চিকৰপতি নিকৰপতি

লক্ষ্মীনাথ বেজবৰুৱা (1868–1938)

তাইৰে নাইৰে দা নিনা দেব তা না দে ৰে নুম্।ৰংদৈক মই হে জানাে,আন কাকো নাজানোং ॥

ৰংদৈৰ গালখনিলাহৰী সােণকণি,মােৰ হে হাতে জানে,আনৰ হাতে নাজানেং॥

চিকৰ্ পতি বৰকলি নাৱৰ ধাপত নিমাত হৈবহি আছে। নিকৰ্ পতিয়ে লগত গােটা-চেৰেক মানুহ লৈ আহি সরুকলি নাৱৰনাৱৰীয়াহঁতক হাত ভৰি বান্ধিপেলাই থৈ বস্তুবােৰ লুটিভাৰ বান্ধি লৈ গৈছে।

[ পাত্র মন্ত্রী সভাসদ কোটোৱাল সকলােৱেআগৰ ৰজাক বান্ধি আনি বৰকলি নাৱলৈ।লৈ যায়। চিকৰপতিয়ে ৰাজঅলঙ্কাৰ ৰাজবেশ পৰিত্যাগ কৰি পিছে পিছে গৈ,বৰকলি নাৱলৈ আহি তেতিয়াই নাওমেলি দিয়ে৷

“জয় লুইতৰ চপৰা।জয় দৰাটো জপৰা ॥”

“তুলিতে তলিচা,বহিছে আইদেও,শৰাইলে মেলিছে চুলি হে ৰাম ।

দহো আঙুলিয়ে,ৰত্ন জ্বলিছে,নেপুৰে ধৰিছে তুলি হে ৰাম ॥”“সােণাৰিৰ শালতে,দিনে টিকেটিকায়,আইদেওৰ হাতলৈ খারু হে ৰাম ।চিন্তা নকৰিবা,আমাৰে আইদেও,হবাগৈ আলাসৰ লারু হে ৰাম ”“কেলেই কুটিলা,চূমৈকৈ পচলা,লােকে বাটি ভৰাই খাব হে ৰাম ।কেলেই তুলিলা,রূপহী আইদেওক,লােকে বন কৰা খাব হে ৰাম ॥”

যি যজ্ঞােত বহিছে,সেইজনা মইনাৰ স্বামী হে ৰাম।রূপ নাে কি চাবা,গুণ নাে কি চাবা,সাক্ষাততে অন্তর্য্যামী হে ৰাম ॥”

“চন্দ্রও চিকুণ এ,সুরুযো চিকুণ এ,চিকুণ সৰগৰে তৰা হে ৰাম ।সবাতকৈ চিকুণে,আমাৰে আইদেও,দৰাৰ মন মুহিব পৰা হে ৰাম ॥বাৰীও নহবি,খাৰীও নহবি,হবি স্বামী সুৱাগিনী হে ৰাম।সাত আয়তীয়ে,গাঁঠিয়ন খুন্দিছে,উরুলি এজোকা দিয়ে হে ৰাম ॥”