটেই নিখুত কাম তোমাৰকদাপি নহয়।সোণৰ খাৰুৰ অত-ততপোটোকা পৰি ৰয়।* * *
বাটৰ দুবৰি বন গছকত পৰাতাৰো এটি পাতে দিয়ে স্বৰ্গৰ বতৰা!* * *
বয়সৰ শক্তি নাই আশা বিনাশিব!ঈশ্বৰৰ অংশ আশা অমৃতত মিলিব॥* * *
উষাৰ পোহৰ, বসন্ত মলয়া,নিয়ৰে তিৱোৱা যুই,শতেক বছৰ সম্ভোগ হওক,আশীৰ্ব্বাদ দিওঁ মই।
বৈকুণ্ঠৰেপৰা হৰিয়ে শুধিলে—“কোন কোন আহিবৰ হল?”নাম-লোৱা ভকতে সাদৰি বুলিলে—“নামতে গৈ আছোঁ তল।”বৈকুণ্ঠৰে পৰা গোসাঁয়ে মাতিলে—“আহা হে ভকতসকল!”নাম-লোৱা ভকতে লাহেকৈ বুলিলে—ভকতিত পাই লওঁহঁক বল।প্ৰভুৱে মাতিলে, “বাপু মোৰ ভকত হে,—প্ৰসাদ লবৰে হল। ”ভকতে বুলিলে “প্ৰভু বাসুদেউ,নামতে ভোক পিয়াহ গল।”
নাৰদক মাতিলে, উদ্ধৱক মাতিলে,বিদুৰক প্ৰভু মাতিছে।নাৰদে বিদুৰে উদ্ধৱে বুলিলে-“যাম প্ৰসঙ্গৰ পিছে। ”“মৰতত ভকত, বৈকুণ্ঠত মুকুত,লৰি আতৈসকল আহাঁ।”“নেযাৱেঁ নেযাৱেঁ প্ৰভু মোৰ গোবিন্দাই,মুকুতিৰ নকৰো বেহা।”নাহা হে যদি, মই যাবকেই লাগিল,লগলৈ তোমালোকৰ।ভকতক এৰি থাকিব নোৱাঁৰোঁ,পলকেই একো বছৰ।